শিশুৰ বিকাশ আৰু ক্ৰম বিকাশ || শিশুৰ গঠনৰ প্রণালী

 

শিশুৰ বিকাশ আৰু ক্ৰম বিকাশ
সাধাৰণতে বিকাশ হৈছে আমাৰ দেহৰ অংগ-প্রতংগসমূহৰ বিকাশ সাধন। দেহৰ আকাৰ- আকৃতি, উচ্চতা আৰু ওজন আদি বৃদ্ধি পােৱা অৱস্থাকে বিকাশ বুলি কোৱা হয়। শাৰীৰক বিকাশে আমাৰ ব্যৱহাৰ আৰু অন্যান্য ক্ষেত্রে প্ৰভাৱ পেলায়।

 

শৈশৱ কালত শিশুৰ দৈহিক গঠনৰ প্রণালী দ্রুত গতিত বাঢ়ে। এই সময়ছােৱাত শিশুৰ মেৰুদণ্ড, হাড়, পেশীসমূহ সুস্থ-সবল হ’বলৈ ধৰে। তদুপৰি শিশুৰ ওজন বাঢ়িবলৈ ধৰে। এই সকলােবােৰ বিকাশৰ  অন্তর্ভুক্ত।
 ক্রমবিকাশ শব্দটো বিকাশৰ লগত জড়িত। গুণগত আৰু পৰিমাণগত দিশত মানুহৰ পৰিবর্তন সাধনেই হৈছে ক্রমবিকাশ। পৰিপক্কতাৰ কার্যপ্রণালীয়েই হৈছে ক্রমবিকাশ। দেহৰ বিকাশ সাধন নিৰ্ভৰ কৰে শাৰিৰীক ক্রমােন্নতিৰ ওপৰত। গতিকে দেখা পােৱা যায় যে বিকাশ আৰু ক্রমবিকাশৰ মাজত এক ওচৰ সম্পর্ক আছে।
ক্রমবিকাশে একে সময়তে গুণগত আৰু পৰিমাণগত দিশত পৰিৱৰ্তন আনি দিয়ে। ক্রমবিকাশ হৈছে ক্রমে ক্রমে বৃদ্ধি হৈ অহা এক অৱস্থা। কোনাে এক ব্যক্তিৰ গঠন, ইন্দ্রিয় পৰিচলন আদি ক্ষমতাৰ সংশােধন ঘটাই পৰিবেশৰ বিভিন্ন পৰিস্থিতিত সমযােজন কৰাৰ যি প্রক্রিয়া তাকে ক্রমবিকাশ বুলি কোৱা হয়।
বিকাশ আৰু ক্রমবিকাশ । বিকাশ আৰু ক্রমবিকাশ দুয়ােটাই পবিৱর্তনৰ বিভিন্ন প্রক্রিয়াত ব্যৱহৃত হয়। কিন্তু দুয়ােটাৰ মাজত কিছু পার্থক্যও দেখিবলৈ পােৱা যায়। বিকাশ সাধাৰণতে গুণগত পৰিৱর্তনৰ লগত জড়িত। উদাহৰণস্বৰূপে –  আকৃতি, উচ্চতা, ওজন, আভ্যন্তৰীণ ইন্দ্রিয়সমূহৰ পৰিৱৰ্তন ইয়াৰ অন্তর্ভুক্ত কৰিব পাৰি। আনহাতে এজন ব্যক্তিৰ ব্যক্তিত্বত যি মানসিক, সামাজিক আৰু যৌনমুলক পৰিৱর্তন দেখা যায় সেইসমূহ ক্রমবিকাশৰ অন্তর্গত।
বিকাশ আৰু ক্ৰমবিকাশৰ মাজৰ পাৰ্থক্য :

        বিকাশ
1. শাৰিৰীক পৰিৱৰ্তনৰ  লগত বিকাশ বিশেষভাৱে জড়িত । শৰীৰৰ আকাৰ -আকৃতি , ওজন , উচ্চতা আদি গুণগত দিশৰ পৰিৱৰ্তন সমূহ বিকাশৰ অন্তৰ্ভুক্ত ।
2. বিকাশৰ পৰিৱৰ্তনৰ মাপ কাঠি জুখি চাব পাৰি ।
3. বিকাশ হৈছে ক্ৰমবিকাশৰ এক অংশবিশেষ ।
        ক্ৰমবিকাশ
1. ক্ৰমবিকাশ সকলো প্ৰকাৰৰ পৰিৱৰ্তনৰ লগত জড়িত । সামাজিক , মানসিক , আৱেগিক পৰিৱৰ্তন ইয়াৰ অন্তৰ্ভুক্ত ।
2. ক্ৰমবিকাশৰ পৰিৱৰ্তন সমূহক প্ৰত্যক্ষভাৱে জুখি চাব পৰা নাযায় ।
3. ক্ৰম বিকাশৰ পৰিসৰ বহল । ইয়াৰ লগত সকলো প্ৰকাৰৰ পৰিৱৰ্তন জড়িত আছে ।

Leave a Reply