অৰুনোদই – প্ৰথম অসমীয়া ভাষাৰ সংবাদ পত্ৰ | The first Assamese language newspaper

প্ৰথম অসমীয়া সংবাদ পত্ৰ  | The first Assamese language newspaper and magazine ‘Arunodoi’ in Assam

অসমৰ প্ৰথম অসমীয়া ভাষাৰ সংবাদ পত্ৰ তথা আলোচনী  ‘অৰুনোদই ‘

অৰুনোদই

১৮৪৩ চনৰ ১৫ নৱেম্বৰ তাৰিখে আমেৰিকান বেপ্তিষ্ট মিছনেৰী সকলে শিৱসাগৰত প্ৰতিষ্ঠা কৰা ‘ মিছন প্ৰেছ ‘ ৰ পৰা ১৮৪৬ চনৰ জানুৱাৰী মাহত খ্ৰীষ্টিয়ান আমেৰিকান মিনেৰীসকলে অসমৰ প্ৰথম সংবাদ পত্ৰ তথা আলোচনী ‘ প্ৰকাশ কৰি উলিয়াই। এই কাকতখনৰ প্ৰকাশক অলিভাৰ টি কত্বৰ আৰু প্রথম সম্পাদক ডঃ নাথান ব্ৰাউন আছিল।১৮৫৬ চনলৈকে কাকতখন আলোচনী আৰু সংবাদ পত্ৰ দুটা খণ্ডত প্ৰকাশ কৰা হৈছিল। কাকতখন “The ARUNODOI,A monthly paper devoted to religion, science and general intelligency is printed and published at Sibsagar Mission Press by O.T. Cutler,for American Baptist Mission in Assam”. শিৰোনামেৰে প্রকাশ হৈছিল।

এই কাকতখন প্ৰধানকৈ খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ বাবেহে উলিওৱা হৈছিল। কাকতখন খ্ৰীষ্টিয়ান সমাজৰ প্ৰাৰ্থনা গীত ৰচনা কৰা হৈছিল। ইয়াৰ উপৰিও এই কাকতখনত বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাময়িক সংবাদ, ঘটনা, পৰিঘটনা, ইতিহাস, প্ৰকৃতি অধ্যয়ন, নীতি শিক্ষা, জীৱনী, ভূগোল বিষয়ক ৰচনা স্থানীয় চিঠি, বিভিন্ন অপৰাধ, বৰ্ণনাত্মক কবিতা আদি প্ৰকাশ হৈছিল। অৰুনোদই কাকতৰ প্ৰথম সংখ্যাৰ বিষয়বোৰ আছিল ‘ যোৱা বছৰৰ কথা , হলকা পৰ্বতৰ তপত জোল ওলোৱাৰ কথা , ৰজাৰ মৈদাম খনা, কানিৰ বিৱৰণ । অৰুনোদই কাকতখনে ঊনবিংশ শতিকাত অসমৰ সমাজ ব্যৱস্থাত চলি থকা কু- প্ৰথা, কু- সংস্কাৰ তথা অন্ধবিশ্বাস দূৰ কৰি অসমীয়া মানুহৰ মাজত বৈজ্ঞানিক যুক্তিবাদৰ অৱতাৰণা কৰিছিল। অৰুণোদই কাকতখনে শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰত অধিক গুৰুত্পূৰ্ণ দিছিল। স্ত্ৰী শিক্ষা প্ৰসাৰৰ বাবে আনন্দৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আদিয়ে কাকতখলৈ লিখা মেলা আগবঢ়াইছিল। অৰুণোদই কাকতৰ কেইজনমান লেখক হ’ল – ডঃ নাথান ব্ৰাউন, ডঃ মাইলছ ব্ৰনছন, ডেনফোৰ্থ, আনন্দৰাম ঢেকিয়াল ফুকন, ধৰ্মকান্ত গোহাঁই, মণিৰাম দত্ত দেৱান, ৰুদ্ৰৰাম বৰদলৈ আদি।

অৰুণোদই কাকতখন ১৮৪৬ চনৰ পৰা ১৮৮৩ চন মানলৈকে প্ৰকাশ হৈছিল। এই সময়ছোৱাত কাকতখনৰ সম্পাদক হ’ল – নাথান ব্ৰাউন, এ. এইচ. ডেনফোৰ্থ, চেমুৱেল এম, হোৱাইটিং, উইলিয়াম ৱাৰ্ড, এ. ডব্লিও ক্লাৰ্ক, শ্ৰীমতী ছুছান আৰ ৱাৰ্ড, এ. কে গাৰ্নি। মিছনেৰী লেখক আৰু অৰুনোদই সম্পাদকসকলে বানানৰ ক্ষেত্ৰত কিছুমান সৰল নীতি মানিছিল। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ (১৮৩৫-৯৭) বানান পদ্ধতি মানিয়েই মিছনেৰীসকলে ১৮৬১ চনৰ জানুৱাৰী সংখ্যাৰ পৰা ’অৰুনোদই’ নামৰ ঠাইত হেমচন্দ্ৰ বৰুৱাৰ বৰ্ণ-বিন্যাস আৰ্হি গ্ৰহণ কৰি কাকতখনৰ নাম “অৰুণোদয়’’ কৰা হয়৷। অসমৰ জাতীয় জীৱনত মিছনেৰীসকলে আৰু ‘ কাকতখনে এটা বিশেষ স্থান লাভ কৰিছিল। লগতে এই কাকতখনে অসমভাষা সাহিত্যলৈ এক যুগান্তকাৰী বিপ্লৱ আনিলে ।

Leave a Reply