,
ফল দেখিবলৈ বহুত ধুনীয়া , কিছুমান ফল দেখিলেই খাবলৈ মন যায় । পকা ফল আমাৰ স্বাস্থ্যৰ বাবে বহুত উপকাৰী হয় । বহুতো ফল পকিলে সোৱাদ হয় , মিঠা হয় । কিছুমান কেঁচাই খোৱা ফল ও আছে । ফল প্ৰকাৰ ভেদে বেলেগ বেলেগ সোৱাদৰ ও হয় । আকাৰ অনুযায়ী ফলৰ ডাঙৰ – সৰু ও আছে । বতৰ অনুযায়ী জাৰকালি , জহকালি গছত ফল ধৰে ।
ফলৰ পৰা আমি বহুতো কিবা কিবি বনাব পাৰো যেনে – আচাৰ , জেলী , চাটনি , চৰবত ইত্যাদি ।
আমি সদায় দেখি থকা আৰু খোৱা ফল কিছুমানৰ নাম –
আম , আপেল , আঙুৰ , আতলছ , অনাৰহ , অমৰা , আমলখি , অমিতা , আখৰোট , কল , কমলা, কঁঠাল , কৰদৈ , খেজুৰ , তাল , তেঁতেলী , নাচপতি , নাৰিকল , পনিয়াল , বেল , ডালিম , মধুৰীআম , জলফাই , ৰবাব টেঙা , ঔ টেঙা , জামু , লিচু , লেটেকু ইত্যাদি ।
কিছু মিঠা ফল :
আম , আপেল , আতলচ , আনাৰহ , অমিতা , কঁঠাল , কমলা , খেজুৰ , ডালিম , নাৰিকল , নাচপতি , মধুৰীআম , লিচু , জামু ইত্যাদি ।
কিছু টেঙা ফল :
নেমু টেঙা , ঔ টেঙা , ৰবাব টেঙা , কৰদৈ , অমৰা , তেঁতেলী , জলফাই , বগৰী , লেতেকু ইত্যাদি ।
ভাল হৈছে। আৰু লেখনি চেয়াৰ কৰিব বুলি আশা থাকিল।
ধন্যবাদ 😊 …হয় নিশ্চয় কৰিম ।