অসমৰ জাতি/জনগোষ্ঠীসকল | অসমত কিমান জনগোষ্ঠী বাস কৰে?

অসমৰ জাতি/জনগোষ্ঠীসকল

চুতীয়াসকল || চুতীয়া ৰাজ্য || চুতীয়া জনগোষ্ঠী || আহোম জনগোষ্ঠী

 

অসমৰ জাতি/জনগোষ্ঠীসকল

 

আহোমসকল:

অসমৰ জাতি/জনগোষ্ঠীসকল

অসমৰ জাতি/জনগোষ্ঠীসকলৰ  আহোমসকল মূলতঃ টাই জাতিৰ মানুহ। অসমলৈ অহাৰ পাছৰ পৰাহে এওঁলোক আহোম নামে অভিহিত হ’ল। এওঁলোকৰ আদি বাসস্থান আছিল চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চল, বৰ্তমানৰ ইউনান প্ৰদেশৰ মুংমাও ৰাজ্যত। এওঁলোক টাইসকলৰ মাজৰ ডাঙৰ ফৈদ বুলি জনা যায়। এওঁলোকৰ পূৰ্বপুৰুষসকলে ত্ৰয়োদশ শতিকাতে চ্যুকাফা ৰজাৰ নেতৃত্বত পাটকাই পৰ্বত পাৰ হৈ পূব অসম বা তেতিয়াৰ সৌমাৰত ৰাজ্য স্থাপন কৰে। পিছলৈ লাহে লাহে পশ্চিমে মানাহলৈকে ৰাজ্য বিস্তাৰ কৰি ৬০০ বছৰৰ অধিক কাল ৰাজ্য শাসন কৰে। এওঁলোকৰ ভাষা টাই বা শ্যান আছিল; কিন্তু কালক্ৰমত নানা কাৰণত বিশেষকৈ ৰাজ্য বিস্তাৰৰ লগে লগে দেশৰ জনসংখ্যাও বৃদ্ধি পোৱাত প্ৰজাৰ সুবিধাৰ কথালৈ চিন্তা কৰি নিজ ভাষাৰ পৰিবৰ্তে অসমীয়া ভাষা গ্ৰহণ কৰে। কিন্তু পুৰণা পূজা-সেৱা , ৰীতি-নীতি সম্বন্ধীয় সকলো কাম তেওঁলোকৰ পুৰোহিতসকলে টাই ভাষাতে চলাই থাকে আৰু আজিলৈকে চলাই আহিছে। সেইদৰে,ৰাজকীয় কাম-কাজবিলাকো অষ্টাদশ শতিকালৈকে আহোম ভাষাতেই চলাই আছিল। বৰ্তমান টাই ভাষা কোৱা মানুহ উত্তৰ পূব ভাৰতৰ অসমৰ পৰা আৰম্ভ কৰি ম্যানমাৰ, দক্ষিণ চীন, থাইলেণ্ড, লাওচ, কম্বোদিয়া, ভিয়েটনামলৈকে বিয়পিছে। আহোমৰ উপৰিও অসমত খামতি, ফাকে, খাময়াং, আইতন আৰু তোকং নামেৰে পাঁচটা টাই জনগোষ্ঠীয় লোক আছে।তেওঁলোকৰ বসতিপ্ৰধান অঞ্চল হ’ল বৰ্তমানৰ চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, লক্ষীমপুৰ, ধেমাজ আৰু তিনিচুকীয়া জিলা। তদুপৰি গুৱাহাটী মহানগৰকে ধৰি অন্য নগৰবিলাকতো বহুতো আহোম লোকে বসবাস কৰি আছে। আহোমসকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা এবিধ উপাদেয় পানীয় হ’ল লাও বা সাজ। সাধাৰণতে লাহি আৰু বৰা চাউল মিহলি কৰি সিজাই তাৰ লগত হুৰপিঠা মিহলাই লাও তৈয়াৰ কৰা হয়। চাহ তেওঁলোকৰ আন এবিধ উপাদেয় পানীয়।আহোমসকলে উপৰিপুৰুষৰ অৱস্থিতিত বিশ্বাস কৰে আৰু উপৰিপুৰুষক পূজা-পাতল কৰাটোৱেই তেওঁলোকৰ প্ৰধান ধৰ্ম আছিল। মৃত মাক-বাপেককে ধৰি চৈধ্য পুৰুষলৈকে ‘ডাম’ হিচাবে স্তৰে স্তৰে নিয়মিতভাৱে পূজা কৰে। চৈধ্য পুৰুষৰ ওপৰৰ উপৰিপুৰুষক ‘ফী’ দেৱতা হিচাপে ‘মে-ডাম মে- ফী‘, ‘ওম্ফা’, ‘চাইফা’ আদি পূজা দি আহিছে। তদুপৰি, ‘ ৰিকখন’, ‘জাচিংফা’, ‘লাইলুংখাম’ আদি পূজাও পাতি আহিছে। এই সকলো পূজাতে জীৱ উছৰ্গা কৰা হয় আৰু টাই ভাষাতে স্তুতি-বন্দনা কৰা হয়।অৱশ্যে, বৈষ্ণৱ ধর্ম গ্রহণ কৰাৰ পিচৰ পৰা তেওঁলোকৰ তিনি পণ্ডিত ফৈদ মহন-দেওধাই-বাইলুংসকলৰ বাহিৰে বাকীসকলে এইবোৰ পূজা-পাতল পাতিবলৈ এৰিলে।আহোমসকলৰ বাবে বিবাহ হ’ল বংশ ৰক্ষাৰ কাৰণে পতা এটা অতি গুৰুত্বপূর্ণ মাঙ্গলিক অনুষ্ঠান। তেওঁলোকে চকলং’ আৰু ‘দেওবান’ এই দুই পদ্ধতিৰে বিবাহ সম্পাদন কৰে।এওঁলোকৰ অভিধান, বুৰঞ্জী, আখ্যান, নীতি-শাস্ত্র, জ্যোতিষ-শাস্ত্র, পূজাবিধি আদি আহোম ভাষাত লিখা অলেখ সাঁচিপতীয়া পুথি আছে। বুৰঞ্জী চর্চা আহোমসকলৰ একক সংস্কৃতি। তদুপৰি কৃষি, স্থাপত্য, শিল্প-কলা, ৰেচম আৰু বয়ন শিল্প, পোচাক-পৰিচ্ছদ, আ-অলংকাৰ, খাদ্য প্রকৰণ, বিশ্বাস-অবিশ্বাস আদি অসমীয়া সংস্কৃতিৰ  সকলোতে আহোমসকলৰ সাংস্কৃতিক প্ৰভাৱ দেখিবলৈ পোৱা যায়। উদাহৰণ স্বৰূপে শালি খেতিৰ প্রচলন, কঠিয়া পাৰি ধান ৰোৱা, গুটীয়া ম’হেৰে হাল বোৱা, দৰা-দৰাকৈ আলি দি খেতি পথাৰত এটা জলসিঞ্চলৰ ব্যৱস্থা কৰা, টোমত ভৰাই কঠিয়াৰ সঁচ ৰখা আদিৰ বিষয়ে উল্লেখ কৰিব পাৰি। স্থাপত্য কলাৰ ক্ষেত্ৰত টুপ দিয়া আৰু ফুল চতি দিয়া ঘৰ, চাং পতা ভঁৰাল, ঢাপ মৰা আৰু নঙলা দিয়া বাৰী, ইত্যাদি আহোমসকলৰ সংস্কৃতি। মুগা আৰু পাটপলু পুহি তাৰ পৰা সূতা উলিয়াই কাপোৰ বৈ  সাজ-পোচাক তৈয়াৰ কৰা, বিভিন্ন শাক-পাচলি আৰু মাছ-মাংসৰে উপাদেয় খাদ্য প্রস্তুত কৰাকে চলিৰ ধৰি অনেক দিশত তেওঁলোকৰ সংস্কৃতিৰ প্ৰভাৱ অসমীয়া সংস্কৃতিত বিদ্যমান।

 

চুতীয়াসকল:

অসমৰ জাতি/জনগোষ্ঠীসকলৰ চুতীয়াসকল অসমৰ আদিম অধিবাসীসকলৰ ভিতৰত অন্যতম জনসমষ্টি। আনুমানিক ষষ্ঠ শতিকাৰপৰা প্রাচীন চুতীয়া ৰাজাৰ ঐতিহাসিক তথা পাতি পোৱা যায়। তেতিয়াৰে পৰা আহোম স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাৰ ৰাজত্বকালভ (১৫২৩ স্ত্রীত) আহোম ৰাজাৰ অন্তৰ্গত হোৱালৈকে সুদীর্ঘ সময়এওঁলোকে ঘাইকৈ ব্রহ্মপুত্রৰ উত্তৰ পাৰে ৰাজত্ব কৰিছিল। উল্লেখযোগ্য যে, আহোমৰ লগত হোৱা যুদ্ধত চুতীয়াসকলৰ ৰাণী বীৰাঙ্গনা সতী সাধনীয়ে পৰাক্ৰমেৰে যুদ্ধ কৰিছিল আৰু আহোমৰ অধীনতা স্বীকাৰ কৰাতকৈ মৃত্যুকে শ্রেয় জ্ঞান কৰি কুবেৰদত্ত সম্পত্তি বুকুত সাবটি চন্দনগিৰি পৰ্বতৰ পৰা  কুশুলৈ জপিয়াই প্রাণত্যাগ কৰিছিল।হিমালয়ৰ উত্তৰৰ মানস সৰোবৰৰ পূৰত থকা স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চল চুতীয়াসকলৰ আদি বাসস্থান আছিল। তাৰ পৰা তেওঁলোকে সোৱণশিৰি নদীৰ পাৰে পাৰে পশ্চিমলৈ প্ৰব্ৰজন কৰি বৰ্তমানৰ লখিমপুৰ অঞ্চল পায়হি। স্বাত সৰোবৰৰ কাষৰীয়া অঞ্চলৰ পৰা অহা বাবে এওঁলোকক স্বাতীয়া বোলা হৈছিল। কালক্ৰমত এই স্বাতীয়াৰ পৰাই চুতীয়া শব্দৰ উৎপত্তি হ’ল।আনহাতে এই মতো পোৱা যায় যে ‘জি বা ডি বা টি মানে পানী বা নৈ, ছু মানে নৈ, ছু- টি মানে পবিত্র নৈ, সেই নৈৰ পাৰৰ মানুহসকলেই চুতীয়া। (বিষ্ণুপ্ৰসাদ ৰাভা চনাবলী, প্রথম খণ্ড, ১৯৮২, পৃ. ৩৩৬, ৩৩৭।) চুতীয়াসকলে ৰাজত্ব কৰা শদিয়া ৰাজ্যৰ পুৰণি নাম আছিল বিদর্ভ আৰু ইয়াৰ ৰাজধানী আছিল কুণ্ডিল নগৰ। চুতীয়াসকলে নিজকে বিদর্ভ বাজাৰ ৰজা ভীষ্মকৰ বংশধৰ বুলি পৰিচয় দিয়ে। এওঁলোক দেৱী উপাসক আছিল আৰু শদিয়াৰ কেঁচাইখাতী বা তাম্ৰেশ্বৰী গোসানীক নৰবলিৰে পূজা কৰিছিল। চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ ভিতৰুৱা হোৱাৰ পিছত আহোমসকলেও কেঁচাইখাতী গোসানীৰ পূজা-সেৱা কৰিছিল। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনৰ পৰাহে নৰবলি প্রথা উঠাই দিয়া হয়। চুতীয়াসকলৰ এক চহকী সাংস্কৃতিক পৰম্পৰা আছিল। এওঁলোক মঙ্গোলীয় নৃগোষ্ঠীৰ বৃহৎ বড়ো জনগোষ্ঠীৰ ভিতৰুৱা । এওঁলোকে নগৰ পাতি বাস কৰিছিল বুলি অনুমান কৰিব পাৰি। কুণ্ডিল নগৰ, ভীষ্মক নগৰ, লগ্নি নগৰ, ৰত্নপুৰ বা ৰতনপুৰ আদি নাম আৰু তাৰে কেইখনমান নগৰৰ ধ্বংসাবশেষে এই লোকসকল উন্নত সভ্যতা-সংস্কৃতিৰ পৰিচয় বহন কৰে। ‘সাতসৰী অসম বুৰঞ্জী’ত আহোম ৰজাই চুতীয়া ৰাজা জয় কৰি পোৱা বিভিন্ন সামগ্ৰী আৰু বৃত্তিয়াল লোকৰ উল্লেখ আছে। তাৰ ভিতৰত ‘হাতী ৩০, ঘোর ৬০, হিলৈ ৭৯, বাক-বঁটা, দণ্ডছত্র কেঁকোবাদোলা, তৰোৱাল, পিকদান, গৰু-ম’হ বিস্তৰ পালে। গণক ব্রাহ্মাণ, তাঁতী, সোণাৰী, কমাৰ, তেলী, মালী, ধোবা, চমাৰ অন্য বহু বিৰতিয়াল, বহু আনো জাতি পালে চুতীয়া খুঁজত…’ এই উদ্ধৃতিত থকা দণ্ডছত্র, কেঁকোৰাদোলা, তৰোৱাল, পিকদান আদি আৰু তাঁতী, সোণাৰী, কমাৰ বৃত্তিগত শ্রেণীয়ে চুতীয়া ৰাজ্যৰ উন্নত সভ্যতা আৰু শ্রমৰ বিশেষীকৃত বিভাজ থকা এখন সমাজৰ প্ৰমাণদাঙি ধৰে।এওঁলোক ভাস্কর্য শিল্পতো চহকী আছিল। ম’ৰা চৰাইৰ সৈতে বিষ্ণুমূর্তি, শিব-পার্বতীৰ মূর্তি, সূর্যৰ মূর্তি, তাম্ৰেশ্বৰী মন্দিৰ, কেঁচাইখাতী থান, মালিনী থান আদিয়ে এওঁলোকৰ স্থাপত্য-ভাস্কর্যৰ পৰিচয় দাঙি ধৰে। এইসমূহৰ উপৰিও সোণেৰে নির্মিত ডুগডুগি, সোনোৱালী গলপতা, সোণৰ কেৰু, সোণ আৰু ৰূপৰ গামখাক, জোনবিৰি, সোণৰ মেকুৰী, তিনিখলপীয়া সিংহাসন, দবা, কালি, চ’ৰা নাও আদি ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা যায়, এইসমূহে তেওঁলোকৰ উন্নত সংস্কৃতি-চেতনাৰ পৰিচয় বহন কৰে।

কাৰ্বিসকল:

অসমৰ জাতি/জনগোষ্ঠীসকল

কাৰ্বিসকল অসমৰ এটি প্রধান জনজাতি। বিষ্ণুপ্রসাদ ৰাভাই আমেৰিকাৰ আৱিষ্কাৰক কলম্বাছৰ সৈতে তুলনা কৰি কাৰ্বিসকলক অসমৰ কলম্বাছ বুলি আখ্যা দিছিল। এই উক্তি যুক্তিসহকাৰে সমর্থন কৰিচিল কলিকতাৰ বিখ্যাত ইতিহাসবিদ সুনীতি কুমাৰ চট্টোপাধ্যা। অসমৰ সোঁমাজতে থকা কাৰ্বি আংলং আৰু পশ্চিম আংলঙেই হ’ল কাৰ্বিসকলৰ প্রধান বসতি অঞ্চল।দুয়োখন ঠাই সামৰি কাৰ্বি আংলং স্বায়ত্ব পৰিষদ গঠন হৈছে। ইয়াত ২৬-জন। নির্বাচিত সদস্য আৰু চাৰিজনকৈ মনোনীত সদস্য আছে।সৰ্বমুঠ আসন ৩০-খন। ইয়াৰ মাটি কালি ১০,৩৪৩ বর্গ কিলোমিটাৰ ইয়াৰ বাহিৰেও শোণিতপুৰ, বিশ্বনাথ, লক্ষিমপুৰ, কামৰূপ ,সোনাপুৰ আদি ঠাইতো কাৰ্বিসকল বসতি কৰা দেখা যায়। মণিপুৰ, নাগালেও, মেঘালয়, অৰুণাচল আদি ৰাজ্যতো কম বেছি পৰিমাণে কাৰ্বিসকলৰ বসতি আছে। পুৰুষ আৰু নাৰীৰ পোচাক পৃথক। পুরুষৰ আঁঠুমুৰীয়া পে ছেলেং , চই হংথৰ, চই ইক ,চইলক।( কাৰ্বি জেকেট) পহ’ আদিয়েই প্রধান। চই হংথৰ আজিকালি কাৰবি জেকেট বুলি পৰিচিত। পহ’ ( কাৰ্বি মাফ্লাৰ)৪ আৰু ৫ ইঞ্চি বহল আৰু প্রায় পাঁচৰ পৰা ছয় ফুটলৈ দীঘল। ইয়াৰ দুয়োমুৰে বিভিন্ন ৰঙৰ ফুল তুলি দিয়া হয়।
চেপান আবু -প্রায় ৩ ইঞ্চি বহল আৰু দীঘলে প্রায় ৬ ফুট। দুয়োমুৰে কড়িৰে সম্বলিত বিশেষ চকচকীয়া ক’লা কাপোৰ। ইয়াক ডেকাল’ৰাসকলে ব্যৱহাৰ কৰা দেখা যায়। নাৰীৰ সাজপাৰ হ’ল পিনি, পেকক আৰু ৱানকক- তদুপৰি পে ছেলেঙ পে খনজাৰি, পে ছাৰপি আদিয়েই প্রধান।
পিবা-১১/২ ফুটৰ পৰা ২ ফুট বহল আৰু ৬ ফুট দীঘল। দুয়ো মূৰে বিভিন্ন ৰঙৰ ফুল তুলি কড়িৰে সম্বলিত বিশেষ চকচকীয়া ক’লা কাপোৰ। ইয়াক মহিলাসকলে নিজৰ কেঁচুৱাটিক বোকোচাত ল’বৰ বাবে ব্যৱহাৰ কৰে।
আ-অলংকাৰ- লেক হিকি, নথেংপী, ন’লাংপং, ন’জাংছাই, লেক ৰূৱে, লেক পাংখাৰা, লাং আৱ’, বই পাংখাৰা, ৰই পাহু আদিয়েই প্রধান। পেং হেমফু, ৰংকেৰ, চজুন আদিয়েই প্রধান উৎসৱ। পেং হেমফু হ’ল ঘৰুৱা উৎসৱ। এই উৎসৱত সাধাৰণতে তিনিটাকৈ পূজা থাকে। ৰিৎ আংলং, বুইচম আৰু পেং। এই তিনিটা পূজা বছৰৰ আৰম্ভণিতেকৰা হয় যাতে বছৰৰ অপায়-অমংগল নহয়। ইয়াক কোৱা হয় ঘৰুৱা উৎসৱ।
চজুন উৎসৱ (Family festival): এই উৎসৱ প্ৰতিবছৰে উদ্যাপন নহয়। ৪, ৫ বা ৯ বছৰৰ মূৰে মূৰে কৰা হয়।
ৰংকেৰ উৎসৱ (Community Festival): ইয়াক গাঁৱৰ উৎসৱ বুলি কোৱা হয়। এই উৎসৱ বছৰৰ আৰম্ভণিতে উদ্যাপন কৰা হয়। পূজাৰ মূল বেদীত চৰাই, ছাগলী, কণী আদি উচ্ছ্বৰ্গা কৰি উপাস্য দেৱতাৰ সন্তুষ্টিৰ বাবে পূজা কৰা হয়।
ফেন্দ: কাৰ্বিসকলৰ পাঁচটাকৈ ফৈদ আছে। এয়া হ’ল –
১) টিমুং, ২) টেৰন ৩) তেৰাং ৪) ইংহি ৫) ইংতি এই প্রতিটো ফৈদত একাধিক উপফৈদ থাকে।
কাৰ্বি যুৱ মহোৎসৱঃ প্ৰতিটো বছৰত ১৫-১৯ ফেব্ৰুৱাৰীত, এই মহোৎসৱ তাৰালাংছ’, ডিফু চহৰত অনুষ্ঠিত কৰা হয়।

কোচ-ৰাজবংশীসকল:

উনৈশ শতিকাৰ প্ৰথম দশকৰ পৰা কুৰি শতিকাৰ শেষৰ দশকলৈ যিসকল নৃবিজ্ঞানী, গবেষক, চৰকাৰী পিয়লৰ কাম কৰোঁতা কমিচনাৰ, ডাক্তৰ বা চিকিৎসক, সমাজবিজ্ঞানী আদিয়ে কোচৰাজবংশীসকলৰ বিষয়ে গৱেষণা কৰিছিল, সেইসকলৰ বেছিভাগেই একমত আছিল যে অসম, উত্তরবংগ, নেপাল, ভুটান, বিহাৰ, মেঘালয় আৰু বাংলাদেশত যিসকল ৰাজবংশী লোক আছে তেওঁলোকৰ মূল হ’ল কোচ। অসমত সেই কাৰণে তেওঁলোকক কোৱা হয় কোচ-ৰাজবংশী। এওঁলোক হিন্দু ধর্মীয় লোক। বহুতে কোচ আৰু বাজবংশীসকলক পৃথক পৃথকভাবে প্রতিষ্ঠা কৰিব বিচাৰে। এটা সময়ত এনে প্রচেষ্টা কৰা হৈছিল যদিও সেইটো সঠিক আছিল বুলি ক’ব নোৱাৰি। বহুত ঠাইত অকল কোচ আৰু অকল বাজবংশী বুলি লিখে যদিও ৰাজবংশীৰ মূল যে কোচ সেইটো অস্বীকাৰ কৰা নাযায়। মেঘালয় আৰু মেঘালয়ৰ অসম সীমান্ত অঞ্চলত কিছুমান কোচ লোকে সুপ্রাচীন কোচ-ভাষা আৰু সংস্কৃতি প্রতিপালন কৰি আছে- তেওঁলোকৰ ধাৰাটো হ’ল আৰ্বেতৰ ধাৰা। আনফালে পশ্চিম অসম, উত্তৰবংগ, নেপাল, বিহাৰ ইত্যাদি অঞ্চলৰ বাজবংশী লোকসকলৰ ভাষা-সংস্কৃতি হ’ল আর্য ভাষা সংস্কৃতি। তেওঁলোকক অকল বাজবংশী বুলি কোৱা হয়। তেওঁলোকে হিন্দু ধর্ম গ্রহণ কৰি বাজবংশী বুলি পৰিচয় দিয়ে। বহুতে অকল কোচ হিচাপে আর্য ভাষা-সংস্কৃতি প্রতিপালন কবে। দুটা পৃথক ধৰণৰ ভাষা-সংস্কৃতি প্রতিপালন কৰিলেও নৃতাত্ত্বিকভাবে সকলো কোচ-ৰাজবংশী লোকৰ মূল একেটাই, সেয়া হ’ল কোচ। ঠাই বিশেষে এওঁলোক কোচ, কোচ-ৰাজবংশী, ক্ষত্রিয় ৰাজবংশী বা বাজবংশী, কোনো ঠাইত অকল ক্ষত্রিয় বুলিও জনা যায়। এওঁলোক ক্ষত্রিয় বুলি পৰিচিত হ’লেও আর্য ক্ষত্রিয় নহয়। সকলোৰে সংস্কৃতিত জনজাতীয় ছাপ স্পষ্ট। অসম, বংগ, বিহাব, নেপাল আৰু বাংলাদেশ আদি ঠাইত এওঁলোক ৰাজবংশী বুলি পৰিচিত। পৰৱৰ্তী সময়ত মদাহী, হাজং, জলধা, ধিমাল, ঝলো, মালো, বৰুৱা মগ আদি অনেক সৰু সৰু জনগোষ্ঠীৰ লোকসকলে বাজবংশী বুলি পৰিচয় দি ধন্য হ’লেও এওঁলোকৰ বহুতৰে মূল হ’ল কোচ।কোচ ৰাজবংশীসকলৰ জন্ম-মৃত্যু, বিয়াৰ নিজস্ব আচাৰ-নীতি, মৰাৰ পিছত আত্মাৰ অস্তিত্বৰ বিশ্বাস, মৃতকৰ প্ৰতি শ্ৰদ্ধা, নানা ঐন্দ্রজালিক ক্রিয়া, তন্ত্র-মন্ত্রাদি বিশ্বাস, প্রকৃতিৰ সৃষ্টি কৰোঁতাক মাতৃ হিচাপে পূজা, বট গছক পূজা, টোটেমৰ প্ৰতি শ্ৰদ্ধা, জীৱ-জন্তুৰ পূজা, মানুহৰ ৰোগ-ব্যাধি আৰু বেয়া ঘটনাবোৰ অপশক্তি বা ভূত-প্ৰেতৰ দ্বাৰাই ঘটে বুলি বিশ্বাস। নানা ধৰণৰ বাধা-নিষেধ বা অনুশাসন, খোৱা, বেষমা বা বিষুৱা, পুষুণা, কাতিগজা, হোলি, চড়ক পূজা, গাজন, মনসা, বিষহৰি, শীতলা, মাসান, কালী আদি পূজাবোৰত অর্ধ হিন্দু বা জনজাতীয় বৈশিষ্ট্য বিদ্যমান। ৰাজহুৱা কামত চাউল, কল, কলৰ গছ, নাৰিকল, তামোল-পাণ, পিঠাগুৰি আদিৰ ব্যৱহাৰ লক্ষণীয়। ধর্ম পালনৰ বেলিকা বৰ্ণ হিন্দুৰ দেৱ-দেৱীক পূজা-অর্চনা, ভক্তি শ্রদ্ধা কৰাৰ লগতে তেওঁলোকৰ নিজস্ব বিধিৰে, বুঢ়াবুঢ়ী, তিস্তাবুঢ়ী, হুদুম পূজা, গ্রাম পূজা, ধামপূজা, মাশান, যখা, সোণাৰায়, কাতি, ষাইটল আদি পূজা কৰে। ধৰ্মীয় সংস্কাৰৰ ভিতৰত আমাতি, যাত্ৰাপূজা, চড়ক পূজা, সত্য নাৰায়ণ, ত্ৰিনাথ পূজা আদি আছে। খাদ্য-সম্ভাৰৰ ভিতৰত-তেওঁলোকৰ ছেকা, পেল্কা, ভেল্কা, সিদল, সুল্কা, টোপলাভাতৰ স্বকীয় বৈশিষ্ট্য সম্পন্ন। পোছাক-পৰিচ্ছদৰ ভিতৰত-মহিলাসকলৰ পাটানী, বুকুনী, ফোতা, ছেউটা; আ-অলংকাৰৰ ভিতৰত হাতৰ মুঠাখাৰু, চুৰ, শাখা, বাজু; গলৰ সূৰ্যহাৰ, চন্দ্ৰহাৰ, সিক্কাহাৰ; কাণত মাকিৰি, অন্তি; নাকত নোলোক,ফুল; ভৰিত তোলা খাৰু, ফেলা খাৰু আদি বিখ্যাত।গীত-মাতৰ ভিতৰত কোচ ৰাজবংশীসকলৰ ভাওয়াইয়া গান, বিভিন্ন পূজাৰ গান, ৰাবাণ গান, কুশান গান, দোতোৰা গান, বিষহৰি পূজাৰ গান, মাৰৈ পূজাৰ গান, তুকখা গান, লাহাংকাৰী গান, নটুয়া, শাঙী ঢাকৰ গান, নাচ ডাকনাম, জাগ গান আদি স্বতন্ত্র বৈশিষ্ট্যসম্পন্ন।

গাৰোসকল:

গাৰোসকল প্রাচীন কালৰে পৰা অসমত বসবাস কৰি অহা এটা জনগোষ্ঠী। এওঁলোকৰ কিছুমানে বৃহত্তম মংগোলীয় ঠালৰ বুলি দাবী কৰে। গাৰোসকল ভাষিক দিশৰ পৰা ইন্দো-চীনৰ অন্তৰ্গত ডিম প্রয়াত বর্মীয় বড়ো ঠালৰ লোক। বর্তমান এই জনগোষ্ঠীৰ লোকসকলে পশ্চিম বঙ্গৰ পৰা আদিকৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্রায় প্রতিখন ৰাজ্যত সিচৰতি হৈ থকাৰ উপৰিও বাংলাদেশতো বহু ঠাইত এই জনগোষ্ঠীৰ লোক সিচৰতি হৈ আছে ।বসতিস্থান আৰু ভাষাৰ ফালৰ পৰা গাৰোসকলক আমবেং, মাতছি, মাতাবেং, গাৰাগানচি, দুবাল, এট আৰু মেগাম উপজনগোষ্ঠীত ভাগ কৰা হয়।কিংবদন্তী অনুসৰি গাৰোসকলৰ পূর্বপুৰুষ তিব্বতৰ থৰুৱা নামৰ ঠাইত আছিল। এসময়ত দুৰ্ভিক্ষই দেখা দিয়াত জাপফা, জালিমফা, চুকফা, বঙ্গিফা আৰু বিল্লিফা এওঁলোকৰ নেতৃত্বত এইখন ঠাই হিমালয় পর্বত অতিক্রম কৰি পোনতে কোচবিহাৰ পায়হি আৰু তাতে ভালেকেইবছৰ বসবাস কৰিস্থিতি কিন্তু ভাবে পৰা অসমলৈ আহোঁতে সৰু সৰু ৰাজ্যৰ ৰজাবোৰ, যেনে- ধুবুৰী আৰু বিজনীৰ ৰজাসকত লগত যুঁজ কৰি অৱশেষত ৰজা আব্ৰাচেনে হাব্ৰাঘাটত নিজৰ ঘাটি স্থাপন কৰিছিল আৰু চুবুৰীয়া বিলাক নিজৰ নামত অন্তর্ভুক্ত কৰিছিল। কিছুমানে পৰস্পৰে অসন্তুষ্ট হৈ বেলেগ ফালে ফালবি কা গাৰোপাহাৰত আৰু আন এটা গোটে বাংলাদেশত বাস কৰিবলৈ লয়। ধার্মিক দিশৰ পৰা গাৰোসকলৰ পূৰ্বপুৰুষে পূজা-অর্চনা কৰিছিল। এইদৰে পূজা কৰা লোককলক গাৰোসকলে সংসাৰেক বুলি কয়। এওঁলোকৰ দেৱ-দেএই আছিল চালজং, গবেৰা, খালথামে, আসিম ডিংসিমা, সুসিমে আদি। দেৱ-দেৱী পূজা কৰোঁতে ঘৰচীয়া জীব-জন্তুক বলি দিয়া হৈছিল। কিন্তু উনৈশ শতিকাৰ আবম্ভণিৰ পৰা গাৰোসকলখ্রীষ্টধর্মলৈ ধৰ্মান্তৰিত হ’বলৈ ধৰে আৰু পূজা-অর্চনা লুপ্ত হ’বলৈ ধৰে। গাৰোসকলৰ জাতীয় উৎসৱ ওৱানগালা। গাৰোসকলৰ ব্যৱহৃত বাদ্য যন্ত্ৰবোৰ হৈছে ঢামা খ্ৰাম (ঢোল), গগনা, মহৰ শিঙেৰে নির্মিত বাঁহৰ পাইপ লগোৱা বাংসী-বাঁহী আদি। তদুপৰি ৰং বিৰঙৰ কানি-কাপোৰ ব্যৱহাৰ কৰিছিল আঁঠুৰ ওপৰলৈকে কাপোৰ পিন্ধিছিল।বৰ্তমান গাৰোতিৰোতা সকলৰ ব্যৱহৃত কানি-কাপোৰবোৰ দাগাবান্দা, দাগশাৰী, চুনী আদি। সামাজিক ফালৰ পৰা গাৰোসকলৰ পৰিয়ালৰ গাঠনি মাতৃসূত্ৰৰ পৰা আৰম্ভ হয়। একাধিক পৰিয়াল বা ব্যক্তিৰ মাজত লগ লাগি এটা মাহাৰী গঠন কৰা হয়। পৰম্পৰাগতভাৱে গাৰোসকলৰ জন্মগত মাহাৰী অর্থাৎ উপাধি থকাৰ উপৰিও ওপৰঞ্চি উপাধি থাকে। উদাহৰণ স্বৰূপে আগিতক মাহাৰীৰ এজন ব্যক্তিয়ে লগত ছাংমা লিখিব লাগে বা কিছুমানে নিলিখাকৈ কেবল সাংমাকেই ব্যৱহাৰ কৰে। গাৰো সমাজত মাহাৰীক ইমানেই গুৰুত্ব দিয়া হয় যে বেলেগ বেলেগ দুখন ঠাই বা দুখন ৰাষ্ট্ৰৰ হ’লেও একে মাহাৰী বা উপাধিধাৰীৰ মাজত বৈবাহিক সম্বন্ধ কৰা নিষিদ্ধ, কাৰণ একে গোত্ৰৰ বুলি ধৰা হয়। আগৰ দিনত পাহাৰীয়া গাৰোসকলৰ ডেকা কালত শিক্ষাৰ প্ৰাণকেন্দ্ৰ আছিল নকপান্থে বা ডেকাচাং। ইয়াতে গাঁৱৰ সমূহ ডেকা গোট খাই বাঁহ-বেত আদি বিভিন্ন হাতৰ কাম কৰা, বাদ্যযন্ত্র বজোৱা, খেল- ধেমালি কৰা আদি কাৰ্য কৰিছিল। এইবোৰ এজন জ্যেষ্ঠ ভাতৃৰ দ্বাৰা পৰিচালিত হৈছিল।স্বভাৱতে গাৰোসকল খঙাল আৰু উগ্ৰধৰণৰ আছিল। যাৰ ফলত চুবুৰীয়া ৰজাই শাসনাধীন কৰিব পৰা নাছিল। এনেকি উপায়ন্তৰ হৈ ব্রিটিছসকলেও দমন নীতিৰ পৰিৱৰ্তে মিছনাৰীসকলৰ দ্বাৰা ধর্ম প্ৰচাৰ কৰিবলৈ ধৰিলে। উপাসনালয়, বিদ্যালয় আদি স্থাপন কৰি ঠায়ে ঠায়ে মিছনাৰীসকলৰ দ্বাৰামিছন পৰিচালনা কৰিবলৈ দিয়া হ’ল। এইদৰে ঊনবিংশ শতিকাৰ আৰম্ভণিৰে পৰা গাৰোসকলৰ সামাজিক পৰিৱৰ্তন হোৱা বুলি ক’ব পাৰি। খাদ্যাভাসত আমিষ ভোজীসকলে কুকুৰা, গাহৰি আৰু গোমাংস গ্রহণ কৰে। গাৰোসকলৰ অতি প্রিয় খাদ্য শুকান মাছ আৰু খাৰ। বিভিন্ন ধৰণৰ সোৱাদ-যুক্ত আঞ্জা থকা সত্ত্বেও গাৰোসকলৰ খাদ্য-তালিকাত শুকান মাছ আৰু খাৰৰ আঞ্জা অতি আৱশ্যক।

চাহ জনগোষ্ঠীসকল:

অসমলৈ বিভিন্ন সময়ত বিভিন্ন প্রান্তৰ পৰা অনেক নৃ-গোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল। ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যৰ পৰা চাহ জনগোষ্ঠীৰ লোকসকল অসমলৈ আহিছিল। কিন্তু এই জনগোষ্ঠীৰ লোকৰ প্রব্রজন স্বাভাবিক নাছিল। ইষ্ট ইন্ডিয়া কোম্পানীয়ে চাহ শ্রমিকৰ চাহিদা পূৰণ কৰিবলৈ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা সংগ্ৰহ কৰি আনিছিল। কোম্পানীয়ে ১৮৩৫ চনৰ পৰা উজনি অসমৰ চাবুৱাত প্রথমে চাহৰ পদ্ধতিগত ৰোপণ কার্য আৰম্ভ কৰে। ইয়াৰ চাৰি বছৰৰ পাছত অসম চাহ কোম্পানী (The Assam Tea Company) গঠন হয়। অসম চাহ কোম্পানীৰ অধীনত চাহ খেতি লাহে লাহে প্রসাৰিত হৈছিল। কিন্তু প্রয়োজন অনুসৰি থলুৱা শ্রমিকৰ অভাৱ আছিল। সেয়ে চীন দেশ আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা শ্রমিক সংগ্রহ কৰাৰ কথা চিন্তা কৰে। তাৰ কাৰণে কোম্পানীয়ে কিছু মধ্যভোগী নিয়োগ কৰিছিল। এইসকল মধ্যভোগীয়ে পশ্চিমবংগ, বিহাৰ, ঝাড়খণ্ড, ছত্তিশগড়, মধ্যপ্রদেশ, উত্তরপ্রদেশ, অন্ধ্রপ্রদেশ, মাদ্রাজ আদি ৰাজ্যৰ পৰা শ্রমিক সংগ্ৰহ কৰি আনিছিল। এনেদৰে অসমলৈ শ্রমিক সংগ্ৰহ কৰি অনা কাৰ্যক মজদুৰ চালান বুলি কোৱা হৈছিল। মজদুৰ চালান দুই ধৰণৰ আছিল। এটা হ’ল গিৰমিটিয়া চালান আৰু আনটো হ’ল আড়কাঠিয়া চালান। লিখিত চুক্তি (Agreement) অনুসৰি নির্দিষ্ট সময়ৰ বাবে শ্রমিক অনাটোক গিৰমিটিয়া চালান আৰু কোনো চুক্তি নকৰাকৈ চলে- বলে কৌশলে সংগ্রহ কৰাটোক আড়কাঠিয়া চালান বুলি কোৱা হৈছিল। অসম চাহ কোম্পানীয়ে উনৈশ শতিকাৰ মাজভাগত হাজাৰিবাগ জিলাৰ পৰা পোন প্রথমে ৬৫২- জন শ্রমিক সংগ্ৰহ কৰি আনিছিল, যদিও সেইসকল শ্রমিক অসম আহি নাপালেই। ৰোগাক্রান্ত হৈ আধাখিনি শ্রমিকৰ আধাবাটতে মৃত্যু হ’ল আৰু বাকীসকল উভতি গ’ল। ইয়াৰ পাছত ছোটনাগপুৰ অঞ্চলৰ পৰা কোম্পোনীয়ে মধ্যভোগীৰ দ্বাৰা শ্রমিক সংগ্ৰহ কৰে। এইসকল শ্রমিকৰো কিছু অংশহে অসমৰ মাটিত ভৰি দিবলৈ সক্ষম হয়। আন একাংশৰ বাটতে মৃত্যু ঘটে। কিন্তু লাহে লাহে শ্রমিকৰ সংখ্যা বৃদ্ধি পায়। ১৮৭৭ চনত চুক্তিবদ্ধ শ্রমিকৰ সংখ্যা হয়গৈ ৪৬,৭৬৫- জন। যিহেতু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰমিকসকল আহিছিল, সেয়ে তেওঁলোকৰ জাতি, বর্ণ, ধর্ম, ভাষা, কৃষ্টি-সংস্কৃতি আছিল বেলেগ বেলেগ। কিন্তু অসমলৈ আহি চাহ বাগিচাৰ একে পৰিৱেশত থাকি কাম কৰিব লগা হয় ।প্রথমাৱস্থাত কিছু অসুবিধাৰ সৃষ্টি হলেও সময় বাগৰাৰ লগে লগে পাৰস্পৰিক সংযোগ আৰু সৌহার্দ্যৰভাৱ গঢ়ি উঠিল। চুক্তিবদ্ধ এচাম কর্মী নিজ ঠাইলৈ উভতিল যদিও বাকীসকল এই অসমকে নিজ ভূমি বুলি ভাবি ৰৈ গ’ল। অসমতে স্থায়ীভাবে থাকি যোৱা শ্রমিকসকলৰ মাজত উমৈহতীয় এটা সংযোগী ভাষা গঢ় লৈ উঠিল যাক বাগানীয়া ভাষা বুলি অভিহিত কৰা হয়। দৰাচলতে বাগানীয় ভাষা এটি দোৱানহে, ই এতিয়াও ভাষাৰ পর্যায়লৈ উন্নীত হোৱা নাই।
চাহ জনগোষ্ঠী এতিয়া অসমৰ সমাজ জীৱনৰ এক অন্যতম বৃহৎ অংশ। চাহ শ্রমিক আৰু প্রাক্ত চাহ শ্রমিকসকলকে ধৰি চাহ জনগোষ্ঠীৰ লোকৰ সংখ্যা প্রায় ষাঠি লাখ। এওঁলোকৰ ভিতৰত হিন্দু আৰু খ্ৰীষ্টান ধর্মাবলম্বী লোকৰ সংখ্যা সৰহ। হিন্দুসকলৰ বেছিভাগেই শাক্তধর্মী আৰু জড় উপাসক। দুর্গা, কালি, মনসা আদি অনেক দেৱ -দেৱীৰ পূজা কৰে। অনুকুল ঠাকুৰৰ অনুগামীৰ সংখ্যাও একেবাৰে তাকৰ নহয়।চাহ জনগোষ্ঠী সমাজখনৰ মাজত অনেক জাতি, উপজাতি আৰু সম্প্রদায় আছে। ইয়াৰে কিছুমান হ’ল- ওবাওঁ, মুণ্ডা, চাওতাল, কুর্মী, তাঁতী, ঘাটোৱাৰ, গোৱালা, কৰ্মাৰ, কঁহাৰ, কালিন্দী, কিষান, কৈৰী, খাড়িয়া, খণ্ডাইত, খদাল, গড়, গৰাইত, গঞ্জ, গাজলু, ঘাঁছি, গন্দ, চাওঁৰা, বৰাইক, চুড়ি, চব, তাম্ব, তেলী, তুৰী, তেলেঙা, চাহু, হাজাম, নাগবংশী, পাতৰ, ধানোৱাৰ, পাণিকা, পৰজা, বাউৰী, বাকতি, বাড়ৈ, বেদিয়া, ভূমিজ, ভক্তা, মানকি, মাহলি, মোদী, মির্ধা, ৰবিদাস, বাজোৱাৰ, ৰোহিদাস, লোহাৰ হাড়ী ইত্যাদি। অসমৰ ব্ৰথাপুত্ৰ আৰু বৰাক উপত্যকাৰ চাহ বাগিচাত দীর্ঘকাল ধৰি বসবাস কৰি অহা চাহ জনগোষ্ঠী লোকসকল অসমীয়া সমাজৰ অপৰিহার্য অংগ হৈ পৰিছে। অসমীয়া ভাষা-সংস্কৃতিক আঁকোৱালি ল’লেও চাহ জনগোষ্ঠীৰ লোকসকলৰ নিজস্ব পৰিচয় আছে। তেওঁলোকৰ নিজা কৃষ্টি-সংস্কৃতি, আচাৰ-ব্যৱহাৰএকেবাৰে লোপ পোৱা নাই। কৰম, টুচু আৰু সহৰাই চাহ জনগোষ্ঠী সমাজৰ অতি জনপ্রিয় উৎসৱ।কৰম পৰৱৰ ঝুমুৰ নৃত্য-গীতে চাহ জনগোষ্ঠী সমাজৰ নিজস্ব পৰিচয় দাঙি ধৰে।

ডিমাছাসকল:

ডিমাছাসকল মূলতঃ বর্তমানৰ ডিমা হাচাও জিলাৰ বাসিন্দা যদিও নগাঁৱৰ হোজাই অঞ্চল, কার্বি আংলংৰ বিভিন্ন অঞ্চলৰ লগতে বর্তমানৰ নগালেণ্ডৰ ডিমাপুৰ অঞ্চলৰ আদিম বাসিন্দাৰূপে পৰিচিত। ডিমাছাসকলো সোনোৱালসকলৰ দৰে ৪০-জন পিতৃপুৰুষৰ বশোদ্ভৱৰূপে ৪০-টা বংশ বা ক্লেনত বিভক্ত। প্রতিটো গোত্র ‘চা’ আখৰেৰে শেষ হয়। যেনে-লাংখাচা, ডিফুচা, গাৰলোচা, হোজাইচা, মাইবংচা ইত্যাদি। ডিমাচাসকলৰ বিশ্বাস অনুসৰি ডিমাছা মহিলা বা গাভৰু এই ৪২-গৰাকী মূল মাতৃৰ বংশোত্তর আক প্রতিগৰাকী ডিমাছা মহিলা বা গাভক এই ৪২ গৰাকী মূল মাতৃৰ বশোদ্ভৱ বা ক্লেনেৰে পৰিচিত হয়। ডিমাচাসকলে পিতৃৰ বংশক পিতৃবংশ আৰু মাতৃৰ বংশক মাতৃবংশ বোলে। ডিমাচাসকলৰ ভাষা ডিমাছা। ডিমাছা ভাষা বড়ো ভাষাৰ লগত প্রায় একেই। ডিমাছাসকলৰ কোনো পৰিয়াল (উপ-গোত্র) প্রথা নাই। কিন্তু নিজৰ গোত্ৰৰ ভিতৰত বিয়া-বাৰু সম্বন্ধ নিষিদ্ধ। তেওঁলোকে মাকৰ বংশ অর্থাৎ মামাকৰ পৰিয়ালৰ ল’ৰা- ছোৱালীৰে বিবাহ সম্পর্ক গঢ়াত বিশেষ বাধা নাই, কিন্তু দৰা আৰু কইনা উভয়ৰে মাতৃবংশ (মাতৃ গোত্র) একে হ’লে বিবাহ নিষিদ্ধ। ডিমাছাসকল ব্রায়-চিব্ৰায় আৰু আমাং-গামাংডি বা শিৱ-পার্বতী পৰম্পৰাত বিশ্বাসী যদিও গোড়া বৈষ্ণৱী হিন্দু আৰু বলি-বিধানতো বিশ্বাসী, অতি সংবক্ষণশীল।
ইতিহাস অনুসৰি বৰ্তমানৰ সমগ্র অসম, ত্রিপুৰা আৰুক বাংলাদেশৰ কিছু অংশলৈকে এসময়ত ডিমাছাসকলৰ বাজত্ব আছিল। ডিমাছাসকলে জানুৱাৰী মাহৰ শেষভাগত খেতিব শেষত বিছু ডিমা নামেৰে এটি উৎসর পালন কৰে। বিছু ডিমা অনুষ্ঠানত কুকুৰা কাটি পূজা দিয়াৰ লগতে মদ, গাহৰি আদিবে সমজুৱাভাৱে ভোজ, ভাত খায়। বিছু ডিমা অনুষ্ঠানত ডেকা-গাভক, পুৰু ষ-মহিলাসকলে হাতেৰে বজোৱা প্রায় ৪ ফুট মান দীঘল এবিধ বিশেষ ধৰণৰ ঢোল আৰু অতি দীঘল এক প্রকাৰৰ পেঁপাৰ নির্দিষ্ট এক তালত ঘূৰি ঘূৰি নৃত্য কৰি পালন কৰে । ডিমাছা মহিলাসকল পাকৈত শিপিনী আৰু তেওঁলোকৰ জনজাতীয় সাজ-পাৰসমূহ উজ্জ্বল ৰংচঙীয়া। ডিমাচাসকলৰ বিবাহৰ ক্ষেত্ৰত বিশেষ প্রতিষ্ঠিত আনুষ্ঠানিকতা নাই যদিও মদ আৰু কুকুৰা কাটি পূজা দি লগতে গাহৰি বা ম’হৰ মাংসৰ ভোজ দি বিবাহ উৎসৱ পালন কৰা হয়। চিতাৰ অগ্নিত মদ-গাহৰিৰে মৃতকৰ শ্রাদ্ধ পালন কৰা হয়।

তিৱাসকল:

তিৱাসকল প্রাচীন কালৰে পৰা অসমত বাস কৰি অহা এটা নৃগোষ্ঠী। (ভাষিক দিশৰ পৰা এওঁলোক ইন্দো-চীনৰ অন্তর্গত তিব্বত বর্মীয় ভাষা-গোষ্ঠী পৰিয়ালৰ বৃহত্তৰ ‘বড়ো’ থালৰ লোক । বর্তমান এই গোষ্ঠীৰ লোকসকল অসমৰ নগাঁও, মৰিগাঁও, কামৰূপ ,কার্বি আংলং, যোৰহাট, ধেমাজী, লক্ষীমপুৰ, শদিয়া আৰু মেঘালয় বাজ্যৰ কিছু অংশত সিঁচৰতি হৈ আছে। তিবাসকলক সুক্ষ্মভাবে যদিওবা দাঁতিঅলীয়া, পাহাৰীয়া আৰু থলোৱালী বুলি তিনিটা ভাগত বিভক্ত কৰা হয়, বহুলভারে বর্তমান পাহাৰীয়া আৰু ভৈয়ামীয়া হিচাপে দুটা ভাগতহে ভগোৱা হয়। ইতিহাসৰ পাতত তিৱাসকলৰ স্থান মন কৰিবলগীয়া। তিৱা বীৰ জোঙাল বলহু প্রাকঐতিহাসিক যুগৰ এজন কিংবদন্তিমূলক বজা। মধ্যযুগতো গোভা, নেলী, খলা, চহৰীকে ধবি কেইবাখনো সৰু- বৰ ৰাজ্য তেওঁলোকৰ নেতৃত্বত কপিলী উপত্যকাত স্থিতি লাভ কৰিছিল। তদুপৰি আহোমৰ ৰহা আক জাগী চকীৰ অধীনত ‘পাঁচো ৰাজ্য’ আৰু ‘সাঁতো ৰাজ্য’ বুলি বাৰখন সৰু ৰাজ্যকে ধৰি দমাল- দন্দৱা আদি ৰাজ্যৰ জন্ম হৈছিল। ১৮৩৫ খ্রীষ্টাব্দত গোভা ৰজাই তিনিজন ব্রিটিছক ধৰি আনি কালী গোসানীৰ আগত বলি দি ইংৰাজৰ ৰোষত পৰি ৰাজ্য হেৰুৱাব লগা হৈছিল। ভাৰতৰ স্বাধীনতা সংগ্রামত তিৱাসকলৰ বিশেষ অৱদান আছে। অসমৰ প্ৰথমটো কৃষক বিদ্রোহ ‘ফুলগুৰি ধোঁৱা’ৰ জন্ম আৰু নেতৃত্ব দিছিল তিৱাসকলে। বিদ্রোহৰ অপৰাধত চোৱাবৰ লালুঙকে ধৰি বহু লোকৰ প্রাণ যোৱাৰ উপৰি এঘাৰজন লোক যাৱজ্জীৱন দ্বীপান্তৰিত হৈছিল। বিয়াল্লিছৰ গণ আন্দোলনতো তিৱা জনজাতিৰ ব্যক্তি হেমৰাম পাটৰ শহীদ হৈছিল।
মূলতঃ মাতৃসূত্রীয় অৱস্থাৰ পৰা উদ্ভৱ হোৱা তিৱাৰ সমাজ গাঁথনিটো পৰিয়ালৰ পৰা আৰম্ভ হয়। দুই-ততোধিক পৰিয়াল লগ লাগি এটা মাহাৰী, কেইবাটাও মাহাৰী লগ হৈ এটা কুল বা ফুটা, এক বা ততোধিক কুল লগ লাগি এখন খেল আৰু এখন বা অধিক খেল লগ লাগি এখন গাঁৱৰ সৃষ্টি কৰে। খেলৰ প্রশাসনিক আৰু সামাজিক মুৰব্বীজনক ভৈয়ামত ‘জেলা’ বুলি কোৱা হয় আৰু পাহাৰত এখন পিনুঙৰ (খেলৰ সমকক্ষ) মুৰব্বীক ‘লৰ’ বুলি কোৱা হয়। হাৰী কুঁৱৰী সমাজৰ এক সন্মানীয় আৰু মর্যাদাপূর্ণ পদবী। ভৈয়াম অঞ্চলৰ প্ৰতিটো কুলৰে নিজা উপাসনা গৃহ ‘বৰঘৰ’ বা ‘ন’বাৰ’ৰ উপস্থিতি মন কৰিবলগীয়া। আনহাতে পাহাৰ অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ মুৰব্বীকে ‘জেলা’ বুলি কোৱাৰ উপৰিও বাসগৃহটোক ‘ন’বাৰ’ হিচাপে অভিহিত কৰা হয়। তাৎপর্যপূর্ণভাৱে পৰিয়াল কেন্দ্রিক পূজা- অর্চনাবৰো তাতেই সমাপন কৰা হয়। ‘চামাদি’ বা ডেকাচাং পাহাৰীয়া তিৱাৰ সাংস্কৃতিক প্রাণকেন্দ্র। ধর্মীয় দিশৰ পৰা তিৱাসকল মূলতঃ জড়বাদী বা জড়োপাসক আৰু পূৰ্বপুৰুষৰ উপাসক। প্ৰকৃতিৰ বিভিন্ন উপাদানবোৰক পূজা কৰাৰ উপৰিও উৎসৱ-পার্বণত তেওঁলোকে পূর্বপুৰুষকো দেৱতা হ’ল বুলি পূজা কৰে। পৰৱৰ্তী সময়ত হিন্দু ধৰ্মৰ পৰা উদ্ভৱ হোৱা বিভিন্ন পন্থা, যেনে – শাক্তবাদ, বৈষ্ণৱবাদ, শৈৱবাদ, নৱবৈষ্ণৱবাদৰ ওপৰতো তেওঁলোকে বিশ্বাস স্থাপন কৰে। ইয়াৰ বিপৰীতে পাহাৰ অঞ্চলবোৰত বিংশ শতিকাৰ আৰম্ভণিৰে পৰা খ্ৰীষ্টধর্মই গজালি মেলে। তিৱাসকলৰ সাংস্কৃতিক ক্ষেত্ৰখন বিশেষভাৱে সমৃদ্ধ। মৰম-চেনেহ আৰু ভাতৃত্ববোধৰ বিৰল চানেকি ‘জোনবিল’ মেলাখন প্রাচীন অর্থনীতিৰ জীয়া দলিল। ইয়াৰ বাহিৰেও পাহাৰ অঞ্চলৰ বিভিন্ন পূজা, উৎসৱ-পার্বণবোৰ হৈছে – ৱানছুৱা, ছগ্রা, য়াংলী, মুইনাৰী, কাণ্ঠি, লাংখন, মাই পথালা, মাই ৰাৱা, খাপ্লাং,ৰাৱানে ফুজা, পান্থাইচ্যৱা ইত্যাদি। আনহাতে ভৈয়াম অঞ্চলৰ উৎসৱ-পাৰ্বণবোৰ হৈছে – জোনবিল মেলা, বৰত্, গোঁসাই উলিওৱা মেলা, বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু ইত্যাদি। তিৱাসকলৰ কর্ম আৰু উৎসব-পাবৰ্ণবোৰত বিভিন্ন গীত – মাত নৃত্য, বাদ্য জড়িত হৈ আছে। বিভিন্ন কৰ্ম,উৎসব-পার্বণ অনুযায়ী খ্রাম্ (ঢোল) বাৰ, খ্ৰাম্ খুজুৰা, খাম্ পান্থাই, দুমদিং, দগৰ, পাতিঢোল, আদি চাম্ৰাৰ বাদ্য; বাঁহৰ পাবেৰে তৈয়াৰী ৱাফাং খ্ৰাম, থকথৰৰক, মুখেৰে ফু দি আঙুলি ব্যৱহাৰ কৰি বজোৱা পাংশী (বাঁহী), থোৰাং, ম’হৰ শিঙৰ পেঁপা, মুহুৰি আৰু খায়াং (তাল) ইত্যাদি বাদ্যযন্ত্ৰৰ পয়োভৰ তিৱাসকলৰ মাজত দেখা যায়। স্বকীয় বৈশিষ্ট্যপূর্ণ আকর্ষণীয় বিভিন্ন ফুল-চানেযুক্ত বস্ত্ৰ তিৱাসকলে পৰিধান কৰে। পুৰুষে থানা, তাগ্লা, থেনাচ, ফালি, ফাগা ইত্যাদি আৰু মহিলাই কাছ্যং, ফাছকাই, নাৰা ইত্যাদি পৰিধান কৰে। তদুপৰি কেইবাবিধৰ মণি, যেনে- চাপ্ল, চিংলি ল, কল্ পান্থা তিৱাসকলে পৰিধান কৰে। খাইদং, ছন্যানে খাইদং আৰু ৰূফানে খাইদং নামৰ অলংকাৰকেইবিধ কাণত পৰিধান কৰে। আমিষভোজী তিৱাসকলৰ টু মেছাম্ (কুকুৰাৰ মঙহ) আৰু ৱা মেছাম্ (গাহৰিৰ মঙহ) প্রিয় খাদ্য। পৰম্পৰাগত পদ্ধতিৰে বিশেষভাৱে প্ৰস্তুত কৰি লৈ পান কৰা পানীবিধক তেওঁলোকে ‘জ্যু’ বোলে ।

দেউৰীসকল:

অসম তথা পূর্বাঞ্চলব মঙ্গোলয়ডসকলৰ ভিতৰত দেউৰীসকল অন্যতম জনগোষ্ঠী। মঙ্গোলয়ড নৃ-গোষ্ঠীৰ অন্তর্গত দেউৰীসকল উত্তৰ পুৱ-দিশৰ পৰা অসমলৈ প্রব্রজন ঘটে আৰু ব্রহ্মপুত্রব উজনি অংশত বর্তমান অৰুণাচল প্রদেশৰ লোহিত জিলাৰ অন্তর্গত জৈদাম পাহাৰৰ আশে-পাশে বাস কৰিবলৈ লয়। দেউৰীসকল সামাজিকভারে চাৰিটা খেলত বিভক্ত- ডিবঙীয়া, টেঙাপনীয়া, বৰগঞা আৰু পাটৰগঞা। ডিবাং নদীৰ পাৰত বসবাস কৰাসকল ডিবঙ্গীয়া, টেঙাপানী নদীৰ পাৰত বাস কৰাসকলক টেঙাপনীয়া, বৰনদীৰ পাৰত থকাসকলক বৰগঞা আৰু পাত-শদিয়াত থকাসকলক পাতৰগঞা হিচাপে জনা যায়। শদিয়া অঞ্চলতেই দেউৰী সকল বহু বছৰ ধৰি বসবাস কৰি আছিল। কালক্রমত সম্ভৱত প্রাকৃতিক দুর্যোগ, আন্তঃগোষ্ঠীগত যুদ্ধ-বিগ্রহ অথবা উৰ্বৰা কৃষি ভূমিৰ সন্ধানত এই ঠাই এৰি লুইতৰ বুকুৱেদি ভটীয়াই আহি তেতিয়াৰ অবিভক্ত শিৱসাগৰ জিলাৰ মাজুলী আৰু লখিমপুৰ জিলাৰ ডিক্ৰং নদীৰ পাৰত প্ৰথমে বাস কৰিবলৈ লয় আৰু তাৰ পৰা পিছত বিভিন্ন ঠাইলৈ সম্প্রসাৰণ ঘটে। দেউৰীসকল বর্তমান উজনি অসমৰ ৮-খন জিলা- তিনিচুকীয়া, ডিব্রুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজী, লক্ষিমপুৰ আৰু বিশ্বনাথ জিলাত আছে। দেউৰীসকলে নিজক জিম’চনায়া’ বুলি চিনাকি দিয়ে। দেউৰীসকল এটা স্বকীয় বৈশিষ্ট্যবে পৰিপূর্ণ খিলঞ্জীয়া জনগোষ্ঠী। ভাৰতীয় সংবিধানে তেওঁলোকক অনুসূচীত জনজাতি হিচাপে স্বীকৃতি দিছে। দেউৰী ভাষা মূলতঃ চীন-তি ব্বতীয় ভাষাগোষ্ঠীৰ তিব্বত-বর্মীয় ভাষা-পৰিয়ালৰ বড়ো শাখাৰ অন্তৰ্গত এই ভাষাটোৰ স্বকীয় কিছুমান বৈশিষ্ট্য আছে। ২০০৫ চনৰ ২৮ জানুৱাৰী তাৰিখে অসম চৰকাৰে দেউৰী ভাষাক চৰকাৰীভাৱে স্বীকৃতি দিয়ে আৰু প্রাথমিক পর্যায়ত এই ভাষা বিষয় হিচাপে প্রবর্তন কৰাৰ সিদ্ধান্ত লয়। দেউৰীসকল বৰ ধর্মবিশ্বাসী লোক। তেওঁলোকে, ‘কুন্দি’ ধর্মক বিশ্বাস কবে। ‘কুন্দিমামা’ হ’ল তেওঁলোকৰ উপাস্য দেৱতা। ‘কুন্দি’ মানে পৰম পুৰু ষ পৰমেশ্বৰ আৰু ‘মামা’ মানে প্রকৃতিক বুজাইছে। এই কুন্দিমামাই বিশ্ব -ব্রহ্মাণ্ডব সৃষ্টিকর্তা আৰু পালনকর্তা বুলি তেওঁলোকে বিশ্বাস কৰে।
দেউৰীসকল সাধাৰণতে কৃষিজীৱী লোক। তেওঁলোকৰ জীৱন আৰু জীৱিকা খেতিৰ ওপৰতেই বহু পৰিমাণে নিৰ্ভৰশীল। ধান, মাহ, সৰিয়হ, মৰাপাট আৰু বিভিন্ন প্ৰকাৰৰ শাক-পাচলি তেওঁলোকৰ প্ৰধান খেতি। বাসস্থানৰ বাবে সাধাৰণতে দেউৰীসকলে নৈপৰীয়া অঞ্চলৰ ঠাই নিৰ্দ্ধাৰণ কৰে। দেউৰীসকলে তাহানিৰে পৰা কাঠ, বাঁহ, বেত আৰু খেৰেৰে চাংঘৰ সাজি বাস কৰি আহিছে। সমগ্ৰ অসমত সকলোৱে পালন কৰা ৰঙালী বিহু, মাঘ বিহু, আৰু কাতি বিহু দেউৰীসকলেও পালন কৰে। তদুপৰি তেওঁলোকৰ সুকীয়া কৃষিভিত্তিক উৎসৱ-বিবা বচু গিবা মেচ্চু (বসন্ত আদৰণি উৎসৱ), বিহু উৎসৱ-চিগাদাগাৰেবা বিচু, ‘বিচু দাবেবা মেচ্চু’, মিদি দেৰুবা মেচ্চু’ (ৰাজ কেবাং) ধৰ্মৰ লগত জড়িত আৰু শাওণিয়া পূজা ইত্যাদি।

বড়োসকল:

বড়োসকল হৈছে নিজৰ সুস্থ সমাজ-ব্যবস্থা, ভাষা-সাহিত্য, ধর্ম আৰু সমৃদ্ধিশালী সংস্কৃতি থকা এটা জাতি। বড়োসকল উত্তৰ-পূৱ ভাৰতৰ আদিম জনগোষ্ঠী। ছাব এডৱার্ড গেইটৰ মতে অসম তথা উত্তৰ-পশ্চিম বঙ্গত বড়োসকলৰ বৃহৎ বাজ্য আছিল। ক’বলৈ গ’লে বড়ো (বড়ো) শব্দটো বহল অর্থত সমগোষ্ঠীয় বিভিন্ন লোকৰ সমষ্টি। তেওঁলোকক উত্তৰ-পূৱ বঙ্গ, গোৱালপাৰা জিলাত মেচ আৰু নেপালত মেচে হিচাবে জনা যায়। বড়োসকলক অসমৰ বিভিন্ন স্থানত সিঁচৰতি হৈ থকা দেখা যায়। একেদৰে বডোমূলীয় সোনোৱাল কছাৰী, ঠেংঙাল কছাৰী, চুতীয়া, দেউৰী, লালুং, ৰাভা, গাব’, হাজং আৰু ত্ৰিপুৰী লোকসকল লক্ষীমপুৰ, তিনিচুকীয়া, ডিব্রুগড়, শিৱসাগৰ আদি বিভিন্ন ঠাইত বসবাস কৰা দেখিবলৈ পোৱা যায়। কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত থকা ডিমাচা-কছাৰীসকল বৃহৎ বড়ো গোষ্ঠীৰে এটি শাখা। বড়োসকলৰ নিজা সমৃদ্ধিশালী ভাষা আছে। ই বড়োসকলৰ মাতৃ ভাষা। বড়োসকলৰ উচ্চ মানৰ আৰু বিজ্ঞানসম্মত শব্দভাণ্ডাৰ আছে। বড়ো ভাষা শদিয়াৰ পৰা পূৱ বংগলৈ আৰু উত্তৰে নেপালৰ পৰা বাংলাদেশলৈ প্ৰসাৰিত আৰু প্রচলিত হোৱা এটি বহুল ভাষা। ভাষাবিদ প্রমোদ চন্দ্র ভাট্টাচার্যাব মতে কিবাত ৰাজ্য শাসনৰ সময়ত বড়ো ভাষাই চৰকাৰী আৰু আদালতৰ ভাষা হিচাপে প্রচলন আছিল। বড়ো ভাষা হৈছে চীনা তিব্বত-বর্মীয় ঠালৰ ভাষা। পণ্ডিতসকলৰ মতে তিব্বতীয় ভাষাৰ দুটা প্রধান ঠাল হৈছে ১. তিব্বত বর্মীয় আৰু ২.টাই- চীনা ভাষা।
তিব্বত বর্মীয় বৃহৎ ভাষাটো হৈছে বড়ো-নাগা ভাষা। প্রথম অৱস্থাত বড়ো-নগা একেটা পৰিয়ালৰ অন্তর্ভুক্ত আছিল। পাছলৈ নগাসকলে ভাগ হৈ যায়। বড়ো মূলৰ পৰা সৃষ্টি হোৱা ভাষাবোৰ হৈছে- ডিমাছা, গাৰো, ৰাভা, চুতীয়া, লালুং, হাজং আৰু তিৱা। বড়োসকলৰ অতি পুৰণি ধৰ্মটো হৈছে বাথৌ ধর্ম। বাথৌ বৌৰাই বড়োসকলৰ শ্ৰেষ্ঠ দেৱতা। বড়োসকলে মাটি (হা), বায়ু (বাৰ), পানী (দৈ), আকাশ (অথ্রাং) আৰু সূৰ্য্য (সান) এই পঞ্চতত্ত্বৰ সৃষ্টিকর্তাজনক ঈশ্বৰ হিচাপে মানি লয়। ইয়াকে বাথৌ বুলি কোৱা হয়। খেৰাই বড়োসকলৰ ধৰ্মীয় উৎসৱ। সমাজৰ সকলোৰে মংগলৰ কাৰণে দৌদিনি আৰু দৌৰিৰ সহযোগত খেৰাই উৎসৱ উদ্যাপন কৰা হয়। বড়োসকলক বাথৌ ধৰ্মৰ উপৰিও অন্যান্য ধর্ম যেনে- খ্রীষ্টান ধর্ম, অনুকুল ধৰ্ম, বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰা দেখা যায়। ইয়াৰ বাহিৰেও ব্ৰহ্ম ধৰ্মকো বড়োসকলৰ কিছুমান লোকে নিজৰ ধৰ্ম হিচাপে আঁকোৱালি লৈছে।
বড়ো মহিলা নাইবা জীয়ৰীসকলে কাপোৰ বোৱা-কটা কৰাত যথেষ্ট পাকৈত বুলি জনা যায়। বড়োসকলৰ সমাজত প্রতি ঘৰে কমেও এযোৰ তাঁতশাল দেখিবলৈ পোৱা যায়। বড়ো মহিলাসকলে দখনা, আবনাই, ফালি, চাদ্রি ইত্যাদি বয়। বড়ো মহিলাসকলে কাপোৰত তোলা ফুলবোৰ হৈছে – দাওথু আগান, ফাৰেও মেগন, মুফুৰ আফা, দাওৰাই মৌখ্ৰেব, থাইগিৰ বিবাৰ হাজৌ আগৰ ইত্যাদি। আৰনাইখন বড়োসকলে শ্রদ্ধা আৰু সন্মানৰ চিন-স্বৰূপে ব্যৱহাৰ কৰে। বড়োসকলৰ নিজস্ব নৃত্য, গীত-মাত আৰু বাদ্যযন্ত্র আছে। বড়োসকলৰ প্ৰধান গীতসম তিনিটা ভাগত ভাগ কৰিব পাৰি। ১/ প্ৰাৰ্থনা গীত (আৰজ মেথায়) ২/ লোক গীত (খুগা মেথায়) আৰু ৩/ আধুনিক গীত (গৌদান মেথায়)। প্রার্থনা গীতসমূহ হৈছে – খেৰাই প্রার্থনা,
মন্ত্ৰগীত, চেৰজা গীত আৰু দহাৰ গীত। লোকগীতসমূহ হৈছে- বৈশাগু গীত, বিয়া গীত, খেলা গীত, শিশুৰ ওমলা গীত, প্ৰেমৰ গীত ইত্যাদি। আধুনিক গীতসমূহ হৈছে বর্তমান কালৰ গীত। বড়ো নৃত্য দুবিধঃ (১) পুৰণি বড়ো নৃত্য আৰু (২) আধুনিক বড়ো নৃত্য। বাগুৰুম্বা আৰু বাৰদৈছিখলা নৃত্য অকল ভাৰতবৰ্ষতেই নহয় এচিয়া মহাদেশৰ ভিতৰতে খ্যাত। বড়োসকলৰ প্ৰধান বাদ্য-যন্ত্ৰবোৰ হৈছে- খাম (মাদল), চিফুং (বাঁহী), জথা (তাল), চেৰজা আৰু গংগনা ।

 

মটকসকল:

মটক অসমৰ এটি অতি পুৰণি টাই-মংগোলীয় জনগোষ্ঠী। ‘মটক’ শব্দটি টাই ভাষাৰ শব্দ। টাই ভাষাত ‘ম’ মানে শক্তিশালী, বুদ্ধিমান বা জ্ঞানী আৰু ‘টক’ মানে উপযুক্ত, জোখা, তুলাচনী, পৰীক্ষিত। অর্থাৎ উপযুক্ত, জ্ঞানী, শক্তিশালী, পণ্ডিত লোক। ১২২৮ খ্রীষ্টাব্দত চুকাফাই অসম নামৰ এই ভূখণ্ডলৈ গিৰিপথ অতিক্রম কৰি অহাৰ সময়ত প্রাচীন অসমৰ সৌমাৰপীঠত মটকসকলে সৰু সৰু ৰাজ্য গঠন কৰি একো একোজন মুৰব্বীৰ অধীনত বসবাস কৰিছিল। কৃষি-কর্ম আছিল তেওঁলোকৰ মূল জীৱিকা। চাউলুং চুকাফাই সোনোৱালী শস্যৰ দেশ অসমত প্রৱেশ কৰি টিপাম পাহাৰৰ দাঁতি-কাষৰীয়া অঞ্চলতে মটকসকলক প্রথম লগ পাইছিল। তিপামত লগ পোৱা মটকৰ মুৰব্বীজনৰ সহায়ত চুকাফাই নগাসকলক পৰাস্ত কৰিছিল। এইজনা মটক মুৰব্বীয়েই ৰজাক প্ৰচুৰ পৰিমাণে স্ব-উৎপাদিত বেঙেনা যোগান ধৰিছিল। বেঙেনা যোগান ধৰাৰ বাবেই স্বৰ্গদেউৰ লগত অহা কাঙ্গণ (Kang-Gang) বৰগোহাঁইয়ে মটকৰ মুৰব্বীজনক ‘লানমায়ু’ নাম দিছিল। লানমায়ু এটি টাই ভাষাৰ শব্দ। ‘লান’ মানে নাতি আৰু ‘মায়ু’ মানে বেঙেনা। অর্থাৎ মটক মুৰব্বীজনক ‘বেঙেনাৰ নাতি’ আখ্যা দিছিল।মটক শব্দৰ উৎপত্তিৰ ইতিহাস বিচাৰি চালে ‘সুখাও'(shukhao) শব্দৰ ইতিহাস চাব লাগিব। ফুখাও হ’ল টাইৰ এটি অন্যতম শাখা। এই শাখাটো টাই-মংগোলীয় ফুথাই থালব অন্তর্গত। ‘ফু’ মানে টাই ভাষাত ‘গৰাকী’ বা সন্মানীয় মানবিশিষ্ট মানুহ আৰু ‘খাও’ মানে ‘বগা’। ফুথাইসকলক চীন দেশব লাও ৰাজ্যত বসবাস কৰাৰ বাবে লাও বুলিও কোৱা হয়। ফুথাইসকলক তিনি ভাগত ভাগ কৰিছে। এই ভাগসমূহ হৈছে- (ক) ফুখাও (বগা পিন্ধা টাই) (খ) ফুডাম বা টাই ডাম (কলা পিন্ধা টাই,) (গ) টাই ডেং (বঙা পিন্ধা টাই)। দক্ষিণ চীন থাইলেও, ভিয়েটনামৰ পৰা অসমলৈকে লাওসকল বিয়পি আছে। আহোম বুৰঞ্জী অনুসৰি ফুখাওসকল গুটি সিঁচা বা শস্য সিঁচা মূলৰ পৰা উৎপত্তি হৈছে। শস্য। সিঁচা মূলৰ ফুখাওসকলৰ পৰাই মটকৰ উৎপত্তি হৈছে। আন এটি নিৰ্ভৰযোগ্য তথ্যৰ পৰা জনা যায় যে স্বৰ্গৰাজ ইন্দ্ৰই খুনলুং খুনলাইক ৰাজ্য স্থাপনৰ বাবে পঠোৱাৰ সময়তে কৃষি পিতৃ চ্যাওফুৰা আলঙৰ আবিৰ্ভাৱ হৈছিল। চ্যাওফুৰা আলঙৰ পূৰ্বৰ নাম আছিল খেনখাম লাংকুৰি আৰু কৃষি পিতৃ ৰূপে কেখাও-চাওথাওলুং নাম লৈছে। এইজন খেনখামৰ বংশ পৰম্পৰা আৰম্ভ হয় অতি প্রাচীন য়ুনান আৰু হুনান সভ্যতাৰ পৰা। এই সভ্যতা খ্ৰীষ্টপূর্ব চাৰিহেজাৰৰ পৰা তিনি হেজাৰ বছৰৰ পুৰণি। কৃষি পিতৃ-পুৰুষ চ্যাওফুৰা আলঙৰ সপ্ত বংশতেই মটকসকলৰ উৎপত্তি হৈছে। টাই মংগোলীয় মূলৰ মটকসকলে আদিতে চীন দেশৰ ম্যুঙফী বর্তমান সম্ভৱতঃ য়ুনান প্রদেশত বসবাস কৰিছিল। সময় বাগৰাৰ লগে লগে মটকসকলে জনসংখ্যা বৃদ্ধিৰ বাবেই হওক বা অন্য কাৰণতেই হওক কৃষিভূমিৰ সন্ধান কৰি অসম অভিমুখে যাত্রা কৰে। চীন দেশৰ য়ুনান প্রদেশৰ ফালৰ পৰা থাইলেণ্ড, ম্যানমাৰ হৈ প্রাচীন অসমত প্রবেশ কৰি তেওঁলোকে তিপাম পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলত প্রাচীন পৰম্পৰা ৰক্ষা কৰি আদি ধর্মকেই পালন কৰি গাঁৱলীয়া কৃষিভিত্তিক এখন সমাজ প্রতিষ্ঠা কৰি ত্ৰয়োদশ শতিকালৈ বসবাস কৰিছিল। এই মটককে চ্যুকাফাই তিপামত লগ পাইছিল আৰু ‘ফুখাও’ পৰিয়ালৰ বুলি পাইছিল। টাই মংগোলীয় জনগোষ্ঠী হিচাপে মটকৰ পৰম্পৰাগত ধৰ্ম হৈছে তাও। তেওঁলোকে প্রকৃতি জগতৰ গাঁঠিয়াল দেৱতাৰ পূজা কৰে। জীৱ-জন্তুৰ গৰাকী ভিন্ন দেৱতা, উপৰি পুৰুষ-মিতুক দেৱতা, জগত মাতৃ আই, লক্ষ্মী আই আদি ভিন্ন দেৱতাৰ বিশ্বাস কৰে। পাছলৈ মটকসকলে সপ্তদশ শতিকাত কাল সংহতিৰ প্ৰৱৰ্তক গোপালদেৱৰ শিষ্য অনিৰুদ্ধদেৱে প্ৰচাৰ কৰা মায়ামৰা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিল। মায়ামৰা ধৰ্ম গ্ৰহণ কৰাৰ পাছতো তেওঁলোকে মিশ্ৰিত ৰূপত নিজা পৰম্পৰাগত ধৰ্মীয় বিশ্বাসসমূহ ধৰি ৰাখিছে।

 

মিচিংসকল:

অসমৰ দ্বিতীয় সর্ববৃহৎ জনজাতীয় জনগোষ্ঠীটো হ’ল মিচিং। মিচিংসকলক ‘মিৰি’ নামেৰেও জনা যায় । ভাৰতবৰ্ষৰ সংবিধানত মিচিং সকলক অসমৰ অনুসুচীত ভৈয়াম জনজাতি হিচাবে ‘মিৰি’ নামেৰে উদ্ধৃত কৰিছে। মিৰি শব্দৰ ব্যৱহাৰ মিচিংসকলে নিজে নকৰে। ‘মিৰি’ শব্দৰ ব্যৱহাৰ মিচিংসকলে সমাজৰ এক শ্ৰেণীৰ মিবু বা পুৰোহিতৰ ক্ষেত্ৰতহে কৰে। এই শব্দৰ প্ৰয়োগ পঞ্চদশ শতিকাত পোন প্রথম কেন যাবে নর-বৈষ্ণৱ ধর্মব প্রবর্তক শংকৰদেৱে কৰিছিল বুলি কোনো কোনোরে কয় যদিও বুৰঞ্জীৰ হাত শঙ্কৰদেৱৰ আগৰ পৰাই মিৰি শব্দৰ ব্যৱহাৰ আছিল। পৰৱৰ্তী কালত ইংৰাজসকলেও একে শব্দকে রোব কবি লেখা-মেলা কৰিছিল। বহল অর্থত তেওঁলোকে নিজকে ‘তানি’ বুলি পৰিচয় দিয়ে। ‘তানি’ নজর অর্থ মানুহ বা মামৱ। মিচিংসকলৰ পূর্ব বাসস্থান হিচাপে অসমৰ উত্তৰলানি পাহাৰকে চিহ্নিত কৰা হৈছে। বর্তমানৰ প্রকণাচলৰ ‘আবৰ পাহাৰ’ৰ পৰাই সুচল জীৱিকাৰ সন্ধানত মিচিংসকল অসমৰ সমতললৈ নামি আহিছিল। মিচিংসকলৰ এই আগমণৰ সময়ক লৈ পণ্ডিতসকলৰ মাজত দ্বিমত আছে। কোনো কোনো অন্যবিদৰ মতে অসমত আহোম ৰাজবংশ প্রতিষ্ঠা অর্থাৎ ১২শ শতিকাৰ আগৰে পৰাই মিচিংসকল ভাতার সংস্পর্শলৈ আহি অসমৰ সমতল অঞ্চলত বসবাস কৰি আছিল। মিচিং জনগোষ্ঠীৰ মাজত কেইবাপ্ৰকাৰে বিবাহ সম্পাদিত হয়। বংশ বা গোত্র গণনা পুৰুষৰ ফালৰ জা কৰা হয়। মনে বিচৰা জীবন-সংগী বিচৰাত ডেকা-গাভৰুসকলৰ মাজত স্বাধীনতা আছে। বিয়াৰ জত দুয়ো পক্ষৰ ফালৰ পৰা অনুমোদন জনালেই সকলো মীমাংসা হয়। কিন্তু বিয়া একেটা কূলব দ্রুত সম্পাদিত নহয়। কুল বিচাৰত উচ্চ-নীচৰ বিচাৰ বা ভাৱ নাথাকে। থাকে মাথোঁ মিতিৰ সম্বন্ধহে। কৃষিয়েই মিচিংসকলৰ জীৱিকাৰ সম্বল। বছৰত প্রধানতঃ দুবিধ ধান খেতি আছ আৰু শালি হয়। খেতিৰ উপৰিও মিচিংসকলে মাহ সৰিয়হ, বিবিধ আলু, কচু, আদা, জলকীয়া আদিৰ খেতি কৰে মিচিং গাঁওবিলাকত শান্তি-সম্প্রীতি বজাই ৰাখিবৰ বাবে একোজন গাঁওবুঢ়া থাকে। কোনো এজন ব্যক্তিয়ে অপৰাধ কৰিলে ‘কৌবাং’ বা মেল পাতি গাঁওবুঢ়াৰ তত্ত্বাবধানত দোষীৰ বিচাৰ কৰা হয়। ক্ষমাৰ অযোগ্য দোষীক বর্জন বা সমাজচ্যুত কৰাৰ নিয়মো প্রচলিত হৈ আহিছে। এনে ‘কৌবাং’ বা বিচাৰ মুৰংঘৰ নতুবা গাঁওবুঢ়াৰ চোতালত পতা হয়। মিচিংসকলৰ সাংস্কৃতিক পৰিচয় পোৱা যায় জাতীয় সাজ-পাৰত। পুৰুষসকলৰ বাবে পৰম্পৰাগত মিবু গালুগ, গ, উগন, টঙালি, দুমৌৰ আদি আছে। তেনেকৈ মহিলাৰ বাবে বিহা-মেখেলা, বিধি- গাচেং আদি থকাৰ উপৰিও আ-অলংকাৰো দেখা যায়। প্রচলিত আছে যে মিচিং তিৰোতাই তাঁতশালত সপোন সৰগ ৰচনা কৰিব পাৰে। বনৰ চৰাই, হৰিণা, মাছ আদিৰ ৰূপ-ছায়াও বন্দী হয় মিচিং শিপিনীৰ নিপুণ হাতত। তাঁতশালৰ কাপোৰৰ উপৰিও বিখ্যাত গাদু বা মিৰিজিম মিচিংসকলৰ জাতীয় সম্বল। মিচিংসকলে মহাপুৰুষীয়া, শৈব, শাক্ত, তান্ত্রিক আৰু বিশেষকৈ কেৱলীয়া বা বাতি সেৱা ধৰ্ম পন্থা অৱলম্বন কৰা দেখা যায় যদিও স্বধর্ম হিচাপে ‘দক্রি-পল’ মিচিংসকলৰ মূলধর্ম। লোক-বিশ্বাসত মিচিংসকল অত্যন্ত বিশ্বাসী। কুকুৰাক সততেই বিপদ-আপদৰ ৰক্ষা কবচ হিচাপে বিশ্বাস কৰে। ধর্মীয় উৎসৱ দবুৰ পূজা তাৎপর্যপূর্ণ। বিভিন্ন দেৱতাৰ তুষ্টৰ অৰ্থে দবুৰত পূজা আগবঢ়োৱা হয়। ঘৰখনৰ শুচি-অশুচি আৰু উন্নতিত দেৱতাৰ কোপ দৃষ্টি থকা বুলি বিশ্বাস কৰে। জন্মৰে পৰা মৃত্যুলৈকে জীৱনটোক দক্রি-পল বা সূর্য-চন্দ্রই পৰিচালনা কৰে বুলি মিচিংসকলৰ বিশ্বাস আছে।
মিচিংসকলে জাতীয় উৎসৱ আলি-আঃয়ে লুগাত্তৰ উপৰিও মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহু মিচিংসকলে পালন কৰে। এই উৎসৱৰ লগত তানি বঙহৰ চলুং, মপিন উৎসৱৰ সামঞ্জস্য আছে। মিচিংসকলৰ কৃষি উৎসৱ আলি-আঃয়ে নৃগাং তিনিটা পদৰ সমষ্টি। আলি, আঃয়ে আৰু নৃগাং। আলি মানে মাটিৰ তলত হোৱা বীজ, আঃয়ে হ’ল গা-গছৰ ওপৰত হোৱা ফল বা গুটি আৰু নৃগাং শব্দৰ অর্থ বোপণ কাৰ্যৰ শুভাৰম্ভ। অর্থাৎ বীজ-গুটি ৰোৱা কাৰ্যৰ শুভাৰম্ভ। সেয়েহে ফাগুন মাহৰ প্রথম বুধবাৰৰ দিনা এই উৎসৱৰ আৰম্ভণি হৈ আহিছে। এই দিনটোৰ হিচাপ ৰাখিয়েই বীজ ৰোপণৰ শুভাৰম্ভ কৰে। পুৰাং আপিন বা টোপোলা ভাতৰ লগত দিনচান, ওচান অর্থাৎ শুকান মাছ, মঙহ আৰু আপঙেই এই উৎসৱৰ প্রধান খাদ্য। আপং মিচিংসকলৰ চিৰাচৰিত পানীয় দ্রব্য। আলি-আঃয়ে লুগাঙৰ দিনা আপং আৰু লুগাণ্ডৰ উপাদান প্রথমে দেৱতা, ডা-ডাঙৰীয়ালৈ গৃহস্থই উৰ্গা কৰে। গুম্বাগ্ৰ নৃতা আৰু গীতে মিচিংসকলৰ ঐতিহ্য আৰু শান্তিপ্রিয়তাৰ পৰিচয়কে বহন কৰে। মাঘ বিহু, বহাগ বিহু আৰু কাতি বিহুক মিচিংসকলে পৰম্পৰাগতভাৱেই পালন কৰে।

 

ৰাভাসকল:

ৰাভা জনগোষ্ঠী অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত অন্যতম খিলঞ্জীয়া জনগোষ্ঠী। এওঁলোক চীনা – তিব্বতী ভাষা পৰিয়ালৰ মান তিব্বতীয় শাখাৰ এটা জনগোষ্ঠী। অসমৰ গোৱালপাৰা, কামৰূপ আৰু দৰং জিলাত মূলতঃ এওঁলোকৰ বসতি। আনহাতে পশ্চিবংগৰ জলপাইগুৰি অঞ্চলটো এখেতসকলে কিছু পৰিমানে বাস কৰে।
ৰাভাসকল মূলতঃ এটা আদিম জাতি। এওঁলোক অসম, মেঘালয় আৰু পশ্চিমবঙ্গৰ বিভিন্ন স্থানত অধ্যুষিত হৈ আছে। সাম্প্ৰতিক সময়ত ৰাভা জাতিৰ স্থান, জনসংখ্যা, পৰিচয় ক্রমাগতভাৱে পোহৰলৈ আহিছে আৰু বিজ্ঞানসন্মতভাবে অধ্যয়নৰ ধাৰা অব্যাহত ৰাখিলে ৰাভা জাতিৰ ঐতিহাসিক পটভূমি অধিক স্পষ্ট আৰু সঠিক ৰূপত পোৱা যাব। ১৯০৩ চনত প্রকাশিত Linguistics Survey of India- ৰ মতে গাৰো পাহাৰ জিলাৰ ‘ফুলবাৰী’ৰ পৰা দক্ষিণ কামৰূপৰ ৰাণীলৈকে, গাৰো পাহাৰ আৰু খাচীয়া পাহাৰ জিলাৰ উত্তৰ সীমান্তবর্তী কিছু অঞ্চল সামৰি ৰাভা মানুহৰ বাসভূমি। ইয়াৰোপৰি বিভিন্ন দেশ- নেপাল, ভুটান, মেঘালয়, বাংলাদেশ আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ বিভিন্ন জিলা- কোকৰাঝাৰ, বঙাইগাঁও, চিৰাং, বাক্সা, ওদালগুৰি, কামৰূপ, শোণিতপুৰ, গোলাঘাট, নগাঁও, ধেমাজী, ডিব্ৰুগড়, শিৱসাগৰ আদি জিলাৰ বিভিন্ন ঠাইত এওঁলোক বসবাস কৰি আছে। পৰিচয়: নিজস্ব ঐতিহ্য, বিশ্বাস, আখ্যান-উপাখ্যানেৰে পৰিপুষ্ট ৰাভাসকল। ভাৰতীয় সংবিধানত ৰাভা এটা জনজাতি হিচাপে স্বীকৃত। মঙ্গোলীয় ফৈদৰ ৰাভাসকল সামাজিক ফালৰ পৰা কেইবাটাও শাখাত বিভক্ত যেনে ৰংদানী, পাতি, দাহৰী, মায়তৰী, কোচ, বিতলিয়া, হানা, মদাহী আদি।
ভাষা: ৰাভা জাতিৰ নিজস্ব ভাষা (দোৱান) আছে। গাণিতিক সংখ্যাও পৰিপূৰ্ণভাবে আছে। ৰাভা ভাষা নিশ্চিতভাৱে ব্যাকৰণসন্মত। গৱেষণা আৰু অনুশীলনৰ অভাৱত পূৰ্বতে ৰাভা ভাষা বিস্মৃতিৰ গৰ্ভত লীন হোৱাৰ উপক্রম হৈছিল যদিও সম্প্রতি এই ভাষা বহুখিনি উদ্ধাৰ হৈছে আৰু পুনৰ উদ্ধাৰ আৰু সংৰক্ষণৰ নতুন পদক্ষেপ লোৱাত ৰাভা ভাষা ঠন ধৰি উঠিছে।
ৰাভাসকল প্ৰকৃতিৰ উপাসক। ৰাভাসকলৰ মাজত মূর্তি পূজাৰ প্ৰচলন নাই। তেওঁলোকে বৰ্তমান মূল ধর্ম পালনৰ লগে লগে হিন্দু ধৰ্মৰো কিছু আচাৰ আচৰণ পালন কৰে। ৰাভাসকলৰ প্ৰধান দেৱতা হ’ল “ঋষি” বা “মহাকাল”। সকলোবোৰ সামাজিক আৰু ধর্মীয় অনুষ্ঠানত ইয়াৰ পূজা অতি আৱশ্যক। [স ইয়াৰ বাদেও ৰাভাসকলৰ আৰু দুই দেৱী হ’ল ‘ৰঙ্গতুক’ আৰু ‘বচেক’। এই দুগৰাকীক ঋষি বা মহাকালৰ কন্যা বুলি ভৱা হয়। ‘ৰঙ্গতুক’ আৰু ‘বসেক’ হ’ল পাৰিবাৰিক ধন সম্পত্তিৰ দেৱী। ৰাভাসকল মূলত মাতৃতান্ত্রিক সমাজ ব্যৱস্থাৰ অনুগামী, এওঁলোকে পৰিবাৰৰ জ্যেষ্ঠা কন্যা পাৰিবাৰিক সূত্ৰৰে এই দুই দেৱীৰ অধিকাৰী হয়৷ বর্তমান বহু ৰাভালোকে খ্রীষ্টান ধর্ম গ্রহণ কৰিছে।

 

মৰাণসকল:

অসমৰ জাতি/জনগোষ্ঠীসকলৰ মৰাণসকল অসমৰ এক অতি প্রাচীন কিৰাত-মঙ্গোলীয় মূলৰ জনগোষ্ঠী। এওঁলোক অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ আদিম অধিবাসী। বিশাল হিমালয় পর্বতমালাৰ দক্ষিণ পাদদেশৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এই জীপাল ৰম্যভূমিত মৰাণসকলে আবহমান কালৰে পৰা বসতি কৰি আহিছে। কোনোবা অজান কালৰে পৰা এই ভূ-প্রাকৃতিক অঞ্চলত বসবাস কৰি অহা মৰাণসকলক সেয়ে এই ভূ-খণ্ডৰ প্ৰাকঐতিহাসিক মানৱ প্রজাতিৰ এক নির্দিষ্ট গোট ৰূপে চিহ্নিত কৰা হৈছে। অসমৰ সৰ্বকালৰ অন্যতম শ্রেষ্ঠ মানব বিষ্ণু ৰাভাদেৱে তেওঁৰ ‘অসমীয়া কৃষ্টি’ নামৰ পুস্তিকাত এইদৰে উল্লেখ কৰিছে- ‘এওঁলোকৰ দিনতে অসমত দ্রুতভাবে তাম্র যুগ, ব্রোঞ্জ যুগ আৰু লৌহ যুগ আৰম্ভ হৈছিল।’ ড° স্বর্ণলতা বৰুৱাৰ মতে ‘খ্ৰীষ্ট জন্মৰ বহু শতিকাৰ পূৰ্বৰে পৰা মৰাণসকলে ব্রহ্মপুত্র উপত্যকাত বসতি কৰি আহিছে।’ মৰাণসকল যে অসমৰ আদিম অধিবাসী এই সম্পর্কত পণ্ডিতসকল একমত। একালত এই মৰাণসকল যে ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগতে হিমালয়ৰ নিকটতম নামনি অঞ্চলজুৰি বিস্তৃত হৈ আছিল, এই সম্পর্কত ভালেমান ঐতিহাসিক সূত্ৰৰ সন্ধান পোৱা যায়। যুগবিবর্তনৰ প্ৰৱাহমান ধাৰাত আন আন আদিম জনগোষ্ঠীসমূহৰ দৰেই মৰাণসকলেও অৱস্থানগতভাবে কিছু পৰিবৰ্তিত অৱস্থাৰে সম্প্রতি সংখ্যাধিকভাবে তিনিচুকীয়া জিলা, ডিব্ৰুগড় জিলা আৰু অৰুণাচলৰ নামচাই আৰু চাংলাং জিলাত বসতি কৰি থকাৰ লগতে শিৱসাগৰ, চৰাইদেউ, যোৰহাট, ধেমাজি আদি জিলাসমূহতো বুজন পৰিমাণৰ বসতি আছে। তদুপৰি গোলাঘাট, নগাঁও, শোণিতপুৰ, লক্ষীমপুৰ আদি জিলাবিলাকতো মৰাণৰ সেৰেঙা বসতি দেখা যায়। মৰাণসকলৰ গৰিষ্ঠ সংখ্যক লোকেই সংৰক্ষিত বনাঞ্চলৰ কাষে-পাজৰে দুর্গম অঞ্চলসমূহত গাঁও পাতি বসবাস কৰে। অতি কম সংখ্যক লোকহে ক্ষুদ্র ক্ষুদ্র বিকাশমুখী কেন্দ্ৰস্থলসমূহৰ উপকণ্ঠত বাস কৰে।
সাংস্কৃতিকভাৱে মৰাণসকল অতি চহকী। বিহুৱেই মৰাণসকলৰ প্ৰধান উৎসৱ। অতীজতে মৰাণসকলে শদিয়াৰ কেঁচাইখাতী থানৰ লগতে তিনিচুকীয়া জিলাৰ মাকুমৰ যজ্ঞোখোৱা, দেওশাল, চৰাইদেউ আদিত শাল পাতি দেৱ-দেৱী পূজা কৰিছিল। বহাগৰ প্ৰথম মঙ্গলবাৰে দেৱ-দেৱীৰ পূজা-অর্চনা কৰি বিহু নমাইছিল আৰু মঙ্গলবাৰে উৰুকা, বুধবাৰে গৰুবিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু ৰূপে সাত দিন, সাত ৰাতি কি মাৰিছিল আৰু এনেদৰে অন্যান্য অসমীয়াতকৈ ভিন্ন দিন-বাৰত আজিও তেওঁলোকে বিহু পালন কৰে। সম্প্ৰতি দেউৰীসকলৰ বিহুৰ দৰেই মৰাণসকলৰ বিহুক ‘মৰাণ বিহু’ নামেৰে জনা যায়। গছতলৰ বিহু, ৰাতি বিহু, ধৰ্ম হুঁচৰি, বৰমগা আদিয়ে মৰাণ বিহুক সমৃদ্ধ কৰিছে। মৰাণসকলৰ ঢোলৰ আকৃতি, বাদনৰ লয়-তাল বিহু নৃত্যৰ ভংগিমা, গীতৰ তাল-লহৰ আদিৰ নিজস্ব বৈশিষ্ট্য বিদ্যমান। আনহতে মৰাণসকলৰ অন্যানা সাংস্কৃতিক সম্ভাৰসমূহৰ ভিতৰত উল্লেখযোগ্য হ’ল কুলাবুঢ়ী নৃত্য, যুঁজা নৃত্য, ৰণুৱা নৃত্য-গীত, দ্রুতং, গৰখীয়া গীত, ঝুম তলীৰ গীত, হাতী শিকোৱা গীত, বিভিন্ন খেৰি ইত্যাদি।
মৰাণসকলৰ মাজত বহুতো খেল-বংশ আছে। এই খেল-বংশবোৰ বৃত্তিসূচক, স্থানবাচক, গুণবাচক, জাতিবাচক, যেনে-তেল পৰা তেলেপীয়া, নাও নিৰ্মাণ কৰাসকলক নাওশলীয়া, চিকৰি, গনতা, কাঁড়ী দহোটীয়া, ডিমৌগুৰীয়া, দাউচলীয়া, পেটুধুৱা, হাতীমূৰীয়া, ৰংযোগনীয়া, ৰুপাই গনতা, মাজুলী গঞা, হালধিবৰীয়া, সৌকাধৰা, খাটোৱাল ইত্যাদি ।

 

সোণোৱাল কছাৰীসকল:

সোনোৱাল কছাৰীসকলে পূর্বতে মংগোলীয় হিচাপে অসমত প্রবেশ কৰিছিল। তেওঁলোক প্রথমে জড়োপাসক আছিল। কালক্রমত তেওঁলোক কিৰাত ধর্ম গ্রহণ কৰি খেতি-বাতি আৰু যাতায়াতৰ সুবিধার্থে নদী বা পর্বতৰ দাঁতি-কাষৰীয়া ঠাইত বাস কৰাৰ কাৰণে নদী-কাষৰীয়া অর্থাৎ কক্ষাত কচ্ছাত কচ্ছৰ লগত অৰি যোগ হৈ কচ্ছ অবি কছাৰী বা কছাৰী নামৰ উৎপত্তি হ’ল বুলি পণ্ডিতসকলে মত প্রকাশ কৰিছে। ড° সুনীতি কুমাৰ চ্যাটার্জী (চট্টোপাধ্যায়)- ব মতে কছাৰীসকলে প্ৰব্ৰজন কৰি আহি প্রথমে ‘কুশী’ নদীৰ পাৰত বাস কৰাৰ কাৰণে তেওঁলোক ‘কুশীমাৰা’ আৰু অঞ্চলটোক কুশাৰীয়াৰ বাবে কুশীয়াৰ কুশাৰ বা কাশাৰ কুশাৰী বা কছাৰী বুলি কৈছে। এই জনগোষ্ঠীটোরে যিবিলাক নদ-নদীৰ পাৰত বাস কৰিছিল, সেইবিলাক নদ-নদীর আগত দি বা টি আখৰযুক্ত শব্দ ব্যৱহাৰ কৰি নিজে নিজেই নদীৰ নাম দিছিল। সেইবিলাকৰ ভিতৰত দিহিং, দিচাং, ডিব্রু, দৈয়াং, দিমৌ, দিখৌ, দিগাৰু, দিছে, ডাঙৰী, ডুমডুমা, দিবাক, দিখাৰী, দিক্রং, দিল্লীহৰ আদিয়েই প্ৰধান ।
ডিমাচা ভাষাত সোনোৱাল মানে উজ্জ্বল আৰু ঐশ্বর্যশালী। বর্তমান নেপাল ৰাষ্ট্ৰৰ পূৰত কিবাতি বুলি আত্মপৰিচয় দি থকা ‘সুনুৱাৰ’ জনগোষ্ঠী মানুহৰ মাজত এই সুনুৱাৰ শব্দটো পোৱা যায়। গতিকে সোনোৱাল শব্দটো তিব্বত-বর্মী ভাষাগোষ্ঠীৰ সুনুৱাৰ শব্দৰ পৰাই আহিছে। আদিমফায়ে লিখা সাঁচিপতীয়া পুথি ‘মহান জাতিৰ ইতিহাস’ত উল্লেখ থকামতে চুকাফাই সৌমাৰত প্ৰবেশ কৰাৰ বহু বছৰৰ আগতেই সোনোবালসকলে সোণ উৎপাদন কৰিছিল আৰু তেতিয়া, বৰ্তমানৰ সোনোৱাল শব্দৰ সলনি ‘সুনুৱাল ‘হৈ আছিল। আনহাতেদি ইতিহাসবিদ উপেন্দ্র চন্দ্ৰ গুহদেৱৰ ‘কাছারের ইতিবৃত্তত’ উল্লেখ কৰামতে সুনাচিৰি (বৰ্তমান সোৱণশিৰি) নদীৰ পাৰত বসবাস কৰা মানুহখিনিক ‘সুনুৱাল’ বুলি কোৱা হৈছিল। তেওঁ ইয়াকো কৈছে যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা ঠাইখন হাবুং বুলি কোৱা হৈছিল আৰু ইয়াত বসবাস কৰা কছাৰীসকলক প্রথমে হাবাং নাইবা হাবুঙীয়া কছাৰী বুলি কোৱা হৈছিল। এই হাবুডঙীয়া কছাৰীসকলেই সুনুৱাল (বর্তমান সোনোৱাল) কছাৰী বুলি কোৱা হয়।
সোনোৱাল কছাৰীসকলৰ ধৰ্মীয় ভিত্তিত পূজা-পাতল: সোনোৱাল কছাৰীসকলৰ মাজত দ্বৈতধর্ম বিৰাজমান – শাক্ত আৰু বৈষ্ণৱ। ৰামায়ণ, মহাভাৰতৰ দিনৰ পৰাই সোনোৱাল সকলে ‘কিৰাত’ বা পুৰাতন ধৰ্ম পালন কৰি আহিছিল। কিন্তু ১৬৮১ চনৰ পৰা বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰিলেও নৱ বৈষ্ণৱ ধৰ্মই সোনোৱালসকলৰ পূজা পার্বণত বিশেষ প্ৰভাৱ পেলাব পৰা নাই। পৰম্পৰাগতভাৱে চলি অহা পূজাসমূহ, যেনে- বাইথ’ পূজা, গজাই পূজা, গাতিগিৰি পূজা, সৰগদেউ পূজা, জলখাই পূজা, ক্ষত্রীয় শালৰ পূজা, বুঢ়া- বুঢ়ী শালৰ পূজা, বলিয়া বাবাৰ পূজা, কেঁচাইখাতী পূজা, কলি আই সবাহ, বাটভেটা সবাহ, খিনভঙা পূজা, গো-কালিকা পূজা, কুলাচামন পূজা, বৰচামন পূজাৰ উপৰিও লখিমী তোলা সবাহ, ভুৰ উঁটুওৱা সবাহ, বালি সবাহ, চেঙেলী মাছৰ সবাহ, নৰা ছিগা ভোজ, গৰখীয়া সবাহ, বাৰী চুকৰ সকাম ইত্যাদি। এইদৰে সোনোৱালসকলৰ সকাম-নিকাম, যেনে- লখিমী সবাহ, আই সকাম, বাৰী চুকৰ সকাম, ন-পুৰুষীয়া সকাম, বুঢ়ী পোহা বা চাউল খুওৱা সকাম, মৰাক দিয়া, পিণ্ড দিয়া, আয়ুতোলা, আই সবাহ, অপেশ্বৰী সবাহ ইত্যাদি বিদ্যমান। নাচৰ ভিতৰত বহুৱা নৃত্য, হগ্রা নৃত্য, লেছেৰী, কুলাবুঢ়ী নাচৰ হায়দাং নৃত্য, সোনোৱালসকলৰ মাজত যথেষ্ট প্রাসংগিকতা আছে।

 

 

Leave a Reply