What is the Teacher Eligibility Test (TET)|| টেট পৰীক্ষা

 

TET ,টেট পৰীক্ষা

 

শিক্ষাৰ অধিকাৰ আইন ২০০৯ অনুসৰি ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদে (NCTE) অৰ্হতাপ্ৰাপ্ত শিক্ষকৰ নিযুক্তিৰ দ্বাৰা শিক্ষাৰ মানদণ্ড উন্নতীকৰণৰ বাবে চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ সমূহ বিদ্যালয়ত শিক্ষাৰ বাবে আগ্রহী সকলাে ব্যক্তিয়ে শিক্ষক যােগ্যতা নিৰূপন পৰীক্ষাত অৱতীৰ্ণ হােৱাটো বাধ্যতামূলক কৰিছে  । সেয়েহে প্রতিটো শিশু শিক্ষাৰ অধিকাৰ সুনিশ্চিত কৰিবৰ বাবে অর্থাৎ প্রতিটো শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাদানৰ (Right of Children to free and compulsoty Education) আইন ২০০৯ ৰ অধীনত কেন্দ্রীয় চৰকাৰে কেন্দ্রীয়ভাৱে আৰু ৰাজ্যিকভাৱে শিক্ষক বাচনি আৰু নিযুক্তিৰ বাবে একোটা পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। এনে শিক্ষক নিযুক্তিৰ ক্ষেত্রত যাতে কোনাে ধৰণৰ আসোঁৱাহ থাকি নাযায় আৰু শিক্ষকৰ নিযুক্তি যাতে গুণগত মানদণ্ডৰ ওপৰতহে নির্ভৰ কৰিব পৰা    যায় ।

 

TET অৱৰ্তীৰ্ণ হোৱাৰ বাবে প্ৰয়োজনীয় অৰ্হতাসমূহ :

১/  TET ৰ নিম্ন প্ৰাথমিক (i-v) বিদ্যালয়ৰ শিক্ষক পদৰ বাবে এগৰাকী প্ৰাৰ্থীয়ে নিম্নতম শতকৰা ৫০ নম্বৰ সহ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হব লাগিব  । অৱশ্যে এই ক্ষেত্ৰত অনুসূচীত জাতি – জনজাতি, পিছপৰা জাতিৰ পৰীক্ষাৰ্থীৰ বাবে ৫% নম্বৰ ৰেহাই দিয়া হয় ।

২/ TET ৰ উচ্চ প্ৰাথমিক ( Vl-Vlll) শ্ৰেণীৰ শিক্ষক পদৰ বাবে নূন্যতম শতকৰা ৫০ নম্বৰ সহ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হব লাগিব  যিসকলে উচ্চতৰ মাধ্যমিকত শতকৰা ৫০ নম্বৰতকৈ কম পাইছে কিন্তু স্নাতক পৰীক্ষাত ৫০ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে সেইসকল প্ৰাৰ্থীয়ে এই TET পৰীক্ষাত অৱৰ্তীন হব পাৰিব ।

৩/ উচ্চতৰ মাধ্যমিক শাখাত প্ৰাৰ্থীজনে কলা বা বিজ্ঞান  শাখাত অধ্যয়ন কৰি উত্তীৰ্ণ হব লাগিব ।

 

 

Leave a Reply