অ’জন স্তৰ- Ozone layer

অ’জ’ন স্তৰ আৰু ইয়াৰ  অৱক্ষয়ৰ উৎস :

অ'জ'ন স্তৰ - Ozone layer

অ’জন স্তৰ হ’ল বায়ুমণ্ডলৰ সমতাপ মণ্ডলত থকা এটি অ’জন গেছৰ পাতল স্তৰ। অজ’নৰ এই তৰপটোৱে পৃথিৱীৰ  জীৱ-জন্তুক অতিবেঙুনী ৰশ্মিৰ প্ৰভাৱবোৰৰ পৰা ৰক্ষা কৰে ।

অ’জন স্তৰৰ অৱক্ষয়ৰ উৎস ঃ

অ’জন স্তৰ অৱক্ষয়ৰ প্ৰধান উৎস হৈছে ক্ল’ৰ ফ্ল’ৰ’কাৰ্বন (CFCs)। বাতানুকুল যন্ত্ৰ আৰু বায়ুবিলয়ী (Aerosol) বোৰে বায়ুমণ্ডললৈ ক্ল’ৰ’ফ্ল’ৰ’কাৰ্বন গেছবোৰ এৰি দিয়ে । এই গেছবোৰ সূৰ্যৰ পোহৰত অ’জনক অক্সিজেনলৈ বিয়োজিত কৰে। ইয়াৰ ফলত মেৰু অঞ্চলৰ ওপৰৰ অজ’নৰ তৰপটোৰ অৱক্ষয় হৈ অজ’ন’ ছিদ্ৰ সৃষ্টি হৈছে।

ফল :

অ’জনৰ তৰপত হোৱা এই গহ্বৰবোৰে সূৰ্যৰ পৰা অহা অনিষ্টকাৰী অতিবেঙুনী ৰশ্মিবোৰক বায়ুমণ্ডলত প্ৰৱেশ কৰাত সহায় কৰে। এই অতিবেঙুনী ৰশ্মিয়ে ছালৰ কৰ্কট ৰোগৰ সৃষ্টি কৰে ৷

Leave a Reply