ব্ৰহ্মপুত্ৰৰ ওপৰত থকা অসমৰ প্ৰধান দলংকেইখন – The bridges over the Brahmaputra in Assam

ব্ৰহ্মপুত্ৰৰ ওপৰত থকা অসমৰ প্ৰধান দলংকেইখন | ভাৰতৰ আটাইতকৈ দীঘল দলং | total number of bridges over the river Brahmaputra in Assam | how many bridge over the Brahmaputra river | What is the name of bridge over Brahmaputra

১/ভূপেন হাজৰিকা সেতু  (ধলা শদিয়া দলং)
২/ বগীবিল দলং
৩/কলীয়াভোমোৰা সেতু
৪/শৰাইঘাট দলং
৫/নৰনাৰায়ণ সেতু

ভূপেন হাজৰিকা সেতু  (ধলা শদিয়া দলং):

ভূপেন হাজৰিকা সেতু 
অসমৰ তিনিচুকীয়া জিলাৰ শদিয়া আৰু ধলাক সংযোগ কৰা লোহিত নদীৰ ওপৰত অৱস্থিত এখলপীয়া পথ দলংখনেই হ’ল ঢলা ধলা শদিয়া দলং। এইখন দলং ভূপেন হাজৰিকাৰ স্মৃতি ভূপেন হাজৰিকা সেতু নামেৰে নামকৰণ কৰা হৈছে। এই দলংৰ নিৰ্মাণ কাৰ্য ২০১১ চনৰ পৰা আৰম্ভ হৈ ২০১৭ চনত সম্পূৰ্ণ হৈ উঠে।২০১৭ চনত ২৬ মে’ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দলং আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এইখন দলংএ অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ যোগাযোগ সহজ কৰি তোলে। দলং খনৰ মুঠ দৈৰ্ঘ্য হ’ল ৯.১৫ কি. মি। ভাৰতত তথা এছিয়াৰ দীৰ্ঘতম দলং খনেই হ’ল ধলা শদিয়া দলং। অসমৰ পূৱ প্ৰান্তত অৱস্থিত এই দলংখনে অসম আৰু অৰুণাচল প্ৰদেশৰ যোগাযোগ ব্যৱস্থা ক্ষিপ্ৰতৰ কৰি উঠাৰ লগতে প্ৰতিৱেশী বিদেশী ৰাষ্ট্ৰ চীন, ম্যানমাৰৰ লগত যোগাযোগ তথ্য আৰ্থ-সামাজিক দিশত ন ন দুৱাৰ মুকলি হ’ব ।

 

বগীবিল দলং:

বগীবিল দলং
অসমৰ ডিব্ৰুগড় আৰু ধেমাজি জিলাক সংযোগ কৰা এখন দলং হ’ল বগীবিল দলং। এই দলংৰ মুঠ দৈৰ্ঘ্য হ’ল ৪.৯৪ কি. মি । ব্ৰহ্মপুত্ৰৰ ওপৰৰ এই দলংখন ৰে’ল আৰু পঠ যোগাযোগ ব্যৱস্থা থকা ভাৰতৰ যিকোনো নদীৰ ওপৰত নিৰ্মিত দলংৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম দলং। দুখলপীয়াদলংখনত ওপৰৰ তিনিটা লেনযুক্ত পথ আছে১৯৯৭ চনৰ ২২ জানুৱাৰীত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ চিচিবৰ গাঁৱৰ কুলাজানত তদানীন্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াই এই দলং আধাৰশিলা স্থাপন কৰে। ইয়াৰ পিছত ২০০২ চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দলং নিৰ্মাণৰ শুভাৰম্ভ কৰে আৰু ২৫ ডিচেম্বৰ ২০১৮ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভাৰম্ভ কৰে। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ চতুৰ্থখন দলং এ হ’ল বগীবিল দলং।

কলীয়াভোমোৰা সেতু:

কলীয়াভোমোৰা সেতু
শোণিতপুৰ আৰু নগাঁও জিলাৰ মাজৰ এই সেতু অৱস্থিত। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত এই দলং খনৰ আধাৰশিলা প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই এ ১৯৭৮ চনত স্থাপন কৰে।১৯৮৭ চনত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কলীয়াভোমোৰা সেতু উদ্বোধন কৰে। এই সেতুৰ মুঠ দৈৰ্ঘ্য হ’ল ৩০১৫ মিটাৰ।১৭৯৫ চনত কামৰূপৰ হৰদত্ত – বীৰদত্ত নামৰ ভাতৃদ্বয়ে আহোম ৰাজশক্তিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। কিন্তু এই বিদ্ৰোহক আহোম সেনাপতি বৰফুকন কলীয়াভোমোৰাই দমন কৰিবলৈ সক্ষম হৈছিল। এইজন আহোম সেনাপতিয়ে পোনতে কলিয়াবৰত ব্ৰহ্মপুত্ৰৰ দুইয়ো পাৰে সংযোগী সেতু নিৰ্মাণ কৰিবলৈ শিলৰ খুঁটা আদি পেলাইছিল। আৰু এখেতৰ নামেৰেই দলং খনৰ নামকৰণ কৰা হৈছিল।

 

শৰাইঘাট দলং:

শৰাইঘাট দলং
ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথম খন ৰে’লপথ যুক্ত দলং হ’ল শৰাইঘাট দলং। এই দলং খনৰ ওপৰেদি ৰাষ্ট্ৰই ঘাইপথ আৰু তলেদি আছে ৰে’লপথ। প্ৰথমতে দলং খনৰ নাম ব্ৰহ্মপুত্ৰ দলং আছিল।আৰু পাছলৈ এই দলং খনক শৰাইঘাট দলং নামেৰে নামকৰণ কৰা হয়। ব্ৰহ্মপুত্ৰ নদীয়ে অসমখনক দুটা ভাগত ভাগ কৰিছে: উত্তৰ পাৰ আৰু দক্ষিণ পাৰ।১৯৫৮ চনৰ জানুৱাৰী মাহত মুকলি কৰা হয় ১৯৬৩ চনৰ ৭ জুনত সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দলং খন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে মুকলি কৰে। এই দলংৰ মুঠ দৈৰ্ঘ্য হ’ল ১৪৯২ মিটাৰ। উত্তৰ পূৱ সীমান্ত ৰেলৱে বৰ্তমান এই দলং খন চোৱা চিতা কৰাৰ দায়িত্বত আছে।

শৰাইঘাটৰ দ্বিতীয়খন দলং

বৰ্তমানৰ যাতায়তৰ বৰ্ধিত হেঁচা আৰু সঘন যান-জঁটৰ প্ৰতি লক্ষ্য ৰাখি শৰাইঘাটৰ সমীপতে এখন নতুন দলঙ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লোৱা হয়।২০০৭ চনৰ ৮ এপ্ৰিল তাৰিখে এই নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয়। আমিনগাঁৱৰ ৰাজীৱ গান্ধী ইনড’ৰ ষ্টেডিয়ামত প্ৰাক্তন প্ৰধান মন্ত্ৰী ড॰ মনমোহন সিঙে ইয়াৰ আধাৰশিলা স্থাপন কৰে। তিনি লেন যুক্ত এই দলং ২০১৭ চনৰ ২৮ জানুৱাৰী তাৰিখে কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাজমাৰ্গ মন্ত্ৰী নিতিন গাডকাৰীয়ে চৰকাৰী ভাবে উদ্বোধন কৰে। উদ্বোধন কাৰ্যসূচীত পূৰ্বৰ কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁই, অসম চৰকাৰৰ উদ্যোগ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,পূৰ্বৰ গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু পূৰ্বৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত আছিল।

নৰনাৰায়ন সেতু:

নৰনাৰায়ণ সেতু
অসমৰ বঙাইগাঁও জিলাৰ যোগীঘোপাত অৱস্থিত এখন ৰে’লপথ সংযোগী দলং । যোগীঘোপা আৰু পঞ্চৰত্নক সংযোগ কৰা এই দলংখনৰ মুঠ দৈৰ্ঘ্য ২.২৮৪ কি. মি। কোঁচ ৰজা নৰনাৰয়ণৰ নামত এই সেতু নিৰ্মাণ কৰা হৈছিল।১৯৮৩ চনৰ ১১ নৱেম্বৰত তেতিয়াৰ প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নৰনাৰায়ণ সেতুৰ আধাৰশিলা স্থাপন কৰিছিল। এই সেতু অসম আৰু মেঘালয়ৰ মাজত দ্ৰুত যোগাযোগ ব্যৱস্থা গঢ়ি উঠিছে। ৰে’লপথে যোগীঘোপা ষ্টেচনৰ পৰা কামাখ্যা জংচনলৈ সংযোগ কৰিছে। এই সেতুৰ বহল ১১.৫০ মিটাৰ আৰু গভীৰতা ১৮.৫০ মিটাৰ।

Leave a Reply