কাঁহী বাটি – কাঁহী বাটি ঘুতি লটা লৈ

Zubingarg

কাঁহী বাটি ঘুতি লটা লৈ
থকা হিচাপ কৰি দিন
আহিমে মই এদিন
মোৰ নাও ভটিয়াই
নৌকা ভৰাই আনিম মাছ
আহিবগৈ আমাৰ সুদিন অ ।

ভৰা বাৰিষাৰে নদী দেখি
নাখাবা ভয় পদুমী
অ ‘ মোৰ সোন পদুমী
পুতেৰেক সাৰথি কৰি যদি
দিন নেযায় নুপুৱাই
নদীৰ ফালে চালেই হলেএবাৰ
আহিম মই ভটিয়াই নাও বাই ।

পঢ়ি-শুনি ডাঙৰ হব বপা
কিনিব ঘৰ-বাৰী নতুন
নাও চলাই চলাই এই দুই হাত
জিৰণি লব এদিন
নাহাঁহে আৰু কোনেও আমাক
সৰু দুখীয়া বুলি
নেদেখে আৰু কোনে ও আমাক
নৈ চপনিয়া বুলি অ’ পদুমী ।।

Leave a Reply