অলিম্পিক – Olympic history in Assamese essay

Olympic Games Essay in Assamese

অলিম্পিক ক্ৰীড়া সমাৰোহ (Olympic games): অলিম্পিকৰ খেলসমূহ, প্ৰতীক, সংগীত-

অলিম্পিক

 

অলিম্পিক বিশ্বৰ সবাতোকৈ মহান আৰু সাৰ্বজনীন ক্ৰীড়া সমাৰোহ। বিশ্বৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদসকলে নিজকে গৰিমামণ্ডিত কৰি প্ৰতিষ্ঠা কৰাৰ সবাতোকৈ শ্ৰেষ্ঠ মঞ্চ অলিম্পিক ক্ৰীড়া সমাৰোহ।

অলিম্পিকৰ  ইতিহাস:

অলিম্পিকৰ ইতিহাস অতি পুৰণি। ইয়াৰ আৰম্ভণি গ্ৰীচ দেশৰ অলিম্পিয়া চহৰত ৭৭৬খ্ৰীষ্টপূৰ্বত। অলিম্পিয়াৰ অলিম্পিক পাহাৰত গ্ৰীক দেৱতা জিউচৰ মন্দিৰ অৱস্থিত। এই দেৱতাৰ সন্মানৰ অৰ্থেই মন্দিৰৰ সন্মুখৰ মুকলি পথাৰত আৰম্ভ হৈছিল জাতীয় খেল – ধেমালি প্ৰতিযোগিতা শান্তিৰ সময়ত প্ৰতি চাৰি বছৰৰ মূৰে মূৰে আৰম্ভ হোৱা এই প্ৰতিযোগিতা। এফালে আছিল দেৱতাৰ সন্মান প্ৰদৰ্শনৰ মহা মহোৎসৱ, আনফালে ই আছিল জাতীয় ঐক্য আৰু শান্তিৰ প্ৰতীক। বিজয়ী প্ৰতিযোগীসকলক বঁটা স্বৰূপে দিয়া হৈছিল জলফাই গছৰ একোটা ডাল আৰু শিৰ সুশোভিত কৰা হৈছিল জলফাই গছৰ পাতেৰে সজোৱা একোটা মুকুতেৰে। খ্ৰীষ্টপূৰ্ৱ ৭৭৬ ৰ পৰা খ্ৰীষ্টাব্দ ৩৯৬ লৈ একাদিক্ৰমে ১১৭২ বছৰ চলাৰ পাছত এই প্ৰতিযোগিতা সেই দেশৰ সম্ৰাট থিয়ড’চিয়াছে কোনো কাৰণত নিষিদ্ধ কৰি দিছে।
অলিম্পিকৰ পুনৰুত্থান ঘটিল ১৮৯৬ খ্ৰীষ্টাব্দত। সেই বছৰৰ ৬ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিললৈ গ্ৰীচ দেশৰ ৰাজধানী এথেন্স চহৰত অনুষ্ঠিত হয় আধুনিক অলিম্পিক। এইয়ে প্ৰথম বিশ্ব অলিম্পিক। এই বিশ্ব অলিম্পিকৰ প্ৰতিষ্ঠাতা আছিল ফ্ৰান্সৰ পিয়েৰ দা ফ্ৰেড আৰু গ্ৰীচৰ বেৰণ পিয়েৰ দা কুবাৰটিন। এই সমাৰোহত বিশ্বৰ ১৩ খন দেশৰ ৩১১জন ক্ৰীড়া প্ৰতিযোগিয়ে বিশ্ব ইতিহাসৰ কষটি শিলত নাম খোদিত কৰিবলৈ আগবাঢ়ি আহিছিল। তেতিয়াৰে পৰা নিৰৱিচ্ছিন্নভাৱে প্ৰতি ৪ বছৰৰ মূৰে মূৰে বিশ্বৰ বিভিন্ন মহানগৰীত এই সমাৰোহ অনুষ্ঠিত হৈ আহিছে। অৱশ্যে ১৯১৬ চনত প্ৰথম মহাসমৰ আৰু ১৯৪০ আৰু ১৯৪৪ চনত দ্বিতীয় মহা সমৰৰ বাবে সমাৰোহ অনুষ্ঠিত হোৱা নাছিল। ২৫তম্ অলিম্পিক ২০০৪ চনত অলিম্পিকৰ জন্মনগৰী গ্ৰীচৰ এথেন্স চহৰত মহাসমাৰোহেৰে অনুষ্ঠিত হৈ যায়।

অলিম্পিকৰ খেলসমূহ:

বিশ্ব অলিম্পিক ক্রীড়া সমাৰোহত এইবোৰ খেল সন্নিৱিষ্ট কৰা হৈছে: এথলেটিকছ, জিমনাষ্টিকছ, বেডমিন্টন, ফুটবল, ভলিবল, হেণ্ডবল, বে’ছ বল, বাস্কেট বল, হকী, টেনিছ, টেবুল টেনিছ, আৰ্চাৰী (ধনুবিৰ্দ্য), মল্লযুদ্ধ, বক্সিং, চাইক্লিং, ছুইমিং,(ডাইভিং আৰু ৱাটাৰ প’লসহ), ব’য়িং, শ্বুটিং, কেন’য়িং, য়টিং, ওৱেট লিফটিং, ইকুৱেষ্ট্ৰীয়ান , ফেঞ্চিং, জুডো, মৰ্দান পেণ্টাথলন।অলিম্পিকৰ আটাইতকৈ সন্মানজনক আৰু সৰ্বশ্ৰেষ্ঠ দৌৰ হৈছে মাৰাথান ৰেচ। মাৰাথান দৌৰৰ দূৰত্ব ২৬ মাইল ৩৮৬ গজ।

অলিম্পিকৰ প্ৰতীক/চিহ্ন:

অলিম্পিকৰ এটি অৰ্থপূৰ্ণ প্ৰতীক আছে। ই পাঁচটা আঙঠিৰ সমষ্টি।প্ৰথম শাৰীত ওচৰা ওচৰিকৈ তিনিটা আৰু দ্বিতীয় শাৰীত দুটা আঙুঠি আছে। দ্বিতীয় শাৰীৰ প্ৰথমটোৱে ওপৰৰ শাৰীৰ প্ৰথম আৰু দ্বিতীয় আঙুঠিক আৰু দ্বিতীয়টোৱে ওপৰৰ দ্বিতীয় আৰু তৃতীয় আঙুঠিক সাঙুৰি ৰাখিছে। ওপৰৰ আঙুঠি তিনিটাৰ ৰং ক্ৰমে নীলা, ক’লা আৰু ৰঙা তলৰ দুটাৰ ৰং হালধীয়া আৰু সেউজীয়া। প্ৰতীকটোৰ পাঁচটা আঙুঠিয়ে পৃথিৱীৰ পাঁচখন মহাদেশক বুজাইছে।১৯২০ চনত বেলজিয়ামৰ আণ্টোয়াপ চহৰত অনুষ্ঠিত অলিম্পিকত প্ৰথমবাৰৰ বাবে এই প্ৰতীক ব্যৱহাৰ কৰা হয়।

অলিম্পিক সংগীত:

১৮৯৬ খ্ৰীষ্টাব্দত এথেন্স অনুষ্ঠিত হোৱা আধুনিক বিশ্ব অলিম্পিকৰ সময়ত বিখ্যাত গ্ৰীক কবি কছাৰটছ পামছৰ এটি কবিতাৰ আলমত স্পাইৰ’ছ ছামাৰ ‘ছ নামৰ এজন গ্ৰীক প্ৰবন্ধকাৰে অলিম্পিক সংগীত এটি ৰচনা কৰে। এই সংগীতটীকে ১৯৬৪ খ্ৰীষ্টাব্দৰ টকিঅ’ অলিম্পিকৰ সময়ত বহা আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে সংগীত হিচাপে আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰে।

অলিম্পিকৰ পদকসমূহ:

অলিম্পিকৰ এখন খেলত সফল প্ৰতিযোগীক অলিম্পিক পদক প্ৰদান কৰা হয়। স্বৰ্ণ, ৰূপ আৰু ব্ৰঞ্জৰ তিনিটা শ্ৰেণীৰ পদক ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানত প্ৰদান কৰা হয়। ১৮৯৬ চনৰ গেমছৰ পিছত পদকৰ ডিজাইন যথেষ্ট ভিন্ন হৈছে, বিশেষকৈ গ্ৰীষ্মকালীন অলিম্পিক গেমছৰ বাবে পদকৰ আকাৰৰ ক্ষেত্ৰত। ১৯২৮ চনৰ গেমছৰ বাবে নিৰ্বাচিত ডিজাইন বহু বছৰ ধৰি চলি থাকিল, ২০০৪ চনৰ এথেন্সত অনুষ্ঠিত হোৱা গেমছত গ্ৰীক শিপাক প্ৰতিনিধিত্ব কৰা অট্টালিকাতকৈ ৰোমান কলছিয়ামৰ ব্যৱহাৰক লৈ হোৱা বিতৰ্কৰ ফলত ইয়াৰ ঠাইত ইয়াৰ ঠাই লোৱালৈকে। শীতকালীন অলিম্পিক গেমছৰ পদকসমূহৰ কেতিয়াও সাধাৰণ ডিজাইন নাছিল, কিন্তু নিয়মিতভাৱে তুষাৰপাত আৰু পদক লাভ কৰা ইভেণ্টটো দেখা যায়।

 

লগতে চাওক    : এছিয়ান গেমছ -Asian Games Essay in Assamese

Leave a Reply