ক্ৰিকেট খেল || ক্ৰিকেট পিটচখনৰ দৈৰ্ঘ্য

ক্ৰিকেট খেলৰ দৰ্শক

 

■ ভাৰতত অধিক সংখ্যক  ক্ৰিকেট খেলৰ দৰ্শক আছে , যিটো চীন বা ৰাছিয়াত নাই  । ক্ৰিকেট খেল ভাৰতবৰ্ষৰ জনপ্ৰিয় খেল আৰু ইয়াক বেছিকৈ বৃটিছসকলে প্ৰভাৱিত কৰিছিল । কিন্তু কমিউনিষ্ট দেশ যেনে চীন বা ৰাছিয়াত ক্রিকেট খেলৰ জনপ্ৰিয়তা নাই । কমিউনিষ্ট দেশ বোৰত অতি কম সংখ্যক লোকে ক্ৰিকেট খেল উপভোগ কৰে ।
■ ক্ৰিকেট খেলৰ বিভিন্ন সঁজুলি :
খেলত প্ৰয়োজন হোৱা সামগ্ৰী সমূহক সঁজুলি বুলি কোৱা হয় ।  কিছুমান সঁজুলি হাতে সজা  আৰু কিছুমান মেচিনত নিৰ্মান কৰা হয় , যাক সুৰক্ষাত্মক সঁজুলি বুলি জনা যায় । ক্ৰিকেট খেলৰ প্ৰধান সা-সঁজুলি হৈছে বেট , বল , ষ্টাম্প , পেদ , হেলমেট , গ্লাভচ আদি ।
■  ক্ৰিকেট খেল এক অদ্বিতীয় খেল
ইয়াৰ আশ্বৰ্যজনক বৈশিষ্ট্যটোত হৈছে খেলপথাৰ খন । খেলপথাৰখনে যিকোনো আকৃতিৰ হ’ব  পাৰে , কিন্তু পিটচৰ দৈৰ্ঘ নিৰ্দিষ্ট হয় । আৰু ইয়াক অনুপম বুলি কোৱা হয় কাৰণ যদি খেলখন পাঁচ দিন ধৰিও খেলা হয় ।  ই অমিমাংসীতভাৱে অন্ত পৰে । অৰ্থাৎ ক্ৰিকেট খেলৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে , যাৰ বাবে এই খেলক অনুৰূপ খেল বোলা হয় ।
■ ক্ৰিকেট খেল অন্য দলগত খেলতকৈ পৃথক –
 ক্ৰিকেট খেল অন্য দলগত খেলতকৈ পৃথক হয় ।
ক্ৰিকেট খেল বহু সময় ধৰি খেলা হয়  ।   ক্ৰিকেট খেলৰ ভিন্নতা আছে যেনে টেষ্ট ক্ৰিকেট , এদিনীয়া ক্ৰিকেট , সীমিত অভাৰৰ ক্ৰিকেট । এনেদৰে ক্ৰিকেট খেল আন দলগত খেলতকৈ পৃথক ।
■ প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ দ্বাৰা ক্ৰিকেট  খেল –
প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ বাবে ক্ৰিকেট  খেল  বহুত প্ৰভাৱিত হৈছে ।  সীহযুক্ত ৰাবাৰ আৰু কম ওজনযুক্ত হেলমেট আৱিস্কৃত হৈছে , আৰু এইবোৰ ক্ৰিকেট ব্যৱহাৰ সম্ভৱপৰ  হৈছে । আকৌ  উপগ্ৰহৰ টেলিভিশ্বনৰ জৰিয়তে  দূৰ-দূৰণিৰ দৰ্শকলৈ ক্ৰিকেটৰ প্ৰসাৰতা বৃদ্ধি হৈছে তথা সহজে প্ৰত্যক্ষ কৰিব পৰা হৈছে ।
■  ক্ৰিকেট পিটচখন নিৰ্ধাৰিত দৈৰ্ঘ্য হৈছে ২২ গছ । কিন্তু খেলপথাৰখনৰ কোনো নিৰ্দিষ্ট আকাৰ আৰু আকৃতি নাথাকে ।

Leave a Reply