Assam GK Quiz and Questions – Assam Competitive Exam

ADRE 2.0 Exam || Assam Direct Recruitment Gk questions || Grade III and IV GK Questions Answers || অসমৰ সাধাৰণ জ্ঞান for APSC & other exams | Assam Competitive Exam || Assam State Quiz || Assam GK Quiz and Questions || Grade 3 & Grade 4 Exam || Most Expected Questions & Answers | ADRE Exam

Assam Competitive Exam Questions Answers

অসমৰ কলা আৰু সংস্কৃতিৰ লগত জড়িত কিছুমান প্ৰশ্ন উত্তৰ:

 

ADRE 2.0 Exam

 

১/গুমৰাগ নৃত্য কোন উৎসৱত পৰিৱেশন কৰা হয়?
উত্তৰ:আলি আই লৃগাং।

২/কোন অঞ্চলত হুদুমদেও পূজা পালন কৰা হয়?
উত্তৰ: গোৱালপাৰা।

৩/লেৱাটানা নৃত্য কোন জনগোষ্ঠীৰ লোকে পৰিৱেশন কৰে?
উত্তৰ: হাজংসকলে।

৪/মহোহো উৎসৱ কেতিয়া পালন কৰা হয়?
উত্তৰ: আঘোণ মাহৰ পূৰ্ণিমা তিথিত।

৫/ৱাংগালা উৎসৱ কোন জনগোষ্ঠীৰ লোকে পৰিৱেশন কৰে?
উত্তৰ: তিৱাজনগোষ্ঠীৰ লোকসকলে।

৬/মাঘবিহুৰ সময়ত চাহ জনগোষ্ঠীয় লোকসকলে পালন কৰা লোকউৎসৱবিধৰ নাম কি?
উত্তৰ: টুচু পূজা।

৭/ বাইখৌ উৎসৱ কোন সকল লোকে পালন কৰে?
উত্তৰ: ৰাভাসকলে।

৮/নাঙেলি গীত কোন অঞ্চলত প্ৰচলিত লোকগীত?
উত্তৰ:দৰং।

৯/ভাৱায়া আৰু চটকা কোন অঞ্চলত প্ৰচলিত লোকগীত?
উত্তৰ: গোৱালপাৰা।

১০/হাইদাং গীত কোনটো জনগোষ্ঠীৰ লোকগীত?
উত্তৰ: সোণোৱাল কছাৰী।

১১/আহোমসকলৰ উপাস্য দেৱতা কোন?
উত্তৰ: চুমদেও।

১২/খেৰাই পূজা কোনটো জনগোষ্ঠীৰ লোকে পালন কৰে?
উত্তৰ: বড়োসকলে।

১৩/চমাংকান উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰ: কাৰ্বিসকলে।

১৪/পিনি – পেকক কোন জনগোষ্ঠীৰ মহিলাসকলে পৰিধান কৰে?
উত্তৰ: কাৰ্বিসকলে।

১৫/ জোনবিল মেলা অসমৰ কোন জিলাত অনুষ্ঠিত হয়?
উত্তৰ: মৰিগাঁও জিলাত।

১৬/গোৱালপাৰীয়া লোকগীতৰ বাবে প্ৰখ্যাত ব্যক্তিগৰাকীৰ নাম কি?
উত্তৰ: প্ৰতিমা পাণ্ডে বৰুৱা।

১৭/হামজাৰ নৃত্য কোন জনগোষ্ঠীৰ লগত জড়িত?
উত্তৰ: ৰাভাসকলৰ লগত জড়িত।

১৮/ ভঠেলী উৎসৱৰ সৈতে জড়িত বিষয়টো কি?
উত্তৰ: বাঁহ পূজা।

১৯/বাৰেচহৰীয়া ভাওনা অসমৰ কোন ঠাইত অনুষ্ঠিত কৰা হয়?
উত্তৰ: জামুগুৰহাটত।

২০/ভোৰতাল নৃত্য অসমৰ কোন ঠাইৰ পৰা মূলত বিকশিত হৈছে?
উত্তৰ: বৰপেটা।

২১/পচতি উৎসৱ কোনটো বিষয়ৰ লগত জড়িত?
উত্তৰ: শ্ৰী কৃষ্ণ জন্ম উৎসৱ।

২২/দৈয়ন দিয়া, গাথিয়ন খুন্দা আদি লোকাচাৰ সমূহ কোন অনুষ্ঠানৰ সৈতে জড়িত বিষয়?
উত্তৰ: বিবাহ অনুষ্ঠান।

২৩/আকাশ বন্তি জ্বলোৱা পৰম্পৰা কোনটো বিহুৰ সৈতে জড়িত?
উত্তৰ: কাতি বিহু।

২৪/টাই বৌদ্ধসকলে পালন কৰা বসন্তকালীন উৎসৱবিধ কি?
উত্তৰ: পইচাংগেন ।

২৫/বুকুনি-পাটানি কোন জনগোষ্ঠীৰ লোকসকলে পৰিধান কৰে?
উত্তৰ:কোচ ৰাজবংশীসকলে।

২৬/মেডাম মেফি কোন সম্প্ৰদায়ৰ লোকসকলে পালন কৰে?
উত্তৰ: টাই আহোমসকলে।

২৭/ৰংখেৰ আৰু চোমাংকান কোন জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰে ?

উত্তৰ: কাৰ্বিসকলে।

২৮/বাথৌ পূজা কোন জনগোষ্ঠীয়ে পালন কৰে?
উত্তৰ: বড়োসকলে।

২৯/অসমত আহোমসকলৰ বিবাহ অনুষ্ঠানক কি বুলি জনা যায়?
উত্তৰ: চকলং।

৩০/চন্দ্ৰৱালৰ হাৰ কোন সম্প্ৰদায়ৰ লোকে পৰিধান কৰে?
উত্তৰ: ডিমাছাসকলে।

৩১/কোনখন কিতাপত অসমৰ ৰেচমৰ বিষয়ে উল্লেখ কৰা আছে?
উত্তৰ: কৌটিল্যৰ অৰ্থশাস্ত্ৰ

৩২/ৰাভাসকলৰ পৰম্পৰাগত সাজ-পোচাকক কি বুলি কোৱা হয়?
উত্তৰ: কৌম কণ্টং।

৩৩/শ্লোক, চিন, নৃত্য, ভাওনা বিভিন্ন পৰ্যায়ৰ বিষয়ে বিতংকৈ বুজাই দিয়া ব্যক্তিজনক কি বুলি কোৱা হয়?
উত্তৰ: সূত্ৰধাৰ।

৩৪/ বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ: মাধৱদেৱ।

৩৫/আউনিআটি সত্ৰ অসমৰ কোন জিলাত অৱস্থিত?
উত্তৰ: মাজুলী।

৩৬/কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল ?
উত্তৰ: শংকৰদেৱ।

৩৭/ কমলাবাৰী সত্ৰ ক’ত অৱস্থিত?
উত্তৰ: মাজুলী।

৩৮/ অসমৰ শাস্ত্ৰীয় নৃত্যশৈলী কি?
উত্তৰ: সত্ৰীয়া নৃত্য।

৩৯/সুতুলী কিহেৰে নিৰ্মিত?
উত্তৰ:  মাটিৰে নিৰ্মিত।

৪০/আমেটি আৰু তান্ত্ৰিক উৰ্বৰতা উৎসৱক কি বুলি জনা যায়?
উত্তৰ: অম্বুবাচী মেলা।

৪১/পেপা কিহেৰে নিৰ্মিত?
উত্তৰ: মহৰ শিঙেৰে নিৰ্মিত।

৪২/ গোসাই ফুৰুৱা কোন উৎসৱৰ লগত জড়িত?
উত্তৰ: ফাকুৱা।

৪৩/ আহোমসকলে তেওঁলোকৰ পূৰ্ব-পুৰুষসকলক স্মৰণ কৰি মেডাম মেফি প্ৰতিবছৰে কেতিয়া পালন কৰে?
উত্তৰ:৩১ জানুৱাৰী তাৰিখে।

৪৪/বাথৌ ধৰ্মটোৰ অৰ্থ কি?
উত্তৰ: ৫ টা নীতি।

৪৫/চেৰজা কোনটো জনগোষ্ঠীৰ বাদ্যযন্ত্ৰ?
উত্তৰ: বড়োসকলৰ।

৪৬/প্ৰাচীন কালত বড়ো যোদ্ধাসকলে যুদ্ধক্ষেত্ৰত কিহক বেল্ট হিচাপে ব্যৱহাৰ কৰিছিল?
উত্তৰ: আৰনাই।

৪৭/কাম্বাং কোন জনগোষ্ঠীৰ লোকসকলে পৰিধান কৰা এক পোচাক?
উত্তৰ: ৰাভাসকলে।

৪৮/ওজপালি লোকনৃত্যৰ মুখ্য পালিজনক কি বুলি কোৱা হয়?
উত্তৰ: ডাইনা-পালি।

৪৯/ওজাপালিৰ অন্যতম প্ৰকাৰ “বিয়াহৰ বা ব্যাস গোৱা – এ কোনখন মহাকাব্যৰ কাহিনী কয়?
উত্তৰ: মহাভাৰতৰ কাহিনী।

Assam Direct Recruitment GK questions and answers Part 1

৫০/মানৱ জীৱনৰ ওপৰত আধাৰিত অসমীয় দৰ্শনৰ লোকগীতবোৰক কি বুলি কোৱা হয়?
উত্তৰ: টোকাৰী গীত।

৫১/অম্বুবাচী মেলা কোনটো মাহত পালন কৰা হয়?
উত্তৰ: আহাৰ মাহত।

৫২/কৰম পূজা কোন জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰে?
উত্তৰ: চাহ জনগোষ্ঠীয় লোকসকলে।

৫৩/বুসু ডিমা কোনসকল লোকে পালন কৰে?
উত্তৰ: ডিমাছাসকলে।

৫৪/খেৰাই পূজা কোন লোকসকলৰ ধৰ্মীয় উৎসৱ?
উত্তৰ: বড়ো কছাৰীসকলৰ।

৫৫/খেলসাৱা কোন জনগোষ্ঠীৰ লগত জড়িত উৎসৱ?
উত্তৰ: তিৱাজনগোষ্ঠী।

৫৬/মুৰুং উৎসৱ কোনসকল লোকে পালন কৰে?
উত্তৰ: আপাতানি লোকসকলে।

৫৭/তৰা চিৰা উৎসৱ কোন জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰে?
উত্তৰ:ঠেংগল কছাৰী।

৫৮/বাও গোহাঁই পূজা কোন সম্প্ৰদায়ৰ লোকে পালন কৰে?
উত্তৰ: শৰণীয়া কছাৰী।

৫৯/হাউনো পূজা কোনসকলে পালন কৰে?
উত্তৰ: দেউৰীসকলে।

৬০/আলি আই লৃগাংৰ অৰ্থ কি?
উত্তৰ:   আলি -শিপা
আই – ফল
লৃগাং- হাল বোৱা।

৬১/বাগোৰুম্বা লোকনৃত্যটো কোনটো জনগোষ্ঠীৰ?
উত্তৰ: বড়োজনগোষ্ঠী।

৬২/অসমৰ কোন ঠাইত দিহিং পাটকাই উৎসৱ উদযাপন কৰে?
উত্তৰ: তিনিচুকীয়া।

৬৩/অসমৰ কোন ঠাইত অসম চাহ উৎসৱ পালন কৰে?
উত্তৰ:যোৰহাট।

৬৪/লো হা লা হায় কোন সম্প্ৰদায়ৰ এক জনপ্ৰিয় গীত ?
উত্তৰ: তিৱা সম্প্ৰদায়ৰ।

৬৫/হাজং সম্প্ৰদায়ৰ “কুজাই ঘৰে” কি উল্লেখ কৰিছে?
উত্তৰ: লক্ষ্মী পূজা।

৬৬/হাজং সম্প্ৰদায়ৰ চপোৱা উৎসৱটোক কি নামেৰে জনা যায়?
উত্তৰ:বিশ্ব, কানি পূজা আৰু কাতকা পূজা নামেৰে জনা যায়।

৬৭/ঝুমুৰ কোনটো সম্প্ৰদায়ৰ লোকনৃত্য?
উত্তৰ: চাহ জনগোষ্ঠীৰ।

৬৮/কোন বছৰত ভাৰতৰ সংগীত নাটক অকাডেমীয়ে সত্ৰীয়া নৃত্যক ধ্ৰুপদী নৃত্য হিচাপে স্বীকৃতি দিয়ে?
উত্তৰ:২০০০ চনত।

 

 

Leave a Reply