আইন অমান্য আন্দোলন –

আইন অমান্য আন্দোলনৰ মূল লক্ষ্য | আইন অমান্য আন্দোলন কী | মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম | আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল | আইন অমান্য আন্দোলনৰ বিষয়ে চমুকৈ  |  আইন অমান্য আন্দোলন কাৰণ | আইন অমান্য আন্দোলনত অসমৰ ভূমিকা | আইন অমান্য আন্দোলন ফলাফল | আইন অমান্য আন্দোলন অসমীয়া | Ain Amanya Andolan assamese

 

 

আইন অমান্য আন্দোলন

 

১৯৩০ চনৰ ৬ এপ্রিল তাৰিখে মহাত্মা গান্ধীয়ে দাণ্ডীত সাগৰৰ পানী তপতাই লোণ প্ৰস্তুত কৰাৰ লগে লগে দেশত আইন অমান্য আন্দোলনৰ সূচনা হয়। এইটো আছিল ভাৰতয়ী জাতীয় কংগ্ৰেছৰ নেতৃত্বত পৰিচালিত স্বাধীনতা আন্দোলনৰ দ্বিতীয়টো পৰ্ব। অৱশ্যে লাহোৰ কংগ্ৰেছত পূর্ণ স্বাধীনতাৰ প্ৰস্তাৱ (১৯২৯ চনৰ ২৯-৩১ ডিচেম্বৰ) গৃহীত হোৱাৰ পিছত আন্দোলনৰ প্ৰাৰম্ভিক কাৰ্যসূচী আৰম্ভ কৰা হৈছিল ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনাখন। সেইদিনাখন সমগ্ৰ দেশতে “পূৰ্ণ স্বৰাজ দিৱস” পালন কৰাৰ লগতে কংগ্ৰেছৰ পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়িত কৰা হয়।

গান্ধীৰ দ্বাৰা লোণ আইন ভংগ কৰাৰ সময়ত তেওঁৰ সৈতে থকা ৭৮ জন সহযোগীৰ মাজত অসমৰপৰা লীলাধৰ বৰুৱাই গান্ধীৰ দাণ্ডী যাত্ৰাত অংশ গ্রহণ কৰিছিল। তেতিয়া তেওঁ কলিকতাৰ চিটি কলেজৰ ছাত্ৰ আছিল। সি যি কি নহওক, এই দাণ্ডীতেই মহাত্মা গান্ধীয়ে সাগৰৰ পানী তপতাই লোণ প্রস্তুত কৰি প্রচলিত চৰকাৰী লোণ আইন ভংগ কৰে।

আইন অমান্য আন্দোলনৰ প্ৰাক্ মুহূৰ্তত অসম প্রাদেশিক কংগ্ৰেছ সমিতিৰ সাংগঠনিক অৱস্থা অত্যন্ত দুৰ্বল আছিল। স্বৰূপাৰ্থত কবলৈ গ’লে অসমত কংগ্ৰেছৰ কোনো অস্তিত্বই নাছিল, নামত প্রাদেশিক কংগ্ৰেছ সমিতি থাকিলেও ই যেন আছিল এটি ‘পৰিত্যক্ত গৃহ’। এনে অৱস্থাত অসমত ছাত্র-যুৱকসকলেই অসহযোগৰ সময়ৰ দৰে পুনৰ ৰাজনৈতিক আন্দোলনৰ নেতৃত্ব ল’বলৈ ওলাই আহিছিল। আইন অমান্য আন্দোলনত আৰম্ভণিৰেপৰা ছাত্ৰ-যুৱকৰ অংশ গ্রহণ কাৰ্য বৰ তাৎপর্যপূর্ণ ঘটনা আছিল। ১৯৩০ চনৰ ২৬ জানুৱাৰীত সমগ্ৰ দেশৰ লগতে অসমতো স্বৰাজ দিৱস পালন কৰা, কংগ্ৰেছৰ পতাকা উত্তোলন কৰা আৰু সংকল্প লোৱা আদি সকলোবোৰ কাৰ্যসূচীতে ছাত্র-যুৱকৰ অংশ গ্রহণ আছিল ব্যাপক। সেইদিনাখন গুৱাহাটীৰ জুবুলী পাৰ্কত অসম প্রাদেশিক কংগ্ৰেছ সমিতিৰ সভাপতি তৰুণৰাম ফুকনে পতাকা উত্তোলন কৰা কাৰ্যসূচীত নবীন চন্দ্ৰ বৰদলৈ, সিদ্ধিনাথ শৰ্মা আদি কংগ্ৰেছ নেতাসকলৰ লগতে শ শ ছাত্ৰ-যুৱকে অংশ গ্ৰহণ কৰিছিল।

অসমৰ কংগ্ৰেছ নেতা তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ, ৰোহিণী কুমাৰ চৌধুৰী আদি লাহোৰ কংগ্ৰেছত গৃহীত পূর্ণ স্বাধীনতাৰ প্ৰস্তাৱৰ প্ৰতি বিশেষ আগ্রহী নাছিল। কিয়নো তেওঁলোক বিধান পৰিষদ বৰ্জনৰ বিৰোধী আছিল। লাহোৰ কংগ্ৰেছত পূর্ণ স্বাধীনতাৰ প্ৰস্তাৱৰ উপৰিও বিধান পৰিষদ বৰ্জনৰ সিদ্ধান্ত লোৱাৰ পৰিপ্ৰেক্ষিততেই তৰুণৰাম ফুকন আৰু গোপীনাথ বৰদলৈয়ে যথাক্রমে অসম প্রাদেশিক কংগ্ৰেছ সমিতি আৰু গুৱাহাটী জিলা কংগ্ৰেছ সমিতিৰ সভাপতিৰ পদবীৰপৰা ইস্তফা দি কংগ্ৰেছী ৰাজনীতিৰপৰা আঁতৰি গৈছিল। এনে অৱস্থাত কুলধৰ চলিহা আৰু নবীন চন্দ্ৰ বৰদলৈয়ে অসমত আইন অমান্য আন্দোলন চলাবলৈ সাহস গোটাব পৰা নাছিল। এক তীব্র হতাশাবাদে কংগ্ৰেছ সংগঠনটোক জুমুৰি দি ধৰিছিল। এনে অৱস্থাত ১৯৩০ চনৰ ৮ ফেব্ৰুৱাৰীত বিষ্ণুৰাম মেধিক সভাপতি আৰু মহম্মদ তৈয়াবুল্লাহক সাধাৰণ সম্পাদক ৰূপে লৈ অসম প্ৰাদেশিক কংগ্ৰেছ সমিতিক পুনৰুজ্জীৱিত কৰিছিল।

সেই বছৰৰে ১৪ এপ্রিল তাৰিখে জৱাহৰলাল নেহৰু আৰু ৫ মে’ তাৰিখে মহাত্মা গান্ধীক চৰকাৰে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত অসমত স্কুল-কলেজৰ শ শ ছাত্ৰই সভা-শোভাযাত্রা অনুষ্ঠিত কৰি তেওঁলোকৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আইন অমান্য আন্দোলনৰ শক্তি আৰু পৰিসৰ বৃদ্ধি কৰিছিল। মে’ মাহৰ ৬ আৰু ১৪ তাৰিখে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছাত্ৰ-যুৱকসকলে শ্ৰেণী বৰ্জন কৰিছিল।

সেই সময়ৰ কোঁচবিহাৰৰ ভিক্তোৰিয়া কলেজৰ ছাত্ৰ তেজপুৰৰ বিষ্ণুপ্ৰসাদ ৰাভাই নিজা ঘৰলৈ আহি তেজপুৰত আইন অমান্য আন্দোলনত ছাত্ৰসকলক নেতৃত্ব দিছিল। গোলাঘাটত শংকৰ বৰুৱা, কনক দাস আদিয়ে ধীৰেণ দত্তৰ দিহা-পৰামৰ্শ মৰ্মে সেই অঞ্চলৰ ছাত্ৰ-যুৱকসকলক সংগঠিত কৰি আন্দোলনত নেতৃত্ব দিছিল। গুৱাহাটীত তৰুণৰাম ফুকন আৰু ৰোহিণী কুমাৰ চৌধুৰীয়ে ছাত্ৰসকলক আইন অমান্য আন্দোলনৰপৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰি কিছু পৰিমাণে কৃতকার্যতা লাভ কৰিছিল।

আন্দোলনটো ধীৰ গতিৰে চলি থাকোঁতেই অসম চৰকাৰৰ শিক্ষাধিকর্তাই ১৯ মে’ তাৰিখে প্ৰৱৰ্তন কৰা এখন ঘোষণা পত্ৰই আন্দোলনটোৰ গতি-প্রকৃতিয়েই বদলাই পেলালে। ১৯১২-৩১ৰ কালছোৱাত অসমৰ শিক্ষাধিকর্তা আছিল জন ৰিচাৰ্ড কানিংহাম। তেওঁ ছাত্ৰসকলক আন্দোলনৰপৰা আঁতৰাই ৰখাৰ অভিপ্ৰায়েৰে এখন চাৰ্কুলাৰ উলিয়ায়। কানিংহাম চাহাবৰ নামানুসাৰে উক্ত চার্কুলাৰখনক কানিংহাম চাকুলাৰ বোলা হৈছিল।

কিন্তু চাকুলাৰখনে ছাত্ৰসকলক আন্দোলনৰপৰা বিৰত কৰাৰ পৰিৱৰ্তে তাত অংশ গ্ৰহণ কৰিবলৈ বেছিকৈহে প্ৰৰোচিত কৰিলে। আনকথাত অভিশাপেই বৰ হোৱাদি এই চাৰ্কুলাৰখনেই অসমত আইন অমান্য আন্দোলন সংগঠিত কৰাত সহায়কৰূপে কাম কৰিলে। তদানীন্তন অসমৰ এজন নিষ্ঠাবান কংগ্ৰেছ কৰ্মী কৃষ্ণনাথ শৰ্মাৰ ভাষাত, “১৯৩০ চনৰ আন্দোলনত এই কানিংহাম চাৰ্কুলাৰে ছাত্ৰ-ছাত্ৰীসকলৰ হতুৱাই চৰকাৰে আইন অমান্য আন্দোলন কৰোৱালে। ১৯৩০ চনত অসমত আইন অমান্য আন্দোলন কৃতকার্য হোৱাৰ কাৰণে কানিংহাম চাৰ্কুলাৰক ধন্যবাদ নিদি নোৱাৰি। বেয়াৰপৰাও কেতিয়াবা ভাল হয়।”

অসহযোগ আন্দোলনৰ সময়ৰ দৰে আইন অমান্য আন্দোলনৰ সময়তো অমিয় কুমাৰ দাস আৰু হেমচন্দ্ৰ বৰুৱাই ছাত্ৰসকলক নেতৃত্ব দিছিল। সেই সময়ত কটন কলেজৰ ভালেমান ছাত্রই কলেজ বর্জন কৰি আন্দোলনত নামিছিল। হেমচন্দ্ৰ বৰুৱা আৰু অমিয় কুমাৰ দাসে অসম ছাত্ৰ সন্মিলনৰ তদানীন্তন সম্পাদক ৰজনীকান্ত গোস্বামীক ছাত্ৰসকলক আইন অমান্য আন্দোলনত জড়িত কৰিবলৈ অহৰহ বুজনি দি আছিল।

অৱশেষত এই সম্পৰ্কে সিদ্ধান্ত কৰিবলৈ ২১ জুলাইত গুৱাহাটীৰ হৰিসভাত অমিয় কুমাৰ দাসৰ সভাপতিত্বত অসম ছাত্ৰ সন্মিলনৰ এখন বিশেষ সভা অনুষ্ঠিত কৰা হৈছিল। অমিয় কুমাৰ দাসে এক তেজোদীপ্ত ভাষণেৰে ছাত্ৰসকলক ভাৰতবৰ্ষৰপৰা ব্ৰিটিছ সাম্ৰাজ্যবাদক উৎখাত কৰি দেশ মাতৃৰ স্বাধীনতা আনিবলৈ আহ্বান জনাইছিল। তেওঁ কৈছিল, “কানিংহাম চাহাব ব্ৰিটিছ সাম্ৰাজ্যবাদৰ পুতলা। তেওঁৰ বিৰুদ্ধে ছাত্ৰৰ সংগ্ৰাম নহয়। ছাত্ৰসকলৰ সংগ্ৰাম হ’ব লাগিব ব্ৰিটিছ সাম্ৰাজ্যবাদক ভাৰতবৰ্ষৰপৰা আঁতৰোৱাৰ কাৰণে ৷ যেতিয়ালৈ ভাৰতবৰ্ষৰপৰা ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উচ্ছেদ সাধন নহয়, তেতিয়ালৈকে এক কানিংহাম নহয়, হেজাৰ হেজাৰ কানিংহামৰ সৃষ্টি হ’ব। গতিকে ছাত্ৰসকলৰ মূলমন্ত্ৰ হ’ব লাগিব সাম্রাজ্যবাদৰ সম্পূৰ্ণ উচ্ছেদ সাধন।”

অসম ছাত্ৰ সন্মিলনৰ এই বিশেষ অধিৱেশনতেই ছাত্ৰসকলক আইন অমান্য আন্দোলনত সঠিকভাৱে নেতৃত্ব দিয়াৰ অভিপ্ৰায়েৰে বিষ্ণুৰাম মেধিক সভাপতি আৰু বিজয় চন্দ্ৰ ভাগৱতীক সম্পাদকৰূপে লৈ এখন কৰ্ম পৰিষদ গঠন কৰা হৈছিল। সি যি কি নহওক, অসমত ছাত্ৰসকলৰ নেতৃত্বত চলা কানিংহাম চাকুলাৰ বিৰোধী আন্দোলনে আইন অমান্য আন্দোলনক শক্তি প্ৰদান কৰে আৰু দুয়োটা আন্দোলনেই একাকাৰ হৈ পৰে। সমগ্ৰ অসমতে ছাত্ৰসকলৰ অংশ গ্ৰহণে আইন অমান্য আন্দোলনক ব্ৰিটিছ সাম্রাজ্যবাদ বিৰোধী এক ব্যাপক গণ আন্দোলনলৈ উন্নীত কৰে। ধৰ্মঘট, সভা, শোভাযাত্রা, পিকেটিং আছিল আন্দোলনৰ মূল কাৰ্যসূচী।

অসমত লোণ তৈয়াৰ কৰি লোণ আইন ভংগকৰাৰ পৰিৱেশ নথকাত, অসহযোগৰ সময়ৰ দৰে এইবাৰো আইন অমান্য আন্দোলনৰ মূল কাৰ্যসূচী আছিল কানি, মদ, ভাং আৰু বিদেশী পণ্য সামগ্ৰীৰ দোকান- পোহাৰ আৰু মহলত পিকেটিং কৰা।

কানিৰ বিৰুদ্ধে প্ৰচাৰ আৰু কানিৰ দোকানত পিকেটিং কৰাৰ ফলত আইন অমান্য আন্দোলনৰ সময়ত কানি খোৱা লোকৰ সংখ্যা আৰু কানি বিক্ৰীৰ পৰিমাণ যথেষ্ঠ পৰিমাণে হ্ৰাস পাইছিল। ১৯২৫-২৬ চনত অসমৰ সমতলৰ জিলাসমূহত পঞ্জীভুক্ত কানিয়াৰ সংখ্যা আছিল ৯০,০০০ জন, আৰু ১৯৩২-৩৩ চনত আইন অমান্য আন্দোলনৰ বাবে কানিয়াৰ সংখ্যা হৈছিলগৈ ৬৯,৬০৫ জন। আনহাতে বিক্ৰীৰ বাবে চৰকাৰী কোষাগাৰৰপৰা মুকলি কৰি দিয়া কানিৰ পৰিমাণ ১৯২৭-২৮ চনৰ ৭২২ মোনৰ বিপৰীতে ১৯৩২-৩৩ চনত ৩৫৬ মোন আৰু ১৯৩৩-৩৪ চনত ২৯৪ মোনলৈ হ্ৰাস পাইছিল। অকল ১৯৩০ চনতেই চৰকাৰে কানি-মদ-ভাঙৰ বাবদ প্রায় ১৪ লাখ টকাৰ ক্ষতিৰ সন্মুখীন হৈছিল।

পূৰ্বে উল্লেখ কৰি অহা হৈছে যে আইন অমান্য আন্দোলনৰ সময়ত অসমত কংগ্ৰেছৰ নেতাসকলে কংগ্ৰেছৰ সহযোগী সংগঠনৰূপে বিশেষকৈ দৰং আৰু শিৱসাগৰ জিলাত ৰায়ত সভা নামে এলানি কৃষক সভাৰ সংগঠন গঢ়ি তুলিছিল। এই সংগঠনৰ ফালৰপৰা মাটিৰ খাজনা ৫০ শতাংশ হ্রাস কৰাৰ বাবে দাবী উত্থাপন কৰা হৈছিল। এই দাবীটো আইন অমান্য আন্দোলনৰ কাৰ্যসূচীৰো অন্তৰ্ভুক্ত আছিল। ফলশ্রুতিত আন্দোলনৰ সময়ত চৰকাৰে ভূমি ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সন্মুখীন হৈছিল। উক্ত সময়ছোৱাত লাখ লাখ টকাৰ ভূমি ৰাজহ অনাদায় হৈ ৰৈছিল। অসমত আইন অমান্য আন্দোলনৰ পৰিপ্ৰেক্ষিতত অনাদায় হৈ পৰা ভূমি ৰাজহৰ পৰিমাণ ১৯৩০ চনত আছিল ৭ লাখ, ১৯৩১ চনত ২১ লাখ, ১৯৩২ চনত ৩৬ লাখ আৰু ১৯৩৩ চনত ৩৭ লাখ। আনহাতে অসমত আইন অমান্য আন্দোলনত অংশ গ্ৰহণকাৰী লোকৰ ৯৯ শতাংশই আছিল গাঁৱৰ খেতিয়ক তথা কৃষক পৰিয়ালৰপৰা অহা ছাত্ৰ-যুৱক।

1 thought on “আইন অমান্য আন্দোলন –”

Leave a Reply