অসমীয়া সমাজ জীৱনত নামঘৰৰ ভূমিকা – Namghar

নামঘৰৰ গুৰুত্ব | নামঘৰৰ বাটচৰা | অসমীয়া সমাজ জীৱনত নামঘৰৰ ভূমিকা | নামঘৰ মণিকূট | সত্ৰ আৰু নামঘৰ

 

নামঘৰ আৰু অসমীয়া

নামঘৰৰ গুৰুত্ব

জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অসমীয়া সমাজ জীৱনলৈ অমূল্য দান হ’ল ‘নামঘৰ ‘। অসমীয়া সমাজ জীৱনত নামঘৰৰ এক অতি লেখত লবলগীয়া ভূমিকা আছে। নামঘৰত কেৱল হৰিনাম চৰ্চা কৰা নহয়; ইয়াত সাংস্কৃতিক, সামাজিক, নৈতিক আদি বিভিন্ন দিশৰ চৰ্চা কৰাৰ হয়। বৈকুণ্ঠৰ অমিয়া হৰিনামৰ ৰস একেলগে বহি য’ত পান কৰিব পৰা পৰম পবিত্ৰ ঠাই বা বৈকুণ্ঠৰ লগতে সম্বন্ধ ৰাখিব পৰা শক্তিৰ যি পৰম পবিত্ৰ ঠাই সেয়ে হ’ল নামঘৰ। অসমীয়া লোকসকলৰ নাম-কীৰ্তন কৰা উপাসনা ঘৰ বা প্ৰাৰ্থনা গৃহ হ’ল নামঘৰ। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে প্ৰথমবাৰৰ বাবে নামঘৰ প্ৰতিষ্ঠা কৰে। মহাপুৰুষ শংকৰদেৱে প্ৰৱৰ্তন কৰা নৱ-বৈষ্ণৱ ধৰ্মৰ ধৰ্মীয় অনুষ্ঠান দুটিৰএটি হৈছে নামঘৰ আৰু আনটো হৈছে সত্ৰ। নামঘৰ আছিল শংকৰদেৱৰ ধৰ্ম প্ৰচাৰৰ কেন্দ্ৰস্থল। তেওঁ পোনপ্ৰথমে নগাঁৱৰ বৰদোৱাত নামঘৰ প্ৰতিষ্ঠা কৰিছিল।
নামঘৰৰ গঠন প্ৰণালী অতি বিচিত্ৰ আৰু মনোমোহা। নামঘৰৰ বিভিন্ন অংশসমূহ হ’ল- সিংহদ্বাৰ, বাটচ’ৰা, কীৰ্তনঘৰ, মণিকূট ইত্যাদি। সিংহদ্বাৰত দুফালে দুজনা সিংহৰ মূৰ্তি থাকে। নামঘৰৰ আটাইতকৈ প্ৰধান আৰু মহিমাময় স্থান হ’ল মণিকূট। মণিকূটৰ মধ্যস্থানত এভাগ ‘সিংহাসন’থাকে। সপ্ত বৈকুণ্ঠৰ আৰ্হিত সাতখপীয়া এই সিংহাসন নিৰ্মাণ কৰা হয়। সিংহাসনৰ একেবাৰে শীৰ্ষত থাকে ‘ আমহী ঘৰ ‘। ইয়াতেই ভাগৱত প্ৰতিষ্ঠা কৰা হয়। সিংহাসনৰ সাতখলপ হ’ল ক্ৰমে – শ্বেতবিলাস, শান্তনুবিলাস, পুষ্পবিলাস, পংকজবিলাস, কনকদন্ত , সনাতন, আৰু গুলক। সিংহাসনৰ প্ৰতিটো হাতী, কাছ আৰু সিংহৰ মূৰ্তি থাকে।’কাছ’ হ’ল ধৰিত্ৰীৰ প্ৰতীক,’হাতী’ হ’ল পাপৰ প্ৰতীক আৰু ‘ হ’ল হৰিনামৰ প্ৰতীক। এই সিংহাসনত এখন ফুল কাপোৰ বা গুৰু আৱৰণী বস্ত্ৰ পাৰি দিয়া হয় এই মণিকূট গৃহ যেন সাক্ষাত বৈকুণ্ঠ। সেয়ে মণিকূটৰ দুৱাৰ মুখত বৈকুণ্ঠৰ দদ্বাৰৰক্ষী জয়-বিজয় মূৰ্তি দুজনা প্ৰতিষ্ঠা কৰা হয়। মণিকূটত সিংহাসনৰ ওপৰত এখন সুন্দৰ ‘ আঁৰি দিয়া হয়।

নামঘৰত ভকতসকলে ভগৱন্তৰ গুণানুকীৰ্তন কৰাৰ আটাইতকৈ উপযুক্ত স্থান হিচাপে বিবেচনা কৰি সকলোৱে বৈকুণ্ঠ জ্ঞান কৰে। নামঘৰত ভগৱানৰ নাম-কীৰ্তন কৰা হয়। ইয়াৰ লগতে সামাজিক ভগৱানৰ নাম কীৰ্তন কৰা হয়। ইয়াৰ লগতে বিভিন্ন সামাজিক বিষয়, দোষী নিৰ্দোষীৰ বিচাৰ, ধৰ্মীয় অনুশাসনৰ আলোচনাও নামঘৰত কৰা হয়। নামঘৰৰ আন এক বিশেষত্ব হৈছে ইয়াত ভাওনা, গীত, নৃত্য আদিৰ প্ৰদৰ্শন কৰা। মহাপুৰুষ দুজনাৰ দ্বাৰা ৰচিত আৰু অন্যান্য নাট্যকাৰসকলৰ দ্বাৰা ৰচিত ভক্তিমূলক নাটসমূহ নামঘৰৰ প্ৰদৰ্শন কৰা হয়। নামঘৰৰ ভাওনাত ব্যৱহাৰ হোৱা মুখা আদি আৰু বৃন্দাৱনী বস্ত্ৰৰে তৈয়াৰ কৰা সপ্ত বৈকুণ্ঠৰ পট অংকণ কাৰ্য নামঘৰতে আৰম্ভ কৰে। নামঘৰত ভকতসকলে বহিবৰ বাবে বাঁহৰ ঢাৰি বা কলপাতৰ শুকান ঠাৰিৰে নিৰ্মাণ কৰা কঠ বা গোগুলেৰে বৈ উলিওৱা কঠ ব্যৱহাৰ কৰা হয়।

Leave a Reply