অসহযোগ আন্দোলন

অসহযোগ আন্দোলন কেতিয়া হৈছিল | অসহযোগ আন্দোলন কিমান চনত হৈছিল | অসহযোগ আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান  | অসহযোগ আন্দোলন মানে কি | অসহযোগ আন্দোলনৰ ইতিবাচক আৰু নেতিবাচক দিশবোৰ | asahayog andolan assamese |
অসহযোগ আন্দোলন আৰু অসম

 

 

অসহযোগ আন্দোলন

প্রথম বিশ্বযুদ্ধই ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ দৰে অসমতো নিবনুৱা সমস্যা, খাদ্য সংকট আদি বিভিন্ন সমস্যা সৃষ্টি কৰিছিল। তীব্র আর্থিক অনাটন, ভাত-কাপোৰৰ হাঁহাকাৰৰ মাজতে ১৯১৮-১৯ চনত অকল পানীলগা জ্বৰ মহামাৰীতে অসমত ২ লাখ লোকৰ মৃত্যু হৈছিল। আনহাতে দেশৰ ৰাজনৈতিক প্ৰশ্নৰো কোনো গুণগত পৰিৱৰ্তন সাধিত হোৱা নাছিল। যুদ্ধ সমাপ্তিৰ পিছত দেশে ব্ৰিটিছ ৰাজমুকুটৰ তলত স্বায়ত্তশাসন লাভ কৰাৰ আশা কৰিছিল সি বাস্তৱায়িত নহ’ল। যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে চৰকাৰে দেশত (১৯১৪ চনত) ভাৰত ৰক্ষা বিধি (Defence of India Rules) প্ৰৱৰ্তন কৰিছিল। তেতিয়া প্ৰতিশ্ৰুতি দিছিল যে যুদ্ধৰ সামৰণি পৰাৰ লগে লগে তাক উঠাই লোৱা হ’ব। কিন্তু সেই দিশতো আশানুৰূপ সঁহাৰি পোৱা নগ’ল। বৰং ৰাওলাট আইনৰ মাধ্যমত তাতকৈয়ো আৰু বেছি অধিক শক্তিশালী নির্যাতনমূলক আইনহে বলবৎ কৰিলে। ইফালে ভাৰ্চাই শান্তি চুক্তিৰ জৰিয়তে মিত্র শক্তিয়ে তুৰষ্কৰ প্ৰতি কৰা অন্যায়ৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় মুছলমানসকলকৰ মাজত তীব্র ক্ষোভ আৰু হতাশাৰহে সৃষ্টি হৈছিল। কিয়নো খলিফাৰ ৰাজ্য বুলি তুৰষ্কৰ প্ৰতি ভাৰতীয় মুছলমানসকলৰ এক ধৰ্মীয় অনুকম্পা আছিল। এই পৰিস্থিতিয়ে ভাৰতীয় মুছলমানসকলৰ মাজত খিলাফট সমিতি গঢ়ি উঠাত সহায় কৰিছিল। ১৯১৯ চনৰ ১৩ এপ্রিল তাৰিখে পাঞ্জাৱৰ জালিৱানৱালাবাগত নিৰপৰাধ লোকৰ ওপৰত নিৰ্বিচাৰ গুলীবর্ষণে ভাৰতীয় লোকৰ মাজত বিদ্রোহাত্মক ভাবৰ উন্মেষ ঘটাইছিল! ইতিমধ্যে ১৯১৭ চনৰ অক্টোবৰ মাহত ৰুছ দেশত সংঘটিত সমাজতান্ত্রিক বিপ্লৱে ভাৰতবৰ্ষতো ভালেমান ৰাজনৈতিক আলোড়নৰ সৃষ্টি কৰিছিল।

দেশীয় আৰু বহির্দেশীয় এইসমূহ ঘটনা-পৰিঘটনাৰ পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষত খিলাফট সমিতি আৰু কংগ্ৰেছৰ যুটীয়া নেতৃত্বত গঢ়ি উঠিছিল অসহযোগ আন্দোলন। এই অসহযোগ আন্দোলনে অসমতো ৰাজনৈতিক পৰিৱেশ উত্তাল কৰি তুলিছিল। অসমত এই আন্দোলনৰ সংগঠক, পৰিচালক আৰু অংশগ্ৰহণকাৰী আছিল স্কুল-কলেজৰ ছাত্ৰ। অসমত কংগ্ৰেছ সমিতি গঠন কৰা, কংগ্ৰেছৰ সদস্য ভৰ্তি কৰা, বিদেশী পণ্য সামগ্রী বিশেষকৈ মদ, ভাং, কানি আৰু বিদেশী বস্ত্ৰৰ দোকান-পোহাৰৰ সন্মুখত পিকেটিং কৰা, সভা-সমিতি অনুষ্ঠিত কৰা, শোভাযাত্ৰা উলিওৱা— এই সকলোবোৰ কাম ছাত্ৰসকলেই অগ্রণী ভূমিকা লৈ কৰিছিল।

অসমৰ সকলো ঠাইতে প্রধান প্রধান নগৰ-চহৰৰ মদ, কানি আৰু বিদেশী বস্তুৰ দোকানত শ শ ছাত্রই পিকেটিং কৰি অসহযোগ আন্দোলনৰ কাৰ্যসূচী ৰূপায়নত মুখ্য ভূমিকা লৈছিল। চন্দ্ৰনাথ শৰ্মা, তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা, আদিয়ে আন্দোলনত অংশ গ্ৰহণ কৰি প্ৰথমৰেপৰা আন্দোলনৰ শক্তি বৃদ্ধি কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। এই ক্ষেত্ৰত বিশেষ ভূমিকা লৈছিল চন্দ্রনাথ শৰ্মাই।

আনহাতে ঘনশ্যাম বৰুৱা, গংগাগোবিন্দ ফুকন, পদ্মনাথ গোহাঁইবৰুৱা, ৰায়বাহাদুৰ শিৱপ্ৰসাদ বৰুৱা, ৰায়বাহাদুৰ দেৱীচৰণ বৰুৱা, নীলমণি ফুকন আদিয়ে আন্দোলনৰ বিৰোধিতা কৰি আনকি কোনো কোনো ঠাইত এক প্ৰকাৰ প্ৰতিৰোধ আন্দোলনেই গঢ়ি তুলিছিল।

চন্দ্ৰনাথ শৰ্মাৰ (১৮৮৯-১৯২২) লগতে হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, পদ্মধৰ চলিহা আদি এই সময়ছোৱাতেই বিশেষকৈ অসমত ছাত্ৰ-যুৱকৰ কাৰ্যক্ষম নেতাৰূপে পৰিগণিত হৈ পৰিছিল। সেই সময়ৰ অন্যান্য ছাত্ৰ নেতাসকল আছিল—লক্ষ্মীধৰ শৰ্মা, ৰোহিণীকান্ত হাতীবৰুৱা, বিমলাকান্ত বৰুৱা, কনক চন্দ্ৰ বৰুৱা, তাৰাপ্ৰসাদ বৰুৱা, মহেশ্বৰ বৰুৱা, প্ৰফুল্ল চন্দ্ৰ বৰুৱা, উমেশ চন্দ্ৰ বৰদলৈ, মহেন্দ্ৰনাথ ফুকন, ৰুদ্ৰ শৰ্মা, বেনুধৰ শৰ্মা, দক্ষৰাম বৰুৱা, বৰ্গীৰাম শ‍ইকীয়া, তিলক শৰ্মা আদি উক্ত ছাত্ৰ নেতাসকলৰ নেতৃত্বত আৰু দক্ষ পৰিচালনাত অসমত অসহযোগ আন্দোলনৰ কাৰ্যসূচী ৰূপায়িত কৰা হৈছিল।

ছাত্ৰসকলে শিক্ষানুষ্ঠান বর্জন কৰি আন্দোলনত জড়িত হৈ পৰাত অসমৰ ভালেমান ঠাইত উকিলসকলেও চৰকাৰী ক’ৰ্ট-কাছাৰীৰ লগতে ওকালতি বৰ্জন কৰি আন্দোলনত জঁপিয়াই পৰিল। গুৱাহাটীত ওকালতি বৰ্জন কৰি চন্দ্ৰনাথ শৰ্মাই ইতিমধ্যে আন্দোলনৰ নেতৃত্ব দিছিল। এতিয়া নবীন চন্দ্ৰ বৰদলৈ, মহম্মদ তৈয়াবুল্লাহ, তৰুণৰাম ফুকন, বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ, নিধিৰাম দাস, মংগলদৈত কুমুদ ৰাম বৰা, তপেশ্বৰ শৰ্মা, লোকনাথ গোস্বামী, যোৰহাটত কুলধৰ চলিহা, কৃষ্ণনাথ শৰ্মা আদিয়ে ওকালতি বৰ্জন কৰি অসহযোগ আন্দোলনৰ সহযোগীত পৰিণত হৈছিল।

অসমৰ কোনো কোনো অঞ্চলত অসহযোগ আন্দোলন খাজনা বন্ধ আন্দোলনলৈ পৰিৱৰ্তিত হৈছিল। বিশেষকৈ উত্তৰ কামৰূপৰ বাস্কা আৰু দক্ষিণ কামৰূপৰ বকো অঞ্চলৰ বড়ো-কছাৰী জনজাতিৰ কৃষকসকলে অসহযোগৰ সময়তে খাজনা বন্ধ আন্দোলনৰ সূচনা কৰিছিল।

বকো অঞ্চলৰ ভালেমান গাঁওৰ কৃষক জনসাধাৰণেও আন্দোলনৰ সৈতে সংহতি স্থাপন কৰি সেই অঞ্চলতো খাজনা বন্ধ আন্দোলন সংগঠিত কৰি কৃতকার্যতা লাভ কৰিছিল। অসহযোগ আন্দোলনৰ সময়ত কেবামাহো ধৰি এই দুয়োটা অঞ্চলতে চৰকাৰী কৰ্তৃত্বৰ কোনো চিন-মোকাম নোহোৱা হৈ পৰিছিল।

অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ ওপৰত অসহযোগ আন্দোলনৰ ব্যাপক প্ৰভাৱ পৰিছিল। “গান্ধী ৰাজা”ৰ আৱিৰ্ভাৱ আৰু “স্বৰাজ”ৰ বাণীয়ে চাহ বাগিচাৰ গিৰমিটীয়া শ্ৰমিকসকলকো ব্ৰিটিছ বিৰোধী কৰি তুলিছিল। “ব্ৰিটিছ শাসনৰ অন্ত পৰিল”— এনে এটি মনোভাবৰ বশৱৰ্তী হৈ কাছাৰৰ ছাৰগোলা ‘ভেলি’ৰ

চাহ বাগিচাৰ হাজাৰ হাজাৰ শ্ৰমিকে বাগিচা এৰি গৈছিল। ১৯২১ চনৰ মাৰ্চ মাহত দৰং জিলাৰ হেলেম চাহ বাগিচাৰ শ্ৰমিকসকলে অসহযোগ আন্দোলনৰ সমৰ্থনত বাগিচাত শ্রমিক ধর্মঘট সফল কৰি তোলে।

অসহযোগ আন্দোলনৰ সময়তে ১৯২১ চনৰ আগষ্ট মাহত মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰে। সেই বছৰৰে ১৮ আগষ্টত তেওঁ তেওঁৰ সহযোগী আৰু সতীর্থ মহম্মদ আলি, আজাদ শোভানী, যমুনালাল বাজাজ, আব্দুল হায়াত আদি লোকেৰে গঠিত ১১-জনীয়া দল এটি লৈ পৰ্যায়ক্রমে গুৱাহাটী, তেজপুৰ, নগাঁও, যোৰহাট, ডিব্ৰুগড়, শিলচৰ আদি ভ্ৰমণ কৰি অসহযোগৰ বাণী প্ৰচাৰ কৰে আৰু শেষত শ্রীহট্টৰপৰা ৩০ আগষ্টত কলিকতালৈ যাত্ৰা কৰে। মহাত্মা গান্ধীৰ এই ভ্রমণে অসমত অসহযোগ আন্দোলনৰ শক্তি বৃদ্ধি কৰাৰ লগতে কংগ্ৰেছৰ সাংগঠনিক স্থিতিও অত্যন্ত মজবুত কৰি তুলিছিল। মহাত্মা গান্ধীয়ে নিজেই স্বীকাৰ কৰিছে যে তেওঁৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিততেই ৭৫ জন উকিলৰ ভিতৰত মুঠতে ১৫ জনে ওকালতি বৰ্জন কৰি আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল।

অসমত আন্দোলনৰ শক্তি আৰু ব্যাপ্তিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰেও আন্দোলন মষিমূৰ কৰাৰ বাবে উঠি-পৰি লাগিছিল। তৰুণৰাম ফুকন, অমিয় কুমাৰ দাস, কুলধৰ চলিহা আদিক গ্ৰেপ্তাৰ কৰি জেইলত ভৰাইছিল। অকল ব্ৰহ্মপুত্র উপত্যকাতেই মুঠতে ১১০০ জন লোকক গ্ৰেপ্তাৰ কৰি জেইলত ৰাখিছিল।

চৰকাৰী হিচাপ মতে ১৯২১ চনৰ ২৪ নৱেম্বৰৰপৰা ১৯২২ চনৰ ৩১ জানুৱাৰীৰ ভিতৰত ব্ৰহ্মপুত্ৰ উপত্যকাত মুঠতে ৪৭৭ জন অসহযোগকাৰীক জেইলত আটক কৰি ৰাখিছিল। কেশৱ নাৰায়ণ দত্তৰ মতে সমগ্র অসমতে অসহযোগ আন্দোলনত অংশ গ্ৰহণ কৰাৰ বাবে চৰকাৰে মুঠতে ৪০০০ হাজাৰতকৈও অধিক লোকক কাৰাবন্দী কৰি ৰাখিছিল। জেইল জীৱন কটোৱাসকলৰ ভিতৰত অধিক সংখ্যকেই আছিল গাঁও অঞ্চলৰ ছাত্ৰ-যুৱক। অসহযোগ আন্দোলনত অংশ গ্ৰহণ কৰি আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছিল যোৰহাট সংমণ্ডল, দক্ষিণ কামৰূপৰ বকো, উত্তৰ কামৰূপৰ বাস্কা, দৰঙৰ মংগলদৈ সংমণ্ডলৰ লোক্ৰাই আৰু ৰইনাকুচি মৌজাৰ অলেখ স্বাধীনতাকাংক্ষী দেশপ্রেমিক লোক ।

কিন্তু অসহযোগ আন্দোলনৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ নৌপাওতেই ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ চৌৰীচৌৰাত সংঘটিত এক ঘটনাৰ পৰিপ্ৰেক্ষিতত মহাত্মা গান্ধীয়ে ১২ ফেব্ৰুৱাৰী তাৰিখে অসহযোগ আন্দোলন স্থগিত কৰে। মহাত্মা গান্ধীৰ এই কাৰ্যই অসমত অসহযোগ আন্দোলনৰ সংগঠক আৰু প্ৰধান নেতা চন্দ্রনাথ শৰ্মাক অসন্তুষ্ট কৰি তুলিছিল। তেওঁৰ বন্ধু দুর্গানাথ বৰুৱালৈ লিখা এখন চিঠিত নিজৰ অসন্তুষ্টিৰ কথা প্ৰকাশ কৰিছিল। সেই সময়ত চন্দ্ৰনাথ শৰ্মা যক্ষ্মা ৰোগত আক্রান্ত হৈ পুৰীত গৈ জিৰণি লৈ আছিল আৰু শেষত ১৯২২ চনৰ জুলাই মাহৰ ২০ তাৰিখে তেওঁ শ্বিলঙত ইহলীলা সম্বৰণ কৰিছিল।

অসহযোগ আন্দোলনৰ ফলস্বৰূপেই অসমত কানি বিক্ৰীৰ আৰু সেৱনৰ পৰিমাণ যথেষ্ট হ্ৰাস পাইছিল আৰু সেই সূত্ৰে চৰকাৰে কানিৰপৰা পোৱা আবকাৰী শুল্কৰ পৰিমাণো অত্যন্ত নিম্নগামী হৈছিল।

আন্দোলনৰ ফলস্বৰূপে ১৯২১-২২ চনত অসমত স্কুলৰ ছাত্ৰ সংখ্যা প্রায় ৭ শতাংশলৈ হ্ৰাস পাইছিল। আন্দোলনৰ তীব্ৰতাৰ সময়ত ৯ৰপৰা ১০ শতাংশলৈ ছাত্ৰই কলেজ বৰ্জন কৰিছিল আৰু ইয়াৰে এক-তৃতীয়াংশই পুনৰ শ্ৰেণীত ভৰ্তি হৈছিল। চৰকাৰী হিচাপ মতে ১৯২২ চনৰ ১৬ ফেব্ৰুৱাৰীলৈ অসমত কলেজ বৰ্জন কৰা ছাত্ৰৰ সংখ্যা আছিল মাত্ৰ ৩৮ জন।

জাতীয় স্কুল স্থাপনৰ ক্ষেত্ৰত গুৱাহাটীয়ে আগভাগ লৈছিল। ১৯২১ চনৰ ফেব্ৰুৱাৰী মাহত ৰোহিণী কুমাৰ চৌধুৰীৰ ভৰলুমুখৰ বাসভৱনৰ চৌহদতেই অসমৰ প্ৰথমখন জাতীয় স্কুল স্থাপিত হৈছিল। ইয়াৰ হেডমাষ্টৰ আছিল গোপীনাথ বৰদলৈ। পিছত স্কুলখন উজান বজাৰৰ অসম ক্লাবত তিলক সোঁৱৰণী স্কুল নামে বহুওৱা হৈছিল। ৬০ জন ছাত্রই গর্ডন স্কুল ত্যাগ কৰি নলবাৰীত গঢ়ি উঠা জাতীয় বিদ্যাপীঠত শিক্ষা আহৰণ কৰিবলৈ লৈছিল। হেড মাষ্টৰ আছিল দেৱেন্দ্ৰনাথ উজীৰ। পলাশবাৰী, বৰনগৰ, বৰপেটা আদি ঠাইতো জাতীয় বিদ্যালয় স্থাপনৰ চেষ্টা চলিছিল। তেজপুৰৰ হজৰা পুখুৰীৰ পাৰত চন্দ্ৰকুমাৰ নাথৰ বাসগৃহত জাতীয় বিদ্যালয় স্থাপন কৰা হৈছিল। পথৰুঘাটতো জাতীয় বিদ্যালয় স্থাপন কৰা হৈছিল। চতিয়াৰ জাতীয় বিদ্যালয়ত প্রায় ১০০ জনমান ছাত্র আছিল। এই সময়তেই ভূৱন চন্দ্ৰ গগৈয়ে বকতাত এখন কাৰিকৰী স্কুল আৰু কমলানন্দ ভট্টাচাৰ্য আৰু কনক চন্দ্ৰ শৰ্মাই যথাক্ৰমে নগাঁও আৰু ৰহাত একোখনকৈ জাতীয় স্কুল স্থাপন কৰিছিল। যোৰহাটৰ অসমীয়া থিয়েটাৰ হলত কৃষ্ণকান্ত ভট্টাচাৰ্যৰ চেষ্টাত জাতীয় স্কুল এখনে প্রতিষ্ঠা লাভ কৰিছিল।

Leave a Reply