মে-ডাম-মে ফি ৰচনা |মে-ডাম-মেফি ৰ অৰ্থ | Me dam me phi history
মে-ডাম-মে ফি
মে ডাম মে ফি হৈছে টাই আহোমসকলৰ এক সামাজিক পৰম্পৰাগত উৎসৱ। আহোম ধৰ্মৰ নিয়ম অনুসৰি এই উৎসৱ পালন কৰা হয়। টাই আহোমসকলে এই উৎসৱত পূৰ্ব পুৰুষসকলক পূজা কৰে । মেডাম মেফি টাই ভাষাৰ শব্দ।মে-ডাম-মেফি ৰ অৰ্থ হ’ল – মে মানে প্ৰাৰ্থনা বা পূজা কৰা, ডাম মানে পূৰ্ব পুৰুষ বা মৃতক আৰু ফি মানে দেৱতা।
অন্যান্য পূজাৰ দৰে মে-ডাম-মেফি পালনৰ বাবে টাই ভাষাত খেক-লাই বুলি এখন পূজাবিধি থকা বুলি জনা যায়। এই পূজাখন বিধিখন অসমলৈ পোনপ্ৰথমে আনিছিল চাওলুং চুকাফাৰ লগত অহা বুৰঞ্জী লিখক ম-মন-ম-মন দেইধায়ে। এই পূজাৰ বাবে সমূহীয়াকৈ ৰাইজে গোট খাই এখন আঠচুকীয়া অস্থায়ী হ-ফী (মন্দিৰ) সাজে। আৰু ইয়াত আঠখন শৰাই পাতি তেওঁলোকৰ আদি লেংডন দেৱতা প্ৰমুখ্যে আঠজন ফীক উপাসনা কৰে। এই পূজাত ফু- ৰা-তা-ৰা-আ-নং অথবা নিৰাকাৰ ভগৱানক প্ৰাৰ্থনা জনোৱাৰ উপৰিও ঙি ডামখামং অংকিত পতাকা উত্তোলন কৰি সমূহীয়াকৈ ভোজ দিয়া হয়। মে-ডাম-মেফি ত চাওফী( পূৰ্ব পুৰুষসকল) আৰু ডাম-চাওফী সকলক পূজা কৰা হয়। এইসকল হ’ল : খাও খাম, আই লেংদিন, জা চিং ফা , জান-চাই-হাং, লেংদন চিট-লাম-চাম ৰা-খিম, বা-খিম।
টাই আহোমসকলৰ দৃঢ়বিশ্বাস যে মৃত্যুৰ পিছৰ উপৰিপুৰুষ সকলৰ আত্মাই স্বৰ্গত শান্তিৰে থাকে। জীৱিত পো-নাতিসকলে মৃত্যু হৈ দেৱতা হোৱা উপৰিপুৰুষসকলৰ উদ্দেশ্যেৰে আগবঢ়োৱা মাংগলিক পূজা অৰ্চনাত সন্তুষ্ট হৈ পো-নাতিসকলক আশীৰ্বাদ দিয়ে আৰু সেই আশীৰ্বাদত ই পো-নাতিসকলৰ উন্নতিৰ লগতে সমাজৰ পৰা অপায় অমংগল দূৰ হয় বুলি ভবা হয়। সেইয়েহে মে ডাম মেফি উপৰিপুৰুষৰ উদ্দেশ্যেৰে কৰা কৰ্ম বুলিও কোৱা হয়। এই পূজাত “ন” খন পাঙ পাতি “ন”জনা বিশেষ দেৱতাকো আৰাধনা কৰা হয়। টাই ভাষাত পুৰোহিতসকলে মন্ত্ৰ পাঠ কৰে। মে ডাম মেফি ত উপৰিপুৰুষসকলৰ অৰ্থে ভাত, গাহৰি মাংস, কুকুৰা কণী, ৰহি সাঁজ, তামোল-পাণ ইত্যাদি আগবঢ়োৱা হয়।
আহোমৰ প্ৰথম ৰজা চুকাফা অসমলৈ অহাৰ পথত ৰ ঈৰাৱতী নৈ পাৰ হৈয়েই ‘মে ডাম মেফি’ উৎযাপন কৰিছিল। নতুন ৰাজ্য এখন জয় কৰি তাত সুশাসন প্ৰৱৰ্তন কৰিবলৈ পূৰ্ব পুৰুষ, লেংদন আৰু অন্যান্য দেৱতাসকলৰ আশীৰ্বাদ বিচাৰি দৈ-কাও-ৰং পাৰ হোৱাৰ লগে লগে নামৰূপত বুঢ়ী দিহিংৰ পাৰত তেওঁ আকৌ মেডাম মেফি পাতিছিল। এইখন পূজাৰ পিছত তেওঁ চৰাইদেউৰ নামনি ভাগত লাওটেওকাটত মেডাম মেফি পাতে। চৰাইদেউত ৰাজধানী পাতিবৰ সময়তো পূৰ্ব পুৰুষ আৰু দেৱতাসকলৰ আশীৰ্বাদ বিচাৰি স্বৰ্গদেৱে মে ডাম মেফি পাতিছিল। সেইদৰে পাছৰ স্বৰ্গদেউসকলেও বিভিন্ন সময়ত মে ডাম মেফি পাতিছিল। কিন্তু হিন্দু ধৰ্মক অধিক প্ৰাধান্যতা দি স্বৰ্গদেউ জয়ধ্বজ সিংহই মে ডাম মেফি পতা নাছিল। ফলত দেশখন সেই সময়ত মীৰজুমলাৰ হাতত পৰাস্ত হবলগীয়া হৈছিল বুলি জয়ধ্বজ সিংহই অতি দুখ মনেৰে আতন বুঢ়াগোহাঁইক কৈছিল। পৰৱৰ্তী সময়ত অৰ্থাৎ জয়ধ্বজ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃ, চক্ৰধ্বজ সিংহই শাসন ভাৰ লৈয়েই মে ডাম-মেফি পাতিবলৈ থিৰাং কৰি মন্ত্ৰী পৰিষদৰ পৰা উপদেশ বিচাৰিলে আৰু শেষত মন্ত্ৰী পৰিষদৰ আদেশ পাই তেওঁ অতি ধুমধামেৰে চৰাইদেউত মে ডাম-মেফি পাতে আৰু ইয়াৰ পিছতে মোগলৰ লগত শৰাইঘাটত কৰা যুদ্ধত জয় লাভ কৰে। এইদৰে আহোমৰ শেষৰজন স্বৰ্গদেউৰ দিনলৈ ৰাজঘৰীয়া মে ডাম মেফি উদযাপিত হৈ আহিছিল।
প্ৰথম অৱস্থাত যদিও এই পূজা ভাগি ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতাত চলিছিল বৰ্তমান ৩১ জানুৱাৰী দিনটোও সাৰ্বজনীনতাৰ ভিত্তিত অসমৰ চুকে-কোণে টাই আহোমসকলে এই উৎসৱ পালন কৰা দেখা গৈছে আৰু সেইদিনটো চৰকাৰী বন্ধ দিন হিচাবেও সমগ্ৰ অসমে পালন কৰে ।