অসমৰ চাহ উদ্যোগ | History of the Tea Industry in Assam

অসমৰ চাহ উদ্যোগ বিষয়ে চমুকৈ | অসমৰ চাহ উদ্যোগৰ ইতিহাস | অসমৰ চাহ খেতিৰ বিষয়ে |অসমৰ অৰ্থনীতিত চাহ উদ্যোগৰ ভূমিকা | চাহ খেতিৰ বিষয়ে ৰচনা | অসমৰ চাহ উদ্যোগ গঢ় লৈ উঠাৰ কাৰণ | অসমৰ অৰ্থনীতিত চাহ উদ্যোগৰ ভূমিকা | অসমৰ চাহ উদ্যোগৰ বিকাশ | tea manufacturers in assam | tea industry in assam

 অসমৰ চাহ উদ্যোগৰ ইতিহাস | অসমৰ চাহ খেতিৰ বিষয়ে  

অসমৰ চাহ উৎপাদন প্ৰক্ৰিয়া:

অসমৰ চাহ খেতি বা চাহ উদ্যোগ এক গুৰুত্বপূৰ্ণ উদ্যোগ।অসমৰ মাটি আৰু জলবায়ু চাহ খেতিৰ বাবে উপযোগী।১৮৩২ চন মানৰ পৰাহে অসমত চাহ খেতিৰ প্ৰচেষ্টা চলিছিল।১৮৩৯ চনত ‘অসম চাহ কোম্পানী ‘ গঠন কৰা হয়।বৰ্তমান অসমত ডাঙৰ চাহ বাগিচা প্ৰায় ৮০০ খন। আনহাতে ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিছাৰ সংখ্যা এক লাখৰো অধিক।বিশ্বৰ বজাৰত জৈৱিক চাহ পাতৰ চাহিদা দিনক দিনে বৃদ্ধি পাই আহিছে। ইউৰোপৰ দেশসমূহ আমেৰিকা,জাপান আদিত জৈৱিক চাহপাতৰ চাহিদা যথেষ্ট বেছি।বৰ্তমান যিহেতু সেউজীয়া চাহপাত (Green tea)ৰ চাহিদা অধিক গতিকে শিৱসাগৰ, যোৰহাট ,তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে গোবৰ সাৰ, কেঁচুসাৰ আৰু পচন সাৰ প্ৰয়োগ কৰি জৈৱিক চাহ উৎপাদনত অগ্ৰাধিকাৰ দিছে।

চাহ খেতিৰ কাটিং পদ্ধতি:

চাহ খেতিৰ বাবে প্ৰথমে পুলি প্ৰস্তুত কৰিব লাগে। পুলি প্ৰস্তুত কৰিবৰ বাবে পাতল বা মধ্যমীয়া স্তৰৰ বালিচহীয়া মাটি উৎকৃষ্ট। কাটিং আৰু গুটিৰ পৰা চাহ পুলি প্ৰস্তুত কৰা হয়। পুলি প্ৰস্তুত কৰিব বিচৰা মাটিখিনি তিনিমাহমানৰ আগৰে পৰাই পচনসাৰ, গোবৰ সাৰ বা কেঁচুসাৰ প্ৰয়োগ কৰি চহ কৰা হয়। মাটি প্ৰস্তুত হলে মাটিখিনি ঠোঙাত ভৰাই কিছুমান দীঘল দীঘল বনুৱা বনোৱা হয়। পুলিটোৰ ওপৰত ৰ’দ নপৰিবৰ বাবে বাঁহৰ চালি দিয়া হয়। আজিকালি বাঁহৰ সলনি প্লাষ্টিকৰ নেট ব্যৱহাৰ কৰা হয়।চাহ পুলিৰ বাবে নিৰ্বাচিত মাতৃ গছৰ পৰা কলম সংগ্ৰহ কৰি আনি এখিলা পাত ৰাখি হেলনীয়াকৈ কাটি লোৱা হয়। এই কাটিংখিনি সহজে শিপা ওলাবৰ বাবে ৰ’টেক্স নামৰ হৰমন লগাই মাটি ভৰাই থোৱা ঠোঙা বিলাকত টানকৈ গুজি দিয়া হয়। এনেদৰে লগোৱা কাটিং বিলাক পোখা মেলি ৰুবৰ উপযুক্ত হলে মূল চাহ খেতি কৰা তলিলৈ লৈ যোৱা হয়।

চাহ পুলি ৰোপন:

চাহ পুলি ৰুবৰ বাবে মূল তলিখন টেক্টৰেৰে হাল বাই সাৰ জাবৰ দি চহ কৰি লোৱা হয়। চহ কৰি লোৱা তলিখন সমান কৰি পানী ওলাই যাবলৈ নলা খান্দি লোৱা হয়। তাৰ পাছত শাৰী শাৰিকৈ নিৰ্দিষ্ট দূৰত্বত গাত খান্দি পুলিবোৰ ৰোৱা হয়। যিহেতু চাহ গছৰ বাবে মাজে মাজে ছাঁৰ প্ৰয়োজন হয়। গতিকে চাহ পুলিবিলাকৰ শিৰিষ, নিম আদি গছ ৰোৱা হয়। কেইবছৰমান পুলিবিলাকৰ যত্ন লোৱাৰ পাছত পুলিবিলাক ডাঙৰ হৈ চাহ পাত দিবলৈ আৰম্ভ কৰে।

চাহপাত প্ৰস্তুত প্ৰণালী:

চাহপাত ছিঙা পদ্ধতিটোক প্লাকিং বোলে। চাহৰ গুণগত মান ধৰি ৰাখিবলৈ প্লাকিংত গুৰুত্ব দিয়া হয়। চাহপাত প্লাকিং কৰা পদ্ধতি হৈছে কলি দুটিপাত, এটি কলি দুটিপাত। চাহপাত ছিঙাৰ সময়ত শ্ৰমিকসকলে পিঠিত এটা টুকুৰী বান্ধি মূৰত ওলোমাই ছিঙা চাহপাতবোৰ সেই টুকুৰীত ভৰাই থয়। এঠাইত পাত ছিঙা শেষ হলে আন এঠাইত পাত ছিঙিবলৈ লয়। এইদৰে ছিঙা পাতবোৰ দিনে দুবাৰ ওজন সংগ্ৰহ কৰি প্লাষ্টিকৰ বেগত ভৰাই গাড়ীৰ সহায়ত কলঘৰলৈ লৈ যোৱা হয়। কলঘৰৰ ওচৰতে কেইবাখলপিয়াকৈ সাজি থোৱা পাত ঘৰলৈ আনি পাতবোৰ টাবত শুকাবলৈ সমানকৈ মেলি দিয়া হয়।বৰ্তমান কয়লা বা গেছ ব্যৱহাৰ কৰি গৰম বতাহেৰে কেঁচা পাতখিনিৰ আৰ্দ্ৰতাখিনি শুকোৱাই লোৱা হয়।৮-৯ ঘণ্টাৰ ভিতৰত পাতখিনি লেৰেলি শুকাই চাহপাত তৈয়াৰ কৰিব পৰা হয়।শুকাই লেৰেলি যোৱা পাতবোৰ কলঘৰৰ ৰোলিং বা চি টি চি মেচিনত ভৰাই দিয়া হয়, য’ত পাতখিনি কাটি গুৰি কৰি পেলায়।ইয়াৰ পাছত পাতখিনি মেচিনৰ বেল্টৰ সহায়েৰে ফাৰ্মেণ্টিং ৰুমৰ ফাৰ্মেণ্টিং মেচিনলৈ আহে ইয়াত চাহপাতৰ ৰংটো তাম বৰণীয়া হোৱাৰ লগে লগে চাহপাত খিনি ড্ৰায়িং মেছিনলৈ গুচি যায়।এই মেচিনত নিৰ্দিষ্ট উষ্ণতাত তাপ প্ৰয়োগ কৰি চি টি চি চাহপাত তৈয়াৰ হয়। চাহপাত তৈয়াৰ হোৱাৰ পাছত চৰ্তিং মেচিনত চাহপাতবোৰ গুণাগুণ অনুসৰি দাষ্ট, ফাইবাৰ, চলিড, ৱেষ্ট আদিত ভাগ ভাগ হৈ যায়।ইয়াৰ পাছত চাহ নিলাম কেন্দ্ৰৰ পৰা পৃথিৱীৰ বিভিন্ন দেশলৈ চাহপাত ৰপ্তানি কৰা হয়  

FAQ

Leave a Reply