যোৰহাট জিলা | যোৰহাট জিলাৰ উপায়ুক্তৰ নাম | About Jorhat district in assamese

jorhat map

 

যোৰহাট জিলা ভাৰতৰ অসম ৰাজ্যৰ ৩৩খন জিলাৰ ভিতৰত এখন। ইয়াৰ সদৰ স্থান যোৰহাট চহৰ। যোৰহাট জিলাক অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বা সাংস্কৃতিক নগৰী বুলিও জনা যায়।পূৰ্বতে যোৰহাট শিৱসাগৰ জিলাৰ অন্তৰ্গত এটা মহকুমা আছিল। ১৯৮৩ চনত ইয়াক এক সুকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়। জিলাখনক দুটা মহকুমাত ভাগ কৰা হৈছে: যোৰহাট আৰু তিতাবৰ। পূৰ্বতে মাজুলী যোৰহাট জিলাৰ এক মহকুমা আছিল। ২০১৬ বৰ্ষৰ ৮ ছেপ্টেম্বৰত মাজুলীক এখন পূৰ্ণ পৰ্যায়ৰ জিলাৰূপে অসম চৰকাৰে ঘোষণা কৰে। অবিভক্ত যোৰহাট জিলা বা মাজুলী জিলা গঠনৰ পূৰ্বৰ যোৰহাট জিলাৰ মুঠ মাটিকালি হৈছে ২,৮৫১ বৰ্গ কিলোমিটাৰ।
 

যোৰহাট জিলাৰ নামৰ উৎপত্তি :

ওচৰা-ওচৰিকৈ থকা চকীহাট আৰু মাছৰ হাট দুখনৰ বাবে এই ঠাই খন যোৰহাট নামে জনাজাত হল । যোৰহাট চহৰ খন আহোমৰ শেষ ৰাজধানী আছিল । ১৯৮৩ চনত ইয়াক এক সুকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়।

 

যোৰহাট জিলাৰ ইতিহাস : 

 যোৰহাট আহোম সাম্ৰাজ্যৰ শেষ ৰাজধানী আছিল। ১৭৯৪ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহই ৰাজধানী শিৱসাগৰ (পূৰ্বৰ ৰংপুৰ)-ৰ পৰা যোৰহাটলৈ তুলি আনে। যোৰহাট নগৰখন উন্নত আৰু বাণিজ্যিক ক্ষেত্ৰত আগবঢ়া আছিল। কিন্তু ১৮১৭ চনৰ পিছত মানৰ অসম আক্ৰমণত ই বিধ্বস্ত হয়। ১৮২৪ চনত ব্ৰিটিছৰ আগমণৰ পিছত ডেভিদ স্কট আৰু কেপ্তেইন ৰিচাৰ্ডে জিলাখনৰ পুনৰ্নিৰ্মাণ আৰম্ভ কৰে।
ব্ৰিটিছ শাসনৰ প্ৰথম দশকতেই ১৮৩৯ চনত গোমধৰ কোঁৱৰ, পিয়লী ফুকন, জীউৰাম দুলীয়া বৰুৱা আদিৰ বিদ্ৰোহৰ সূত্ৰপাত হয়। সেই বছৰতেই যোৰহাট আৰক্ষী চকী স্থাপন কৰা হয় আৰু ১৮৫৮ চনত সেই স্থানতে চিপাহী বিদ্ৰোহৰ নেতাসকলক ফাঁচী দিয়া হয়।
১৮৮৫ চনত নেৰ’-গজ ৰেল সেৱা (যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে) আৰম্ভ হয় আৰু ফলত চাহ উদ্যোগৰ দ্ৰুত উত্তৰণ হয়।
১৮৬৯ চনত যোৰহাটক শিৱসাগৰ জিলাৰ অন্তৰ্গত এটা মহকুমা হিচাপে স্বীকৃতি দিয়া হয়  আৰু ১৯১১ চনত যোৰহাটক শিৱসাগৰ জিলাৰ সদৰ ঠাই বুলি ঘোষণা কৰা হয়। সেই সময়ত অবিভক্ত শিৱসাগৰ জিলা বুলিলে বৰ্তমানৰ শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ লগতে কাৰ্বি আংলঙৰ অলপ অংশ সামৰি এটা বিস্তীৰ্ণ অঞ্চল বুজোৱা গৈছিল।  মেজৰ প্লে’ফেয়াৰ আছিল অবিভক্ত শিৱসাগৰ জিলাৰ প্ৰথম উপায়ুক্ত। ১৯৮৩ চনত শিৱসাগৰ জিলাৰ পৰা আঁতৰাই যোৰহাট জিলাক সুকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়।
২০১৬ চনৰ ৮ ছেপ্টেম্বৰত যোৰহাট জিলাৰ মাজুলী মহকুমাক পৃথক কৰি এখন পূৰ্ণ পৰ্যায়ৰ জিলাৰূপে স্বীকৃতি দিয়া হয়।

যোৰহাট  জিলাৰ  চাৰিসীমা :

 

যোৰহাট  জিলাৰ ভৌগোলিক তথ্য :

অবিভক্ত যোৰহাট জিলাৰ মাটিকালি হৈছে ২,৮৫১ বৰ্গ কিলোমিটাৰ। বাৰ্ষিক বৃষ্টিপাতৰ হাৰ ২০২৯ মিলিমিটাৰ।  উত্তৰ-পশ্চিম মৌচুমীৰ বৰঙনি ইয়াত বেছি। তাপমাত্ৰা ৯°ৰ পৰা ৩৯° হ’ব পাৰে। জিলাখনৰ উত্তৰ দিশত ব্ৰহ্মপুত্ৰৰ মাজত পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী অৱস্থিত। পূৰ্বতে এই নদীদ্বীপ যোৰহাট জিলাৰ অংশ আছিল। বৰ্তমান ই এক স্বকীয় জিলা।
যোৰহাট  জিলাৰ জনসংখ্যা :
ভাৰতৰ ২০১১ চনৰ লোকপিয়লৰ তথ্য মতে অবিভক্ত যোৰহাটৰ জনসংখ্যা হৈছে ১০,৯২,২৫৬ জন।
যোৰহাট  জিলাৰ যাতায়ত :
 
বিমানপথ
যোৰহাট বিমান বন্দৰক ৰৰৈয়া বিমানবন্দৰ নামেৰে জনা যায়। নগৰৰ মাজতে ইয়াৰ অৱস্থান। যোৰহাটৰ পৰা নিয়মীয়াভাৱে গুৱাহাটী, কলকাতা, দিল্লী আৰু মুম্বাইলৈ যাত্ৰীবাহী বিমান চলাচল কৰে।
ৰেলপথ
যোৰহাট ভাৰতীয় ৰেলসেৱাৰ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অন্তৰ্গত। নগৰৰ ভিতৰত যোৰহাট ৰেল ষ্টেচন আৰু কিছু আঁতৰত মৰিয়নি জংচন আছে। গুৱাহাটী-যোৰহাট জন শতাব্দী এক্সপ্ৰেছ আৰু গুৱাহাটী-যোৰহাট-মৰিয়নি ইণ্টাৰচিটি এক্সপ্ৰেছ হৈছে প্ৰধান ৰেল সংযোগ। আনহাতে মৰিয়নি জংচনৰ পৰা ৰাজধানী এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ, ব্ৰহ্মপুত্ৰ মেইল আদিৰ দৰে গুৰুত্বপূৰ্ণ ৰেল চলাচল কৰে।
স্থলপথ
উত্তৰ-পূব ভাৰতৰ প্ৰধান নগৰ-চহৰসমূহৰ লগত যোৰহাটৰ পথেৰে সু-সংযোগ আছে। চহৰৰ তৰাজানৰ কটকীপুখুৰীস্থিত আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা ৰাজ্য তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইলৈ বাছ চলাচল কৰে। ৰাষ্ট্ৰীয় ঘাইপথ ৩৭-এ যোৰহাটক অসমৰ আন ঠাইসমূহৰ লগত সংযোগ কৰিছে। এই ঘাইপথে চুই যোৱা জিলাখনৰ প্ৰধান ঠাইসমূহ হ’ল- মহবন্ধা, পুলিবৰ, যোৰহাট, চেনিজান, লাহদৈগড়, কাকজান, টীয়ক |
জলপথ
যোৰহাটৰ নিমাতী ঘাটৰ পৰা মাজুলীলৈ নিয়মীয়াকৈ জাহাজ চলাচল কৰে। এই জলপথেই হৈছে যোৰহাটৰ পৰা মাজুলীলৈ যোৱাৰ একমাত্ৰ মাধ্যম।
 
 
যোৰহাট  জিলাৰ প্ৰধান পৰ্যটন স্থল :
এই জিলা খনৰ  প্ৰধান পৰ্যটন স্থল হৈছে    –
স্বৰ্গদেউ চাওলুং ছ্যুকাফা সমন্বয় ক্ষেত্ৰ
 
প্ৰথম আহোম ৰজা স্বৰ্গদেউ চাওলুং ছ্যুকাফাৰ স্মৃতিৰক্ষাৰ বাবে যোৰহাটৰ ওচৰৰ ম’হবন্ধাত নিৰ্মাণ কৰা হৈছে। ইয়াত আহোম যুগৰ বুৰঞ্জী প্ৰসিদ্ধ সমলৰ এক সংগ্ৰহালয়ো আছে।
 
 বৰভেটি 
এই ঐতিহাসিক তীৰ্থ ক্ষেত্ৰ যোৰহাট নগৰৰ পৰা প্ৰায় ১৩ কিল’মিটাৰ উত্তৰ-পশ্চিম দিশত মালৌপথাৰত অৱস্থিত। এই ঐতিহাসিক ক্ষেত্ৰত বাৰ্ষিক ভাৱে ‘ন-লগোৱা উৎসৱ’ পালনৰ পৰম্পৰা চলি আহিছে।
 
ঢেঁকীয়াখোৱা বৰ নামঘৰ
১৪৬১ চনত মাধৱদেৱৰ দ্বাৰা স্থাপিত এটা নামঘৰ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি যোৰহাটৰ পৰা ১৫ কি:মি: পূবত ঢেঁকীয়াখোৱা গাঁৱত অৱস্থিত। নামঘৰৰ ১৩ বিঘা মাটি আছে আৰু নিজা এক প্ৰেক্ষাগৃহ আছে। কথিত আছে যে নামঘৰৰ মূল খুঁটাটো শাল গছেৰে নিৰ্মিত। কাহিনীমতে এৰাতি এজন ভকতে সপোনত দেখা পালে যে ঢেঁকীয়াখোৱা জানৰ সোঁত ওলোটা দিশত বৈছে আৰু তাত এডাল শাল গছ উটি আহিছে। পিছদিনা এই সপোন সঁচা হোৱা দেখি গাঁৱৰ ৰাইজে নামঘৰৰ মূল খুঁটাটো এই গছৰ পৰা তৈয়াৰ কৰে।
 
যোৰহাট জিলাৰ সত্ৰৰ নাম   :
  • বেঙেনা আটী সত্ৰ
  • দক্ষিণপাট সত্ৰ
  • গড়মূৰ সত্ৰ
  • আউনীআটী সত্ৰ
  • কমলাবাৰী সত্ৰ
 
যোৰহাট জিলাৰ উপায়ুক্তৰ নাম :  
 
শ্ৰী পুলক মহন্ত, এ চি এছ
             উপায়ুক্ত
যোৰহাট জিলাৰ বিধানসভা সমষ্টি :
  • ৯৭-দেৰগাঁও
  • ৯৮-যোৰহাট
  • ১০০-তিতাবৰ
  • ১০১-মৰিয়ানী
  • ১০২-টিয়ক
দেৰগাঁও সমষ্টি  অনুসূচীত জাতিৰ বাবে সংৰক্ষিত। দেৰগাঁও কলিয়াবৰ লোকসভা সমষ্টিৰ  অন্তৰ্গত, আন চাৰিখন ঠাই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত।
যোৰহাট জিলাৰ ৰাজহ চক্ৰ :
  • যোৰহাট পূব
  • যোৰহাট পশ্চিম
  • তিতাবৰ
  • টিয়ক
  • মৰিয়নী
যোৰহাট জিলাৰ  নৈ-উপনৈ : 
জিলা খনৰ মাজেৰে পাৰ হৈ যোৱা নৈ-উপনৈ সমূহ হৈছে  ব্ৰহ্মপুত্ৰ , ভোগদৈ, জাঁজী আৰু কাকডোঙা ।
 অসম সাহিত্য সভাৰ প্ৰধান কাৰ্যালয়  চন্দ্ৰ কান্ত সন্দিকৈ ভৱন এই জিলাত অৱস্থিত । যোৰহাট জিলাৰ মাজেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে ।

Leave a Reply