ড ° ভবেন্দ্ৰ নাথ শইকীয়াৰ জীৱনী :
Biography of Dr. Bhabendra Nath Saikia
জন্ম আৰু শিশুকাল:
১৯৩২ চনৰ ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে অসম ৰাজ্যৰ নগাওঁ জিলাৰ কলংনৈয়ে শুৱনি কৰা ফৌজাদাৰী পণ্ডিত কথাশিল্পী ড’ ভবেন্দ্র নাথ শইকীয়াব জন্ম হৈছিল। ড° ভবেন্দ্র নাথ শইকীয়া অসমীয়া সাহিত্যৰ এগৰাকী অচিনাকীৰ, নাম নহয়। তেওঁ গল্প, উপন্যাস, শিশু সাহিত্য, নাটক, পত্রিকা সম্পাদক, চলচ্চিত্রত অকল ভাৰতবৰ্ষতে পৰিচিত নহয়। ভাৰতবৰ্ষৰ বাহিৰতো তেওঁৰ নাম আছে। তেওঁৰ দেউতাকৰ নাম বিদুৰ চন্দ্ৰ শইকীয়া আৰু মাকৰ নাম ছন্দাবালা শইকীয়া আছিল। দেউতাকৰ ডাঙৰ ককায়েকৰ নাম বিপিন চন্দ্র শইকীয়া আৰু সৰুজন অর্থাৎ খুৰাকৰ নাম ৰঘুনাথ শইকীয়া। ভবেন্দ্র নাথ শইকীয়াৰ ককাদেউতাকৰ নাম গোপাল শইকীয়া আছিল যি ৰূপাই শইকীয়াৰ পুত্র।ভবেন্দ্র নাথ শইকীয়াৰ মাতৃ ছন্দবালা শইকীয়া এগৰাকী আদর্শ গৃহিণী আছিল। তেওঁ কাণেৰে কমকৈ শুনিছিল। তথাপি ঘৰৰ সকলো দিশ চোৱা-চিতা কৰাৰ উপৰিও সন্তানবোৰক খুব ভালদৰে চোৱাচিতা কৰিছিল।ভবেন্দ্র নাথ শইকীয়াৰ শিশু অৱস্থাত দেউতাকৰ আর্থিক অবস্থা ভাল নাছিল। টিনেৰে সজ্জিত ছালিৰ ভিতৰত জীবন নির্বাহ কৰিছিল। খেৰেৰে নিৰ্মিত গৃহ এটাত ৰন্ধা বঢ়া কৰিছিল। গৰমৰ দিনত ম’হৰ পৰা ৰক্ষা পাবৰ বাবে আঠুৱাৰো ব্যৱস্থা কৰিব পৰা নাছিল। তেওঁলোকে দুখন ধুতি বা দুখন ছাদৰ লগ লগাই নেমু টেঙাৰ কাইটেৰে বা বাঢ়নিৰ আগৰ মিহি কাঠেৰে চিলাই কৰাৰ দৰে কৰিহে আঠুৱা হিচাবে ব্যৱহাৰ কৰিছিল।ভবেন্দ্র নাথ শইকীয়া দেউতাকে পঞ্চম মানলৈহে পঢ়িছিল। প্রথম অৱস্থাত তেওঁ টেলিফোনৰ খুটাৰ ৰং দিয়া সৰু কাম এটাহে কৰিছিল। পিছত নগাঁওৰ মোক্তার স্কুলত এটি শিক্ষকতাৰ চাকৰি যোগান কৰি লৈছিল। দুখৰ বিষয় এবাৰ তেওঁৰ চকুৰ অসুখ হোৱাত স্কুল কর্তৃপক্ষই ক্ষয়ৰোগ হোৱা বুলি চাকৰিৰ পৰা অব্যাহতি দিছিল। কিন্তু তেওঁৰ কোনো ধৰণৰ তেনেকুৱা ৰোগ হোৱা নাছিল। এনেকুৱা অৱস্থাত মানসিকভাবে ভাগি পৰি জগন্নাথ ক্ষেত্ৰত জীৱনৰ বাকী সময়খিনি পাৰ কৰাৰ কথা ভাবিলে। তাতো পাণ্ডাসকলে তেওঁৰ ঘৰৰ অৱস্থা জানিব পাৰি অতি চালুকীয়া অৱস্থাত এৰি তীৰ্থ স্থানত জীবন কটোৱাটো পুণ্যৰ কাম নহয় বুলি ঘৰলৈ পঠিয়াই দিলে। জগন্নাথৰ পৰা ঘূৰি আহি তেওঁ ৰজাক কাপোৰ পাৰি বেপাৰীৰ পৰা সংগ্ৰহ কৰা, গাৱৰ লোকৰ পৰা আদা, নহৰু, পিয়াজ আদিক লৈ এখন সৰু দোকান আৰম্ভ কৰি দিলে। দোকানখনৰ কাষতে ভবেন্দ্ৰই বিদ্যালয়ৰ পৰা আহি মাকে যোগাৰ কৰি দিয়া বাৰীৰ পদিনা, মধুসোলেং, নেমু আদি বিক্ৰী কৰি পেটৰ ভাট মুঠি যোগাৰ কৰিবলৈ ল’লে। কেতিয়াবা তেওঁ নিজ হাতেৰে কাগজৰ ঠোঙা, চিলা, চকৰি আদি তৈয়াৰ কৰিও বিক্ৰী কৰিছিল। বাৰিষা বৰষুণৰ বতৰত ঘৰৰ ভিতৰত ছাতি ধৰি ভবেন্দ্ৰই পঢ়িব লগা হৈছিল। বৰষুণৰ বতৰত মাকে ছাতি ধৰিহে ভবেন্দ্ৰৰ টুপনী মৰাইছিল। ভবেন্দ্ৰৰ শৈশৱৰ অৱস্থা বৰ দুখ-কষ্টৰ মাজেৰে পাৰ কৰিছিল আৰু ইয়াৰ মাজতে পঢ়া পাতিও কৰিব লাগিছিল। দেউতাক বিদুবে নিজে নাখাই হ’লেও সন্তান দেউতাক পঢ়া পাতি কৰিবলৈ যত্ন কৰিছিল। তেওঁ কামনা কৰিছিল যাতে তিনিওটি সন্তানে ভবিষ্যতে আত্ম-প্ৰতিষ্ঠা কৰি ভালদৰে জীৱন নির্বাহ কৰিব পাবে।
ছাত্ৰ জীৱন:
নগাওঁৰ নুৰুদ্দিন মোক্তাব স্কুলত ভবেন্দ্রনাথ শইকীয়াই প্রাথমিক বিদ্যালয়ত শিক্ষা লাভ কৰিছিল। তেওঁ ঘৰতে পঢ়ি শুনি প্রথম বিষয়বোৰত পাৰ্গত হৈছিল বাবে তলৰ শ্ৰেণীকেইটা নপঢ়াকৈয়ে ওপৰৰ শ্ৰেণীত নাম ভৰ্ত্তি কৰিছিল। তেওঁ ১৯৪৮ চনত সংস্কৃত সহ তিনিটা বিষয়ত ‘ষ্টাৰ’ নম্বৰ সহ মেট্ৰিক পৰীক্ষাত উত্তীর্ণ হৈছিল। প্রবেশিকা পৰীক্ষাৰ সময়ত তেওঁৰ পৰীক্ষাৰ ফিজখিনিকে দিবলৈ টকা নাছিল বাবে ডাঙৰ মোমায়েকে সোতৰ টকা দি পৰীক্ষা দিবলৈ সুবিধা কৰি দিছিল। তেওঁৰ প্রবেশিকা পৰীক্ষাৰ আগৰ শ্ৰেণীবোৰতো ষষ্ঠমানলৈকে দ্বিতীয় স্থান পাই উত্তীর্ণ হৈছিল আৰু সপ্তম মানৰ পৰা প্ৰথম স্থান হৈ আগবাঢ়ি আছিল। স্কুলতো তেওঁ তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ বাবে খেল-ধেমালিৰ মাচুলৰ বাবে বাকী ফিজসমূহৰ পৰা ৰেহাই পাইছিল। সেই ফিজখিনিকে তেওঁ দিব নোৱাৰা বাবে কেতিয়াবা জৰিমণা ভৰিব লগীয়াত হৈছিল। এবাৰ হানিফ নামে বন্ধু এজনে তেওঁৰ ফিজখিনি দি দিছিল আৰু তেওঁৰ কৃতজ্ঞতা স্বীকাৰ কৰিছিল। প্রবেশিকা পৰীক্ষাত উত্তীর্ণ হৈ তেওঁ গুৱাহাটীৰ কটন কলেজত আই. এচ. চি. ত নাম লিখে। তাত তেওঁ বৰ্তমানৰ ৰঞ্জিত বৰপূজাৰী ছাত্রাবাসত থাকিছিল। প্রথম বিভাগত উত্তীর্ণ হৈ বি.এচ.চি পঢ়ে আৰু ১৯৫২ চনত পদার্থ বিজ্ঞানত অনার্চ সহ দ্বিতীয় বিভাগত উত্তীর্ণ হয়।এম. এচ চি. পঢ়িবৰ বাবে তেওঁ কলিকতাৰ প্ৰেচিডেন্সি কলেজত নামভর্তি কৰে। কলিকতাৰ ‘ৰাজা বাজাৰ’ৰ আচাৰ্য্য জগদীশ চন্দ্র বসু ৰোড় (আপাৰ চাকুলাৰ ৰোড্) ৰ ‘স্বর্ণময়ী ছাত্রাবাস’ত থাকি শিক্ষা গ্রহণ কৰিছিল। ১৯৫৫ চনত তেওঁ পদার্থ বিজ্ঞানৰ দ্বিতীয় শ্রেণীত উত্তীর্ণ হয়।
ভবেন্দ্র নাথৰ ছাত্ৰ অৱস্থাৰে পৰা ছবি আঁকা, সংগীত শিক্ষা, ভাওনা, কথাছবি আদি চাই বৰ ভাল পাইছিল। তেওঁ খুহুটীয়া কথা কৈয়ো বৰ ভাল পাইছিল। তেওঁ বন্ধু বান্ধবীবোৰৰ লগত মাজে সময়ে ধেমালি কৰি খুহুতীয়া কথা কৈ জনপ্রিয়তা অর্জন কৰিছিল। বন্ধু বান্ধবীক জোকাই, দুষ্টালি কৰি বৰ আমোদ পাইছিল। আন ল’ৰা-ছোৱালীৰ দৰে সমনীয়াৰ লগত ধেমালিৰ মাজতে কাজিয়া কৰি নমতাকৈয়ো আছিল। বিজয়া দশমীত প্রতিমা বিসর্জন, ৰাম-ভাওনা চাই বাটত ধুলি উৰুৱাইও বৰ ভাল পাইছিল। লগত সমনীয়া সকলৰ লগত হাউ, ভটা গুটি, মার্বল, লুকাভাকু খেলিছিল। কলিকতাৰ প্ৰেচিডেন্সি কলেজত পঢ়ি থকা অৱস্থাত সৰস্বতী পূজাৰ তোৰণ আৰু মূৰ্ত্তিৰ পটভূমি নিৰ্মাণ কৰি সকলোৰে প্রশংসা বুটলিবলৈ সক্ষম হৈছিল আৰু কলা-প্ৰীতিৰ পৰিচয় পোৱা গৈছিল। হাইস্কুলত পঢ়ি থকা অৱস্থাত কেতিয়াবা তেওঁ পঢ়ি থকা সময়ত টুপনি আহিলে কটু কথা শুনিব লগীয়া হৈছিল। দেউতাকৰ কটু কথা শুনি পুনৰ পঢ়িবলৈ লৈছিল। বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীৰ দৰে তেওঁ হাত ঘড়ী পিন্ধা নাছিল। এইবোৰ তেওঁ সামান্য অলংকাৰ বুলিহে গণ্য কৰিছিল।
কর্মজীৱন:
১৯৫৬ চনত তেওঁ স্নাতকোত্তৰ ডিগ্রী লাভ কৰাৰ পিছত শিৱসাগৰ কলেজত পদার্থ বিজ্ঞানৰ প্রৱক্তা হিচাবে নিযুক্তি লাভ কৰে। ১৯৫৭ চনাত গুৱাহাটী বিশ্ববিদ্যালয়ত পদার্থ বিজ্ঞানৰ প্ৰদৰ্শক হিচাপে নিযুক্তি লাভ কৰে। ১৯৫৮ চনত গৱেষণাৰ বাবে ইউবোপলৈ যায়। লণ্ডন বিশ্ববিদ্যালয়ত ‘দি স্ট্রাকচার’ এপ্রিয়েচন এণ্ড মিটিং অব মেটেল এণ্ড আদাব ফিল্মৰ কনডেন্সড্ ফ্রম ভেপাৰ’ বিষয়ত গবেষণা কবে। ১৯৬১ চনত সেই বিষয়তে ডক্তৰেট ডিগ্রী লাভ কৰে। একে বছৰতে লণ্ডন বিশ্ববিদ্যালয়ত ‘ইম্পেবিয়েল কলেজ’ৰ পৰাও ডিপ্লোমা লাভ কবে। ১৯৬১ চনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়তে পদার্থ বিজ্ঞানৰ প্রবক্তা হৈ থাকি ১৯৬৪ চনত ‘বিদাৰ’ পদলৈ উন্নীত হয়। ১৯৬৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত আঞ্চলিক ভাষাত ‘পাঠ্যপুথি প্রস্তুতি সমন্বয় সমিতি’ৰ সচিব হয়। এই সময়ত বিদ্যায়তনিক দিশত গুৰুত্বপূর্ণ কাম কৰে। পাঠ্যপুথি প্রণয়ন আৰু কলা, বাণিজ্য আৰু বিজ্ঞান বিষয়ত ইংৰাজী শব্দবোৰৰ পৰিভাষা প্রকাশ কৰাটো এই সময়ত বৰ ডাঙৰ কথা আছিল। বানানৰ বৰ্ণনা শুদ্ধি, আখৰ জোঁটনি আৰু লিপ্যন্তৰৰ এটা শুদ্ধ ৰূপ উলিয়াবলৈ তেওঁ চেষ্টা কৰিছিল। ড° ভবেন্দ্র নাথ শইকীয়া সাহিত্য, ভাষা, ব্যাকৰণ, সংস্কৃতি আদি সকলো দিশতেই সচেতনতা অৱলম্বন কৰিছিল। ১৯৭৯ চনত গুৱাহাটীৰ ‘বে’লবে চার্ভিছ কমিছন’ব চেয়াৰমেন পদত নিযুক্তি লাভ কৰিছিল। ১৯৮৬ চনৰ পৰা ১৯৮৯ চনলৈ তেওঁ ফিল্ম ষ্টুডিঅ ‘জ্যোতি চিত্রবন’ৰ সভাপতি আৰু ‘অসম বাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগম লিমিটেড’ৰ চেয়াৰমেন হিচাপে কাম কৰিছিল। ১৯৮৭ চনত ডিমাপুৰৰ ‘উত্তৰ পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰ’ৰ পৰিচালনা সমিতি’ৰ সদস্য হিচাপেও কাম কৰিছিল। ১৯৮৮ চনৰ পৰা ১৯৯১ চনলৈ আনটো কৰ্মৰ লগতে ‘পূব মণ্ডল সাংস্কৃতিক কেন্দ্র’ব সদস্য হিচাবে কার্য্য নির্বাহ কৰিছিল।১৯৯৮-৯০ চনত তেওঁ ‘গুৱাহাটী বিশ্ববিদ্যালয় কোর্ট’ৰো সদস্য পদ লাভ কৰিছিল। ইয়াৰ মাজতে ১৯৮৯ চনত তেওঁ উক্ত বিশ্ববিদ্যালয়ৰ ‘একাডেমিক কান্সিল’ৰো সদস্য হিচাপে নির্বাচিত হৈছিল। ১৯৯৩ চনৰ পৰা ১৯৯৫ চনলৈ তেওঁ পুনেৰ ‘ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অব ইণ্ডিয়া চোছাইটি’ৰ সদস্য আছিল। ১৯৯৬ চনত তেওঁ ‘ৰাষ্ট্ৰীয় গ্রন্থ ন্যাস’ৰ সদস্য হৈ ১৯৯৮ চনলৈ এই পদত আছিল। তেওঁ গুৱাহাটী পাঞ্জাবাৰীস্থিত অসমৰ বিখ্যাত সাংস্কৃতিক অনুষ্ঠান ‘কলাক্ষেত্ৰ’ৰো উপাধ্যক্ষ আছিল। গুৱাহাটী চিনে ক্লাবৰো তেওঁ সভাপতি হৈ দক্ষতাৰে কাৰ্য্যনিৰ্বাহ কৰিছিল।
সাংসাৰিক জীৱন:
১৯৬৫ চনত উত্তৰ লক্ষীমপুৰৰ শ্ৰীমতি প্রীতি শইকীয়াৰ লগত ড°শইকীয়াৰ বিয়া হৈছিল। বিয়াৰ সময়ত প্রীতি শইকীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ – ছাত্রী আছিল। ১৯৬৬ চনত শ্রীমতি শইকীয়াই স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল। শইকীয়াই সাংসাৰিক ক্ষেত্ৰত বৰ সুন্দৰ উপযুক্ত গৃহিণী, সুন্দৰ ঘৰ-বাৰীৰে জীৱন যাপন কৰিছিল। তেওঁৰ দুজনী ছোৱালী হ’ল সংগীতা আৰু ৰশ্মি। সংগীতাৰ ঘৰত মতা নাম ঝিন্টি আছিল। দুয়োজনী ছোৱালীকে তেওঁ শিক্ষা দীক্ষা দিছিল। তদুপৰি ডাঙৰজনী ছোৱালীক চিকিৎসক কৰি গঢ়ি তুলিছিল। সাংসাৰিক হিচাবে তেওঁ অতি সাবধানী আৰু সচেনত আছিল। ঘৰুৱা যিকোনো কামতে তেওঁ তদাৰক কৰিছিল। নিজৰ ছোৱালীদুজনীক চোৱা চিতা কৰাকে ধৰি এক বন্ধুত্ব ভাবে ঘৰখন নিয়াৰিকৈ চলাই নিছিল। তেওঁ এগৰাকী দায়িত্বশীল অভিভাৱক আছিল। ঘৰৰ যিকোনো কাম কৰিবলৈ তেওঁ ঘৈণীয়েকৰ পৰামৰ্শ নলোৱাকৈ নকৰিছিল। নিজ পৰিকল্পনাৰে ঘৰুৱা যিকোনো কামকে বুজাবুজিৰ মাজত কৰি লৈছিল।
সাহিত্যত ভবেন্দ্ৰ নাথ শইকীয়া:
ড° ভবেন্দ্র নাথ শইকীয়া বিজ্ঞান অধ্যয়ন কৰিলেও এগৰাকী সাহিত্য মনৰ লোক আছিল। তেওঁ সাহিত্য মানসিকতাৰ পৰিচয় পঞ্চম মানত পঢ়ি থাকোঁতেই দিছিল। কিয়নো তেওঁ সেই শ্রেণীত থাকোঁতেই পদ্য লিখিছিল। অষ্টম মানত পঢ়ি থাকোতে প্রবন্ধ আৰু নবম-দশম মানত পঢ়ি থাকোতে গল্প লিখাৰ আৰম্ভ কৰিছিল। ১৯৪৭ চনত তেওঁ পঢ়া বিদ্যালয়ত ‘উদয়’ত ‘নিৰূপণ’ নামেৰে এক গল্প লিখিছিল যিটো তেওঁৰ জীৱনৰ প্ৰথম গল্প। হাইস্কুলীয়া কালত ‘আৱাহন’ আলোচনীত তেওঁৰ গল্প প্রকাশ পাইছিল। সৰুৰেপৰা তেওঁ ‘দেৱ সাহিত্য কুটীৰৰ বঙালী ভাষাৰ ‘মোহন চিৰিজ’ আৰু ‘গোলাই চিৰিজ’ৰ ডিটেকটিভ উপন্যাসবোৰ পঢ়ি তেনেকুৱা ধৰণৰ পুথি লিখিবৰ বাবে অনুপ্ৰেৰণা পাইছিল। তেওঁ প্রবেশিকা পৰীক্ষা দি উঠি মাজৰ জিৰণি সময়খিনিত ‘আতংকৰ শেষত’ ডিটেকটিভ উপন্যাসখন লিখি উলিয়াইছিল। গুৱাহাটী বিশ্ববিদ্যালয়ত কাম কৰি থকা সময়ত তেওঁ ভালেখিনি লিখনি লিখিছিল। বিশ্ববিদ্যালয়ত কামৰ মাজতে আজৰি পোৱা সময়খিনিত তেওঁ লিখা-মেলা কৰিছিল। তেওঁ সম্পাদনা কৰা ‘সফুৰা’ শিশু আলোচনীখনত কিছুমান শিশু উপযোগী কবিতা লিখিছিল। তাত তেওঁ ‘প্রিয় বন্ধু’ ছদ্মনামেৰে লিখিছিল। তেওঁ নাট্যকাৰ আৰু চলচ্চিত্ৰ পৰিচালকেই নহৈ যে প্রথম অবস্থাত এজন কবি আছিল এয়া তাৰেই প্রমাণ। অসমীয়া সাহিত্যই তেওঁক কবি হিচাপে স্বীকৃতি নিদিলেও. তেওঁ এজন কবিও আছিল।
১৯৮৬ চনত তেওঁ ‘অন্তৰীপ’ নামে এখন উপন্যাস লিখে। এইখন কিতাপ আকাৰে প্ৰকাশ পোৱাৰ আগতে খণ্ড খণ্ডকৈ প্রথমতে আলোচনীত প্রকাশ হৈছিল। ১৯৯৯১ চনত তেওঁ ৰম্যভূমি উপন্যাসখন লিখে। ১৯৯১ চনত ‘মৰমৰ দেউতা’ শিশু উপন্যাসখন লিখে। এইখন অসমত বিদ্যালয়ত নৱম দশম মানত দ্রুত পাঠ হিচাবেও ব্যৱহাৰ হৈছিল। এই উপন্যাসখন ‘বাষ্ট্রীয় গ্রন্থন্যাসে’ ভাৰতব সকলো স্বীকৃত ভাষালৈ অনুবাদ কৰিছিল। তেওঁৰ ৰচনাসমূহত এক অন্যত্ৰ বিৰল পর্যবেক্ষণ। শক্তি, সুক্ষ্ম অনুভূতি আৰু গভীৰ জীৱনবোধ ফুটি উঠিছিল। তেওঁ যে এগৰাকী উপন্যাসিকো আছিল এইবোৰ তাৰেই প্ৰমাণ।
ড’ ভবেন্দ্ৰ নাথ শইকীয়াৰ ৰচিত গল্পসমূহে এক বিশেষ নিজাববীয়া আসন লাভ কৰিছিল। তেওঁৰ গল্প সমূহৰ প্ৰথমখন সংকলন হ’ল ‘প্রহৰী’ যিখন ১৯৬৩ চনত প্রকাশ পাইছিল। ১৯৬৫ চনত বৃন্দাবন, ১৯৬৯ চনত গহবৰ, ১৯৭৫ চনত সেন্দুৰ, শৃংখল, ১৯৭৯ চনত তৰংগ, ১৯৮৮ চনত এই বন্দৰৰ আবেলি, ১৯৮৮ চনত আকাশ, ১৯৯২ চনত উপকণ্ঠ, ১৯৯৮ চনত সান্ধ্য ভ্রমণ, গল্প আৰু শিল্প ইত্যাদি প্রকাশ হয়। ১৯৭৬ চনত তেওঁৰ নির্বাচিত গল্প সংকলন ‘ড° ভবেন্দ্র নাথ শইকীয়াৰ শ্ৰেষ্ঠ গল্প, প্রথম খণ্ড, পঞ্চাছৰ দশক গল্প সংকলন খনি প্রকাশ হয়।
তেওঁৰ ‘সেন্দুৰ’ গল্প সংকলনখনৰ বাবে ১৯৭৩ চনত ‘সাহিত্য একাডেমী বঁটা লাভ কৰে।
তেওঁ এগৰাকী ভাল প্রবন্ধকাৰো আছিল। ‘প্রান্তিক’ আলোচনীৰ শেষ পৃষ্ঠা ত প্রকাশ পোৱা প্ৰৱন্ধবোৰ তিনিটা খণ্ডত পুথি আকাৰে ‘শেষ পৃষ্ঠা’ নামেৰে ১৯/৯৭, ১৯৯৮, ১৯৯৯ চনত প্রকাশ হৈছিল। ইয়াত তেওঁ সকলো সমস্যা যেনে- শিক্ষা, সংস্কৃতি, ৰাজনীতি, আন্দোলন, উগ্রবাদ, ব্যাকৰণ সকলো আলোচিত হৈছে। তেওঁৰ আত্মজীবনীমূলক ৰচনা ‘জীবন-বৃত্ত,’ দিনলিপি ধৰণৰ লিখা ‘জী ৱনৰেখা’ এক বিশেষ লিখনি। ‘ছয় দশকৰ গদ্য’ শিৰোনামাতো তেওঁৰ লিখনি প্রকাশিত হৈছে। সম্পাদকৰ কোঠালী হ’ল তেওঁৰ অন্য এক গদ্য গ্রন্থ। তেওঁৰ গল্প, নাটক উপন্যাস, কথাছবি, প্রৱন্ধ সংকলন, সম্পাদিত আলোচনী আদিত ব্যঞ্জনাধর্মী আৰু প্রতীকাত্মক রূপ পোৱা যায়।
তেওঁৰ দেউতাক অভিনয় প্রীতিৰ প্ৰভাৱ তেওঁৰো চৰিত্ৰত ফুটি উঠিছিল। তেওঁ ‘কেনে মজা’ নামে নাটখন শিৱসাগৰ কলেজত অধ্যাপক হৈ থকা সময়ত পৰিচালনা কৰি সুনাম অর্জন কৰিবলৈ সক্ষম হৈছিল। শিৱসাগৰ কলেজৰ অধ্যক্ষ ‘সেউজ কোঁৱৰ’ পৰাগ চলিহা এই নাট পৰিচালনাত জড়িত আছিল। সেই সময়ত তেওঁ বহুতো অপেছাদাৰী নাট্যদলৰ লগত সংযোগ কৰিছিল। গুৱাহাটী বিশ্ববিদ্যালয়ত কাম কৰি থকা সময়ত ছাত্র-ছাত্রীসকলক একাংকিকা নাট লিখি দি, অভিনয় কৰোৱাই সৰ্বভাৰতীয় নাট প্রতিযোগিতাত সুনাম কঢ়িয়াই আনিছিল।
সৰু কালৰে পৰাই তেওঁ মঞ্চপ্রিয় আছিল। নগাওঁৰ দূৰ্গা পূজা আদি সময়ত তেওঁ একাংকীকা নাট মঞ্চস্থ কৰিছিল। তেওঁ খোলা মঞ্চত হাতত তৰোৱাল লৈ কৰা যুদ্ধ চাই বৰ ভাল পাইছিল। পিছৰ সময়ত তেওঁ বিভিন্ন মঞ্চৰ বাবে একুৰিৰো অধিক নাটক ৰচনা কৰিছিল। বসন্ত শইকীয়াৰ চোৰ নাটত তেওঁ নিজে অভিনয় কৰিছিল। ভ্রাম্যমান মঞ্চৰ বাবে তেওঁ নাট লিখি পৰিচালনাও কৰিছিল। ১৯৮১ চনৰ পৰা ১৯৯৯ চনলৈ ৰচনা কৰা তেওঁৰ নাটক সমূহ হ’ল ৰামধেনু, অন্ধকূপ, বন্দীশাল, আম্রপানী, মণিকূট, নীলকণ্ঠ, বিষকুম্ভ, অমৃত, জন্মভূমি, দীনবন্ধু, প্রতিবিম্ব, দিগম্বৰ, গধূলি, গহ্বৰ, মহাৰণ্য, বৃন্দাবন, স্বৰ্গৰ দুৱৰা, পৰমানন্দ, সমুদ্র মন্থন, পাণ্ডুলিপি, স্বর্ণজয়ন্তী, ৰম্যভূমি, বর্ণমালা, শতাব্দী, শুভ সংবাদ, অৰণ্যত গধূলি ইত্যাদি। গহ্বৰ আৰু মহাৰণ্য নাট দুখনৰ বাদে বাকীবোৰ নাট পাঠশালা (বৰপেটা জিলা)ৰ আৱাহন থিয়েটাৰেও মঞ্চস্থ কৰিছিল। গহ্বৰ আৰু মহাৰণ্য থিয়েটাৰো মঞ্চস্থ কৰিছিল। গহ্বৰ আৰু মহাৰণ্য দুখন পাঠশালাৰ কোহিনুৰ থিয়েটাৰে মঞ্চস্থ কৰে।
ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ নাট সমূহৰ কেইবাখনো নাট তেওঁৰ গল্প সমূহৰ পৰা সংগ্ৰহ কৰিছিল। তেওঁ সমসাময়িক ঘটনাসমূহৰ পৰাওঁ কেইখনমান মঞ্চ সফল নাটক ৰচনা কৰিছিল। তেওঁৰ নাটকৰ সাহিত্যধর্মী, সংলাপ, চৰিত্ৰানুগ কার্য্য-কলাপ, প্রতীকধর্মী পৰিস্থিতিৰ ৰূপায়ন কৰি দৰ্শকৰ মনোৰঞ্জন দিবলৈ সক্ষম হৈছিল। তেওঁৰ নাটকত পোহৰৰ অযথা প্রয়োগ, অনাৱশ্যক দৃশ্য সংযোগ হোৱা নাছিল। প্রতিখন নাটকতে এক ভাবিবলগীয়া, চিন্তা কৰিবলগীয়া বিষয় জড়িত হৈছিল। তেওঁৰ নাটকবোৰ আছিল সাজধর্মী নাটক। সামাজিক জীবন যাত্রাত জড়িত সমস্যাৰাজি, অভাব, অভিযোগ, দুর্দশা, আশা আকাংখা আদি আছিল তেওঁৰ নাটৰ মূল বিষয়। তেওঁ বাস্তর পটভূমিৰ লগত জড়িত কিছুমান চৰিত্ৰক সহজ সৰল ভাষাৰে ৰচনা কৰি দৰ্শকক আমেজ দিব পাৰিছিল।
তেওঁ বর্তমান পাঠশালাস্থিত ‘আবাহন থিয়েটাৰ’ পৰিয়ালৰ এগৰাকী ভাল সদস্য হৈ পৰিছিল। থিয়েটাৰৰ প্ৰতিগৰাকী অভিনেতা, অভিনেত্রী, কর্মী, কলা কুশলী আদিৰ লগত তেওঁ ভেদ-ভাৱ নাৰাখি মিলি গৈছিল।
তেওঁ আকাশবাণীৰ বাবেও কেইবাখনো নাটক ৰচনা কৰিছিল। ‘অন্ধকূপ’ হ’ল তেওঁৰ এক ডিটেকটিভ’ নাটক। আকাশবাণীৰ আাশবাণী গুৱাহাটী আৰু ডিব্ৰুগড়ৰ জৰিয়তে তেওঁৰ প্ৰচাৰিত নাটকসমূহ হ’ল-জোনাকী, জোনাকীৰ বিয়া, জোনাকী বোৱাৰী হ’ল, শিশু নাট শান্ত শিষ্ট-হৃষ্ট পুষ্ট মহাদুষ্ট, পুতলা নাচ, এজাক জোনাকীৰ জিলমিল, তীর্থ, বাওনা, অৱৰোধ, তৃতীয় বন্ধু, নীলম, শ্রদ্ধেয় মহাশয়, আগন্তুক, দেউতা, দক্ষিণায়ন, অজগৰ, মায়া আৰু মন, শোভাযাত্রা, ক্ষয়িষ্ণু, ৰাৱণ, যখিনী আবেলি (পিছলৈ মঞ্চ নাট নীলকণ্ঠ) দুর্ভিক্ষ, ইতিহাস, সন্ধান, জংঘল মহানগৰ, কোলাহ’ল আদি।
ভবেন্দ্ৰ নাথ শইকীয়াৰ শিশু সাহিত্য:
ড° ভবেন্দ্র নাথ শইকীয়াৰ এক সুন্দৰ শিশু মন আছিল। তেওঁৰ মনৰ ভিতৰত শিশু প্ৰেমৰ ভাব সৃষ্টিৰ মাজেৰে দেখা গৈছিল। তেওঁ ভবিষ্যত সমাজ প্রণেতা শিশুসকলক লৈ বহুতো কথাই চিন্তা কৰি এক দায়িত্ববোধৰ আত্মপ্রকাশ হৈছিল। শিশুসকলৰ ভবিষ্যত শুভ কামনা কৰি তেওঁ ‘সফুৰা’ আলোচনীখন প্রকাশ কৰিছিল। তেওঁ শিশুসকলৰ বাবে লিখা গদ্য পুথি হ’ল-তোমালোকৰ ভাল হওক, নাটক শান্ত শিষ্ট-হৃষ্ট পুষ্ট, মহা দুষ্ট, উপন্যাস মৰমৰ দেউতা, গল্প নাটৰ সমষ্টি মৰম, মহাদুষ্টৰ দুষ্ট বুদ্ধি, আমাৰ আখৰ আদি। তেওঁ শিশুসকলে বুজিব পৰাকৈ অতি সহজ সৰল ভাষাত লিখনিবোৰ প্ৰকাশ কৰিছিল। শিশুসকলে শিকিবলগীয়া ভাষা, ব্যাকৰণ, বাক্য আদি শুদ্ধতাৰ ওপৰত অতি গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ বিবেচনা অনুসৰি শিশুসকলৰ বাবে লিখা কথাবোৰ সম্পূর্ণ শুদ্ধ হৈ ওলাব লাগে। কিয়নো লিখনিবোৰেও যিটো লিখা থাকে তাকে তেওঁলোকে শুদ্ধ বুলি ভাবি লয়।
শইকীয়াৰ আলোচনী সম্পাদনা:
শইকীয়াদেবে যিকোনো আলোচনীয়ে সম্পাদনা কৰিবলৈ পিছ হুহুকি যোৱা নাছিল। এইবোৰ শিশুৰ বাবেই হওঁক বা ডাঙৰৰ বাবেই হওঁক, তেওঁ সম্পাদনা কৰিছিল। পষেকীয়া আলোচনী ‘প্রান্তিক’ৰ তেওঁ মূখ্য সম্পাদক আছিল। গ্রন্থখন ১৯৮১ চনৰ ১ ডিচেম্বৰ পৰা প্ৰকাশ কৰিছিল। এই আলোচনীখন বিশেষ জনপ্রিয়তা দখল কৰিবলৈ সক্ষম হৈছে আৰু বর্তমানো চলিয়ে আছে। ইয়াৰ জৰিয়তে তেওঁ গোটেই অসমবাসীক এক হোৱাৰ কথা চিন্তা কৰাৰ উপৰিও নতুন লেখক লেখিকাক নতুন ৰুচি অভিৰুচিৰ সৃষ্টিৰে পাঠকক নতুন সোৱাদ দিয়াব পাৰিছে। তেওঁ নিজৰ দায়িত্ব আৰু কৰ্ত্তব্যৰ পৰা পাল মাৰি আতৰি যোৱা বিধৰ নাছিল। নিজৰ কৰ্মত দক্ষতাৰে কাৰ্য্য সম্পাদনা কৰি গৈছিল।
শিশু আলোচনী ‘সফুৰা’ ১৯৮২ চনৰ পৰাই শিশুসকলৰ শৈক্ষিক, নৈতিক, মানসিক দিশৰ প্ৰতি লক্ষ্য ৰাখি নতুন নতুন ছাত্র-ছাত্রী সকলক সাহিত্য চর্চা কৰিবলৈ সুবিধা কৰি দিছে। ১৯৫৫ চনত তেওঁ নগাঁৱৰ পৰা ‘অৰুণাচল’ সাহিত্য ‘সংকলনৰো সম্পাদনা কৰিছিল।
শইকীয়াৰ অনুদিত সাহিত্য:
ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ কেবাখনো গ্রন্থ বঙালী, হিন্দী, ইংৰাজী আদি ভাষাত অনুবাদ হৈ প্রকাশিত হৈছে। সাহিত্য একাডেমী বঁটা প্রাপ্ত গল্প, সংকলন। ‘শৃংখল’ ১৯৭৭-৭৮ চনত বঙালী ভাষাত ১৯৯৮ চনত ইয়াক ‘ফেটাৰচ’ নাম দি ইংৰাজী ভাষাত প্রকাশ কৰে। ১৯৯৫ চনত ঢালাল কী বেলা (হিন্দী), ১৯৯৬ চনত ‘আকাশ’ হিন্দীলৈ, ১৯৯৮ চনত ইংৰাজীলৈ, ১৯৯৮ চনত মৰমৰ দেউতা ‘ডিয়াৰ ফাদাৰ’ নামে ইংৰাজীলৈ অনুবাদ হৈছে।
শইকীয়াৰ শিশু প্রকল্প:
তেওঁ ‘মেগৰ শিক্ষা ন্যাসে’ প্রদান কৰা বঁটা পোৱাৰ পিছত বঁটাৰ পৰা পোৱা এক লাখ টকাখিনিৰে শিশুবোৰৰ বাবে কিবা এটা কৰি খৰচ কৰাৰ কথা বিবেচনা কৰিবলৈ আঁচনি গ্রহণ কৰিছিল। তেওঁ অসমীয়া ভাষা শুদ্ধকৈ কোৱা সম্পর্কীয় অডিঅ’ কেছেট নিৰ্মাণৰ কথা ভাবিলে। এই আঁচনিৰ জৰিয়তে তেওঁ প্রবাসী অসমীয়া তথা ৰাজ্যৰ ভিতৰত থকা বহুতো লোকক উচ্চাৰণৰ মৌলিক ভুল আঁতৰাই পেলাব বিচাৰিছিল। তেওঁ মেগৰ শিক্ষা ন্যাসৰ ধনেবে ড° ভবেন্দ্র নাথ শইকীয়া শিশু কল্যাণ ন্যাস প্রতিষ্ঠা কৰি শিশুসকলৰ সকলো দিশ উন্নতিৰ কথা চিন্তা কৰি বেলতলাৰ নিজ ঘৰৰ ওচৰত নিজ ভূমি আঢ়ৈ কঠাত যোক্স হেজাৰ বৰ্গফুট আকাৰৰ চাৰিটা মহলৰ এটি পকী ঘৰৰ আধাৰ শিলা ২০০২ চনত স্থাপন কৰিছিল। ইয়াৰ নাম ‘আৰোহন’ দিয়া হৈছিল। এই প্রকল্পটো সম্পূর্ণ কৰিবৰ বাবে প্ৰায় নবৈ লাখ টকাৰ প্রয়োজন হ’ব। ইতিমধ্যে সাংস্কৃতিক সংগঠনে বিত্ত সাহাৰ্য্যৰ কথা প্রকাশ কৰিছে।
কথাছবিত শইকীয়া:
অসমীয়া কথাছবি জগতত ড° ভবেন্দ্র নাথ শইকীয়া হ’ল কথা-শিল্পী অর্থাৎ কাহিনীকাৰ। কথাছবিক ড° ভবেন্দ্র নাথ শইকীয়াই সাহিত্যবে এক অংগ বিবেচনা কৰিছিল। তেওঁ শিৱসাগৰ কলেজত অধ্যাপনা কৰি থকা সময়তে পৰাগ চলিহাৰ পৰিচালনাত ‘সোন ৰূপ নেওচি’ নামেৰে এক চিত্রনাট্য ৰচনা কৰিছিল। কথাছবি জগতত অসমীয়া কথাছবিৰ স্থায়ী চিহ্ন বাখিবৰ বাবে আৰু নতুন ধাৰাৰ প্ৰৱৰ্ত্তনৰ বাবে অগতানুগতিক ভংগীৰে হিন্দী ছবিৰ নিয়ম পৰিহাৰ কৰি নিৰ্মাণৰ কামত হাত দিছিল। তেওঁ নিৰ্মাণ কৰা কথাছবিসমূহে সকলো দৰ্শকৰপৰা আদৰ লাভ কৰাৰ উপৰিও কেইবাখনো ছবিয়ে ‘ৰজত কমল বঁটা’ লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ স্বৰচিত গল্প ‘বাণ প্রস্থ’ক চলচ্চিত্র ৰূপ দি ‘সন্ধ্যাৰাগ’ নামাকৰণেৰে ১৯৭৬ চনত নিৰ্মাণ কৰি ১৯৭৭ চনত ৫ আগষ্টত গুৱাহাটীৰ ‘অনুৰাধা’ চিনেমা হ’লত প্রদর্শন কৰিছিল। ১৯৭৬ চনত মাদ্রাজত ‘সর্ব ভাৰতীয় আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ ‘ইণ্ডিয়ান পেনোৰামা’ শাখাৰ প্ৰথম অসমীয়া চলচ্চিত্র হ’ল ‘সন্ধ্যাৰাগ’। এইখন কথাছবিয়ে ১৯৭৮ চনত ৰজত কমল বঁটা পাইছিল। তেওঁৰ আন এটি স্বৰচিত গল্প ‘প্ৰহৰী’ৰ চলচ্চিত্ৰ ৰূপ ‘অনির্বাণ’। এইখন কথাছবিয়ে ১৯৮১ চনত ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ ‘অন্তৰীপ’ নামৰ উপন্যাসখনৰ প্ৰথম অংশৰ আধাৰত নিৰ্মাণ কৰা চলচ্চিত্ৰ ৰূপ ‘অগ্নিস্নান’ ১৯৮৫ চনৰ ২৭ ডিচেম্বৰত মুক্তি লাভ কৰিছিল। এইখনে ভাৰতী পেনোৰামলৈ নির্বাচিত হোৱাৰ উপৰিও ফ্রান্সৰ লান্টিছ চলচ্চিত্র মহোৎসৱ আৰু আলজেবিয়া স্বাধীনতা মহোৎসৱৰ অন্তর্ভুক্ত হৈছিল। ‘এন্দুৰ’ গল্পৰ আধাৰত নিৰ্মাণ কৰা ৰঙীন কথাছবি ‘কোলাহল’ ১৯৮৯ চনত দূৰদৰ্শন যোগে প্ৰচাৰিত হৈছিল। ১৯৮৮ চনত এইখন কথাছবিয়ে ‘ৰজত কমল বঁটা’ পাইছিল। ই ভাৰতীয় পেনোৰামলৈ নিৰ্বাচিত হৈছিল। ১৯৮৮-৮৯ চনত ছিড়নী, মিউনিখ, মস্কো, মন্ত্ৰিল, টৰেন্টো আদি চলচ্চিত্র মহোৎসৱত প্রদর্শন কৰা হৈছিল। তেওঁৰ ১৯৭৫ চনত ৰচিত ‘ফউণ্ডেচন’ গল্পৰ আধাৰত নির্মিত ১৯৯১ চনৰ ২৯ চনত মুক্তি পাইছিল। এইখনেও ‘ৰজত কমল বঁটা লাভ কৰিছিল। ই ভাৰতীয় পেনোবামালৈ নিৰ্বাচিত হৈ ১৯৯২ চনৰ ১০ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ বাংগালোৰত অনুস্থিত ভাৰতৰ চলচিত্ৰ মহোৎসৱত প্রকাশিত হৈছিল। ১৯৯৪ চনৰ ‘ইতিহাস’ চলচ্চিত্ৰখনে ১৯৯৬ চনত ‘কালসন্ধ্যা ‘আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ১৯৭৬-৭৭ চনত প্রদর্শিত হৈছিল।
শইকীয়াৰ সন্মান আৰু মৃত্যু:
ড° ভবেন্দ্র নাথ শইকীয়াই অসমীয়া সাহিত্য সংস্কৃতিলৈ আগবঢ়োরা অৱদানৰ বাবে বহুতো সম্মানৰ গৰাকী হৈছিল। ডা শইকীয়াদেরে সাহিত্য একাডেমী বঁটা, অসম উপত্যকা বঁটা, সাহিত্যিক কুষনাথ ঘোষ মেডেল আদি লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ ১৯৭২ চনৰ পৰা ১৯৭৬ চনলৈ সংগীত নাটক একাডেমিৰ সদস্য পদ পাইছিল। ১৯৮১ চনৰ পৰা ১৯৮৬ চনলৈ ‘ইন্ডিয়ান নেচনেল কাউন্সিল অব ইউনেস্কোর সদস্য আছিল। ১৯৯৮ চনত ‘শংকৰদের বঁটা’ লাভ কৰিছিল। তেওঁৰ জীৱনজোৰা সাধনাৰ বাবে সংগীত সাহিত্য পৰিষদে ‘সুৰেন্দ্ৰ নাথ পাল দাস বঁটা’ প্রদান কৰিছিল। সাংস্কৃতিক ক্ষেত্রত আগবঢ়োরা বৰঙনিৰ বাবে ২০০০ চনত ভাৰত চৰকাৰে ‘পদ্মশ্রী’ উপাধি প্রদান কৰিছিল। ডিব্রুগড় বিশ্ববিদ্যালয়ে ‘ডি-লিট’ উপাধি প্রদান কৰিছিল। গুৱাহাটী পাঞ্জাবাৰী সাহিত্য সভাই ‘কলাৰত্ন’ উপাধি প্রদান কৰিছিল। সাহিত্য সংস্কৃতিমূলক আলোচনী ‘গৰীয়সী’, বার্তালোচনী ‘সাদিন’য়ে তেওঁক শ্রেষ্ঠ অসমীয়া সম্মান প্রদান কৰিছিল।
ড° ভবেন্দ্র নাথ শইকীয়াই সঁচা অৰ্থত এগৰাকী অসাধাৰণ ব্যক্তিত্বশালী ব্যক্তি আছিল। শিশু কালৰ অভিজ্ঞতাই তেওঁক সহনশীল, ধৈর্য্য, আৰু অধ্যৱসায়ৰ বাট দেখুৱাইছিল। তেওঁ গোটেই জীৱন নিৰহংকাৰী আছিল। নিজৰ জীৱনৰ সময়ছোৱাক তেওঁ সদায় ব্যস্ত কৰি ৰাখিছিল। জীৱনৰ কঠিন সময়চোৱাকো তেওঁ অসীম সাহসেৰে পাৰ কৰিবলৈ সক্ষম হৈছিল। তেওঁ ব্যতিক্রমধর্মী কর্মতৎপৰ পুৰুষ আছিল।
জীৱনৰ অন্তিম বেলা তেওঁ হাৰ মানিছিল দুৰাৰোগ্য কৰ্কট ৰোগৰ ওচৰত। তেওঁক আমেৰিকাৰ ব্যয়-বহুল আৰু উচ্চ পৰ্য্যায়ৰ চিকিৎসালয়ত চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল। তাৰ পিছত গুৱাহাটীৰ’নিউৰোলজিকেল বিচার্চ চেন্টাৰত ভর্তি কৰোৱা হৈছিল। তথাপিতো তেওঁক কর্কত ৰোগে এৰি নিদিলে। ‘মৃত্যু চিৰ সত্য মানব দেহৰ, কৰ্মৰ নহয়।’ শেষত তেওঁ বিশ্বৰ এক ব্যতিক্রমী ব্যক্তি হৈ ২০০৩ চনৰ ১৩ আগষ্টত দিনৰ ১০.০০ বাজি ৫ মিনিটত ৭১ বছৰ বয়সত অসমীয়া ৰাইজ তথা মানৱ সমাজৰ আগৰ পৰা নিজ দেহটো ত্যাগ কৰি গুচি যায়। চিৰ দিনৰ বাবে। কিন্তু তেওঁ কর্মবাজীবে মৃত্যুক জয় কৰি আজিও আমাৰ ওচৰত নমস্য, শ্রদ্ধাশীল আৰু আদৰৰ হৈ জীয়াই আছে।