কলমৰ আৱিষ্কাৰ – Pen Essay

কলম কোনে আৱিষ্কাৰ কৰিছিল |  কলমৰ শক্তি | তৰোৱালতকৈ কলম শ্ৰেষ্ঠ | Kalom Essay

কলম কোনে আৱিষ্কাৰ কৰিছিল

কলমৰ  আৱিষ্কাৰ তথা উৎপত্তি আৰু ব্যৱহাৰ:

কলম শব্দটো শুনিবলৈ তেনেই সহজ যেন লাগে। কিন্তু এই তিনিটা আখৰেৰে গঠিত কলমে যে অনাদি কালৰে পৰা আজি পৰ্যন্ত কিমান গুৰুত্ব বহন কৰাটো কঠিন। সেই আদিম যুগৰ মানুহবিলাকে বিভিন্ন ৰং তুলিকাৰে যিবিলাক গুহা চিত্ৰ অংকণ কৰি থৈ গৈছে। সেই ৰং – তুলিকাই হৈছে সেই সময়ৰ একো একোটা কলম।

কলমৰ আৱিষ্কাৰ

কলমৰ আৱিষ্কাৰ ক’ত কেনেকৈ হৈছিল তাক সঠিকভাৱে জানিব নোৱাৰি যদিও চীনদেশত প্ৰথম কলমৰ ব্যৱহাৰ হৈছিল বুলি কোৱা হয়। আগতে চৰাইৰ পাখি, খাগৰিৰ টুকুৰা আদিৰ মূৰ জোঙা কৰি আৰু জোঙা মূৰটো কটাৰীৰে ফালি তাক চিয়াঁহীত ডুবাই লিখাৰ ব্যৱস্থা আছিল। এনে ধৰণৰ কলমৰ দ্বাৰাই আমাৰ মহাপুৰুষ সকলে সাঁচিপাত আৰু তুলাপাতত অসমৰ বৈষ্ণৱ সাহিত্যৰ সৃষ্টি কৰিছিল। কলম নথকাহেঁতেন পৃথিৱীত কোনো ধৰ্মৰে অস্তিত্ব নাথাকিলেহেঁতেন। সকলোবোৰ সাহিত্যৰাজিৰ সৃষ্টিৰ মূল আধাৰ হ’ল কলম। অৱশ্যে কিছুমান সাহিত্য মুখে মুখে চলি আহিছিল যদিও সিহঁতে স্থায়ীত্ব পালে কলমৰ হাততহে।
বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ যুগৰ ছপা যন্ত্ৰ, টাইপ ৰাইটাৰ আদিৰ দ্বাৰা ছপা কৰিব পৰা হোৱাত মানুহৰ কষ্ট কিছু হ্ৰাস পালে আৰু তাত কলমৰ ব্যৱহাৰো কমিল। ছপা যন্ত্ৰৰ আৱিষ্কাৰ হৈছিল ১৪০০ চনত জাৰ্মানীত কিন্তু ই জনপ্ৰিয়তা লাভ কৰিছিল যে ১৫৩৯ চন মানৰ পৰাহে। তাৰ আগত মানুহে সকলোবিলাক কাম কলমৰ দ্বাৰা সম্পন্ন কৰিছিল। ভাৰত তথা অসমত ছপাযন্ত্ৰৰ প্ৰচাৰ ব্ৰিটিছৰ আগমনৰ পিছতহে হৈছিল। তাৰ আগৰ কালচোৱাত যিমানখিনি সাহিত্যৰ সৃষ্টি হৈছিল সেই সকলোবোৰ নিৰ্ভৰ কৰিছিল কলম তথা সাঁচিপাত, তুলাপাতৰ ওপৰত।
আগৰ পাখি কলম ব্যৱহাৰত বহুতখিনি অসুবিধা আছিল। যেনে: চিয়াঁহীত ডুবাই ডুবাই লিখোতে সময় নষ্ট হয় আৰু লিখিবলৈ খহটা হয়। পিছলৈ লিখাৰ এই অসুবিধা দূৰ কৰিবলৈ বিভিন্নজনে বিভিন্ন কলম আৱিষ্কাৰ কৰি তাক উন্নত ৰূপলৈ লৈ গ’ল। পিছত ১৮৫৯ চনত বল্টিৰে মুছলি নামৰ এজন ইংৰাজ লোকে ৰবৰৰ টিউব লগাই স্বয়ংক্ৰিয়ভাৱে চিয়াঁহী উলিয়াব পৰা কলম সাঁজি উলিয়াইছিল। এই কলমটোৱে প্ৰথম আধুনিক সুবিধাজনক কলম আখ্যা দিয়া হয়।ইয়াৰ পিছত কলমৰ ৰূপ উন্নত হৈ হৈ এই অৱস্থা পাইছেহি।লগতে শিক্ষা জীৱনৰ অবিচ্ছেদ্য অংগৰূপে পৰিগণিত হৈছে। কলম অবিহনে যেন শিক্ষা জীৱন অসম্পূৰ্ণ।

কলমৰ ব্যৱহাৰ:

আগতে বচনেই আছিল সর্বস্ব। তাত কোনো ধৰণৰ ধৰাবন্ধা নিয়ম নাছিল বাবে কেতিয়াবা কেতিয়াবা ভাষাৰ সলনি হৈছিল। অৱশ্যে কলমৰ আৱিষ্কাৰ তথা ব্যৱহাৰৰ পিছত এই অসুবিধাৰ অন্ত পৰে। মানুহে লিখিতভাৱে সকলো কাৰ্য সমস্যা সমাধা কৰিবলৈ লয়। যেনে: মাটি সম্পত্তি কিনা বেচা কৰা, বিবাহ কাৰ্য সম্পন্ন কৰা ইত্যাদি।
বৰ্তমান কলমেৰে জটিল ভাৱ -ভাষা প্ৰকাশ কৰিব পাৰি। ডাঙৰ ডাঙৰ প্ৰতিষ্ঠাৰ পৰা ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠান আদি সকলোতে কলমৰ ব্যৱহাৰ অতুলনীয়। কলমৰ অন্তৰ্নিহিত শক্তি ইয়াৰ বজাৰৰ মূল্যতকৈ বহুগুণে বেছি। কলমৰ দ্বাৰা এটা চহীয়ে পৃথিৱীৰ ৰূপৰেখা সলনি কৰাৰ উদাহৰণ আছে। যেতিয়া কোনো এজন ব্যক্তিয়ে এখন কাগজত কিবা লিখি তাৰ তলত নিজৰ চহী কৰে তাক তেতিয়া চিৰন্তন সত্য বুলি কোৱা হয়।
এটা চহীৰ বাবে মানুহে অফিচ কছাৰী, বিদ্যালয়, বেংক আদিৰ চাৰিওফালে ঘুৰিবলগীয়া হয়। এই কলম অস্ত্ৰৰ দ্বাৰা কৰা এটা চহীও এজন মানুহৰ জীৱন পৰিক্ৰমা সলনি কৰি দিব পাৰে। এই চহীৰ দ্বাৰা হোৱাটোকে নোহোৱা কৰিব পাৰি। কলমৰ বিষয়ে অলপ দকৈ ভাবিলে কলমৰ নিছিনাশক্তিশালী একো নাই বুলিয়ে কব পাৰি। বৰ্তমান আন অস্ত্ৰতকৈ কলম অস্ত্ৰত শক্তিশালী। এজন লোকৰ ভাল বেয়া তাৰ পৰিচয় তাৰ কলমেই ধৰি ৰাখে। কোনো লোকে কলমৰ এই বেয়াব্যৱহাৰ কৰিব নালাগে সেইয়ে হয়টো “তৰোৱালতকৈ কলম শ্ৰেষ্ঠ”- এই আপ্ত বাক্যষাৰ যোগে যোগে সত্য।

 

লগতে চাওক     :  টেলিভিছন, কম্পিউটাৰ , মটৰ চাইকেল আৰু বহুতো আৱিষ্কাৰ আৰু আৱিষ্কাৰক

Leave a Reply