অটল অমৃত অভিযান||প্ৰতি বছৰে প্ৰতিটো যোগ্য পৰিয়ালৰ, প্ৰতি গৰাকী ব্যক্তিলৈ ২ লাখ টকাৰ সহায় ||এই আঁচনি খনত ভৰ্তিকৰণ কেনেকৈ কৰিব

 অটল অমৃত অভিযান  নগদ বিহীন মাধ্যমৰ অধীনত সুবিধাসমূহ অসম চৰকাৰৰ এক অভিলাষী স্বাস্থ্য  নিশ্চিয়তা আঁচনি ।

অটল অমৃত অভিযান||প্ৰতি বছৰে প্ৰতিটো যোগ্য পৰিয়ালৰ, প্ৰতি গৰাকী ব্যক্তিলৈ ২ লাখ টকাৰ সহায় ||এই আঁচনি খনত ভৰ্তিকৰণ কেনেকৈ কৰিব

মাননীয় প্ৰধানমন্ত্ৰীৰ দৰ্শন “সবকা সাথ সাবকা বিকাশ”ৰ দ্বাৰা অনুপ্ৰাণিত হৈ আৰম্ভ কৰা, অটল অমৃত অভিযান হৈছে স্বাস্থ্য সুনিশ্চিত কৰিবৰ বাবে অসম চৰকাৰ এক ধ্বজাধাৰী আঁচনি | এই উচ্চাকাংক্ষী আঁচনিয়ে বিপিএল বা দৰিদ্ৰ সীমা ৰেখাৰ তলৰ প্ৰতিজন ব্যক্তিলৈ আৰু গোটেই অসম জুৰি নিম্ন আয়ৰ পৰিয়ালসমূহলৈ ২ লাখ টকালৈকে ব্যাপক আচ্ছাদনৰ সৈতে আৰু নগদবিহীন চিকিৎসাৰ সুবিধা প্ৰদান কৰিছে, এই চিকিৎসা ছয়টা সাধাৰণতে হোৱা আৰু উচ্চ ব্যয়ৰ ৰোগসমূহৰ গ্ৰুপসমূহ যেনে-(ক) হৃদ ৰোগসমূহ, (খ) কৰ্কট (গ) বৃক্কজনিত ৰোগসমূহ, (ঘ) স্নায়ুভিত্তিক অৱস্থাসমূহ, (ঙ) নৱজাতকাৰ ৰোগসমূহ আৰু (চ) অগ্নিদগ্ধ |

চিন্তামুক্ত আৰু শ্ৰেষ্ঠ পৰ্য্যায়ৰ চিকিৎসা ছয়্টা বিশেষ বিভাগসমূহৰ ভিতৰত ৪৩৮ অনুমোদিত প্ৰক্ৰিয়াৰ চিকিৎসা প্ৰদান কৰা হয়, অটল অমৃত অভিযান আঁচনি হৈছে প্ৰসৱৰ সময়ত নগদবিহীন চিকিৎসা প্ৰদান কৰা | নগদবিহীন চিকিৎসা যোগ্য পৰিয়ালৰ প্ৰতিজন প্ৰাপ্ত বয়স্ক সদস্যৰ বাবে এক বিশেষ চিনাক্তকৰণ নম্বৰ থকা লেমিনেটেড কাৰ্ডেৰে লেনদেন কৰাৰ সুবিধা প্ৰদান কৰা হয় |

প্ৰতি বছৰে প্ৰতিটো যোগ্য পৰিয়ালৰ, প্ৰতি গৰাকী ব্যক্তিলৈ ২ লাখ টকাৰ আচ্ছাদন দিয়া হয় |

প্ৰতি বছৰে প্ৰতিটো যোগ্য পৰিয়ালৰ, প্ৰতি গৰাকী ব্যক্তিলৈ ২ লাখ টকাৰ আচ্ছাদন দিয়া হয় |

নিম্নলিখিত বিশেষ বিভাগসমূহত ৪৩৮ জটিল সেৱাৰ প্ৰক্ৰিয়াক সামৰি নগদবিহীন চিকিৎসা প্ৰদান কৰা হয়: -হৃদ ৰোগসমূহ কৰ্কট , বৃক্কজনিত ৰোগসমূহ, স্নায়ুভিত্তিক অৱস্থাসমূহ, নৱজাতকৰ ৰোগসমূহ আৰু অগ্নিদগ্ধ |

যোগ্য স্বত্বভোগীসকল :

Assam Atal Amrit Abhiyan

বিপিএল পৰিয়ালসমূহ:
১.২ লাখতকৈ নিম্ন বাৰ্ষিক আয়ৰ (বিপিএল) পৰিয়ালসমূহৰ ব্যক্তিসকললৈ(মুক্ত নামভৰ্তিকৰণ)

এপিএল পৰিয়ালসমূহ:
১.২ লাখ আৰু ৫ লাখ( প্ৰতি বছৰে নামমাত্ৰ প্ৰিমিয়াম ১০০/-টকা)ৰ মাজত নিম্ন বাৰ্ষিক আয় (এপিএল)ৰ ব্যক্তিসকল

তালিকাভুক্তকৰণৰ বিষয়বস্তু হল পৰিয়ালৰ প্ৰতিজন সদস্যৰ সকলো সম্পৰ্কীয় নথিপত্ৰৰ সত্যতা পৰীক্ষা আৰু দাখিল |
কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰী কৰ্মচাৰীসকল, বৰ্তমানে কৰি থকা বা অৱসৰ প্ৰাপ্তসকল এই আঁচনিৰ বাবে যোগ্য নহয়

স্বয়ম আঁচনিৰ অধীনত প্ৰদান কৰা হ’ব এহেজাৰ কোটি টকা | ২লাখ যুৱক-যুৱতীক ৫০ হাজাৰ টকাকৈ দিব চৰকাৰে স্বয়ম আঁচনিৰ বিষয়ে পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

এই আঁচনি খনত ভৰ্তিকৰণ কেনেকৈ কৰিব :

ভৰ্তিকৰণ চেন্টাৰলৈ নিম্নলিখিত নথিপত্ৰসমূহ আপোনাৰ সৈতে লৈ যাব
প্ৰতিজন পৰিয়ালৰ সদস্যৰ বাবে ইপিআইচি(ভোটাৰ আইডি) কাৰ্ড
পৰিয়ালৰ নাবালক সদস্যসকলৰ বাবে জন্মৰ প্ৰমাণপত্ৰ
এপিএল পৰিয়ালসকলৰ সদস্যসকলে নিশ্চিতভাৱে অতিৰিক্তভাৱে তেওঁলোকৰ আয়ৰ প্ৰমাণপত্ৰ উপস্থাপন কৰিব লাগিব আৰু প্ৰতিজন স্বত্বভোগীৰ বাবে প্ৰিমিয়াম হিচাপে ১০০/- টকা দিব লাগিব |
নেশ্বনেল ফুড চিকিউৰিটী এক্ট(এনএফএছএ) কাৰ্ডখন এক অতিৰিক্ত নথিপত্ৰ হিচাপে উপস্থাপন কৰিব লাগিব|
ভৰ্তিকৰণ কেন্দ্ৰ পৰিদৰ্শন কৰক; সকলো স্বত্বভোগী নিশ্চিতভাৱে ভৰ্তিকৰণ কেন্দ্ৰসমূহত শাৰীৰিকভাৱে উপস্থিত থাকিব লাগিব |
সত্যাপন কৰা বিষয়াই সকলো নথিপত্ৰ পৰীক্ষা কৰিব আৰু এইবোৰৰ যোগ্যতাৰ সত্যতা পৰীক্ষা কৰিব |
এপিএল স্বত্বভোগীসকলে নিৰ্ধাৰিত বেংক একাউন্টত প্ৰিমিয়াম জমা কৰাৰ বাবে বিশেষ সংখ্যাৰ চালান বা ৰচিদ প্ৰাপ্ত কৰিব |
সত্যতা পৰীক্ষা কৰাৰ পাছত(আৰু আদায় দিয়া চালান বা ৰচিদ যেতিয়া প্ৰযোজ্য হয়), অপাৰেটৰজনে এখন ফটোগ্ৰাফ লয় আৰু লগতে প্ৰতিজন স্বত্বভোগীৰ হাঁতৰ আঁঙুলিৰ চাপ ধৰি ৰাখিব |
অপাৰেটৰজনে স্বত্বভোগীসকললৈ আঁচনিৰ জ্ঞাপন পত্ৰখনৰ স’তে বিশেষ এএএ আইডি কাৰ্ড মুকলি কৰি দিব  |

২৪ x ৭ শুল্কহীন হেল্পলাইন নম্বৰ- ১৮০০ ১০২ ৭৪৮০

অফিচিয়েল ৱেবচাইট  : ইয়াত ক্লিক কৰক ।

Leave a Reply