বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো word কে পদ বুলি কোৱা হয় । যেনে – Ram reads a book . ( ৰামে কিতাপ পঢ়ে ) । এই বাক্যত Ram, reads, a, book প্ৰতিটোৱে একোটা পদ (part of speech) .
ইংৰাজী ভাষাৰ ব্যাকৰণ part of speech আঠ প্ৰকাৰৰ ।
1. Noun ( বিশেষ্য পদ )
2.Pronoun ( সৰ্বনাম পদ )
3.Verb ( ক্ৰিয়া পদ )
4.Adverb ( ক্ৰিয়া বিশেষণ )
5.Adjective ( বিশেষণ )
6.Preposition (অব্যয়)
7.Conjunction (যোজক অব্যয়)
8. Interjection (ভাৱবোধক অব্যয় )
Noun ( বিশেষ্য পদ )
কোনো বস্তুৰ নাম বুজোৱা পদকে Noun ( বিশেষ্য পদ ) বোলে ।
A name of anything is a Noun .
She is Sita – তাই সীতা ।
He is Ramen – সি ৰমেন ।
He has a bunch of key – তাৰ একোছা ছবি আছে ।
Pronoun ( সৰ্বনাম পদ )
Noun ৰ সলনি ব্যৱহাৰ হোৱা পদক Pronoun ( সৰ্বনাম পদ ) বোলে।
A Pronoun stands for a Noun .
Sita is a girl. Sita goes to school always. Sita has four books.
ওপৰৰ বাক্য কেইটা ‘Sita’ Noun পদটো বাৰে ব্যৱহাৰ কৰা হৈছে । এইদৰে Noun পদটো বাৰে বাৰে ব্যৱহাৰ কৰিলে শুনিবলৈ ভাল নুশুনি । শুনিবলৈ শুৱলা কৰিবৰ বাবে বাক্য কেইটা এই দৰে লিখিব পাৰি-
Sita is a girl. She goes to school always. She has four books.
এই বাক্য কেইটাৰ প্ৰথমটোত ব্যৱহাৰ হোৱা ‘Sita’ Noun পদৰ সলনি ২য় আৰু ৩ য় বাক্যত ‘She’ Pronoun ব্যৱহাৰৰ কৰিব পাৰি ।
Verb ( ক্ৰিয়া পদ )
কোনো কাম কৰা , শেষ হোৱা বা শেষ নোহোৱা বুজোৱা পদক verb বোলে ।
A verb states something. Verb নোহোৱাকৈ ইংৰাজী ভাষাত কথা ক’ব নোৱাৰি । তলত উল্লেখ কৰা বাক্যবোৰলৈ মন কৰা ।
The baby cries – কেঁচুৱাটোৱে কান্দে ।
The cow eats grass – গৰুৱে ঘাঁহ খাই ।
The birds fly – চৰাই উৰে।
Adverb ( ক্ৰিয়া বিশেষণ )
ক্ৰিয়া পদ বা বিশেষন পদৰ দোষ , গুণ বা অৱস্থা আদি বুজোৱা পদক Adverb ( ক্ৰিয়া বিশেষণ ) বোলে ।
An adverb states something about a verb or an adjective.
You saw the garden yesterday – তুমি কালি বাগিছা খন দেখিছিলা ।
We always walk in the garden – আমি সদায় বাগিছাত ফুৰো।
Adjective ( বিশেষণ )
Noun , Pronoun আদি অইন পদৰ গুণ ,দোষ , অৱস্থা , পৰিমান আদি বজোৱা পদক Adjective ( বিশেষণ ) বোলে ।
An adjective says something about a Noun or a Pronoun.
She has a red pencil – তাইৰ এডাল ৰঙা পেঞ্চিল আছে ।
The pencil is not long – পেঞ্চিল ডাল দীঘল নহয় ।
Preposition (অব্যয়)
Preposition এ sentence ৰ এটা পদৰ লগত অইন এটা পদৰ সবন্ধ ঘটায় ।
A preposition makes relation between two parts of speech in a sentence.
পুৰুষ (person), বচন (number) বা কাল (Tense) কোনো ক্ষেত্ৰত Preposition বোৰৰ ৰূপ বা গঠন (form) ৰ পৰিৱৰ্তন নহয় । তোলৰ বাক্যবৰলৈ চোৱা –
The book is on the table – কিতাপ খন মেজৰ ওপৰত আছে ।
The water of this river is pure – এই নদীৰ পানী পৱিত্ৰ ।
I write with a pen – মই কলমৰে লিখোঁ ।
Conjunction (যোজক অব্যয়)
Conjunction এ দুটা sentence বা sentenceৰ ভিতৰত দুটা বা তাতকৈ অধিক word অক সংযোগ কৰে ।
A conjunction joins two sentence or two or more words in a sentence.
তলৰ sentence দুটালৈ মন কৰা –
You may go or stay – তুমি যাব পাৰা বা থাকিব পাৰা ।
Read or write your lesson – তোমাৰ পাঠ পঢ়া বা লিখা ।
Interjection (ভাৱবোধক অব্যয় )
Interjection এ মনৰ সুখ-দুখ , হৰ্ষ-বিষাদ আদি অৱস্থাৰ কথা বুজায় ।
An Interjection says about the sadness or pleasure of mind.
তলৰ Sentence বোৰলৈ মন কৰা –
Bravo! We have won the game. Oh God ! Save our souls.