জাপি || জাপি কেই প্ৰকাৰৰ

 

জাপি

“জাপি” হৈছে পৰম্পৰাগত শঙ্কু আকৃতিৰ এটা অসমীয়া টুপী, যিটো বাঁহ বা বেত অন্যথা “টকৌপাতৰ”, সংমিশ্ৰণেৰে নিৰ্মাণ কৰা হয়।  জাপি অসমীয়া সংস্কৃতিৰ বাহক, অসমীয়া জাতি আৰু সংস্কৃতিৰ বিশেষ প্ৰতীক ৰূপে সৰ্বজনবিদিত। বাঁহ, বেত, গছৰ পাত জাপি সজাৰ ঘাই উপকৰণ। কোনো কোনো দেশত গছপাত আৰু জন্তুৰ ছালেৰেও জাপি সজা হয়। ৰূপ-সজ্জাৰ ফালৰপৰা ইয়াৰ ভাগ দুটা-ফুলাম জাপি আৰু উকা জাপি। জাপিৰ ইতিহাস বহু পুৰণি। জাপি অসমৰ অন্যতম লোককলা হোৱাৰ উপৰি অন্যতম কুতীৰ শিল্প হিচাপেও সৰ্বজন স্বীকৃত| কিয়নো জাপি তৈয়াৰ কৰিবলৈ ঘাইকৈ কেঁচা সামগ্ৰী হিচাপে প্ৰয়োজনীয় বাঁহ আৰু টকৌপাত অসমত পৰ্যাপ্ত পৰিমাণে পোৱা হেতুকে নিজ ঘৰতে জাপি তৈয়াৰ কৰি এচাম লোকে জীৱিকা নিৰ্বাহ কৰি থকা দেখা গৈছে| নলবাৰী জিলাৰ বৃহত্তৰ মুগকুছি অঞ্চলৰ বালামুগকুছি, তিলানা, সূতাৰকুছি, তেৰেছিয়া, কৰ্দৈতোলা আদি গাঁও সমুহ জাপি তৈয়াৰ কৰাৰ বাবে বিখ্যাত|

 

জাপি শব্দটিৰ উৎপত্তি :

“জাপি “শব্দটিৰ উৎপত্তি ‘জাপʼ শব্দৰ পৰা হৈছে। যাৰ অৰ্থ  টকৌ পাতৰে ভৰ্ত্তি হৈ থকা দম।

জাপিৰ ইতিহাস :

হিউৱেন-চাংক ৰজা ভাস্কৰ বৰ্মনে হালিলি নামৰ জাপি এটা উপহাৰ দিছিল। ইয়াৰ পাছত জাপিৰ উল্লেখ চুতীয়া ৰজাৰ ক্ষেত্ৰত পোৱা যায়। ১৫২৩ চনৰ চুতীয়া ৰজা নীতিপালে আহোম ৰজা চুহুংমুঙৰ লগত সন্ধি কৰিবলৈ ৰূপৰ জাপি উপহাৰ দিছিল। ইয়াৰ পাছত চুহুংমুঙ ৰজাই চুতীয়া ৰাজধানী শদিয়া দখল‌ কৰি বহুতো জাপি লাভ কৰিছিল। চুতীয়া ৰজাৰ দিনত জাপি নিৰ্মাণ কৰিবলৈ জাপিসজিয়া বুলি এটা খেল ৰাখিছিল যিটো খেলৰ লোকে পাছলৈ আহোম ৰজা সকলৰ কাৰণেও জাপি নিৰ্মাণ কৰিছিল।ইয়াৰ বাহিৰে মধ্য অসমৰ বাৰ ভূঞা সকলেও জাপি ব্যৱহাৰ কৰিছিল। সাতসাৰী বুৰঞ্জীৰ মতে আহোম ৰজা সকলে বচুৱাল, তঙালি আৰু টকৌ-পতীয়া জাপি ভূঞা সকলৰ পৰা ল’বলৈ শিকিছিল। আহোমৰ দিনত ডা-ডাঙৰীয়াসকলে মৰ্য্যাদা অনুসৰি বিভিন্ন জাপি ব্যৱহাৰ কৰিছিল। যেনে- বুঢ়াগোহাঁই, বৰপাত্ৰগোহাঁই, বৰগোহাঁয়ে সোণৰ চুলাৰে পানী জাপি আৰু টুপি জাপি। বৰফুকন সকলে ৰুপৰ চুলাৰ জাপি, উকা বৰজাপি ব্যৱহাৰ কৰিছিল।

 

জাপিৰ ব্যৱহাৰ :

“জাপিৰ” ব্যৱহাৰ বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। খেতিয়ক সকলে পৰিধান কৰে কৃষি কাৰ্য্যত বৰ্তি থকাৰ সময়ত ৰʼদ বৰষুণৰ পৰা ৰক্ষা পাবলৈ। বিহু নচাৰ সময়ত ইয়াৰ শোভা বঢ়াবৰ কাৰণে কৰে। অতিথিক আদৰণি জনোৱাৰ চিহ্ন স্বৰূপে তথা সজোৱা বস্তু হিচাপে ইয়াক চʼৰা ঘৰত ৰখা হয়। সাধাৰণ বা অনালংকৃত “জাপি”  খেতিয়ক সকলৰ সুৰক্ষাৰ বাবে নিৰমিত হয়। আনহাতে, অলংকৃত “জাপি” অসমীয়া ৰাজ পৰিয়ালৰ লোকসকলে নিজৰ স্থিতাৱস্থাৰ প্ৰতীক চিহ্ন হিচাপে প্ৰয়োগ কৰিছিল।

জাপি কেই প্ৰকাৰৰ :

ৰুপসজ্জা তথা ব্যৱহাৰৰ ফালৰ পৰা জাপিৰ সুকীয়া সুকীয়া নাম আছে।

জাপি ১০ প্ৰকাৰৰ থাকে-

১। গৰখীয়া জাপি

২। পানী জাপি

৩। বনুৱা জাপি

৪। হালোৱা জাপি

৫। উকা জাপি

৬। ফুলাম জাপি

৭। পদুমীয়া জাপি

৮। সৰুদৈয়া‌ জাপি

৯। বৰজাপি

১০। টুপি জাপি।

 

 

Leave a Reply