প্ৰথম অসমীয়া চলচ্চিত্ৰ -জয়মতী | First Assamese movie

অসমৰ চলচ্চিত্ৰ | জয়মতী বোলছবি বিষয়ে | অসমৰ প্ৰথম চিনেমা। অসমৰ প্ৰথম চিনেমা  অভিনেতা আৰু অভিনেত্ৰী সকল কোন আছিল |  প্ৰথম অসমীয়া চলচ্চিত্ৰ খনৰ নাম | প্ৰথম অসমীয়া কথাছবি | প্ৰথম অসমীয়া কথাছবি নিৰ্মাতা | অসমীয়া চলচ্চিত্ৰৰ ইতিহাস | অসমীয়া চিনেমাৰ জনক |  প্ৰথম অসমীয়া চলচ্চিত্ৰ পৰিচালক | অসমীয়া চলচ্চিত্ৰৰ কিছু তথ্য |  অসমীয়া চিনেমাৰ বৰ্ণিল যাত্ৰাৰ এক চমু অৱলোকন | Name of the First Assamese Film | The first Assamese film Joymoti was released in the year | First assamese movie cast | first assamese film actress

প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী

প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী

জয়মতী, ১৯৩৫ চনত মুক্তি পোৱা, প্ৰথমখন অসমীয়া কথাছবি। লক্ষ্মীনাথ বেজবৰুৱাৰ ১৭ শতিকাৰ অসমৰ ‘সতী জয়মতী’ নাটকৰ ওপৰত ভিত্তি কৰি, জ্যোতিপ্ৰসাদ আগৰৱালাই এই ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰিছিল। আইদেউ সন্দিকৈয়ে এই ছবিত মূল নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯৩৩ চনত ছবিখনৰ কাম আৰম্ভ কৰা হয় আৰু মুক্তি দিয়া হয় ১৯৩৫ চনত। এই ছবিৰ মূল ছুটিং ভোলাগুৰি চাহবাগিচাত জ্যোতিপ্ৰসাদে সজাই লোৱা ‘চিত্ৰবন ষ্টুডিঅ’ত কৰা হৈছিল।  ১৯৩৫ চনত ‘চিত্ৰলেখা মুভিটোন’ৰ বেনাৰত এই ছবিখন মুক্তি দিয়া হয়।

এতিয়া আংশিক ভাৱেহে পোৱা এই ছবিখন ভাৰতৰ তৃত্বীয়খন সবাক ছবি ( আৰু প্ৰথমখন ৰাজনৈতিক আৰু বাস্তৱবাদী ধাৰাৰ ছবি বুলি অভিহিত কৰিব কৰা হৈছে )। ছবিখনক আংশিক ভাৱে আলটাফ মজিদে উদ্ধাৰ কৰিছে।

জয়মতী ছবিখনৰ পৰিয়ালবৰ্গ সকল আৰু তেওঁলোকৰ প্ৰত্যেকৰেই পৰিচয় সমূহ: 

লেখক :  লক্ষ্মীনাথ বেজবৰুৱা

ছবিখনৰ পৰিচালক : জ্যোতিপ্ৰসাদ আগৰৱালা

প্ৰযোজক  : জ্যোতিপ্ৰসাদ আগৰৱালা।

মূখ্য অভিনয়:  ফুনু বৰুৱা আৰু আইদেউ সন্দিকৈ।

সংগীত: জ্যোতিপ্ৰসাদ আগৰৱালা।

 

ছবিখনৰ  অন্যান্য অভিনেতা সকল:

  • স্বৰ্গজ্যোতি বৰুৱা (দালিমীৰ অভিনয়)
  • মোহিনী ৰাজকুমাৰী
  • কমলা প্ৰসাদ আগৰৱালা
  • মনোভিৰাম বৰুৱা
  • ফণী শৰ্মা
  • প্ৰফুল্ল চন্দ্ৰ বৰুৱা
  • স্নেহ চন্দ্ৰ বৰুৱা
  • নৰেন বৰদলৈ
  • ৰানা বৰুৱা
  • চামচুল হক
  • ৰাজেন বৰুৱা
  • পুতুল হক
  • ৰাজকুমাৰী গোহাই
  • সুবৰ্ণৰেখা শইকীয়া
  • ললিত মোহন চৌধুৰী
  • বনমালী দাস
  • প্ৰতাপ বৰুৱা

 

জয়মতী ছবিখনৰ  কাহিনী সাৰাংশ

সোতৰ শতিকাৰ অসম বুৰঞ্জীৰ এটি অধ্যায়ৰ ওপৰত ভেঁজা দি নিৰ্মাণ কৰা এই কথাছবিখনত জয়মতীৰ কাহিনী দৰ্শোৱা হৈছে। নিজৰ ৰাজপাট নিষ্কণ্টক কৰিবলৈ বৰফুকন লালুকসোলাৰ নিৰ্দেশত ল’ৰা ৰজাই ৰাজ্যৰ কোঁৱৰ সকলৰ অংগক্ষত কৰাৰ নিৰ্দেশ দিয়ে। এই অত্যাচাৰৰপৰা হাত সাৰিবলৈ তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপানি ৰাজ্য এৰি নগা পাহাৰত গৈ আশ্ৰয় লয়। গদাপানিক বিচাৰি নাপাই তেখেতৰ বতৰা বিচাৰি তেখেতৰ পত্নী জয়মতীক জেৰেঙা পথাৰত কেবাদিনলৈ অত্যাচাৰ চলোৱা হয়। কাহিনীটো বুৰঞ্জীমূলক হ’লেও ছবিখনত ইয়াক সমকালীন ভাৰতবৰ্ষৰ ৰাজনৈতিক পৰিস্থিতিৰ লগত তুলনা কৰা দেখা যায়।

 

জয়মতী’ নিৰ্মাণৰ আঁৰৰ কাহিনী

ইংলেণ্ডৰপৰা উভতি অহাৰ সময়ত জ্যোতিপ্ৰসাদে ৬ মাহৰ বাবে ইউ. এফ. এ. ষ্টুডিঅ’ত (Universum Film AG Studio) চলচ্চিত্ৰ নিৰ্মাণৰ কলা-কৌশল শিকি লয়। অসমলৈ আহি তেওঁ নিজৰ ছবিৰ বাবে জয়মতীৰ কাহিনীটো সমল কৰি ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন ষ্টুডিঅ’ স্থাপন কৰে। তাতেই দুটা কেম্পত পুৰুষ আৰু মহিলাৰ বাবে পৃথকে চলচ্চিত্ৰত অভিনয়ৰ কলা-কৌশল শিকোৱা হয়। ছবিৰ কাৰিকৰী কামৰ বাবে লাহোৰৰপৰা কলা-কুশলী আহিছিল। চলচ্চিত্ৰৰ ফিল্ম পৰিস্ফুটণৰ বাবে কলিকতাৰ বাবে বৰফ অনোৱা হৈছিল। ঢাকাত ছবিখনৰ সম্পাদনাৰ কাম কৰা হয়। আৰু তাতেই জ্যোতিপ্ৰসাদে জানিবলৈ পায় যে ছুটিঙৰ সময়ত বাণীবদ্ধ কৰা শব্দবিলাক অহা নাই। জ্যোতিপ্ৰসাদে তেতিয়া শব্দ-ষ্টুডিঅ’ ভাৰালৈ লৈ নিজেই কেবা গৰাকীও শিল্পীৰ মাত কথা বাণীবদ্ধ কৰে। তেখেতে হেনো এদিনতে ছ হাজাৰ ফুট ৰীল বাণীবদ্ধ কৰিছিল।

 

জয়মতীৰ ছবিখনৰ কাহিনী 

জয়মতী আছিল আহোমৰ কোঁৱৰ গদাপানিৰ পত্নী। ১৬৭৯ চনৰপৰা ১৬৮১ চনলৈ স্বৰ্গদেউ চুলিক্‌ফা (ল’ৰাৰজা)-ই লালুক সোলাৰ নিৰ্দেশত ৰাজ্যৰ কোঁৱৰসকলৰ অংগহানিৰ নিৰ্দেশ দিয়ে। অংগক্ষত থকা কোঁৱৰে ৰাজপাটত বহাত বাধা আছিল বাবেই এই আদেশ দিয়া হৈছিল। গদাপানি পলাই যায় কেবাখনো সত্ৰত আৰু কাষৰীয়া নগা পাহাৰ আৰু অন্যান্য জনজাতীয় গাঁৱত আশ্ৰয় লৈ গদাপানিয়ে প্ৰাণ ৰক্ষা কৰে। কোঁৱৰে গদাপানিক বিচাৰি উলিয়াব নোৱাৰি চুলিক্‌ফাৰ সৈন্যই তেখেতৰ পত্নী জয়মতীক ধৰি লৈ যায় আৰু গিৰিয়েকৰ বতৰা দিবলৈ অত্যাচাৰ আৰম্ভ কৰে। জেৰেঙা পথাৰত চলা কেইবাদিনো জোৰা এই অত্যাচাৰৰ পাছত জয়মতীৰ মৃত্যু হয়। জয়মতীৰ আত্মত্যাগে পাছলৈ ভাল ফল দেখুৱায়। ১৬৮০ চনত লালুক সোলাক হত্যা কৰা হয়। ৰজাঘৰৰ ডা-ডাঙৰীয়া সকলে যোগ্য কোঁৱৰ এজন বিচাৰি গদাপানিক বিচাৰি পঠিয়ায়। গাৰো পাহাৰত আশ্ৰয় লৈ থকা গদাপানিয়ে সৈন্য -সামন্ত গোটাই ল’ৰাৰজাৰ হাতৰপৰা শাসন ভাৰ নিজৰ হাতলৈ আনে। জয়মতীৰ আত্মত্যাগৰ বাবে জনপ্ৰবাদত তেওঁক সতী বুলি মানি লোৱা হয়।

জয়মতী’ ছবিখনৰ চিত্ৰগ্ৰহণ

জয়মতীৰ অন্তৰ্দৃশ্যৰ চিত্ৰগ্ৰহণৰ বাবে জ্যোতিপ্ৰসাদে গহপুৰৰ কাষৰ ভোলাগুৰি চাহ বাগিচাত ‘চিত্ৰবন’ নাম দি এটা ষ্টুডিঅ’ নিৰ্মাণ কৰি লয়। এই ষ্টুডিঅ’ নিৰ্মাণত থলুৱা সামগ্ৰীৰে থলুৱা আৰ্হিৰ ঘৰ সাজি লোৱা হৈছিল। বাঁহৰ জাঁপি, পহু আৰু ম’হৰ শিং আৰু নগা যাঠীৰে জ্যোতিপ্ৰসাদে ষ্টুডিঅ’ৰ ভিতৰৰ আহোম ৰাজচ’ৰা সাজি লৈছিল। পুৰণি অসমীয়া সাজ-বাছনো গোটাই লৈছিল। লাহোৰৰপৰা শব্দযন্ত্ৰী হিচাপে আহিছিল ফৈজী ভাতৃদ্বয়, নিজৰ আৱিষ্কাৰ ‘ফৈজী ছাউণ্ড ছিষ্টেম’ লৈ। কেমেৰা অনা হৈছিল কলিকতাৰ ‘মেহতা’ৰপৰা।

১৯৩৩ চনৰ ডিচেম্বৰ মাহত কলা-কুশলী সকল ‘চিত্ৰবন’ত জমা হ’বলৈ ধৰে। তাতেই তেওঁলোক আটাইৰে থকা-খোৱাৰ বন্দবস্ত কৰা হৈছিল। ফিল্ম পৰিস্ফুটনৰ বাবে তাতেই ৰসায়ানাগাৰ গঢ়ি লোৱা হৈছিল।

নটসূৰ্য ফণী শৰ্মাৰ আত্মজীৱনীত পোৱা অনুসৰি চিত্ৰবন অকল ষ্টুডিঅ’ই নাছিল , তাত চিনেমা সম্পৰ্কীয় পাঠদানো কৰা হৈছিল। ফিল্মৰ পৰিস্ফূটনৰ কাম-কাজ, সম্পাদনা, কেমেৰাৰ স্থান ইত্যাদিৰ ওপৰত জ্যোতিপ্ৰসাদে তেওঁলোকক শিকাইছিল। অভিনয়ৰ বাহিৰেও নৃত্য-গীত, শৰীৰ চৰ্চা আদিয়ো কৰোৱা হৈছিল।

ছবিৰ ছুটিঙৰ কাম ১৯৩৪ চনত আৰম্ভ কৰা হৈছিল যদিও কেইদিন পাছতেই বন্ধ কৰি দিয়া হয়। কাৰণ জয়মতীৰ বাবে এগৰাকী উপযুক্ত অভিনেত্ৰী বিচাৰি পোৱা হোৱা নাছিল। অৱশেষত তেওঁ গোলাঘাটৰ ওচৰৰ গাঁৱ এখনত আইদেউ সন্দিকৈক বিচাৰি পায়। দ্বিতীয়বাৰ আৰম্ভ কৰাৰ পাছতো ডাৱৰীয়া বতৰৰ বাবে ছেগা-ছোৰোকাকৈহৈ ছুটিঙ কৰিব পৰা গৈছিল। ১৯৩৪ চনৰ আগষ্ট মাহত ছবিৰ ছুটিঙৰ কাম শেষ হয়। জ্যোতিপ্ৰসাদে নিজেই সম্পদনা কৰি ১৯৩৫ চনত ছবিখন মুক্তি দিয়ে।

জয়মতী ছবিখনত ৰাইজৰ সঁহাৰি

১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে ছবিখন মুক্তি দিয়া হয় ‘ৰৌনক মহল’ত। ছবিখনৰ উদ্ঘাটন কৰিছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই। গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত ছবিখন মুক্তি দিয়া হয়। ছবি খনে দৰ্শকৰ সঁহাৰি লাভ কৰাত ব্যৰ্থ হয় আৰু বহুত লোকচান ভৰিবলগীয়া হয়।

 

FAQ

জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিৰ কাহিনীৰ উৎস কি?

জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ কথাছবিৰ কাহিনীৰ উৎস হ’ল লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ‘জয়মতী কুঁৱৰী’ নামৰ নাটকখন।

জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ লৈছিল?

জ্যোতিপ্ৰসাদ আগৰৱালাই জার্মানীত চলচ্চিত্র নির্মাণৰ প্রশিক্ষণ লৈছিল।

জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জয়মতী’ৰ প্ৰথম দর্শনীৰ আয়োজন কেতিয়া আৰু ক’ত কৰিছিল?

জ্যোতিপ্ৰসাদ আগৰৱালাই ‘জয়মতী’ৰ প্ৰথম দর্শনীৰ আয়োজন ১৯৩৫ চনৰ ১০ মাৰ্চ তাৰিখে কলকাতাৰ ‘ৰাউনাক’ প্ৰেক্ষাগৃহত কৰিছিল।

অসমীয়া চিনেমাৰ জনক কোন?

অসমীয়া চিনেমাৰ জনক ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা।

Leave a Reply