দেৱালী || দীপাৱলী বা দীপান্বিতা || পোহৰৰ উৎসৱ

পোহৰৰ উৎসৱ দীপাৱলী , দেৱালী

 

শৰৎ কালত পালন কৰা হিন্দু ধৰ্মৰ আটাইতকৈ জাকজমতাৰ উৎসৱেই হৈছে দীপাৱলী বা দীপান্বিতা ৷ কাতি মাহৰ অমাৱস্যা তিথিৰ দিনা “দীপাৱলী” পালন কৰা হয় ৷

এই উৎসৱক পোহৰৰ উৎসৱ বুলিও কোৱা হয় ৷ সেয়ে, অন্ধকাৰক নাশিবলৈ, শাৰী শাৰী বন্তি প্ৰজ্বলনেৰে চৌদিশে পোহৰাই তোলা হয় দীপাৱলীৰ নিশা ৷

দেৱালীৰ সময়ত ঘৰ-দুৱাৰ, দোকান-পোহৰ, কাৰ্যালয়, মন্দিৰ আদি নানান আলোকসজ্জাৰে আলোকিত কৰা হয়।  দীপাৱলী উৎসৱ ঠাইভেদে এদিনীয়া, তিনিদিনীয়া অথবা পাছদিনীয়াকৈ পালন কৰা দেখা যায় যদিও উৎসৱৰ তৃতীয় দিনা হিন্দু দিনপঞ্জীমতে বছৰৰ আটাইতকৈ অন্ধকাৰ দিন কাতি মাহৰ অমাৱস্যা তিথিত মূল দেৱালী পালন কৰা হয়।

দেৱালীৰ আগে-আগে মানুহে তেওঁলোকৰ ঘৰ আৰু কৰ্মস্থানৰ চাফ-চিকুণ, পুনৰনিৰ্মাণ আৰু সৌন্দৰ্য্য বৰ্ধনত ব্যস্ত হয়। দেৱালীৰ দিনা সকলোৱে সুন্দৰ সাজ পিন্ধি ঘৰৰ ভিতৰে বাহিৰে মিঠাতেলৰ মাটিৰ চাকি, মম, আলোকসজ্জাৰে আলোকিত কৰে। ইয়াৰ লগতে বোমা-ফটকা ফুটাই আনন্দ কৰা দেৱালীৰ অন্যতম বৈশিষ্ট্য। দ্বীপান্বিতাৰ সময়ত ওচৰ-চুবুৰীয়া আৰু সম্পৰ্কীয় সকললৈ মিঠাই আৰু উপহাৰ আদান-প্ৰদানৰো নিয়ম আছে। দেৱালী সমগ্ৰ দক্ষিণ এছিয়াত উলহ-মালহৰে উদযাপন কৰাৰ লগতে গোটেই বিশ্বতে ভাৰতীয় মূলৰ মানুহৰ মাজত বিশেষভাৱে জনপ্ৰিয়।

এই উৎসৱৰ অতীত বিশ্লেষণ কৰিলে আমি পাওঁ যে অতি প্ৰাচীন কালৰে পৰা দেৱালী উৎসৱ উদযাপন কৰি অহা হৈছে  যদিও এই দীপাৱলী পালনৰ অন্তৰালত কেইবাটাও পৌৰাণিক আখ্যান জড়িত হৈ আছে ৷

i)

আমাৱস্যাৰ সেই দিনটোত ৰাম, লক্ষ্মণ, সীতা আৰু হনুমানে চৈধ্য বছৰ পিছত বনবাসৰ পৰা অযোধ্যালৈ উভতি আহিছিল।ইয়াৰ উদ্দেশ্যে অযোধ্যাৰ প্ৰজাগণে জাকজমকতাৰে পোহৰৰ উৎসৱ পালনৰ দ্বাৰা ৰামৰ সৈতে সকলোকে স্বাগতম জনাইছিল।

ii)

দ্বাপৰ যুগত ভূমি দেৱীৰ পুত্ৰ নৰকাসুৰে ব্ৰহ্মাৰপৰা বৰ লৈ অহঙ্কাৰী হৈ তিনিও লোকতে ত্ৰাসৰ সৃষ্টি কৰিছিল। নৰকাসুৰৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰি দেৱতাসকলে  ভগবান শ্ৰীকৃষ্ণৰ শৰণাপন্ন হৈছিল। শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰি পাপৰ বিনাশ ঘটাই সমস্ত জগতক উদ্ধাৰ কৰিছিল।

অত্যাচাৰী নৰকাসুৰৰ নিধনত সকলোৱে আনন্দিত হৈ চাকি-বন্তি জ্বলাই আনন্দোল্লাস কৰিছিল। তাৰেই পৰিপ্ৰেক্ষিতত দীপাৱলী বা দেৱালী পালন কৰি অহা হৈছে বুলি আন এক প্ৰবাদ প্ৰচলিত হৈ আহিছে।

যিয়েই নহওঁক, এই আখ্যানবোৰ বিশ্লেষণ কৰিলে দেখা যায় যে দীপাৱলী পালনৰ তাৎপৰ্য হৈছে – দুষ্টক দমন, শিষ্টক পালন অৰ্থাৎ অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ জয় ৷ অসূয়া-অপশক্তিক নিৰ্মূল কৰি সুখ-শান্তি স্থাপন কৰাই হৈছে দীপাৱলী পালনৰ মূল তত্ত্ব।

1 thought on “দেৱালী || দীপাৱলী বা দীপান্বিতা || পোহৰৰ উৎসৱ”

Leave a Reply