বিহুৰ সাজ-পোচাক আৰু অলংকাৰ

অসমীয়া সংস্কৃতি বিহুৰ সাজ-পোচাক আৰু অলংকাৰ

বিহু আৰু সাজ-সজ্জা | বিহুৰ সাজ পাৰ

অসমীয়া সংস্কৃতি বিহুৰ সাজ-পোচাক আৰু অলংকাৰ

অসমৰ জাতীয় জীৱনৰ প্ৰাচুৰ্য আৰু সভ্যতাৰ পৰিচয় বিহু৷ জাতীয় চেতনাবোধ সজীৱ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা লয় লোক সংস্কৃতি বিহুৱে ৷ বিহু মূলত কৃষি লগত জড়িত যদিও বিহুৱে অসমীয়া সমাজ-সংস্কৃতি-ঐতিহ্যৰ স্বাক্ষৰ বহন কৰিছে৷ অসমীয়া সাজ-সজ্জাৰ লগত বিহুৰ নিবিড় সৰ্ম্পক আছে৷ অসমত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীসমূহে বিহুত পৰিধান কৰা পৰম্পৰাগত সাজ-পোছাকযোৰে জাতিটোৰ পৰিচয় দাঙি ধৰে ৷

বিহুৰ সাজ পোচাকবোৰ পৰিপূৰ্ণ অসমীয়া কৃষ্টি আৰু আত্মনিৰ্ভৰশীলতাৰ পৰিচায়ক। অসমত থলুৱাভাবে উৎপাদন হোৱা ৰেচম বিশেষকৈ মুগা সূতা এক অপৰিহাৰ্য অংগ এগৰাকী অসমীয়া গাভৰু বুলিলে মুগাৰ সাজযোৰ পিন্ধি, মাজেৰে সেওঁতা ফালি, কপালত ডাঙৰকৈ সেন্দুৰ ফোঁটটো লৈ, বৰহমথুৰীৰে ওঁঠদুটি বোলাই, কলডিলনীয়া খোপাতো বান্ধি, গামখাৰু পিন্ধি, দুহাতত জেতুকা বোলাই,কঁকালত হাঁচতি, তামোল, কটাৰীৰে ওলাই অহা নাৰীৰ এক পূৰ্ণ পৰিস্ফুত ৰূপ সকলোৰে দৃষ্টিত ভাঁহি আহে৷ অলংকাৰৰ ক্ষেত্ৰত মহিলা বা নাচনীসকলে ডিঙিত জোনবিৰি, ঢোলবিৰি, জাপিপতীয়া অলংকাৰ পিন্ধে। হাতত গাম খাৰু আৰু কাণত কেৰু মণি থুৰীয়া পিন্ধে। আজিকালি মহিলাসকলে মুগাৰ সলনি টচৰ মেখেলা-চাদৰ পিন্ধাও দেখা যায়। কাপোৰযোৰৰ লগতে দীঘল হাতৰ ৰঙা ব্লাউজ পিন্ধে। নাচনীয়ে খোপাত কপৌ ফুল আৰু হাতত জেতুকাৰ ৰং লগায়। ওঠত বৰহমঠুৰিৰ পাত দি ৰঙীন বোল দিয়ে। কঁ‌কালৰ খোচনিত হাঁচতিত এখন ডবুৱা কটাৰি বান্ধি লয়।

ঢ়ুলীয়াসকলে বা পুৰুষসকলে কপাহী চুৰীয়া (ধুতি) পৰিধান কৰে। পুৰুষৰ দেহৰ উৰ্ধাংশ হাত কটা চোলা বা কামিজ পিন্ধে। ইয়াৰ লগতে বিহু নৃত্য কৰিবলৈ পুৰুষসকলে মূৰত গামোচা বান্ধে আৰু কঁকালত টঙালি মেৰিয়াই লয়। লগতে তেওঁলোকে হাতৰ মণিবন্ধত হাঁচতি বা ৰুমাল বান্ধে।

অসমীয়া সমাজ-জীৱন গামোচাৰো নিজস্ব স্বকীয় বৈশিষ্ট্য আছে৷ অসমীয়া সমাজৰ সকলো সামাজিক-ধৰ্মীয় কাম গামোচা অবিহনে অসৰ্ম্পূণ৷ বিহুৰ দিনা গামোচাখন বিহুৱান হিচাপে কান্ধত লোৱা হয়৷ তদুপৰি জ্যেষ্ঠজনক গামোচা পিন্ধাই সন্মান জনোৱাৰ উপৰি ঘৰলৈ, হুঁচৰি আহিলে মান হিচাপে গামোচা শৰাইত আগবঢ়াই দিয়াৰ পৰম্পৰা আছে৷

 

লগতে চাওকঃ   বিহু নৃত্য || বিহু নৃত্যৰ ইতিহাস || বিহুত ব্যৱহৃত লোকবাদ্য

ৰাতিবিহু আৰু গছতলৰ বিহু || বিহুনাম

বিহুগীত || বিহুনাম || যোজনা

 

Leave a Reply