শেৱালি ফুল | শেৱালি ফুলৰ ঔষধি গুণ

 

 শেৱালি ফুলৰ ঔষধি গুণ

শেৱালি ফুল

শেৱালি ফুলৰ বৈজ্ঞানিক নাম “Nyctanthes arbor-tristis” । ইয়াক হিন্দি ভাষাত পাৰিজাত বুলি জনা যায় । সেই পাৰিজাত যাক ভগবান শ্ৰীকৃষ্ণই দেৱী ৰুক্মিণীৰ বাবে স্বৰ্গৰ পৰা হৰণ কৰি পৃথিবীলৈ লৈ আনিছিল । আন এক প্ৰবাদ অনুসৰি মহাভাৰতীয় যুগত অৰ্জুনে মাতৃ কুন্তীৰ বাবে এই বৃক্ষবিধ উপহাৰ স্বৰুপে মহাদেবৰ পৰা লাভ কৰিছিল বুলিও জনা যায় । অৰ্জুনে পৃথিৱীলৈ অনা সেই বৃক্ষবিধ ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশৰ বাৰাবাংকী জিলাৰ “কিন্তুৰ” নামৰ গাঁৱত আজিও জীৱিত হৈ আছে বুলি এক লোকবিশ্বাস প্ৰচলিত হৈ আছে। ইয়াৰ কুমলীয়া পাতৰ ৰস উলিয়াই মৌজোলৰ লগত সেৱন কৰিলে জ্বৰ-কাহ ভাল হয় । শেৱালি এবিধ ৰাতি ফুলা ফুল। ইয়াৰ ফুলবোৰ ৰাতি ফুলে আৰু ৰাতিপুৱা সৰি পৰে। সৰা ফুল সাধাৰণতে পূজাত ব্যৱহাৰ নহয়, কিন্তু শেৱালি ফুল পূজাত ব্যৱহাৰ হয়। ই এক সুগন্ধি ফুল। শেৱালি ফুল ভাদ মাহৰ পৰা আঘোণ মাহলৈকে ফুলে । শেৱালি ফুল যিদৰে দেখিবলৈ মনোমোহা সেইদৰে ইয়াৰ গুণগত মানো অতি উচ্চ। কেৱল শেৱালি ফুলেই নহয় ইয়াৰ পাতৰো আছে বহুতো ঔষধিযুক্ত গুণ।

  • চুলি সৰা,অকালতে চুলি পকা আদি সমস্যাই দেখা দিলে শেৱালি ফুলৰ গুটি ভালকৈ বটি মূৰত লগালে সুফল পোৱা যায় ।
  • শেৱালি ফুল কেঁচাকৈ বা শুকুৱাই আঞ্জা কৰি খাব পাৰি । শুকান শেৱালি ফুল দৰিকণা মাছ বা পুঠি মাছৰ লগত থপথপীয়াকৈ ৰন্ধা আঞ্জা খাবলৈ বৰ তৃপ্তিদায়ক । ইয়াৰ দ্বাৰা পাচনশক্তি বৃদ্ধি হয় ।
  • শেৱালি গছৰ ফুল আৰু পাতে বায়ু পৰিষ্কাৰ কৰে । মানুহৰ ঘৰ-বাৰীত শেৱালি ফুল,মহানিমৰ গছ আৰু কলা তুলসীৰ গছ থাকিলে কেতিয়াও বায়ু প্রদূষণ নহয় । লগতে বসন্ত আদি ৰোগ নহয় বুলিও কোৱা হয় ।
  • হাড়ৰ বিষত ভুগিলে শেৱালি ফুলৰ পাতবিলাক অত্যাধিক তাপত তেতিয়ালৈকে গৰম কৰিব লাগে, যেতিয়ালৈকে পানীৰ মাত্ৰা আধা হৈ নাযায় । এতিয়া পাত্রত ৰৈ যোৱা পাতবোৰ উলিয়াই বাকী থকা পানীখিনি ঔষধ হিচাপে প্ৰয়োগ কৰিব পাৰি ।
  • শৰৎ কালত শেৱালি ফুলৰ পাতৰ ৰস নিয়মীয়াকৈ সেৱন কৰিলে তেজ পৰিষ্কাৰ হয় ।

আয়ুৰ্ৱেদিক শাস্ত্ৰসমূহতো শেৱালি ফুলৰ গছক মহামূল্যবান বৃক্ষ বুলি কোৱা হৈছে । অৰ্থাৎ ই কেৱল এবিধ সুন্দৰ তথা সুগন্ধিত ফুলৰ প্ৰজাতি নহয়,ঔষধ হিচাপেও ইয়াৰ বিশেষ মহত্ব আছে । আয়ুৰ্বেদিক তথা বিভিন্ন ঔষধৰ বাবে শেৱালি ফুলৰ পাত অতি উপকাৰী। বিশেষকৈ ঋতু পৰিৱৰ্তনৰ সময়ত এই শেৱালি ফুলৰ পাত নিয়মিত ভাৱে আহাৰৰ লগত ৰাখিব পাৰি।

 শেৱালি ফুলৰ কেইটামান বিশেষ ঔষধীয় গুণাগুণ- 

চৰ্দি লাগি মাত ভাগিলে শেৱালি পাতৰ ৰস খালে ভাল হয়। আনহাতে মৃৰ্গী ৰোগীক শেৱালি ফুলৰ ৰস খুৱালে এই ৰোগ যথেষ্ট আৰোগ্য হয়।
বাত বিষ বা গাঁঠিৰ বিষ আদিত শেৱালি ফুলৰ পাত অতি উপকাৰী। বদহজম হ’লে , বমি হ’লে শেৱালি ফুলৰ পাতৰ ৰস খালে পাচন ক্ৰিয়াত যথেষ্ট উপকাৰ পোৱা যায়। মধুমেহ ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো শেৱালি গছৰ পাত উপকাৰী। আনহাতে কৃমিৰ সমস্যা থাকিলে শেৱালি ৰস খালে যথেষ্ট উপকাৰ পোৱা যায়। শেৱালি গছৰ পাত খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও যথেষ্ট বৃদ্ধি পায়। আনহাতে শেৱালি ফুল আৰু তাৰ বীজ চুলিৰ বাবে যথেষ্ট উপকাৰী। টকৌৱে খোৱা ৰোগত ইয়াৰ গুটি পিহি লগাব লাগে , জ্বৰ, কাঁহ আদিৰ বাবে ইয়াৰ পাতৰ ৰস উপকাৰী , ইয়াৰ পাত আৰু ফুলৰ ৰস ক্ৰীমিনাশক।

 

প্ৰকৃততে ইও এবিধ শিশিগন্ধা জাতীয় ফুল। শেৱালি শব্দই অৱশ্যে ইয়াৰ ফুলৰ লগতে গছজোপাকো সামৰি লয়। মন কৰিবলগীয়া যে ইয়াৰ ফুল আৰু পাত খোৱাৰ উপযোগী আৰু উভয়েই ঔষধি গুণসম্পন্নও। ইয়াৰ ফল কেঁচাই খোৱাৰ লগতে ৰদত শুকুৱাই লৈ সংৰক্ষিত অৱস্থাত বহুদিনলৈ ৰাখি সময়ত ভাজি বা তৰকাৰী কৰি খাব পাৰি।

 

Leave a Reply