বায়ু প্ৰদূষণ – Air pollution

Air pollution

পৃথিৱীপৃষ্ঠৰ বায়ুমণ্ডলত বিভিন্ন প্ৰদূষণকাৰী পদার্থ যোগ হোৱাৰ ফলত বায়ুৰ প্ৰদূষণ হয়। ই সম্পত্তি, উদ্ভিদ, প্রাণী তথা মানুহৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। কার্বন ডাই-অক্সাইড, কার্বন মন’ক্সাইড, সীহ, নাইট্ৰ’জেন অক্সাইড, ধোঁৱা আৰু ছালফাৰ ডাই অক্সাইড আদি হ’ল বায়ু প্ৰদূষণকাৰী পদার্থ।

বায়ু প্ৰদূষণৰ উৎসবোৰ দুটা ভাগত ভগাব পাৰি :

(a) প্রাকৃতিক উৎস : বায়ু প্ৰদূষণৰ প্ৰাকৃতিক উৎসবোৰ হ’ল আগ্নেয়গিৰি উদ্‌গীৰণ, জৈৱিক পচন, বনজুই আদি । পৃথিৱীপৃষ্ঠত থকা তেজষ্ক্রিয় খনিজ পদাৰ্থবোৰ বায়ুমণ্ডলীয় তেজষ্ক্রিয়তাৰ উৎস ।

(b) মানুহৰ দ্বাৰা সৃষ্ট উৎস : তাপ শক্তি প্রকল্প, ঔদ্যোগিক প্রতিষ্ঠান, যান-বাহনৰ নিৰ্গমন, জীৱাশ্ম ইন্ধনৰ দহন আদি মানৱ সৃষ্ট প্ৰদূষণৰ উৎস। তাপশক্তি প্রকল্প, ঔদ্যোগিক প্রতিষ্ঠান আদিত কয়লা ব্যৱহাৰ হয় আৰু ইয়াৰ পৰা প্ৰদূষক, যেনে ঃ বায়ুমণ্ডলীয় ছাই আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন হয়। কার্বন মন’ক্সাইড, নাইট্ৰ’জেন অক্সাইড আৰু হাইড্ৰকাৰ্বন যান-বাহনৰ পৰা নির্গত হয়।

 

 

লগতে চাওকঃ  Global warming

Leave a Reply