বায়ুৰ প্ৰদূষণৰ প্ৰভাৱ । Effects of air pollution

বায়ুৰ প্ৰদূষণৰ প্ৰভাৱ বোৰ হল :

 

বায়ু প্ৰদূষণৰ প্ৰভাৱবোৰ তলত উল্লেখ কৰা ধৰণে প্ৰধান ভাগত আলোচনা কৰিব পাৰি :

ক) বতৰ আৰু বায়ুমণ্ডলৰ ওপৰত প্ৰভাৱ :

(i) অ’জন স্তৰৰ অৱক্ষয় : বাতানুকুল যন্ত্র, বায়ুবিলয়ী, চুলি শুকোৱা যন্ত্র, অগ্নিনির্বাপক যন্ত্ৰ আদিৰ পৰা ওলোৱা ক্ল’ৰফ্ল’ৰ’কাৰ্বনে (CFCs) অ’জন স্তৰৰ অৱক্ষয় ঘটায়। শব্দতকৈ বেছি বেগী যানৰ পৰা ওলোৱা নাইট্ৰ’জেন অক্সাইডেও অ’জন স্তৰৰ অৱক্ষয় সাধন কৰে।

(iii) স্ম’গ : মহানগৰ আৰু ঔদ্যোগিক অঞ্চলত দেখা পোৱা ধোৱাযুক্ত কুঁৱলীয়েই হৈছে স্ম’গ। স্ম’গ সাধাৰণতে ধোঁৱা আৰু কুৱলীৰ দ্বাৰা গঠিত হয়। বিভিন্ন বায়ু প্ৰদূষক যেনে ছালফাৰ ডাই-অক্সাইড (SO,) নাইট্ৰ’জেন অক্সাইড (NO,) আদিৰ সংস্পৰ্শলৈ আহিলে স্ম’গ বিষাক্ত হৈ পৰে আৰু মানুহৰ দেহত বিভিন্ন মাৰাত্মক ৰোগৰ সৃষ্টি কৰে ।

(iv) এছিড বৰষুণ ঃ প্ৰদূষিত বায়ুমণ্ডলৰ মাজেৰে যেতিয়া বৰষুণ নামি আহে তেতিয়া এছিড বৰষুণ হয়। এছিড বৰষুণৰ লগত ছালফিউৰিক এছিড আৰু নাইট্ৰিক এছিড মিহলি হৈ থাকে। ই উদ্ভিদ আৰু প্ৰাণীৰ কাৰণে ক্ষতিকাৰক। এছিড বৰষুণে মাৰ্বলেৰে তৈয়াৰী অট্টালিকাবোৰৰ ক্ষতিসাধন কৰে।

 

খ ) মানুহৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ :

(i) দীৰ্ঘসময় ধৰি বায়ু প্ৰদূষক (ছিগাৰেটৰ ধোঁৱাকে ধৰি) ৰ সংস্পৰ্শত থাকিলে বিভিন্ন ধৰণৰ ৰোগ যেনে হাওঁফাওঁৰ কৰ্কট ৰোগ, হাপানি, ক্রনিক ব্রঙ্কাইটিছ আদি হ’ব পাৰে ।

(ii) ক্ল’ৰফ্ল’ৰ’কাৰ্নৰ (CFC) ৰ কাৰণে হোৱা অ’জ’ন স্তৰৰ অৱক্ষয়ৰ ফলত সূৰ্যৰ পৰা অহা অতি বেঙুনী ৰশ্মিয়ে বায়ুমণ্ডলত প্ৰৱেশ কৰে। এই অতিবেঙুনী ৰশ্মিয়ে ছালৰ কৰ্কট ৰোগ সৃষ্টি কৰে।

(iii) ৰাসায়নিক আৰু গেছ প্ৰকল্পৰ পৰা হঠাতে ওলোৱা ক্ষতিকাৰক আৰু বিষাক্ত গেছবোৰে এনেধৰণে বায়ুক প্ৰদূষিত কৰে যে ক্ষন্তেক সময়ৰ ভিতৰত শ শ মানুহৰ মৃত্যু ঘটে। ইয়াৰ উপৰিও এনে পৰিঘটনাই ভৱিষ্যত প্রজন্মতো বিৰূপ প্ৰভাৱ পেলায়। ইয়াৰ এক জলন্ত উদাহৰণ হ’ল ভূপালৰ গেছ দুর্ঘটনা।

 

গ) উদ্ভিদৰ ওপৰত প্ৰভাৱ :

বায়ু প্ৰদূষকবোৰে পাতৰ পত্ৰৰন্ধ্ৰেৰে প্ৰৱেশ কৰি পাতৰ কোষত থকা ক্ল’ৰ’ফিল নষ্ট কৰে যাৰ ফলত সালোক সংশ্লেষণ কার্য ব্যাহত হয়।

ঘ) জলজ জীৱৰ ওপৰত প্ৰভাৱ :

বায়ু প্ৰদূষকবোৰ বৰষুণৰ পানীৰ লগত মিহলি হোৱাৰ ফলত হ্ৰদ আৰু অন্যান্য জলাধাৰবোৰৰ বিশুদ্ধ পানী আম্লিক হৈ পৰে। ফলত মাছ আৰু পানীত থকা অন্যান্য জীৱৰ জীৱনৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে ।

ঙ) বস্তুৰ ওপৰত প্ৰভাৱ :

প্ৰদূষকবোৰে ক্ষয়ীভৱনৰ দ্বাৰা ঘৰৰ পকীবেৰ, ৰং আদি নষ্ট কৰে। বায়ুমণ্ডলত ছালফাৰ ডাই-অক্সাইড (SO,) আৰু জলীয় বাষ্পৰ উপস্থিতিয়ে পদাৰ্থৰ ওপৰত ক্ষয়ীভৱনৰ মাত্ৰা বঢ়ায়। নাইট্ৰ’জেনৰ অক্সাইডবোৰে কপাহ আৰু ৰেয়লৰ তন্তুবোৰ মলিন কৰি তোলে    ।

Leave a Reply