গামোচা – গামোচাৰ নাম || অসমীয়া জনজীৱনত গামোচাৰ ব্যৱহাৰ

 গামোচা :

গামোচা অসমীয়া জীৱনৰ অপৰিহাৰ্য বস্ত্ৰ | যদিও বঙালী, বিহাৰী,উড়িয়া বহুতে গামোচা ব্যবহাৰ কৰে |অসমীয়া গামোচাৰ পাৰ্থক্য আছে | অসমীয়া গামোচা সাংস্কৃতিক ক্ষেত্ৰত ব্যবহাৰ কৰা হয় |

গামোচা , গামোচাৰ নাম

 

গাওঁৰ জীয়ৰী বোৱাৰীয়ে তাঁত শালৰ খট খটনি ৰঙা আচু সূতাৰে গামোচা যুতি লগাই অতি ব্যস্ততাৰে চেনেহৰ জনলৈ ভমকা ভমকা ফুলৰ চানেকীৰে ফুল বাচি সপোন ৰচি ৰচি জাত জাত বিহু নামৰ ছেৱে ছেৱে তাঁত শালৰ ৰ্দোপতি গৰকা শিপিনীক ফুল বাচি গামোচা ব’বলৈ প্ৰেৰণা যোগাই। চেনেহৰ দীঘ আৰু হেপাহৰ বাণীৰে বোৱা গামোচা খনক লৈ অসমীয়া জাতিৰ বাবে ই সঁচাকৈ গৌৰাম্বিত।

অসমীয়া মানুহৰ প্ৰতিখন ঘৰে ঘৰে থকা তাঁত শিল্প অসমৰ অৰ্থনৈতিক জীৱনৰ এক এৰাব নোৱাৰা দিশ। বোৱা কটাত অসমীয়া শিল্পীয়ে অৰ্থাৎ শিপিনীয়ে নিজস্ব প্ৰতিভা প্ৰদৰ্শন কৰি আহিছে।

                                      তাঁত শাল

অসমীয়া জনজীৱনত গামোচা বহুত ধৰণে ব্যবহাৰ হয়| নামঘৰ ৰ থাপনাত কোনো শাস্ত্ৰ ঢাকি ৰাখিবৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয় ৷ নাম গোৱাৰ সময়ত ডিঙিত ওলমাই লোৱা হয় আকৌ বহাগ বিহুৰ সময়ত জ্যেষ্ঠ জনক বিহুৱান দিয়াৰ সময়ত আৰু সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট জনক সন্মান যাচিবলৈ গামোচা ব্যবহাৰ কৰা হয় ৷ বিহু নাচিবলৈ পুৰুষে মূৰত ৰঙা ফুলৰ গামোচা বান্ধি লয় ৷ খেতিয়কে গামোচাক কঁকালত বন্ধা টঙালি বা ককালত পিন্ধা কাপোৰ হিচাপেও ব্যৱহাৰ কৰে ৷

বিভিন্ন জনগোষ্ঠীয়ে বিভিন্ন গামোচা ব্যবহাৰ কৰে ৷ যদিও গামোচাৰ কিছুমান প্ৰকাৰ আছে-

                                ৰঙা আচু সূতাৰে গামোচা

গামোচা

গোঁসাই থাপনাৰ গামোচা: এই গামোচাখন গোঁসাই থাপনাত আৰু মনিকুটত ব্যৱহাৰ কৰা দেখা যায়।

ভকতিয়া গামোচা:দুইফালে ফুল থাকে ভকত বৈষ্ণবে নামঘৰত যাওঁতে ব্যৱহাৰ কৰে  ৷

বিহুৱান: এই বিহুৱান খন সবাতোকৈ আদৰনীয় আৰু সম্ভাষণ সূচক। বিহুৰ দিনা আপোন আৰু জ্যেষ্ঠ জনক সম্ভাষণ জনাবলৈ গামোচা খনেই শ্ৰেষ্ঠৰ শাৰীত পৰে। এই গামোচা খনত চেনেহ আছে, শ্ৰদ্ধা আছে আৰু  সাগৰৰ গভীৰতাৰ দৰে আন্তৰিকতা আছে। প্ৰেমিকাই প্ৰেমিকক দিয়া শ্ৰেষ্ঠ উপহাৰ হিচাবে দিবলৈ অধীৰ আগ্ৰহেৰে বহু দিনৰ আগৰ পৰাই শিপিনীয়ে বোৱাৰ প্ৰস্তুতি চলায়। অসমৰ আপুৰুগীয়া প্ৰকৃতি তথা সংস্কৃতিৰ চানেকীৰে গামোচাত ৰঙাসূতাৰে ফুল বাচে তাঁত শালত ৰঙা আঁচেৰে বিহুৱান খনি।

বৰ ফুলৰ গামোচাদৰা গামোচা ৷

কমৰ বন্ধ গামোচা:  কৃষি কৰ্মৰ সময়ত মুৰত বা ককালত মাৰি লয় ৷

পানী গামোচা/তিয়নি গামোচা:   এই গামোচা মজলীয়া কেঁচা সূতাৰে তৈয়াৰ কৰা হয়। মুটা সূতা প্ৰয়োগ কৰা আৰু আঠুৰ ওপৰত পৰা এই গামোচাখন সাধাৰণতে নামনি অসমত বহুল ভাৱে প্ৰচলিত। তেওঁলোকে ঘৰতে পৰিধান কৰে আৰু গা-ধোৱাৰ সময়ত পিন্ধে বাবে তিয়নী গামোচা বুলি জনাজাত।

আনাকাটা গামোচা:  আনাকাটা মানে হৈছে যিখন গামোচা কাটি উলিওৱা নহয়। অৰ্থাৎ তাঁতশালত বৈ উঠাৰ পিছত দুখন গামোচা পৃথক কৰিবলৈ কেচিঁ বা ব্লেড বা কটাৰি ব্যবহাৰ নকৰি হাতেৰে সূঁতাবিলাক চিঙি নাইবা শিলত থেতেলিয়াই উলিওৱা গামোচা।  ইয়াক সাধাৰণতে বিয়াৰ সময়ত দৰা বা কইনাৰ গাত দিয়া হয়।

পানীতোকা গামোচা :  মহিলা সকলে চুলিৰ পানী তুকিবৰ বাবে চুলিত বান্ধি থয় ৷

মুখমোচা গামোচা: সৰু আকাৰৰ হয় ।


অসমীয়া জাতিৰ গামোচাখন যে কেৱল অসমীয়াই ব্যৱহাৰ কৰে এনে নহয় অনা অসমীয়াইও ইয়াক আগ্ৰহেৰে গ্ৰহণ কৰে। অতীজৰে পৰা গামোচাখন ব্যৱসায় দিশত লাভৱান যদিও বাহিৰৰ পৰা বহিৰাগত ব্যৱসায়ী সকলে গামোচাখন বিকৃত কৰি ঠেক চুটি হিচাবে তৈয়াৰ কৰি আন্তৰাষ্ট্ৰীয় বজাৰৰ দখলত প্ৰাচীৰ হৈ থিয় দিছে।  কিন্তু অসমৰ এই বস্ত্ৰশিল্পক জীয়াই ৰাখিবলৈ চৰকাৰ, জনগন সকলোৰে সহযোগিতাৰ প্ৰয়োজন নহলে এই সম্পদো বিলুপ্তী হ’বলৈ বেছিদিন নালাগিব।

লগতে চাওক –  বিহুগীত || বিহুনাম || যোজনা   বিহু || বিহু’ শব্দৰ উৎপত্তি || বিহুৰ ইতিহাস || বিহু ৰচনা   সাত বিহু

 

Leave a Reply