বিহু || বিহু’ শব্দৰ উৎপত্তি || বিহুৰ ইতিহাস || বিহু ৰচনা

বিহু , Bihu

বিহু

বিহু অসমৰ জাতীয় উৎসৱ। অসমৰ লগতে অসমৰ কোনো কোনো দাঁতি-কাষৰীয়া ৰাজ্যতো কোনো জাতি জনজাতিৰ লোকে বিহু বা ইয়াৰ সমাৰ্থক উৎসৱ পালন কৰা দেখা যায়। বিহুৰ এক বিশেষ বৈশিষ্ট্য হ’ল ই জাতি, বৰ্ণ নিৰ্বিশেষে সকলো লোকে একেলগে উদযাপন কৰিব পৰা এক উৎসৱ। বিহু মূলতঃ এক কৃষি ভিত্তিক উৎসৱ। “কৃষি উৎসৱ ঘাইকৈ তিনিটা: খেতিৰ আৰম্ভণিৰ বেলিকা, খেতিৰ বাঢ়নী বতৰত আৰু খেতি চপোৱাৰ ‍শেষত।  অসমত পালন কৰা বিহু তিনিটা হ’ল: ব’হাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু, আৰু মাঘ বিহু বা ভোগালী বিহু।

বিহু শব্দৰ উৎপত্তি

‘বিহু’ শব্দৰ উৎপত্তি সম্বন্ধে নানান মতবাদ আছে, কিন্তু কোনোটো মতেই সৰ্বসন্মত নহয়। কোনো পণ্ডিতৰ মতে সংস্কৃত ‘বিষুবত’ শব্দৰ পৰা বিহু শব্দৰ উদ্ভৱ হৈছে। বৈদিক ‘বিষুবন’ পদৰ অৰ্থৰ পৰিসৰে এবছৰ ব্যাপি অনুষ্ঠিত হোৱা ‘সত্ৰ’ বা ‘যজ্ঞ’ৰ মাজৰ দিনটোক বুজায় অৰ্থাৎ দিন আৰু ৰাতিৰ সমান হোৱা দিনটোৱেই ‘বিষুবত’ ৰূপে পৰিচিত। সেই অৰ্থে বহাগ বিহুৰ দিনটো “বসন্ত বিষুবত”,‌ মাঘ বিহুৰ দিনটো “উত্তৰায়ণ” আৰু কাতি বিহুৰ দিনা “হেমন্ত বিষুবত” ধৰা হয়।  কিন্তু যি সময়ত জ্যোতিষ শাস্ত্ৰই হোজা গাঁৱলীয়া সমাজক স্পৰ্শ কৰা নাছিল, তেতিয়াও বিহু আছিল। কাৰণ, বিহু কৃষিভিত্তিক অনুষ্ঠান। আচলতে আদিম মানুহৰ সমূহীয়া আনন্দ প্ৰকাশৰ উৎসৱটোৱেই বিহু উৎসৱ।  ’বিষুৱন’ শব্দৰ পৰা ’বিহু’ শব্দৰ সৃষ্টি হোৱা হ’লে বিহুৰ সৰ্বভাৰতীয় ৰূপ এটা নিশ্চয় থাকিলহেঁতেন, পৰিৱৰ্তে স্বকীয় বৈশিষ্ট্যৰে অসমতহে বিহু জীয়াই থাকিল।  আচলতে, বিহু আৰ্য-অনাৰ্য সকলো জনগোষ্ঠীৰ সমূহীয়া আনন্দ প্ৰকাশক এক উৎসৱ, যি সময়ৰ পৰিৱৰ্তনৰ ধাৰাত ’বিহু’ নাম লৈ অসমৰ জাতীয় উৎসৱ হিচাপে বৰ্তি আছে।

আন কিছু লোকৰ মতে, বড়োসকলৰ বৈচাগু, ডিমাছাসকলৰ বুচু, কোচসকলৰ বিচুৱা, ত্ৰিপুৰিসকলৰ বিজু বা তিৱাসকলৰ পিচুৰ দৰে উজনি অসমৰ বিহুৰ গুৰি আছে উজনি অসমৰ বড়ো মূলীয় চুতীয়া, দেউৰী, মৰাণ আৰু সোণোৱালসকলৰ “বিচু”ত। “বিচু” শব্দৰ অৰ্থ হৈছে “আটাইতকৈ পবিত্ৰ দিন”, ঠিক একেদৰে যেনেকৈ “চুতীয়া” মানে হৈছে “পবিত্ৰ পানীৰ কাষত থকা লোক।” পৰৱৰ্তীকালত অসমীয়া ভাষাত “চ” উচ্চাৰণটো “হ” লৈ ৰূপান্তৰিত হয় একে ধৰণে যেনেকৈ চিলৈ হিলৈ হʼল, চাৰি শাড়ী হʼল বা চাপ সাপ হʼল। ড° পৱন চন্দ্ৰ শইকীয়াই ‘দেউৰী চুতীয়া’ত তথ্য সহকাৰে উল্লেখ কৰিছে যে,-‘চুতীয়া ভাষাত বিহুক “বিচু” বুলি কোৱা হয়। “বি” মানে অতি, “চু” মানে আনন্দময় বুজায়। গতিকে, “বিচু” শব্দটি অপ্ৰভ্ৰংশ হৈ ‘বিহু’ শব্দৰ উৎপত্তি হৈছে।

আনহাতে, গৱেষক ডিম্বেশ্বৰ গগৈয়ে মত প্ৰকাশ কৰিছে যে,- ‘টাই ভাষাৰ ‘পয়হু’ শব্দই গো-পূজা বা গো-উৎসৱ বুজায়। “পয়” মানে উৎসৱ আৰু “হু” মানে গৰু। বহাগ বিহুৰ আগদিনা গৰুক গা-ধুৱাই গো-পূজা কৰা আৰু পবিত্ৰ গৰুৰ ছালৰ বাদ্যক আগস্থান দি গো-পূজাৰ দৰে সন্মান জনোৱা হয় বাবে এই উৎসৱক “পয়হু” বোলা হয়। সেই “পয়হু” শব্দৰ অপভ্ৰংশই “বিহু” হোৱা বুলি কৰা ধাৰণা অমুলক নহয়। অৱশ্যে আমি জানো‌ যে ৰঙালী বিহু গৰুকেন্দ্ৰিক উৎসৱ নহয় আৰু কাতি বা মাঘ বিহুত গৰুকলৈ একো নিয়ম কৰা নহয়। গতিকে বিহুৰ ভাৱ আৰু অৰ্থৰ দিশেদি বিচাৰ কৰিলে চুতীয়া ‘বিচু’ শব্দৰেই অপভ্ৰংশ বুলি অনুমান কৰিব পাৰি।

বৈদিক প্ৰভাব পৰাৰ আগতে বিহু/বিচু ব’হাগ মাহৰ প্ৰথম বুধবাৰৰ পৰা আৰম্ভ হৈছিল। শদিয়া অঞ্চলৰ লোকসকলৰ লগতে দেউৰী সম্প্ৰদায়ৰ লোকসকলে আজিও বিহু আগৰ দিনৰ দৰে সেই দিনটোতে আৰম্ভ কৰে। কিছুমান পুৰণি বিহু হুঁচৰিৰ পৰা এই কথা ধৰিব পাৰি।

বিহুৰ ইতিহাস

অসমৰ সামাজিক গাঁঠনিৰ দৰেই, বিহু উৎসৱত মংগোলীয় আৰু আৰ্য সংস্কৃতিৰ সংমিশ্ৰণ আছে। বিহুৰ বিৱৰ্তনৰ মাজেৰেই অসমীয়া সংস্কৃতিৰ উৎপত্তি আৰু গঠন প্ৰক্ৰিয়া সোমাই আছে। মানুহে কৃষিক মূল জীৱিকা কৰি ল’বলে শিকাৰ পৰাই, খেতি চপোৱাৰ সময়ত আনন্দ কৰিছিল, সিয়েই সমূহীয়া ৰূপ পাই এক ৰীতিলৈ পৰিৱৰ্তন হ’ল আৰু কালক্ৰমত বিহু উৎসৱত পৰিণত হ’লগৈ। অসমত কৃষিৰ প্ৰক্ৰিয়া পোনতে অষ্ট্ৰ-এচিয়াটিক আৰু তিব্বতীয়-বৰ্মীয় মংগোলীয়সকলে আৰম্ভ কৰিছিল, গতিকে বিহু পোনতে এই নৃতাত্ত্বিক গোষ্ঠী কেইটাৰে সৃষ্টি। উল্লেখযোগ্য যে অসমত বৰ্তমান কোনো অষ্ট্ৰ-এচিয়াটিক ভাষা গোষ্ঠী দেখা পোৱা নাযায় আৰু ডি.এন.এ. প্ৰমাণৰ অনুসৰি পুৰ্বৰসকল তিব্বতীয়-বৰ্মীয় সকলৰ মাজত বিলীন হৈ গʼল।  পিছলৈ বিহু আৰ্য্য সভ্যতাৰ প্ৰভাৱ পৰে। আগৰ দিনত বিহুৰ সময়ত ডেকা-গাভৰু মিলি চ’ত মাহৰ ৰাতি নাচি গাই আনন্দ কৰিছিল। এই কালছোৱাত ব্যক্তিগত উচাহ আৰু প্ৰেমৰ প্ৰকাশেই বিহুত প্ৰাধান্য পাইছিল যদিও ধৰ্ম আৰু কৃষিও সমান্তৰাল বাবে জড়িত আছিল।

ব’হাগ বিহু বা ৰঙালী বিহু

বসন্তৰ আগমনত উদযাপন কৰা ব’হাগ বিহু বা ৰঙালী বিহু, অসমৰ মূল বিহু উৎসৱ। বসন্তৰ আগমনীত যেতিয়া প্ৰকৃতি নতুন ৰূপৰে জিলিকি উঠে, তেতিয়া চহা ৰাইজে জীৱন উপভোগ কৰিবলে আগবাঢ়ি আহে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিচাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। সেয়ে খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহুৰ কৃষিৰ লগত ওতপ্ৰোত সম্বন্ধ আছে। ব’হাগ বা ৰঙালী বিহু, একেৰাহে সাতদিন ধৰি উদযাপন কৰা হয়। চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি বহাগৰ ৬ তাৰিখলৈ সাত দিন ধৰি থাকে। প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে। ইয়াক সাত বিহু বুলি জনা যায়। চতৰ দোমাহীৰ দিনা গৰু বিহুৰে আৰম্ভ হৈ ক্ৰমে, মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু আৰু শেষৰ দিনা চেৰা বিহুৰে ব’হাগ বিহু সামৰা হয়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে তাৰে এটা দিন ‘গোসাঁই বিহু বুলিও পালন কৰা যায়।

কাতি বিহু বা কঙালী বিহু

আহিন আৰু কাতিৰ সংক্ৰান্তিৰ দিনা কাতি বিহু। এইসময়ত মানুহৰ আহু ধান শেষ হয়, শালি ধানো চপাবৰ নহয়। সেইবাবে তেতিয়া মানুহৰ খোৱাত টান পৰে। গতিকে এই বিহুক কঙালী বিহু বোলে। এই বিহুক ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়, ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত চাকি জ্বলায়।

 

মাঘ বিহু বা ভোগালী বিহু

খেতি চপোৱাৰ ঠিক পিছতে পুহ আৰু মাঘ মাহৰ দোমাহীত মাঘ বিহু বা ভোগালী বিহু পালন কৰা হয়। এই উৎসৱ লগে ভাগে খাই আনন্দ কৰাৰ উৎসৱ। পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু এই বিহু তিনিদিন পালন কৰা হয়। পুহত শালি ধান, মাহ, তিল, মগু, আদি শস্য চপাই মানুহে ভঁৰাল ভৰায়। এই সময়ত ধনী-দুখীয়া সকলোৰে ঘৰত দুমুঠি ধান-চাউল খাবলৈ থাকে। সেই বাবে এই বিহুত খোৱা বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। এই বিহুত সান্দহ, চিৰা, নানা তৰহৰ পিঠা-পনা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। মাঘ বিহুৰ মূল আকৰ্ষণ হ’ল মেজি জ্বলোৱা।

গাঁৱৰ ডেকা সকলে নৰা-কাটি পুহতে মেজি প্ৰস্তুত কৰে। উৰুকাৰ দিনা তেওঁলোকে লগ লাগি ভোজ ভাত খাই গীত গাই উজাগৰে থাকে। ৰাতি পুওৱাৰ লগে লগে গা-পা ধুই মেজিত জুই লগাই দিয়ে। জুই জ্বলি উঠিলে মন্ত্ৰ মাতি মাহ, মগু, পিঠা, চাউল, ঘিঁউ আদি দি অগ্নিক সেৱা কৰে। মেজি পোৰাৰ শেষত তাৰ ছাঁইৰে সকলোৱে ফোঁট লয়। অৱশ্যে নৰাৰ সুবিধা নথকা ঠাইত কাঠ-বাঁহ আদিৰেই মেজি বনায়। এই বিহুৰ মেজি পোৰা অগ্নি পূজাৰেই নামান্তৰ বুলিব পাৰি।

জাতীয় উৎসৱ বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলা-প্ৰীতিৰ ভাৱ অটুট ৰাখিছে বুলি কোৱা হয়। বিহুৰ সকলো কামেই হয় সমূহীয়াভাৱে, যি মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে।

 

 

লগতে চাওক –  বিহুগীত || বিহুনাম || যোজনাগামোচা – গামোচাৰ নাম   , সাত বিহু

 

তথ্য সংগ্ৰহ

  •  “Bihu Festival”. www.festivalsofindia.in. Pan India Internet Private Limited (PIIPL)। আহৰণ কৰা হৈছে: 2013-04-13.
  •  অসমৰ সংস্কৃতি: ড॰ লীলা গগৈ
  •  [1]বিহুৰ উৎপত্তি আৰু বিহু নৃত্য।
  •  “Origin of the Word Bihu”. festivalsofindia.in. Pan India Internet Private Limited (PIIPL। আহৰণ কৰা হৈছে: 2013-04-13.
  •  Dr. Rajen Barua, Reinventing the Indian (Hindu) Calendar
  •  বিহু আৰু বিহুৰ ক্ৰমবিকাশ, বিহু এটি সমীক্ষা, লীলা গগৈ, পৃ: নং ৩৫, প্ৰকাশক: মাখন হাজৰিকা, বনলতা, চতুৰ্থ সংস্কৰণ, ২০১০
  •  বিহু আৰু বিহুৰ ক্ৰমবিকাশ, বিহু এটি সমীক্ষা, লীলা গগৈ, পৃ: নং ৩৬, প্ৰকাশক: মাখন হাজৰিকা, বনলতা, চতুৰ্থ সংস্কৰণ, ২০১০
  •  পৱন চন্দ্ৰ শইকীয়া, ‘কাতি বিহুৰ ৰূপৰেখা’, দেউৰী চুতীয়া, পৃষ্ঠাঃ ১০৯
  •  ডিম্বেশ্বৰ গগৈ, ‘অসমৰ বিহু সংস্কৃতিৰ ৰূপৰেখা’, পৃষ্ঠাঃ ১৮-১৯
  •  ৰিদিপ কুমাৰ, অসমৰ জাতীয় উৎসৱ হিচাপে বিহুঃ এক ঐতিসাহিক বিশ্লেষণ
  •  Austroasiatics absorbed by Tibeto-burman groups
  •  হলিৰাম ঢেকিয়াল ফুকনৰ ৰচনাৱলী, p. 80
  •  Ratanpur was the capital of Chutia king Ratnadhwajpal
  •  কাঠেৰে নিৰ্মিত পোঙ খোল
  •  “Along the way, a number of people were captured. They were either Chutias, Morans or Borahis…given names according to the tasks they performed.”, Saikia, Yasmin,Fragmented Memories, p.115
  •  First stage Bihu organised in Betioni, Golaghat
  •  লীলা গগৈ, বিহুগীত আৰু বনঘোষা।

 

 

 

Leave a Reply