ভাৰতৰ সংবিধান:
ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈ স্বাধীনতা লাভ কৰাৰ আগতেই ১৯৪৬ চনত বৃটিছ সংসদে ভাৰতলৈ কেবিনেট মিছনৰ এক প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। কেবিনেট মিছনৰ প্ৰস্তাৱ অনুসৰি ভাৰতৰ বাবে এখন সংবিধান ৰচনা কৰিবৰ অৰ্থে সংবিধান সভা এখন নিৰ্বাচিত কৰা হৈছিল। সেই সভাৰ মুঠ সদস্য সংখ্যা আছিল ৩৮৯জন; কিন্তু সেই সময়ৰ দেশীয় ৰাজ্যসমূহে তেওঁলোকৰ বাবে নিৰ্ধাৰিত ৯৩ জন সদস্য বাচি নিদিয়া বাবে প্ৰদেশবিলাকৰ পৰা নিৰ্বাচিত ২৯৬ জন সদস্যৰে সেই সভা গঠিত হৈছিল। পিছত ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত পাকিস্তানত অন্তৰ্ভুক্ত হোৱা প্ৰদেশ বোৰৰ সদস্যসকলক বাদ দি ভাৰতৰ বাবে সংবিধান সভাখন গঠন কৰা হয়। এই সভাই প্ৰায় তিনিবছৰ কাল আলোচনা- বিলোচনা কৰি ভাৰতৰ সংবিধান খন ৰচনা কৰে আৰু ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে ইয়াক গৃহীত কৰে। সম্পূৰ্ণ সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰাহে কাৰ্যকৰী কৰা হয়। সেই তাৰিখটো ভাৰতৰ ‘ গণৰাজ্য দিৱস ‘ হিচাপে তেতিয়াৰ পৰা পালন কৰি অহা হৈছে।
সংবিধানখনৰ বৈশিষ্ট্য:
১/ ই প্ৰস্তাৱনাযুক্ত,
২/বিশ্বৰ দীৰ্ঘতম লিখিত সংবিধান,
৩/ভাৰতক ধৰ্মনিৰপেক্ষ, সাৰ্বভৌম, সমাজবাদী, গণতান্ত্ৰিক, গণৰাজ্য হিচাপে ঘোষণা,
৪/এককেন্দ্ৰীয় আৰু যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ অৱস্থিতি,
৫/অপৰিৱৰ্তনীয় আৰু পৰিৱৰ্তনীয় ব্যৱস্থাৰ সংমিশ্ৰণ,
৬/ ৰাষ্ট্ৰপতিযুক্ত সংসদীয় গণতন্ত্ৰৰ ব্যৱস্থা,
৭/ একক নাগৰিকত্বৰ ব্যৱস্থা,
৮/ মৌলিক অধিকাৰৰ অন্তৰ্ভুক্তি,
৯/ মৌলিক কৰ্তব্যৰ অন্তৰ্ভুক্তি,
১০/ ৰাষ্ট্ৰৰ নিৰ্দেশক নীতিৰ অন্তৰ্ভুক্তি।
ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা:
ভাৰতীয় সংবিধানত এটি প্ৰস্তাৱনা সংযুক্ত কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানত পোনপ্ৰথমে এনে ধৰণে প্ৰস্তাৱনা সংযোজন কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়। সন্মিলিত ৰাষ্ট্ৰসংঘৰ সংবিধানটো প্ৰস্তাৱনা দিয়া হৈছে। প্ৰস্তাৱনা আচলতে মূল সংবিধানৰ অংশ বিশেষ নহয়। আৰু ইয়াত নীতিৰ ব্যাখ্যাও নহয়। কিন্তু ইয়াত ভাৰতীয় শাসনতন্ত্ৰৰ ক্ষমতাৰ উৎস আৰু ইয়াৰ লক্ষ্যৰ বিষয়ে কোৱা হৈছে। ফলত প্ৰস্তাৱনাত সংবিধানৰ দাৰ্শনিক ভিত্তি আৰু আদৰ্শ প্ৰতিফলিত হৈছে।
প্ৰস্তাৱনাত সংবিধানখনৰ মূল বা উৎসৰ নিৰ্দেশ দিয়া আছে। কাৰণ ইয়াত সন্নিৱিষ্ট ” আমি ভাৰতবাসী জনসাধাৰণ” বোলা শব্দ ৰাজিয়ে সংবিধানখনে ভাৰতৰ ৰাইজৰ পৰা সাৰ্বভৌম ক্ষমতা পোৱাটোকে সূচাইছে। গতিকে সংবিধানখনেই ভাৰতৰ সাৰ্বভৌম ক্ষমতাৰ অধিকাৰী।
প্ৰস্তাৱনা অনুযায়ী ভাৰত এখন কল্যাণকামী ৰাষ্ট্ৰ; কিয়নো ইয়াত কোৱা হৈছে, যে, ভাৰতবাসী ৰাইজ ন্যায়, ব্যক্তিস্বাধীনতা সম-অধিকাৰ আৰু জাতীয় একতাৰ বাবে সন্মিলিত হৈছে। চৰকাৰে এনে সকলো সা-সুবিধা দিলে সেই ৰাষ্ট্ৰ কল্যাণকামী ৰাষ্ট্ৰ হ’বই । তদুপৰি সংবিধানত সন্নিৱিষ্ট ৰাষ্ট্ৰৰ নিৰ্দেশক নীতি আৰু পিছপৰা সম্প্ৰদায়ৰ উন্নতি কল্পে ৰখা বিশেষ ব্যৱস্থাসমূহেও ভাৰতক কল্যাণকামী ৰাষ্ট্ৰত পৰিণত কৰিছে।
প্ৰস্তাৱনাত আৰু এটা কথা কোৱা হৈছে যে, ভাৰতৰ সকলো নাগৰিকৰ মাজত ভাতৃত্বভাৱৰ উন্নতকল্পে চেষ্টা কৰা হ’ব। অনৈক্যৰ মাজত ঐক্য স্থাপনৰ বাবে ভাতৃত্বভাৱৰ অতিপ্ৰয়োজনীয়।
সংবিধান আদৰ্শসমূহ ৰূপায়িত কৰিবৰ বাবে মূল সংবিধানত ভালেমান অনুচ্ছেদ সংযোজন কৰা হৈছে। উদাহৰণস্বৰূপে সংবিধানৰ ১৭,২৩ আৰু ২৪ নম্বৰ অনুচ্ছদত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে অস্পৃশ্যতা বৰ্জন, মানুহৰ ওপৰত শোষন, অত্যাচাৰ আদি বন্ধ কৰিবলৈ ব্যৱস্থা কৰা হৈছে। তদুপৰি প্ৰস্তাৱনাৰ নিৰ্দেশ কৰা ব্যক্তিস্বাধীনতা, সম-অধিকাৰ আদিও মূল সংবিধানত সন্নিৱিষ্ট কৰা হৈছে।
মুঠ কথাত ক’বৰ হ’লে প্ৰস্তাৱনাটো আমাৰ সংবিধানৰ মূল অংশ ন’হলেও ই মূলৰ সমানেই মহত্বপূৰ্ণ। বহু ক্ষেত্ৰত ই মূল সংবিধানৰ নীতি নিৰ্ধাৰণ কৰি দিছে। সেয়েহে ভাৰতৰ সংবিধানখন প্ৰস্তাৱনাৰে সৈতেহে সম্পূৰ্ণ বুলি ক’ব পাৰি।
বিশ্বৰ দীৰ্ঘতম সংবিধান:
ভাৰতৰ সংবিধানখন ২২ টা অধ্যায়ত ভাগ কৰা হৈছে আৰু ইয়াত মুঠ ৩৯৫ টা অনুচ্ছেদ আছে। তদুপৰি ইয়াত ১২ টা অনুসূচী আছে। এই সংবিধানত কেৱল শাসনৰ মূলনীতি বা কেন্দ্ৰীয় চৰকাৰৰ বিষয়সমূহেই লিপিবদ্ধ কৰা হোৱা নাই। কেন্দ্ৰ আৰু ৰাজ্যবোৰৰ প্ৰশাসন, নাগৰিকত্ব, মৌলিক অধিকাৰ, ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি, ন্যায়ালয় আদিৰো পুংখানুপংখৰূপে আলোচনা কৰা হৈছে। আনকি চৰকাৰী ভাষা, কেন্দ্ৰীয় সেৱাসমূহ আদিৰো বিৱৰণ ইয়াত আছে। যদিও মূল সংবিধানত কেৱল ৩৯৫ টাহে অনুচ্ছেদ আছিল বৰ্তমান তাত ৪০০ ৰো অধিক অনুচ্ছেদ সন্নিৱিষ্ট কৰা হৈছে। কিন্তু অনুচ্ছেদৰ সংখ্যাৰ পৰিৱৰ্তন নকৰি নতুন সংযোজনবোৰ ‘ক’ ‘খ’ আদি ক্ৰমাংক দি অনুচ্ছেদৰ সংখ্যা ৩৯৫ য়েই ৰখা হৈছে। গতিকে ভাৰতৰ সংবিধানখন বিশ্বৰ দীৰ্ঘতম লিখিত সংবিধান।
ভাৰতৰ সংবিধানে নাগৰিকসকলক কিছুমান মৌলিক অধিকাৰ প্ৰদান কৰিছে। আমাৰ সংবিধানৰ তৃতীয় অধ্যায়ত ১৪ নং অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদলৈ ছয় প্ৰকাৰৰ মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা আছে। এই মৌলিক অধিকাৰসমূহ হ’ল –
১/সমতাৰ অধিকাৰ (Right to equality):
ভাৰতবাসীৰ মাজত সকলো প্ৰকাৰৰ অৰ্থনৈতিক , সামাজিক, ৰাজনৈতিক অসমতা দূৰ কৰি নাগৰিকসকলক সমান মৰ্যাদা প্ৰদান কৰাৰ উদ্দেশ্যে সংবিধানৰ ১৪ নং অনুচ্ছেদৰ পৰা ১৯ নং অনুচ্ছেদলৈ সমতৰ অধিকাৰ প্ৰদান কৰিছে। আইনমতে সকলো জাতি, বৰ্ণ, ধৰ্ম, ধনী – দুখীয়া জন্মস্থান নিৰ্বিশেষে সমানভাৱে বিদ্যালয়, বজাৰ-সমাৰ, ৰাজহুৱা উদ্যান, বাট-পদুলি, পুখুৰী-নাদ আদি ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ বাহিৰেও চৰকাৰী চাকৰিৰ নিয়োগৰ ক্ষেত্ৰত যোগ্যতা অনুসৰি সুযোগ সুবিধা লাভ কৰিব পাৰিব। আমাৰ সংবিধানে সামাজিক বৈষম্য আৰু কু-সংস্কাৰ দূৰ কৰি সমতা স্থাপনৰ বাবে সমাজত অস্পৃশ্যতা নিষিদ্ধকৰণ কৰিছে। সমাজত বিভিন্ন কামৰ বাবে শ্ৰেণী বিভাগ আছে যদিও মানুহ হিচাপে কোনো উচ্চ নীচ নহয় আৰু আইনে সকলোকে সমান মৰ্যাদা প্ৰদান কৰিছে।
২/ স্বাধীনতাৰ অধিকাৰ(Right to Freedom):
সংবিধানে ১৯ নং অনুচ্ছেদৰ পৰা ২২ নং অনুচ্ছেদলৈ ভাৰতবৰ্ষৰ নাগৰিকসকলৰ কাৰণে এই অধিকাৰ প্ৰদান কৰিছে। কোনো ব্যক্তিৰ অপৰাধ প্ৰমাণ নোহোৱা পৰ্যন্ত আৰক্ষীয়ে শাস্তি বিহিব নোৱাৰিব। কোনো ব্যক্তিক ২৪ ঘণ্টাতকৈ অধিক সময় আৰক্ষীয়ে আটক কৰি ৰাখিলে ব্যক্তিজনে আইন ৰ সহায় ল’ব পাৰিব। এই অধিকাৰৰ উল্লেখযোগ্য দিশ হৈছে শিশুৰ শিক্ষাৰ অধিকাৰ। সংবিধানৰ ২১ নং অনুচ্ছেদ মতে ৬-১৪ বছৰলৈ সকলো শিশুকে বিনামূলীয়া শিক্ষাৰ অধিকাৰ প্ৰদান কৰা হৈছে। সম্প্ৰতি শিক্ষাৰ অধিকাৰ আইন, ২০০৯ অনুসৰি চৰকাৰী অনুদানেৰে প্ৰতিষ্ঠা কৰা শিক্ষানুষ্ঠান সমূহত জাতি, ধৰ্ম, বৰ্ণ , ভাষা, নিৰ্বিশেষে সকলো শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব। শিশুৰ এই শিক্ষা গ্ৰহণত কোনেও বাধা প্ৰদান কৰিব নোৱাৰিব।
৩/ শোষণৰ বিৰুদ্ধে অধিকাৰ(Right against exploration):
সংবিধানৰ ২৩ নং আৰু ২৪ নং অনুচ্ছেদে ধাৰ্য কৰা শোষণৰ বিৰুদ্ধে অধিকাৰত কোৱা হৈছে যে – শ্ৰমিকৰ পৰা বিনা মজুৰিৰে শ্ৰম আদায় কৰা, জোৰ-জুলুমকৈ পৰিশ্ৰম কৰিবলৈ বাধ্য কৰোৱা, অন্যায় আৰু অবৈধ কাম কাজৰ বাবে শিশুক নিয়োগ কৰা আদি আইন বিৰোধী নিষিদ্ধ কাৰ্য।
৪/ শিক্ষা আৰু সংস্কৃতিৰ অধিকাৰ(Right to Culture and Education):
সংবিধানৰ ২৯ নং আৰু ৩০ নং অনুচ্ছেদত ভাৰতবৰ্ষৰ নাগৰিকসকলৰ বাবে এই অধিকাৰ প্ৰদান কৰা হৈছে। ভাৰতবৰ্ষত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু শ্ৰেণীৰ লোকে প্ৰয়োজন অনুসৰি শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিব পাৰে। এই অনুষ্ঠানসমূহলৈ ভাষা নাইবা ধৰ্মৰ ভিত্তিত বৈষম্য নাৰাখি চৰকাৰে অনুদান প্ৰদান কৰে। চৰকাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এই শিক্ষানুষ্ঠানত জাতি , ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো ছাত্ৰ – ছাত্ৰীয়ে নাম ভৰ্তি কৰাৰ সুবিধা আছে।
৫/ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ(Right to Freedom of Religion):
ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ। ইয়াত কোনো ধৰ্মকে ৰাষ্ট্ৰীয় ধৰ্মস্বৰূপে স্বীকৃতি দিয়া হোৱা নাই। ভাৰতবৰ্ষৰ সকলো ধৰ্মাৱলম্বী লোকে তেওঁলোকৰ নিজ ইচ্ছা অনুসৰি ধৰ্ম গ্ৰহণ, চৰ্চা, প্ৰচাৰ আৰু ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠা কৰিব পাৰে। বিভিন্ন ধৰ্মৰ লোকৰ মাজত যাতে ঐক্য – সংহতি ৰক্ষা পৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সংবিধানৰ ২৬,২৭ আৰু ২৮ নং অনুচ্ছেদত ধৰ্মীয় অধিকাৰ প্ৰদান কৰিছে।
৬/ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ (Right to Constitutional Remedies):
আমাৰ সংবিধানে যিদৰে নাগৰিকসকলক মৌলিক অধিকাৰ প্ৰদান কৰিছে সেইদৰে এই অধিকাৰসমূহ উলংঘা কৰাৰ ক্ষেত্ৰতো সংবিধানে ৩২ নং অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অধিকাৰ অনুসৰি নাগৰিকে মৌলিক অধিকাৰসমূহ উপভোগ কৰাৰ পৰা বঞ্চিত হ’লে তাক বলবৎ কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাব পাৰিব।
আমাৰ সংবিধান প্ৰণেতাসকলে সংবিধানখন সংশোধনৰ জৰিয়তে নাগৰিকে পালন কৰিবলগা দহবিধ মৌলিক কৰ্তব্যৰ কথা উল্লেখ কৰিছে। ইয়াৰ উপৰি ২০০২ চনৰ ৮৬ তম সংবিধান সংশোধনৰ যোগেদি সংবিধানত নাগৰিকৰ বাবে অতিৰিক্ত আৰু এটা কৰ্তব্য অন্তৰ্ভুক্ত কৰা হৈছে। বৰ্তমান নাগৰিকে পালন কৰিবলগীয়া কৰ্তব্য হ’ল ১১ টা –
১/ৰাষ্ট্ৰৰ সংবিধান মানি চলা। ইয়াৰ আদৰ্শসমূহ, অন্য ব্যৱস্থাসমূহ, জাতীয় পতাকা আৰু জাতীয় সংগীতক সন্মান দেখুওৱা।
২/ আমাৰ জাতীয় মুক্তি সংগ্ৰাম যিবোৰ মহৎ আদৰ্শৰে অনুপ্ৰাণিত হৈছিল; সেইসমূহক স্মৰণ আৰু অনুসৰণ কৰা।
৩/ ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰা।
৪/ দেশ ৰক্ষাৰ বাবে প্ৰয়োজন সাপেক্ষে সেৱা আগবঢ়োৱা।
৫/ ধৰ্মীয়,ভাষিক, আঞ্চলিক, সাম্প্ৰদায়িক আদি ভেদা-ভেদ পৰিহাৰ কৰি ভাৰতৰ ঐক্য আৰু ভাতৃত্বভাৱৰ উন্নতি সাধন কৰা আৰু মহিলাৰ সন্মানহানী বা লাঘৱ কৰিব পৰা আচৰণ পৰিত্যাগ কৰা।
৬/আমাৰ জাতীয় সংস্কৃতি সংৰক্ষণ কৰা।
৭/ প্ৰাকৃতিক বাতাবৰণৰ সংৰক্ষণ আৰু উন্নয়ন সাধন ।
৮/বৈজ্ঞানিক আৰু মানবীয় সংস্কাৰ আৰু অনুসন্ধান মনোভাৱৰ উন্নয়ন সাধন।
৯/ ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু দৌৰাত্ম্য নকৰাৰ প্ৰতিশ্ৰুতি লোৱা আৰু
১০/ ব্যক্তিগত আৰু সমূহীয়া আদি সকলো কাৰ্যতে শ্ৰেষ্ঠত্ব প্ৰাপ্তিৰ চেষ্টা কৰা, যাতে গোটেই জাতি উচ্চতৰ স্তৰলৈ গতি কৰে।
১১/ শিশুৰ প্ৰাথমিক শিক্ষাৰ প্ৰতি পিতৃ- মাতৃ আৰু অভিভাৱকৰ কৰ্তব্য।
ভাৰতীয় সংবিধানৰ অনুচ্ছেদ কেইটা ?
মূল সংবিধানত কেৱল ৩৯৫ টাহে অনুচ্ছেদ আছিল বৰ্তমান তাত ৪০০ ৰো অধিক অনুচ্ছেদ সন্নিৱিষ্ট কৰা হৈছে।
ভাৰতীয় সংবিধান কেতিয়া গ্ৰহণ কৰা হৈছিল
১৯৪৯ চনৰ ২৬ নৱেম্বৰত গণপৰিষদত গৃহীত হোৱাৰ পাছত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা এই সংবিধান কাৰ্যকৰী কৰা হয়।
ভাৰতীয় সংবিধানৰ স্বীকৃতিপ্ৰাপ্ত ভাষা কি?
সংবিধান অনুসৰি অনুসূচী স্বীকৃতিপ্ৰাপ্ত ভাষাসমূহ হ’ল- অসমীয়া, বাংলা, বডো, ডগৰি, গুজৰাটী, হিন্দী, কানাড়া, কাশ্মীৰী, কংকনী, মাইথিলী, মালয়ালম, মণিপুৰী, মাৰাঠী, নেপালী, উড়িয়া, পাঞ্জাবী, সংস্কৃত, সাওতালী, সিন্ধী, তামিল, তেলেগু , উৰ্দু।