বিহাৰত নৰ্থ-ইষ্ট এক্সপ্ৰেছ ৰে’ল দুৰ্ঘটনা | North East Express train accident in Bihar

বিহাৰত নৰ্থ-ইষ্ট এক্সপ্ৰেছ ৰে’ল দুৰ্ঘটনাত মৃত ৪ জন, আহত ৭০ জন

 

বিহাৰত নৰ্থ-ইষ্ট এক্সপ্ৰেছ ৰে'ল দুৰ্ঘটনা

শেহতীয়াকৈ বিহাৰৰ বাক্সাৰত সংঘটিত ৰে’ল দুৰ্ঘটনাত চাৰিজন লোকে প্ৰাণ হেৰুৱাইছিল, আৰু আন ৭০ জন লোক আহত হৈছিল। বুধবাৰে সন্ধিয়া ৰঘুনাথপুৰ ৰে’লৱে ষ্টেচনৰ সমীপত ১২৫০৬ নং দিল্লী-কামাখ্যা নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’লখন ৰেলপথৰ পৰা ওলাই যোৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়।

দ্ৰুতগতিত জৰুৰীকালীন সেৱা আহি পালে, আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকসকলক এইমছ পাটনালৈ স্থানান্তৰ কৰা হয়। এ এন আইৰ এক প্ৰতিবেদন অনুসৰি বৰ্তমান ট্ৰেক পুনৰুদ্ধাৰৰ কাম চলি আছে।

নৰ্থ ইষ্ট এক্সপ্ৰেছ দুৰ্ঘটনা

দিল্লীৰ আনন্দ বিহাৰ টাৰ্মিনেলৰ পৰা অসমৰ গুৱাহাটীৰ কামাখ্যা জংচনলৈ গৈ আছিল নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰেলখন। ছটা ৰেল ডবা ৰেলপথৰ পৰা ওলাই যায়, দুটা এচি 3 টায়াৰৰ ডবা ওলোটা হৈ পৰে আৰু 4 (চাৰিটা)ডবা ৰেলপথৰ পৰা ওলাই  যায় ।

কামাখ্যালৈ প্ৰায় ৩৩ ঘণ্টীয়া যাত্ৰাৰ বাবে বুধবাৰে পুৱা ৭:৪০ বজাত আনন্দ বিহাৰ ষ্টেচনৰ পৰা ৰাওনা হয় কামাখ্যা অভিমুখে গৈ আছিল ৰেলখন । স্থানীয় এজন বাসিন্দাই  জনোৱা মতে, ৰে’লখন স্বাভাৱিক গতিৰে আহি আছিল যদিও হঠাতে এটা তীব্ৰ শব্দ হ’ল, আৰু ৰে’লৰ পৰা ধোঁৱা ওলাবলৈ ধৰিলে।

ওচৰৰ মানুহে কি হৈছে চাবলৈ লৰালৰিকৈ গৈ দেখিলে যে ৰেলখন ৰেলপথৰ পৰা ওলাই গৈছে, বিশেষকৈ এচিৰ ডবাবোৰত ইয়াৰ প্ৰভাৱ পৰিছে।

ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উদ্ধাৰ আৰু খালী কৰাৰ কাম সমাপ্ত হোৱা বুলি জানিবলৈ দিয়ে। তেওঁ নিহতসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে ৰেলপথৰ পৰা নামি যোৱাৰ কাৰণৰ তদন্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

 

ভাৰতীয় ৰেলৱেই যাত্ৰীসকলৰ বাবে হেল্পলাইন নম্বৰ স্থাপন কৰিছে:

৯৭৭১৪৪৯৯৭১ (পাটনা),

৮৯০৫৬৯৭৪৯৩ (ডানাপুৰ)

৮৩০৬১৮২৫৪২ (আৰা),

আৰু ৭৭৫৯০৭০০০৪ (বাণিজ্যিক)।

কামাখ্যা ৰেলৱে ষ্টেচনেও যাত্ৰীসকলৰ বাবে হেল্পলাইন নম্বৰ জাৰি কৰিছে  ০৩৬১-২৬৭-৪৮৫৭ নম্বৰত হেল্পলাইন আছে বুলি কামাখ্যা ৰেলৱে ষ্টেচনৰ অধীক্ষক এ কে সিনহাই জনায়।

 

এই কাণ্ডৰ বাবে দুখন ৰে’ল বাতিল কৰা হৈছে, আৰু আন ২১খন ৰে’ল বিভিন্ন পথলৈ পুনৰ নিৰ্দেশিত কৰা হৈছে। ইষ্ট চেণ্ট্ৰেল ৰেলৱে জ’নৰ এক বিবৃতিত কোৱা হৈছে যে বাতিল কৰা ৰে’লসমূহ হ’ল কাশী-পাটনা জন শতাব্দী এক্সপ্ৰেছ (১৫১২৫) আৰু পাঠনা-কাশী জন শতাব্দী এক্সপ্ৰেছ (১৫১২৬)। আন ৰে’লসমূহে ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ বিকল্প পথ গ্ৰহণ কৰিছে।

Leave a Reply