Assamese quiz – Assamese quiz with answers

Assamese quiz questions | gk কুইজ assamese | খেলৰ কুইজ  | অসমীয়া কুইজ ২০২৩ অসম কুইজ |  Assam Quiz | অসমীয়া ভাষাত অসম কুইজ। Assamese Language Assam Quiz | General knowledge: Assam State Quiz | Assamese GK – অসমীয়া সাধাৰণ জ্ঞান

Assamese quiz questions

 

Assamese quiz with answers

১/২০২৩ চনৰ দুৰাণ্ড কাপ কোনে লাভ কৰিবলৈ সক্ষম হৈছে?
উত্তৰ: মোহুন বাগান চুপাৰ জায়েণ্ট ।
২/অসমত কেতিয়া অভিৰুচি দিৱস পালন কৰা হয়?
উত্তৰ:৩ ছেপ্টেম্বৰ।
৩/শেহতীয়াকৈ জি আই টেগ (Geographical indication)লাভ কৰা চকোৱা চাউল কোনখন ৰাজ্যৰ লগত জড়িত?
উত্তৰ:অসম।
৪/ৰে’লৱে বৰ্ডৰ প্ৰথম মহিলা মুখ্য কাৰ্যবাহী আৰু অধ্যক্ষ হিচাপে কাক নিযুক্ত দিয়া হৈছে?
উত্তৰ: জয়া ভাৰ্মা সিনহা।
৫/জুৰিখ ডাইমণ্ড লীগ ২০২৩ ত কোনগৰাকী ভাৰতীয় ব্যক্তিয়ে ৰজত পদক লাভ কৰিবলৈ সক্ষম হৈছে?
উত্তৰ:নীৰজ চোপ্ৰা।
৬/কোনখন ৰাজ্যত পুলিকালি উৎসৱ পালন কৰা হয়?
উত্তৰ: কেৰালা।
৭/কোনখন ৰকেটৰ সহায়ত আদিত্য L1 মহাকাশযান উৎক্ষেপণ কৰা হৈছে?
উত্তৰ:PSLV-C57
৮/কোনজন ভাৰতীয় ব্যক্তিয়ে ২০২৩ চনত ৰেমন মেগচেছে বঁটা লাভ কৰিছে?
উত্তৰ: ডঃ আৰ ৰবি কান্নান ।
৯/ISRO এ কেতিয়া প্ৰথমবাৰৰ বাবে সূৰ্যলৈ মিচন প্ৰেৰণ কৰিছে?
উত্তৰ:২ ছেপ্তেম্বৰ,২০২৩।
১০/জি আই টেগ লাভ কৰা ৰায়গড় শলে কোনখন ঠাইৰ লগত জড়িত?
উত্তৰ:উৰিষ্যা।
১১/ভাৰতৰ ৰাষ্ট্ৰপতিত্বত কোনটো সংঘ জি -২০ৰ স্থায়ী সদস্য হ’ল?
নাইবা
কাক সংলগ্ন কৰাৰ পাছত জি-২০,জি-২১লৈ পৰিৱৰ্তিত হৈছে?
উত্তৰ: আফ্ৰিকান সংঘ।
১২/কোনখন দেশে “Moon Spinner”নামৰ চন্দ্ৰ মিচন লঞ্চ কৰে?
জাপান।
১৩/আন্তঃৰাষ্ট্ৰীয় সাক্ষ্যৰতা দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:৮ ছেপ্তেম্বৰ।
১৪/আদিত্য L1 ত Lৰ অৰ্থ কি?
উত্তৰ:Lagrange
১৫/ বিশ্বৰ আটইতকৈ ওখ নটৰাজৰ মূৰ্তিটো ক’ত স্থাপন কৰা হৈছে?
উত্তৰ: নতুন দিল্লীত।
১৬/ কোনটো দিন ভূপেন হাজৰিকাৰ জন্মদিন হিচাপে পালন কৰা হয়?
উত্তৰ: ৮ছেপ্তেম্বৰ।
১৭/কোনগৰাকী মন্ত্ৰীয়ে মালবিয়া মিচন আৰম্ভ কৰিছে?
উত্তৰ: শ্ৰীধৰ্মেন্দ্ৰ প্ৰধান।
১৮/ কোনখন দেশত ৪৩ সংখ্যক Asian সন্মিলন আয়োজন কৰা হৈছে?
উত্তৰ: ইণ্ডোনেছিয়া।
১৯/ভাৰতৰ কোনখন ঠাই প্ৰধান সৌৰ চহৰ হৈ পৰিছে?
উত্তৰ: সাঁচি।
২০/Doctor’s দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ: ১জুলাই।
২১/Antardrishti নামৰ বিত্তীয় অন্তৰ্ভুক্তি ডেচব’ৰ্ড কোনে আৰম্ভ কৰিছিল?
উত্তৰ:শক্তিকান্ত দাস।
২২/কোনখন ৰাজ্যৰ চৰকাৰে কুই ভাষাক ৮ ম সূচিত অন্তৰ্ভুক্ত কৰিবলৈ অনুমোদন জনাইছিল?
উত্তৰ:উৰিষ্যা।
২৩/কোখন অভিধানৰ ব্ৰেইল সংস্কৰনে গিনিজ বুকত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে?
উত্তৰ: হেমকোষ।
২৪/সতী সাধিনী কোনটো কোনটো বংশৰ সৈতে জড়িত?
উত্তৰ: চুতীয়া বংশ।
২৫/ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুয়ে অসমৰ ক’ত গজ উৎসৱৰ উদ্ধোধন কৰিছিল?
উত্তৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত।
২৬/অসমৰ একমাত্ৰ AIIMS কোন ঠাইত অৱস্থিত?
উত্তৰ: চাংসাৰি।
২৭/অসমৰ ২০২৩-২০২৪ ৰ বাজেট খনক কি বুলি জনা যায়?
উত্তৰ: সেউজীয়া বাজেট (Green budget)।
২৮/BTR Accord কেতিয়া স্বাক্ষৰিত কৰা হৈছিল?
উত্তৰ:২৭ জানুৱাৰী,২০২০।
২৯/অসমৰ কোন ঠাইত বাৰে চহৰীয়া ভাওনা পালন কৰা হয়?
উত্তৰ: জামুগুৰিহাটত।
৩০/৩০ জুলাইত গুৱাহাটীৰ অসম বিধান সভাৰ নতুন ভৱন কোনে উদ্ধোধন কৰিছিল?
উত্তৰ: লোকসভাৰ অধ্যক্ষ ওম বিৰলা।
৩১/ কেতিয়া বিশ্ব স্তন্যপান সপ্তাহ পালন কৰা হয়?
উত্তৰ:১ ৰ পৰা ৭ আগষ্ট।
৩২/কম্বোডিয়াৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ:হুন মানেট।
৩৩/এছিয়ান গেমছত অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ ওপৰত ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষ নিৰ্মাণ কৰা চুটি ছবিখনৰ শিৰোনাম কি?
উত্তৰ:’Halla bol’ হাল্লা বল।
৩৪/উত্তৰ পূৱ সীমান্ত ৰেল’ৱে (NEF) উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ঠাইৰ পৰা প্ৰথম ভাৰত গৌৰৱ ৰে’ল মুকলি কৰিছে?
উত্তৰ: অসমৰ ডিব্ৰুগড়ৰ পৰা ।
৩৫/ কোনখন ৰাজ্যই হাতেৰে লিখা টোকাৰ বিশ্ব অভিলেখ লাভ কৰিছে?
উত্তৰ: অসম।
৩৬/ ২০২৩ চনৰ অসম সংগীত শিল্পী বঁটা কোনে লাভ কৰিছে?
উত্তৰ: ৰাজেন গোঁহাই।
৩৭/অসম ভ্ৰমণ কৰা পৃথিৱীৰ আটাইতকৈ দীঘল নদী ক্ৰুচখনৰ নাম কি?
উত্তৰ: এম ভি গঙ্গা বিলাস।
৩৮/অসমত কেতিয়া ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হয়?
উত্তৰ:২৩ আগষ্ট।
৩৯/খেলো ইণ্ডিয়া মহিলা লীগৰ নাম কি নামেৰে সলনি কৰা হৈছে?
উত্তৰ: অস্মিতা মহিলা লীগ।
৪০/কেতিয়াৰ পৰা কেতিয়ালৈ “Har Ghar Tiranga”অভিযানৰ আয়োজন কৰা হৈছিল?
উত্তৰ:১১ ৰ পৰা ১৫ আগষ্ট।
৪১/কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত ৰাজৌৰী চিকৰী উড্ক্ৰাফটক(Rajouri Chikri Woodcraft )জি আই টেগ দিয়া হৈছে?
উত্তৰ: জম্মু আৰু কাশ্মীৰ।
৪২/১৯ সংখ্যক জি-২০ ৰ ৰাষ্ট্ৰপতি পদৰ গেভেল মোদীয়ে কাক গতাই দিয়ে?
উত্তৰ: ব্ৰাজিল।
৪৩/শেহতিয়াকৈ কোনখন ৰাজ্যই “মেৰা বিল, মেৰা অধিকাৰ ” আঁচনি উলিয়াইছে?
উত্তৰ:অসম।
৪৪/অসমৰ বিহুৱে কিমান তাৰিখে বিশ্ব ৰেকৰ্ডৰ গিনিজ বুকত স্থান লাভ কৰিছে?
উত্তৰ:১৩ এপ্ৰিল,২০২৩।
৪৫/আয়ুস্মান আঁচনি কিহৰ সৈতে জড়িত?
উত্তৰ: স্বাস্থ্য নিশ্চয়তা আঁচনি।
৪৬/ ২০২৩ চনৰ গণৰাজ্য দিৱসৰ বাবে অসমৰ প্ৰতিপদ কি আছিল?
উত্তৰ:কামাখ্যা মন্দিৰ আৰু লাচিত বৰফুকন।
৪৭/ কোনখন দেশক শেহতিয়াকৈ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ দ্বাৰা ৩ বিলিয়ন ডলাৰৰ ঋণৰ বাবে প্ৰাথমিক অনুমোদন দিয়া হৈছিল?
উত্তৰ:পাকিস্তান।

Leave a Reply