পদ || বিশেষ্য পদ || বিশেষ্য পদ || ক্ৰিয়া পদ || ক্ৰিয়া বিশেষণ || বিশেষণ || অব্যয় || যোজক অব্যয় || ভাৱবোধক অব্যয়

 

Part of speech
পদ ( Part of speech)

বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো word কে পদ বুলি কোৱা হয় ।  যেনে – Ram reads a book . ( ৰামে কিতাপ পঢ়ে ) । এই বাক্যত Ram, reads, a, book প্ৰতিটোৱে একোটা  পদ (part of speech) .

ইংৰাজী ভাষাৰ ব্যাকৰণ part of speech আঠ প্ৰকাৰৰ  ।



1. Noun ( বিশেষ্য পদ )
2.Pronoun ( সৰ্বনাম পদ )
3.Verb ( ক্ৰিয়া পদ )
4.Adverb ( ক্ৰিয়া বিশেষণ )
5.Adjective ( বিশেষণ )
6.Preposition (অব্যয়)
7.Conjunction (যোজক অব্যয়)
8. Interjection (ভাৱবোধক অব্যয় )

 

Noun

Noun ( বিশেষ্য পদ )

কোনো বস্তুৰ নাম বুজোৱা পদকে Noun ( বিশেষ্য পদ ) বোলে  ।

A name of anything is a Noun .

 She is Sita                        –   তাই সীতা ।
He is Ramen                    –   সি ৰমেন ।
He has a bunch of key     –  তাৰ একোছা ছবি আছে ।

Pronoun
 

Pronoun ( সৰ্বনাম পদ )

Noun ৰ সলনি ব্যৱহাৰ হোৱা পদক Pronoun ( সৰ্বনাম পদ )  বোলে।


A Pronoun stands for a Noun .

Sita is a girl. Sita goes to school always. Sita has four books.

ওপৰৰ বাক্য কেইটা ‘Sita’ Noun পদটো বাৰে ব্যৱহাৰ কৰা হৈছে । এইদৰে Noun পদটো বাৰে বাৰে ব্যৱহাৰ কৰিলে শুনিবলৈ ভাল নুশুনি । শুনিবলৈ শুৱলা  কৰিবৰ বাবে বাক্য কেইটা এই দৰে লিখিব পাৰি-

Sita is a girl. She goes to school always. She has four books.

এই বাক্য কেইটাৰ প্ৰথমটোত ব্যৱহাৰ হোৱা  ‘Sita’ Noun পদৰ সলনি ২য়  আৰু ৩ য় বাক্যত  ‘She’ Pronoun ব্যৱহাৰৰ কৰিব পাৰি ।

Verb

Verb ( ক্ৰিয়া পদ )



কোনো কাম কৰা , শেষ হোৱা বা শেষ নোহোৱা বুজোৱা পদক verb বোলে ।

A verb states  something. Verb নোহোৱাকৈ ইংৰাজী ভাষাত কথা ক’ব নোৱাৰি । তলত উল্লেখ কৰা বাক্যবোৰলৈ মন কৰা ।

The baby cries          –  কেঁচুৱাটোৱে কান্দে ।
The cow eats grass   –  গৰুৱে ঘাঁহ খাই ।
The birds fly            –  চৰাই উৰে।

Adverb

Adverb ( ক্ৰিয়া বিশেষণ )

ক্ৰিয়া পদ বা বিশেষন পদৰ দোষ , গুণ বা অৱস্থা আদি বুজোৱা পদক Adverb ( ক্ৰিয়া বিশেষণ ) বোলে ।

An adverb states something about a verb or an adjective.

You saw the garden yesterday  –  তুমি কালি বাগিছা খন দেখিছিলা ।
We always walk in the garden  – আমি সদায় বাগিছাত ফুৰো।

Adjective

Adjective ( বিশেষণ )


Noun , Pronoun আদি অইন পদৰ গুণ ,দোষ , অৱস্থা , পৰিমান আদি বজোৱা পদক Adjective                ( বিশেষণ ) বোলে ।

An adjective says something about a Noun or a Pronoun.

She has a red pencil        –    তাইৰ এডাল ৰঙা পেঞ্চিল আছে ।
The pencil is not long     –    পেঞ্চিল ডাল দীঘল নহয় ।

Preposition

 

Preposition (অব্যয়)

Preposition এ sentence ৰ এটা পদৰ লগত অইন এটা পদৰ সবন্ধ ঘটায় ।

A preposition makes relation between two parts of speech in a sentence.

পুৰুষ (person), বচন (number) বা কাল (Tense) কোনো ক্ষেত্ৰত Preposition বোৰৰ ৰূপ বা গঠন (form) ৰ পৰিৱৰ্তন নহয় । তোলৰ বাক্যবৰলৈ চোৱা –

The book is on the table             –  কিতাপ খন মেজৰ ওপৰত আছে ।

The water of this river is pure    –  এই নদীৰ পানী পৱিত্ৰ ।

I write with a pen                       –  মই কলমৰে লিখোঁ ।

 

Conjunction

 

Conjunction (যোজক অব্যয়)

Conjunction এ দুটা sentence বা sentenceৰ ভিতৰত দুটা বা তাতকৈ অধিক word অক সংযোগ কৰে ।

A conjunction joins two sentence or two or more words in a sentence.

তলৰ sentence দুটালৈ  মন কৰা –

You may  go or stay              –     তুমি যাব পাৰা বা থাকিব পাৰা ।
Read or write your lesson     –     তোমাৰ পাঠ পঢ়া বা লিখা ।

Interjection

Interjection (ভাৱবোধক অব্যয় )

Interjection এ মনৰ সুখ-দুখ , হৰ্ষ-বিষাদ আদি অৱস্থাৰ কথা বুজায় ।

An  Interjection  says about the  sadness or pleasure of mind.

তলৰ Sentence বোৰলৈ মন কৰা –

Bravo! We have won the game.                                                                                                                    Oh God ! Save our  souls.

Leave a Reply