ফলৰ নাম | মিঠা ফল | টেঙা ফল

ফল

,

ফল দেখিবলৈ বহুত ধুনীয়া , কিছুমান ফল  দেখিলেই খাবলৈ মন যায়  ।  পকা ফল আমাৰ স্বাস্থ্যৰ বাবে বহুত উপকাৰী হয়  । বহুতো ফল  পকিলে সোৱাদ হয় , মিঠা হয় । কিছুমান কেঁচাই খোৱা ফল ও আছে । ফল প্ৰকাৰ ভেদে বেলেগ বেলেগ সোৱাদৰ ও হয় ।  আকাৰ অনুযায়ী ফলৰ ডাঙৰ – সৰু ও আছে ।  বতৰ অনুযায়ী জাৰকালি , জহকালি গছত ফল ধৰে ।
ফলৰ পৰা আমি বহুতো কিবা কিবি বনাব পাৰো  যেনে –  আচাৰ , জেলী , চাটনি , চৰবত ইত্যাদি  ।

আমি সদায় দেখি থকা আৰু খোৱা ফল কিছুমানৰ নাম –
আম , আপেল , আঙুৰ , আতলছ , অনাৰহ  , অমৰা , আমলখি , অমিতা , আখৰোট , কল , কমলা, কঁঠাল , কৰদৈ , খেজুৰ , তাল , তেঁতেলী , নাচপতি , নাৰিকল , পনিয়াল , বেল , ডালিম , মধুৰীআম , জলফাই , ৰবাব টেঙা , ঔ টেঙা , জামু , লিচু , লেটেকু ইত্যাদি ।

কিছু মিঠা ফল : 
 আম , আপেল , আতলচ , আনাৰহ , অমিতা , কঁঠাল , কমলা , খেজুৰ , ডালিম , নাৰিকল , নাচপতি , মধুৰীআম , লিচু  , জামু    ইত্যাদি ।

কিছু টেঙা ফল :
 নেমু টেঙা , ঔ টেঙা , ৰবাব টেঙা , কৰদৈ ,  অমৰা , তেঁতেলী , জলফাই , বগৰী , লেতেকু ইত্যাদি  ।

2 thoughts on “ফলৰ নাম | মিঠা ফল | টেঙা ফল”

Leave a Reply