ঢেকীয়া খোৱা বৰ নামঘৰৰ ইতিহাস – History of the Dhekiakhowa Bor Namghar

Dhekiakhowa namghar in assamese ||  dhekiakhowa namghar history || Satra Namghar of Assam || History of jorhat dhekiakhowa namghar

ঢেঁকীয়াখোৱা বৰ নামঘৰ

ঢেঁকীয়াখোৱা বৰনামঘৰ

শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনৰ পাছতে শংকৰদেৱ তেওঁৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধদেৱ আৰু জোঁৱায়েক হৰিজোঁৱাইকে আদি কৰি ভক্তসকলৰ সৈতে ধৰ্ম প্ৰচাৰ কৰি থাকোতে তেখেতসকলৰ বিৰোধী লোকসকলে সেই সময়ৰ অসমৰ ৰজাক নানা লগনীয়া কথা লগাবলৈ ধৰিলে। অবৈষ্ণৱ সকলৰ প্ৰৰোচনাত পৰি ৰজাই শংকৰদেৱ আৰু মাধৱদেৱক বন্দী কৰিব খোজাত শংকৰ গুৰুক শিষ্যসকলে আত্মগোপন কৰোৱায়।ৰজাই মাধৱদেৱক জোঁৱাইকৰ সৈতে বন্দী কৰে। পাছত বিচাৰত, জোঁৱায়েকক মৃত্যুদণ্ড দিয়ে আৰু মাধৱদেৱক মুক্তি দিয়ে। বন্দীশালৰ পৰা তেওঁ লঘোনে ভোকে হাবি জংঘল অতিক্ৰম কৰি গধূলি পৰত এই ঠাইত (বৰ্তমান যি ঠাইত বৰনামঘৰ আছে) উপস্থিত হ’লহি।

এই ঠাইত দুজনা বুঢ়া-বুঢ়ী আছিল। তেখেসকলে ভিক্ষা কৰি জীৱিকা নিৰ্বাহ কৰিছিল। সেইদিনা তেওঁলোকৰ গৃহত মাত্ৰ একঠা চাউলহে আছিল। গধূলি পৰত এজন সুন্দৰ শ্ৰীমন্তপুৰুষক অতিথিস্বৰূপে পাই আনন্দত সীমা নোহোৱা হ’ল। ইফালে খাবলৈও দুজনৰ জোখাৰেহে আছে। তথাপিও দুয়োজনে লঘোনে ভোকে থাকি অতিথি সেৱা কৰাৰ কথা চিন্তা কৰি মহাপুৰুষক গা তিয়াবৰ কাৰণে অনুৰোধ কৰিলে। মহাপুৰুষে গা তিয়াবৰ কাৰণে ওচৰতে থকা ‘ হোলোঙা ‘ নামৰ জানটোলৈ গ’ল । আৰু এই জানৰ পানীৰ দাঁতিলৈ এটা ডাঙৰ গছৰ মুঢ়া আছিল। তাতে বহি হাত ভৰি ভালকৈ ধুই পখালি তেওঁ গা তিয়ালে। গুৰুজনাই গা তিয়াই আহি নোপোৱাৰ আ গতে বুঢ়ীয়ে ক’লে “চাউল কঠা আছে পাচলি নাই, এতিয়া পাচলিৰ বাবে কিবা কৰা যায়? “বুঢ়াই ক’লে আমি লঘোনেই থাকি তেওঁক ঢেঁকীয়া পাচলি অলপকে আনি যোগাৰ কৰি দিয়া, যিহেতু তেওঁ লঘোনে ভোকে আহিছে যেনেতেনে আহাৰ কৰক। বুঢ়াৰ কথামতে বুঢ়ীয়ে চাউল শাক-পাচলি কৰি দিলে আৰু গুৰুজনাই গা তিয়াই আহি গুৰুসেৱা কৰি নিজেই চাউল সিজালে ।কিন্তু তেওঁলোকৰ ঘৰত চাউল নাই এই কথা গম পাই গুৰুজনাই আত্ম পৰিচয় হও তিনিওয়ে বুলি কৈ বুঢ়া বুঢ়ী দুয়োক গা তিয়াই আহিবলৈ কলে। গা তিয়াই গুৰুসেৱা কৰি গুৰুজনাৰ লগত আত্মপৰিচয় হৈ সাক্ষাৎ ঈশ্বৰ বুলি বিশ্বাস কৰিলে। তেতিয়া মহাপুৰুষে তেওঁলোক দুজনক সুধিলে যে “আপোনালোকে আমাৰ লগত চাউল ল’লে বেয়া হ’বনে?”তাৰপাছত তেওঁলোক দুজনে ক’লে ” বেয়া নহয় কিন্তু চাউল আপোনাৰ বাবেহে দিয়া হৈছে। আপোনাৰ আধাপেটী হ’লে আমি একেবাৰে তল যাম, আপুনি লঘোনীয়া মানুহ, আপুনিয়েই গ্ৰহণ কৰক।” গুৰুজনে মিছিকিয়া হাঁহি মাৰি যায়ঢাকনি গুচাই দিয়াত যথেষ্ট ভাত দেখি বুঢ়া বুঢ়ী দুয়ো অবাক হ’ল । তেখেতসকলে ভাবিলে তেতিয়া এওঁ মানুহ নহয় স্বয়ং ঈশ্বৰহে। এইভাৱে তেওঁক চাউল বাঢ়িবলৈ ক’লে আৰু তিনিও পৰম আনন্দৰে ভোজন কৰিলে। এইদৰে তেওঁ মুখশুদ্ধি কৰি কথাবাৰ্তা পাতি ৰাতিটো তাতে শয়ন কৰিলে।

তাৰপিছত পোৱাৰ চাউল কথা গুৰুজনাক কেনেকৈ সোধোৱা হ’ব তাৰে উপায় চিন্তি বুঢ়ীয়ে তেওঁৰ চুলি কাটি দুই চেং কৰি তেওঁলোকৰ পৰা ডেৰমাইল আঁতৰত থকা পুখুৰী এটাৰ পাৰত বহা হাটত বিক্ৰী কৰিবলৈ পঠালে । যিটো পুখুৰী নাম আজিও হাট-জানৰ পুখুৰী পাৰ নামেৰে জনাজাত হৈ আছে। আৰু এই হাটতে চেঙ কেইটা বিক্ৰী হোৱাত বুঢ়ীয়ে চাউল, শাক-পাচলি আদি খোৱা বস্তু কিনিলে। তাৰপিছত সকলো বস্তু লৈ ঘৰ পোৱাৰহি পাছত গুৰুজনক চাউ সিজাবলৈ দিহা কৰি দিলে আৰু সিজালে। এনেতে গুৰুজনে বুঢ়াক ক’লে ” আমি এই ঠাইত এগছি বন্তি ৰাখিবৰ মন কৰিছিলো। আপুনি সন্মত হ’লেই হ’ব ‘।”তাৰপিছত তেওঁলোকে সন্মতি দিয়াত গুৰুজনাই কেইজনমান লোকক মাতি অনিলেগৈ।আৰু সেই সময়তে চাউল সিজাই হোৱাত তিনিও এ আনন্দমনেৰে ভোজন কৰিলে। গুৰুজনাই গঞা ৰাইজৰ লগত পৰিচয় হৈ এই ঠাইত এগছি বন্তি ৰাখিব খোজা কথাটোৰ বাবে ৰাইজৰো সন্মতি বিচাৰিলে।আৰু তেওঁলোকে কথাটো শুনি আনন্দমনেৰে সন্মতি দিলে। গুৰুজনে ৰাইজৰ সন্মতি পোৱাৰ পিছত তেওঁলোকক কেইটামান বৰ গছৰ ডাল আনিব দিব ক’লে । তেওঁলোকে আনি দিয়াৰ পিছত তেওঁ আঠোটা খুটি কৰালে। উত্তৰ, দক্ষিণ আৰু পশ্চিমে তিনিওডাল খুটি মাৰিলে আৰু তেওঁ যি ঠাইত চাউল সিজাই ভোজন কৰিছিল সেই ঠাইতে এগছি বন্তি জ্বলাই সেৱা কৰিলে। গুৰুজনাই ৰাইজক ক’লে যে ” আমি এই ঠাইতে সেৱা কৰি বুঢ়া-বুঢ়ী আৰু আমি তিনিও চাউল কঠা গুৰুক অৰ্পন কৰা হ’ল। সেইকাৰণে এই ঠাইত এগছি বন্তি ৰখা হ’ল । আপোনালোকে এই বন্তি গছি তেল-শলাকানি দি প্ৰতিপালন কৰি থাকিলে অনন্ত কাললৈ জ্বলি থাকিব। এই জানটিত যিডাল নাহৰ কাঠেৰে মানুহ পাৰ হ’বৰ বাবে সাঁকো দিয়া আছে, সেই সাঁকোৰ নামেৰেই এই থানৰ নাম নাহৰ সাঁকো থান ৰাখিলো। কাৰণ এই থানত যাৰ ভক্তি হ’ব, সকলো বিপদ পাৰ হ’ব পাৰিব।বুঢ়ীয়ে মূৰৰ চুলি বেচি চাউল কঠা খুউৱাৰ দিহা কৰিলে, সেইবাবে এই জানটিৰ নাম বুঢ়ীদিহা থলো। এই ঠাইৰ ঢেঁকীয়া পাচলিৰ আঞ্জা খাই বৰ তৃপ্তি পালো। সেই কাৰণে এই গাওঁখনৰ নাম ঢেঁকীয়াখোৱা নামেৰে প্ৰখ্যাত হ’ব।”

যোৱা ৪৮৫ বছৰ ধৰি ঢেকীয়াখোৱা বৰ নামঘৰ এইগছি বন্তি জ্বলি আছে।

এইবুলি কৈ মহাপুৰুষ গুৰুজনাই বিদাই লৈ ভটিয়াই গ’ল। ইফালে শ্ৰীমন্তশংকৰ গুৰুজনে কলাকটা মুখ নামেৰে ঠাইত মাধৱদেৱ ৰজদণ্ডৰ পৰা মুক্ত হৈ আহিবৰ কাৰণে ভক্তসকলেৰে সৈতে সাদিনিয়াকৈ পালনাম ধৰিছিল। পালনামৰ সপ্তম দিনৰ দিনা শ্ৰীশংকৰ গুৰুৰে মাধৱদেৱ মহাপুৰুষ দুজনা মিলন হ’ল। দুজনা গুৰু আৰু ভক্তসকলে মহা আনন্দৰে নাম ধৰ্মপ্ৰচাৰ কৰিবলৈ ধৰিলে। ইফালে কিছুদিনৰ পিছত বুঢ়া – বুঢ়ীৰ মৃত্যু হোৱাত গাঁৱৰ ৰাইজে এই ঠাইত (বৰ্তমান যি ঠাইত ঢেঁকীয়াখোৱা বৰনামঘৰ প্ৰতিষ্ঠিত) এটা খেৰ বাঁহৰ নামঘৰ সাজি বুঢ়া নামঘৰ নাম দিলে আৰু দুজনা গুৰু মিলন বাবে যি পালনাম প্ৰকাশ কৰিছিল, প্ৰত্যেক বছৰৰ ভাদ মাহত গুৰুজনাৰ আৰ্হিৰে পালনাম গাবলৈ ধৰিলে। সেইমতে আজি পৰ্যন্ত চলি আছে আৰু অনন্ত কাললৈ চলি থাকিব বুলি আশা কৰা হৈছে। বাকী কেইমাহত দৈনিক গঞা ৰাইজে গোটখাই নাম প্ৰসংগ আৰু ভাগৱত পাঠ কৰে।

 

ঢেঁকীয়াখোৱা বৰ নামঘৰৰ  অৱস্থিতি:

যোৰহাট নগৰৰ পৰা প্ৰায় ১২ কি.মি পূবত,৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৩.৫ কি.মি দূৰৰ ঢেকীয়াখোৱা গাওঁত ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ অৱস্থিত। ভৌগোলিক ভাৱে ইয়াৰ অৱস্থান হৈছে 26.47°N94.19°E ।মুঠ ১৩ বিঘা মাটিকালিৰে এই নামঘৰটোৱে গুৰুত্বপূৰ্ণ ঐতিহ্য বহন কৰি আহিছে।

ঢেঁকীয়াখোৱা বৰ নামঘৰলৈ যাবলৈ  পৰিবহণ:

বিমানসেৱা
ঢেকীয়াখোৱা বৰ নামঘৰৰ নিকটৱৰ্তী বিমানবন্দৰ হৈছে: ৰৰৈয়া বিমানবন্দৰ। দূৰত্ব প্ৰায় ১০ কিঃমিঃ।

ৰেলসেৱা
ঢেকীয়াখোৱা বৰ নামঘৰৰ নিকটৱৰ্তী ৰেল ষ্টেছন হৈছে যোৰহাট ৰেল ষ্টেছন। আনটো নিকটৱৰ্তী ষ্টেছন হৈছে মৰিয়নি জংচন। দূৰত্ব প্ৰায় ৩০ কিঃমিঃ।

পথসেৱা
অসমৰ প্ৰায় সকলো ঠাইৰ লগতে যোৰহাট জিলালৈ অহা-যোৱা কৰাৰ সু-ব্যৱস্থা আছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি যোৰহাট নগৰৰ পৰা শিৱসাগৰলৈ যোৱাৰ পথত লাহদৈগড় আৰক্ষী চকী পাৰ হৈ ঢেকীয়াখোৱা বৰ নামঘৰলৈ যোৱাৰ প্ৰৱেশ দ্বাৰ পোৱা যায়। তাৰ পৰা প্ৰায় ৩.৫ কিঃমিঃ দূৰত ঢেকীয়াখোৱা গাঁৱত নামঘৰটো অৱস্থিত।

Leave a Reply