ভাৰতৰ প্ৰধান উদ্যোগসমূহ -Major Industries in India

লো-তীখা উদ্যোগ | কপাহী বয়ন উদ্যোগ | চেনী উদ্যোগ | পেট্ৰ’ৰাসায়নিক উদ্যোগ  | তথ্যপ্ৰযুক্তি উদ্যোগ Iron & Steel Industry in India | Cotton Textile Industry | Sugar Industry in assam | Petrochemical Industries in assam | Information Technology |Information Technology in assamese

 

ভাৰতৰ প্ৰধান উদ্যোগসমূহ :

লো-তীখা উদ্যোগ

লো-তীখা উদ্যোগ (Iron & Steel Industry):

সকলোধৰণৰ ধাতুৰ ভিতৰত সাম্প্ৰতিক যুগৰ মানুহে লোহাৰ সা-সঁজুলি অধিক পৰিমাণে ব্যৱহাৰ কৰে। বেছিভাগ যন্ত্ৰ-পাতি আৰু নিত্য প্ৰয়োজনীয় সঁজুলি প্ৰস্তুত কৰোতে অথবা বিভিন্ন নিৰ্মাণ কাৰ্যত লোহাৰ ব্যৱহাৰ অপৰিহাৰ্য। ভাৰতীয়সকলে কমেও তিনিহাজাৰ বছৰ পূৰ্বে লোহাৰ ব্যৱহাৰ জানিছিল। কিন্তু গুৰু কাৰিকৰী উদ্যোগ পৰ্যায়ত ভাৰতত এই শিল্পৰ প্ৰতিষ্ঠা ঊনবিংশ শতিকাতহে আৰম্ভ হয়।১৮৩০ চনত মাদ্ৰাছ প্ৰেচিডেন্সীৰ প্রট’নভা নামৰ ঠাইত দেশৰ প্ৰথমটো লো-তীখা উদ্যোগ স্থাপন কৰিছিল যদিও ১৮৬৬ চনত এইটো উদ্যোগ প্ৰতিষ্ঠান অচল হৈ পৰে।১৮৬৪ চনত পশ্চিম বংগৰ কুলটীত প্ৰতিষ্ঠিত লো-তীখা উৎপাদনৰ কেন্দ্ৰটোক ইণ্ডিয়ান আইৰণ এণ্ড ষ্টীল কোম্পানীৰ শাখা অৰ্থাৎ দেশৰ প্ৰাচীনতম তীখা কাৰখানা বুলিব পাৰি। পৰৱৰ্তী পৰ্যায়ত ১৯০৭ চনত টাটা আইৰণ ষ্টীল কোম্পানী (TISCO), হীৰাপুৰ তীখা কাৰখানা (১৯০৮), মহীশূৰ ষ্টীল ওৱৰ্কস (১৯২৩), বাৰ্ণপুৰ তীখা কাৰখানা (১৯৩৭) আদি উদ্যোগকেন্দ্ৰবোৰ ঠায়ে ঠায়ে গঢ় লয়। কিন্তু স্বাধীনতা লাভৰ পাছতহে আচল অৰ্থত ভাৰতত লো-তীখা উদ্যোগৰ সম্প্ৰসাৰণ আৰম্ভ হোৱা বুলিব পাৰি। বৰ্তমান ভাৰতত আঠটা প্ৰতিষ্ঠানৰ অন্তৰ্গত সৰ্বমুঠ দহটা লো-তীখা উৎপাদন কেন্দ্ৰ আছে। এই বৃহৎ উৎপাদনকেন্দ্ৰসমূহৰ উপৰিও দেশৰ কিছুমান প্ৰধান শিল্প অঞ্চলত পূৰ্ব-ব্যৱহৃত লোহা গলাই সংকৰ ধাতু প্ৰস্তুত কৰা সৰ্বমুঠ ডেৰশটামান ক্ষুদ্ৰ তীখা-কাৰখানা আছে। পৃথিৱীৰ ব্যৱহাৰযোগ্য লৌহ আকাৰৰ এক – পঞ্চমাংশ (২০৭১) কোটি টন) ভাৰতত সঞ্চিত হৈ আছে। দেশত বাৰ্ষিক লৌহ আকাৰৰ উৎপাদন বৰ্তমান প্ৰায় সাত কোটি টন।

কপাহী বয়ন উদ্যোগ(Cotton Textile Industry):

১৮৫৪ চনত মুম্বাই চহৰত ভাৰতৰ যন্ত্ৰচালিত কাপোৰৰ কল প্ৰতিষ্ঠা হয়।২০০৩-০৪ চনৰ পৰিসংখ্যা অনুক্ৰমে বৰ্তমান ভাৰতত এহাজাৰ ছশৰো অধিক কাপোৰৰ শালত বছৰি ২৭,৯৪৫ নিযুত বৰ্গমিটাৰ কাপোৰ তৈয়াৰ কৰা হয়। এই কলসমূহত নিযুক্ত মুঠ কৰ্মচাৰীৰ সংখ্যা ৪.৫৮ নিযুত। তদুপৰি আমাৰ দেশত উৎপন্ন হোৱা মুঠ কপাহৰ ৬৩ শতাংশ এই কলসমূহে কেঁচামাল হিচাবে ব্যবহাৰ কৰে। সেইদৰেই এইসমূহ কলত উৎপাদিত কাপোৰৰ একাংশ ৰপ্তানি কৰি ২০০৩-০৪ চনত ভাৰতে আৰ্জন কৰা বৈদেশিক মুদ্ৰাৰ মূল্য আছিল ৫৫,০০৪ কোটি টকা, অৰ্থাৎ দেশৰ মুঠ ৰপ্তানি দ্ৰব্যজাত আৰ্জনৰ ১৮.৮৬ শতাংশ। গতিকে এই বয়ন শিল্পৰ লগত দেশৰ আভ্যন্তৰীণ অৰ্থনীতিৰ লগতে বৈদেশিক বাণিজ্যৰ পৰিক্ৰমাটোও ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। প্রাক-স্বাধীনতা কালত ভাৰতৰ প্ৰায় সকলোখিনি কপাহ-কল মুম্বাই আৰু আহমেদাবাদ চহৰত কেন্দ্ৰীভূত আছিল। শোলাপুৰ, নাগপুৰ, আকোলা, বুঢ়ানপুৰ, সাতাৰা প্ৰভৃতি সেই সময়ৰ ভাৰতত কপাহৰ উৎপাদনস্থলীসমূহৰ কিছুমান উপকেন্দ্ৰ আৰু পূৱ- ভাৰতৰ সৰ্ববৃহৎ চহৰ কলিকতাৰ উচৰে পাজৰেও অন্য কিছুসংখ্যক কপাহ – কল প্ৰতিষ্ঠা হৈছিল। বৰ্তমান ভাৰতৰ আশীখনমান চহৰত কপাহী সূতা প্ৰস্তুত কৰা যন্ত্ৰচালিত কলসমূহ সিঁচৰিত হৈ থকা দেখা যায়। তৎস্বতেও দেশৰ কপাহ খেতিত অঞ্চল দুটাত, অৰ্থাৎ উত্তৰ-পশ্চিম ভাৰত আৰু গুজৰাটৰ পৰা তামিলনাডু পৰ্যন্ত বিস্তৃত বলয়টোত দেশৰ ৪০ শতাংশ কাপোৰৰ কল কেন্দ্ৰীভূত হোৱা দেখা যায়। বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত ভাৰতৰ স্থান পৃথিৱীত যুক্তৰাষ্ট আৰু চীন দেশৰ পাছতেই। কপাহী কাপোৰৰ ৰপ্তানিৰ ক্ষেত্ৰতো ভাৰতৰ স্থান পৃথিৱীত দ্বিতীয়।

চেনী উদ্যোগ ( Sugar Industry):

চেনী উদ্যোগ ভাৰতত কপাহী বয়ন খণ্ডৰ পাছতে দ্বিতীয় বৃহত্তম কৃষিভিত্তিক উদ্যোগ। কুঁহিয়াৰ আৰু কেৱল কুঁহিয়াৰৰ পৰা চেনী উৎপাদন কৰাৰ ক্ষেত্ৰত পৃথিৱীত ভাৰতৰ স্থান প্ৰথম। ভাৰতত মুঠ উৎপাদিত কুঁহিয়াৰৰ এক তৃতীয়াংশ চেনী উদ্যোগত ব্যৱহাৰ কৰা হয়। বাকী অংশৰ পৰা গুৰ খান্দচাৰী আৰু অন্যান্য পানীয় প্ৰস্তুত কৰা হয়। তথাপিও ভাৰতত পৃথিৱীৰ ৮ শতাংশ চেনী উৎপন্ন হয়। প্ৰতি দহ কিলোগ্ৰাম কেঁচা কুঁহিয়াৰৰ পৰা গড়ে এক কিলোগ্ৰামকৈ চেনী উৎপাদন কৰিব পাৰি। ভাৰতবৰ্ষত সৰ্বমুঠ চাৰিশৰো অধিক চেনী-কল আছে।১৯০৩ চনত বিহাৰৰ দ্বাৰভাংগাত ভাৰতৰ প্ৰথমটো চেনীকল স্থাপন কৰা হয়। পৰৱৰ্তী পৰ্যায়ত বিহাৰ, উত্তৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ বিভিন্ন নতুন নতুন চেনিকল স্থাপন হয়। মহাৰাষ্ট্ৰত ভাৰতৰ সৰ্বাধিক চেনী উৎপাদন কৰা হয়। দেশৰ দ্বিতীয় বৃহৎ চেনী উৎপাদনকাৰী ৰাজ্য উত্তৰ প্ৰদেশত আকৌ গংগা-যমুনা (আন্তঃবেদিকা) আৰু তৰাঈ কাটিবন্ধত অধিক চেনীকল দেখা যায়। দক্ষিণ ভাৰতত চেনী উদ্যোগৰ কেন্দ্ৰসমূহ তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশত বিস্তৃত আৰ্হিত পোৱা যায়। গুজৰাটত আকৌ এই চেনী উদ্যোগে অতি শেহতীয়াভাৱে গতি লাভ কৰিছে। পূৰ্বতে এইখন ৰাজ্যৰ উৎপাদিত কুঁহিয়াৰৰ অধিকাংশ মহাৰাষ্ট্ৰ অভিমুখে সৰবৰাহ কৰা হৈছিল। সম্প্ৰতি এই ৰাজ্যৰ জুনাগঢ়, ৰাজকোট, আমড়েলি, বুলসৰ আৰু ভৱনগৰত চেনীকল স্থাপন কৰা হৈছে।

পেট্ৰ’ৰাসায়নিক উদ্যোগ (Petrochemical Industries):

তেল-শোধনাগাৰসমূহত উৎপাদিত পেট্ৰ’ল, ডিজেল, এভিয়ন অৰ্থাৎ আকাশীযানৰ ইন্ধন, কেৰাচিন প্ৰভৃতি ইন্ধন দ্ৰৱ্য যান-বাহন অথবা যন্ত্ৰ- পাতি চলোৱাৰ উপৰিও দীপন কাৰ্যত ব্যৱহাৰ কৰা হয়। কিন্তু এনেবোৰ মূল সামগ্ৰীৰ ওপৰিও তেল শোধনাগৰসমূহত অসংখ্য ধৰণৰ উপজ দ্ৰৱ্য প্ৰস্তুত হয়। এনেবোৰ উপজ দ্ৰব্যৰ ভিতৰত এটা শ্ৰেণীক স্নেহক বোলে। খনিজ তেলৰ পৰা সংগ্ৰহ কৰা উপজসমূহ ব্যৱহাৰ কৰি ৰাসায়নিক পদ্ধতিৰে এনেবোৰ মূল্যবান দ্ৰব্য প্ৰস্তুত কৰা উদ্যোগসমূহৰ নামেই পেট্ৰ’ৰাসায়নিক উদ্যোগ। ভাৰতত সমুদায় পেট্ৰ’ৰাসায়নিক উদ্যোগৰ প্রকাৰ্য পৰিসৰ তদাৰকী কৰা পৰ্যায়ৰ তিনিটা সংগঠন আছে। ভাৰতীয় পেট্ৰ’ৰাসায়নিক নিগম (Indian Petrochemical Corporation,IPCL) নামৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৱে বহুলক দ্ৰব্য (Polymers), সংশ্লেষিত আঁহ (Synthetic Fibres) অাৰু অন্যান্য ৰাসায়নিক দ্ৰব্যৰ উৎপাদন তথা বিতৰণ প্ৰক্ৰিয়াৰ তদাৰকী কৰে। পেট্ৰ’ফিল সমবায় লিমিটেড(Petrofiles Co-operative Ltd) নামৰ দ্বিতীয়টো প্ৰতিষ্ঠানে ভাৰত চৰকাৰ আৰু সমবায় বয়ন সমিতিৰ সমন্বিত উদ্যোগত পলিষ্টাৰ সূতাৰ মহুৰা আৰু নাইনল খণ্ড প্ৰস্তুত কৰি উলিয়ায়। এই দুয়োবিধ দ্ৰব্য উৎপাদন কৰাৰ উদ্দেশ্যে গুজৰাটৰ যথাক্ৰমে বড়োদৰা আৰু নলধাৰি নামৰ স্থানত দুটা উৎপাদন গোট স্থাপন কৰা হৈছে। কেন্দ্ৰীয় প্লাষ্টিক অভিযান্ত্ৰিক তথা প্ৰযুক্তি প্ৰতিষ্ঠান (Central Institute of Plastic Engineering and Technology) নামৰ তৃতিয়টো প্ৰতিষ্ঠানে আকৌ পোট্ৰ’ৰাসায়নিক উদ্যোগৰ লগত জড়িত প্ৰযুক্তি সম্পৰ্কীয় গৱেষণ সুত্ৰাৱলি সংগ্ৰহ আৰু প্ৰশিক্ষণৰ দায়িত্ব পালন কৰে।

তথ্যপ্ৰযুক্তি উদ্যোগ (Information Technology):

ভাৰতৰ অৰ্থ ব্যৱস্থাৰ ওপৰত তথ্যপ্ৰযুক্তিৰ প্ৰভাৱ অত্যন্ত উল্লেখনীয় পৰিসৰৰ। দেশত এইটো উদ্যোগখণ্ডই আৰ্থ- সামাজিক পৰিৱৰ্তন সূচনা কৰিছে আৰু এই প্ৰযুক্তিয়ে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক্ষেত্ৰত ভাৰতক ক্ৰমে উচ্চৰ পৰা উচ্চতৰ অৱস্থানলৈ উৎক্ষেপ কৰিব লাগিছে। এই তথ্যপ্ৰযুক্তি উদ্যোগখণ্ড সাম্প্ৰতিক সম্প্ৰসাৰণশীল অৰ্থনৈতিক ক্ষেত্ৰ আৰু এইটো খণ্ডৰ সম্প্ৰসাৰণ ক্ৰমশঃ অধিক ক্ষিপ্ৰ হৈ অহা দেখা গৈছে। এই প্ৰযুক্তি উদ্যোগৰ সৰঞ্জাম আৰু প্ৰযুক্তি সেৱা ৰপ্তানিৰ দ্বাৰা ভাৰতে ২০০৪-০৫ চনত ৭৮,২৩০ কোটি টকা মূল্যৰ বৈদেশিক মুদ্ৰা অৰ্জন কৰিছে। এইটো খণ্ডৰ পৰা হোৱা এই বৈদেশিক আয় ঠিক আগৰটো বছৰত (২০০৩-০৪) হোৱা অনুৰূপ আৰ্জনৰ ৩০-৩২ শতাংশ অধিক। সম্প্ৰতি ভাৰতৰ মুঠ ৰাষ্ট্ৰীয় উৎপাদনৰ(GDP) দুই শতাংশ এই তথ্যপ্ৰযুক্তি খণ্ডৰ পৰা আহে। তদুপৰি ভাৰতত উৎপাদিত হএনেবোৰ প্ৰযুক্তি সৰঞ্জাম কম দামী হোৱাৰ স্বত্বেও আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন । অৱশ্যে ভাৰতৰ এই তথ্যপ্ৰযুক্তি খণ্ডৰ সাফল্য ছ’ফ্টৱেৰ পৰ্যায়ৰ সৰঞ্জামৰ ক্ষেত্ৰতহে। হাৰ্ডওৱেৰ পৰ্যায়ৰ তথ্যপ্ৰযুক্তি ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি এতিয়াও আশানুৰূপ হোৱাগৈ নাই। ভাৰতৰ সৰ্বমুঠ ২২ খন প্ৰযুক্তিগ্ৰামত তথ্যপ্ৰযুক্তিৰ বিভিন্ন সৰঞ্জাম আৰু কৌশলসমুহ প্ৰস্তুত কৰা হয়।

Leave a Reply