বিহুগীত || বিহুনাম || যোজনা

বিহুগীত , বিহুনাম যোজনা

 

 

বিহুগীত

অসমীয়া লোকসকলৰ বাপতিসাহোন উৎসৱ বিহুৰ সময়ত গোৱা পৰম্পৰাগতভাৱে চলি অহা গীতসমূহকে বিহুগীত বুলি কোৱা হয়। বৰ্তমান সময়ত বিহুগীত আৰু বিহুনাম দুয়োটাকে সমাৰ্থক শব্দ হিচাপে ব্যৱহাৰ কৰা হয়। অসমীয়া জনজীৱনৰ লগত জড়িত সকলো বিষয়েই বিহুগীতত স্থান লাভ কৰিছে। মুখ্যতঃ পৰম্পৰাগত বিহু অনুষ্ঠানকেইটাৰ আধাৰতে বিহুনামবোৰ ৰচিত আৰু পৰিৱেশিত হৈ আহিছে। এনে পৰম্পৰাগত বিহু অনুষ্ঠান হৈছে: ৰাতিবিহু, দিনৰ ভাগত বৰ গছৰ তল, পথাৰ আৰু জুপজুপীয়া হাবিয়নিত মৰা গছতলৰ বিহু বা গাভৰু বিহু (চেনেহী বিহু/মাইকী বিহু/জেং বিহু) আৰু গৃহস্থৰ চোতালত মৰা হুঁচৰি।

হুঁচৰি অনুষ্ঠানৰ বিহুনাম

হুঁচৰি অনুষ্ঠানতো প্ৰধানতঃ দুচাপৰীয়া তালতে বিহুনাম গোৱা হয়। হাত চাপৰি আৰু টকাৰ উপৰিও বিহুনাম গাঁৱতে ঢোল সংগত কৰা হয়। হুঁচৰি অনুষ্ঠানত সাধাৰণতে একোটা মূল বিহুনাম বা জাত থাকে। যিটো প্ৰথমে এজন নামতিয়ে লগায় দিয়ে আৰু তাৰ পাছত সকলোৱে একেলগে গায়।

যোজনা আৰু বিহুনাম

কেইফাকিমান বিহু যোজনা আৰু বিহু নাম তলত দিয়া হ’ল:

১) ঔৰে গছতে মৌৱে বাঁহে ল’লে

অ’ ককাই পাৰি দিয়া ঐ খাওঁ।

বাঁহৰে টকাটি সাজি দিয়া ককাইটি ঐ

অ’ বিহু নাচিবলৈ যাওঁ॥

২) হাইঐ  দিখৌত গুমেগুমাই কোম্পানীৰ জাহাজখন

অ’ ঢেকীত গুমেগুমাই ঐ থোৰা।

গাতে জুই জ্বলিছে সৰিয়হ ফুটিছে ঐ

অ’ বিহুটি অহাৰে পৰা॥

৩) বিহুৰে বিৰিণা পাতে সমনীয়া

ঐ বিহুৰে বিৰিণা ঐ পাত।

বিহু থাকে মানে বিহুকে বিনাবা ঐ

বিহু গ’লে বিনাবা কাক॥

৪) চ’তৰে শেষতে বহাগে পালেহি

গছে বনে সলালে ঐ পাত।

আজি বিহু তলীত ঢোল পেঁপা বাজিলে ঐ

নাচো নাচো লাগিছে গাত॥

৫) ৰৈ নো ৰৈ বিনালে বনৰে কেতেকী

ৰৈ নো ৰৈ বিনালে ঐ কুলি

নৈৰে ঘাটতে কোনে সুৰ জুৰিলে ঐ

চেনাই চেনেহৰে বুলি।

৬) হাই ঐ তোমালৈ যিমানে মৰম ঐ চেনাইটি

ঐ আনলৈ সিমানেই ঐ নাই

আশা কৰাই কৰাই নিৰাশা কৰিলা ঐ

তোমাৰ সমান নৰকী নাই।

৭) ধনশিৰী পাৰে হৈ ঢপলিয়াই আহিলোঁ

জিৰালোঁ কলিয়াবৰত।

তোমাকে বিচাৰি ঘৰ-বাৰী এৰিলোঁ

তোমাক নাপালোহি ঘৰত।

৮) বিহুৰে বিৰিণা পাতে সমনীয়া

ঐ বিহুৰে বিৰিণা ঐ পাত।

ঐ গাভৰু ছোৱালী নাচোঁ জুমে পাতি ঐ

ঐ চ’তৰ বিহু লাগিছে গাত॥

৯) এ তুমি হ’লা শদিয়াৰ মই হ’লো ধুবুৰীৰ

লগ হ’লো বিহুৰে ঐ তলীত।

এ তোমাকে মৰমজান এৰিব নোৱাৰি ঐ

তুমি মোৰ চকুৰে মণি।

১০) আগলী বাঁহৰে লাহৰী গগনা

ঐ বহি তাঁতৰ পাতত বাওঁ

আহে কি নাহে ঐ মোৰেনো চেনাই ঐ

চিৰি পাতি মঙলখন চাওঁ।

১১) অ জান ঐ ভৰ দুপৰীয়া বহোঁ তাঁতৰ পাতত

অ’ মাকো সৰি সৰি ঐ পৰে।

তাঁতৰ দোৰেপতি গৰকাতে ভৰি ঐ তোমালৈ মনতে পৰে॥

বিহু নাম

১) মদাৰৰে ডালেটি অতিনোকৈ ঠুনুকা অতিনোকৈ ঠনুকা

আলাসতে ভাঙি পৰে অ’ চেনাইটি

হুৰহুৰ বতাহ বলে যেতিয়া

যৌৱনৰে বাৰিষা বতাহ বলে যেতিয়া২

ভয় লাগে মোৰ খহনীয়াই ঐ জানোচা নিয়ে উটুৱাই

কি কৰিম ঐ তেতিয়া, তাকে ভাগি ভাগে মোৰ২ হিয়া॥

২) ৰঙালী বিহুলৈ ও ককাই ও দদাই

ওলাই মই আহিছোঁ।

দুহাতত জেতুকা ও ককাই ও দদাই

ওলাই মই আহিছোঁ।

ঢোলৰে চাপৰত পেঁপাৰে লহৰত

নাচিম মই এইবেলি ও ককাই ও দদাই

এইবাৰ ব’হাগত

কপৌফুলাৰ বতৰত নাহৰ ফুলাৰ বতৰত২ আজি॥

৩) বজোৱাছোন ঢোলেটি ও ককাইটি

নাাচোনো হালিজালি ও ককাইটি

কিনো পেপাৰ অমিয়া মাত-২

মুগাৰ সাজ পিন্ধিলো অ’ ককাইটি

খোপাত ফুল গুজিলো অ’ ককাইটি

বিহু বিহু লাগিছে নাচো নাচো লাগিছে গাত।

৪) ৰঙাকৈ চোলাটি এ ভনী কোনে চিলাই দিলে ভনী কোনে বোলাই দিলে ভনী

দুহাততে জেতুকাৰ বোল।

নাচোতে নাচিবি এ ভনী ভালেকৈ

নাচোনত নকৰিবি ভুল॥

ৰঙাকৈ চোলাটি এ ককাই আয়ে চিলাই দিলে ককাই আয়ে বোলাই দিলে ককাই দুহাততে জেতুকাৰ বোল।

বজালে বজাবি এ ককাই ঢোলেটি ভালেকৈ ককাই পেপাটি

চেওত নকৰিবি ভুল॥

লগতে চাওক – বিহু || বিহু’ শব্দৰ উৎপত্তি || বিহুৰ ইতিহাস || বিহু ৰচনা   সাত বিহু

তথ্য সংগ্ৰহ

  •  প্ৰান্তিক ১৬ এপ্ৰিল ২০১১

Leave a Reply