ৰোহিনী কুমাৰ চৌধুৰী || জননেতা ৰোহিনী কুমাৰ চৌধুৰী

ৰোহিনী কুমাৰ চৌধুৰী
জন্ম : ১৪-১১-১৮৮৯ ইং
মৃৃত্যু : ১৬-১১-১৯৫৬ ইং

যিসকল মহান নেতাই স্বাধীনতা সংগ্ৰামত অংশ গ্ৰহণ কৰি অসমৰ প্ৰগতি আৰু বিকাশৰ বাবে অৰিহণা যোগাইছিল, সেইসকল ব্যক্তিৰ ভিতৰত প্ৰাতঃস্মৰণীয় ব্যক্তিৰ স্থান দখল কৰিব পাৰিছে প্রয়াত ৰোহিণী কুমাৰ চৌধুৰীয়ে। কলিকতা বিশ্ববিদ্যালয়ৰপৰা আইনৰ প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্রী লোৱাৰ পিচতে তেওঁ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰে। আনকি কলিকতাৰ স্কটিশ্ব চার্চ কলেজত অধ্যয়ন কৰি থকা সময়ত তেওঁ পুলিচৰ নজৰবন্দীত আছিল। কিন্তু কলেজৰ অধ্যক্ষজনাই চৌধুৰীৰ জ্ঞানৰ বিশালতা, গভীৰ বুদ্ধিমত্তা আৰু ইংৰাজী সাহিত্যৰ প্রতি থকা অগাধ পাণ্ডিত্যৰ প্ৰতি আকৰ্ষিত হৈ পুলিচৰ কবলৰপৰা তেওঁক ৰক্ষা কৰে।

   প্রয়াত ৰোহিণী কুমাৰ চৌধুৰী আৰু লোকপ্রিয় গোপীনাথ বৰদলৈ দেশভক্ত তৰুণৰাম ফুকনৰ কনিষ্ঠ সহযোগী আছিল। তেওঁলোক দুয়োজনে দেশভক্ত তৰুণৰাম ফুকনৰ তত্ত্বাৱধানত মহাত্মা গান্ধীৰ আদৰ্শত উদ্বুদ্ধ হৈ গান্ধীজীয়ে নেতৃত্ব দিয়া স্বাধীনতা সংগ্ৰামত যোগদান কৰি অশেষ দুখ-যন্ত্ৰণা মূৰ পাতি লৈ কেবাবাৰো কাৰাবাস খাটে। এবাৰ পুলিচে তেওঁক হাতত হাতকেয়ো লগাই গুৱাহাটীৰ জনপথৰ মাজেৰে খোজকঢ়াই যুদ্ৰাইছিল। কিন্তু এনেধৰণৰ যাতনা আৰু শাৰীৰিক শাস্তিয়ে তেওঁক সংগ্ৰামৰপৰা বিচলিত কৰিব নোৱাৰিলে।

ৰোহিণী কুমাৰ চৌধুৰী ১৯২৭ চনৰপৰা ১৯৩৬ চনলৈ অসম কাউন্সিলৰ সদস্যৰূপে নিৰ্বাচিত হয়। সেই সময়ছোৱাত তেখেতে কর্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ সৈতে অসম কাউন্সিলত অখণ্ডনীয় যুক্তি প্রদর্শনেৰে বিৰোধীৰ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছিল। সেই সময়ছোৱাৰ ভিতৰত তেখেতৰ আশাশুধীয়া প্ৰচেষ্টাত অসমৰ দুখীয়া কৃষক ৰাইজৰ কল্যাণার্থে মাটিৰ কৰ-কাটল হ্ৰাস কৰাৰ বাবে যৎপৰোনাস্তি প্রচেষ্টাৰে সফল হ’ব পাৰিছিল।

প্রয়াত ফখৰুদ্দিন আহমেদৰ অতি ঘনিষ্ঠৰূপে পৰিচিত ৰোহিণী কুমাৰ চৌধুৰীয়ে অসমখন হিন্দু, মুছলমান আৰু জনজাতীয় সম্প্ৰদায়ৰ লোকসকলৰ এখন উমৈহতীয়া ৰাজ্য হিচাপে প্রতিষ্ঠিত কৰিব বিচাৰিছিল।

ছাদুল্লা মন্ত্ৰীসভাত তেওঁ শিক্ষামন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল। তেনে সময়তে এবাৰ জিলা উপায়ুক্তৰ নিৰ্দেশক্রমে কটন কলেজৰ ছাত্রৰ ওপৰত লাঠি চালনা কৰা হৈছিল। ইয়াৰ প্ৰতিবাদকল্পে তেওঁ মন্ত্ৰিত্বৰপৰা পদত্যাগ কৰে। ৰোহিণী কুমাৰ চৌধুৰীয়ে বিভিন্নধৰণৰ সদস্য লগ লগাই ‘নেশ্বনেল কোৱালিশ্বন পাৰ্টি’ গঠন কৰিছিল আৰু কংগ্ৰেছ দলে তেওঁক চৰকাৰ গঠন কৰিবলৈ সমৰ্থন জনাইছিল। কিন্তু ৰাজ্যপালে তেওঁক অনুমতি নিদিলে।
ৰাজ্যপালে ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন অনুসৰি সংবিধানৰ ৯৫নং অনুচ্ছেদমর্মে অসমৰ দায়িত্ব নিজৰ হাতলৈ আনে আৰু কিছুদিনৰ পিচত যেতিয়া বিৰোধী সদস্যসকল জেললৈ যাবলগা হয়, তেতিয়া পুনৰবাৰ ছাৰ ছাদুল্লাই চৰকাৰ গঠন কৰাৰ সুবিধা গ্রহণ কৰে। অৱশ্যে সাধাৰণ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হোৱাত কংগ্ৰেছ দলৰ চৰকাৰ গঠন কৰাৰ পথ প্রশস্ত হয়।
চৌধুৰীদেৱে খাচী আৰু জয়ন্তীয়া পাহাৰ জিলাত কংগ্ৰেছৰ সভাপতি হিচাপে জনজাতীয় মানুহখিনিৰ চিন্তা-ভাবনাৰ যোগ্য প্রতিনিধিত্ব কৰিছিল। ১৯৪৫ চনত অপ্রতিদ্বন্দ্বী হিচাপে তেওঁ কেন্দ্ৰীয় বিধানসভালৈ নির্বাচিত চত হয়। তাৰ পিচত তেওঁ লোকসভালৈ নিৰ্বাচিত হৈছিল। তেখেতে ১৯৪৫ চনৰপৰা ১৯৫৫ চনলৈ সম্পূৰ্ণ এটা দশক সংবিধান সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি ৰাজনৈতিক জীৱনৰ আটাইতকৈ মূল্যৱান সময়খিনি অতিবাহিত কৰিছিল।
                      ৰোহিণী কুমাৰ চৌধুৰী ভাৰতবৰ্ষৰ লৌহ মানৱৰূপে খ্যাত চৰ্দাৰ বল্লভ ভাই পেটেলৰ অতি ঘনিষ্ঠ আছিল আৰু তেওঁৰ জৰিয়তে অসমৰ আৰ্থিক উন্নয়নৰ বাবে বিধিসন্মত দাবী লোকসভাত সবলভাৱে উপস্থাপন কৰি সমৰ্থন আদায় কৰিবলৈ সমৰ্থ হৈছিল। তেওঁৰ লোকসভাত দিয়া বলিষ্ঠ মন্তব্যৰ বাবে আমেৰিকাৰপৰা প্ৰকাশিত বিশ্বৰ এখন আগশাৰীৰ বার্তালোচনী ‘টাইম’ পত্রিকাই এবাৰ তেওঁক বিখ্যাত ৰোমান চিনেটৰ সৈতে তুলনা কৰিছিল৷ সেই সময়ৰ বিত্তমন্ত্ৰীৰ এখন বাজেটত তামোলৰ ওপৰত কৰ ধাৰ্য কৰিছিল। তেখেতে ইয়াক অসমৰ সামাজিক পৰম্পৰাৰ প্রতি এক অপমানসূচক বাজেট বুলি গণ্য কৰিছিল। এই বাজেটৰ যোগেদি অসমৰ প্ৰতিঘৰ মানুহকে অপমান কৰা বুলি সবল অখণ্ডনীয় যুক্তি দৰ্শাই তামোলৰ ওপৰত আৰোপ কৰা কৰ উঠাই ল’বলৈ তেওঁ যৎপৰোনাস্তি চেষ্টা চলাইছিল৷ তেওঁ বুজাই দিছিল যে— অসমীয়া মানুহৰ ঘৰলৈ আলহী আহিলে তামোল-পাণ আগবঢ়োৱাটো এটা সন্মানসূচক পৰম্পৰা। পৰিশেষত তেখেতৰ অক্লান্ত চেষ্টাত তামোলৰ ওপৰত আৰোপ কৰা কৰ উঠাই ল’বলৈ বাধ্য হৈছিল।

১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন প্ৰৱৰ্তন হোৱাৰ লগে লগে ৰাজনৈতিক কাৰণত অসম কংগ্ৰেছত বিভাজন হৈ দুটা শিবিৰৰ জন্ম হৈছিল। তেতিয়া ইয়াৰ এটা শিবিৰত থাকি ৰোহিণী কুমাৰ চৌধুৰীয়ে সমভাবাপন্ন লোকপ্রিয় গোপীনাথ বৰদলৈৰ সৈতে লগ লাগি “ইউনাইটেড পিপ’লচ্ পার্টি” গঠন কৰে। দেশভক্ত তৰুণৰাম ফুকনক ইয়াৰ সভাপতি আৰু ৰোহিণী কুমাৰ চৌধুৰী আৰু গোপীনাথ বৰদলৈয়ে যুটীয়াভাৱে সম্পাদকৰ দায়িত্ব পালন কৰে। সম্পাদক দুয়োগৰাকীক নিৰ্বাচনৰ ঘোষণাপত্র (Manifesto) প্রস্তুত কৰাৰ দায়িত্ব অর্পণ কৰা হয়। নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত বৰদলৈয়ে “ইউনাইটেড পিপ’লচ্ পার্টি”ৰপৰা পদত্যাগ কৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰে। ৰোহিণী কুমাৰ চৌধুৰীয়ে “ইউনাইটেড পিপ’লচ্ পাৰ্টি”ৰপৰা প্ৰতিদ্বন্দ্বিতা কৰি বিধানসভালৈ নিৰ্বাচিত হয়। গোপীনাথ বৰদলৈও গুৱাহাটী বিধানসভা সমষ্টিৰপৰা নিৰ্বাচিত হয়।

আনহাতে দেশভক্ত তৰুণৰাম ফুকন ৰঙিয়াত কংগ্ৰেছ প্রার্থী সিদ্ধিনাথ শৰ্মাৰ হাতত পৰাজিত হয়। ৰোহিণী কুমাৰ চৌধুৰী আৰু গোপীনাথ বৰদলৈৰ ৰাজনৈতিক দৃষ্টিভংগী পৃথক হ’লেও ব্যক্তিগত জীৱনত তেওঁলোকৰ বন্ধুত্বত ঘুণে ধৰা নাছিল। তেওঁলোকে নির্বাচনী সভাত যৌথভাৱে উপস্থিত থাকি নিজৰ নিজৰ দৃষ্টিভংগী দাঙি ধৰিও বন্ধুত্ব
অক্ষুণ্ণ ৰাখিছিল ৷

বিধানসভাত ৰোহিণী কুমাৰ চৌধুৰী নেতৃত্বাধীন “ইউনাইটেড পিপ’লচ্ পার্টি’’য়ে মহম্মদ ছাদুল্লা মন্ত্রীসভাত যোগদান কৰে। এই মন্ত্রীসভাত তেওঁ ৰাজহ মন্ত্ৰীৰ দৰে গুৰু দায়িত্ব পালনেৰে থলুৱা অসমীয়া আৰু অসমত বসবাস কৰা জনজাতীয় লোকসকলৰ ভূমি ৰক্ষণাবেক্ষণৰ সকলো ধৰণৰ দায়িত্ব বলিষ্ঠ নেতৃত্বৰে পালন কৰিছিল।

‘গ্রুপিং’-অৰ কবলৰপৰা অসমক ৰক্ষা কৰিবলৈ ৰোহিণী কুমাৰ চৌধুৰীয়ে লোকপ্রিয় গোপীনাথ বৰদলৈক সৰ্বতোপ্ৰকাৰে সহযোগিতা  আগবঢ়াই ছিল। সেইখিনিৰ বাবে তেওঁ আজিও বিশেষভাৱে স্মৰণীয় ৷ তেওঁৰ আন এটা বিশেষত্ব আছিল এবাৰ কৰিম বুলি কোৱা কামটো তেওঁ যি কোনো প্ৰকাৰে সমাধা কৰিহে শান্তিলভিছিল।ৰাজনৈতিক ক্ষেত্ৰৰ লগতে সামাজিক-সাংস্কৃতিক ক্ষেত্ৰতো তেখেতৰ যথেষ্ট বৰঙণি শ্ৰদ্ধাৰে স্মৰণ কৰিব লাগিব৷ বিশেষকৈ দক্ষিণ কামৰূপৰ শিক্ষা আৰু সমাজ জীৱনত উদ্ভৱ হোৱা সমস্যাৰাজিৰ সমাধানৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল। তাৰেই ফলশ্ৰুতিত তেখেতৰ প্ৰতি সন্মান জনাই অঞ্চলবাসী ৰাইজে তেখেতৰ নামত কুকুৰমাৰাত ‘ৰোহিণী কুমাৰ চৌধুৰী হাইস্কুল’ আৰু পলাশবাৰীত ‘ৰোহিণী কুমাৰ চৌধুৰী বিদ্যালয়’ প্ৰতিষ্ঠা কৰিছিল।

Leave a Reply