ভাৰতবৰ্ষৰ সংবিধানখনক বিভিন্ন সময়ত কৰা সংশোধনবোৰ || সংবিধান সূচনা হোৱাৰ পৰা কি ধৰণৰ পৰিৱৰ্তন হৈছে? || How has the constitution changed since its inception ?

সংবিধান সূচনা হোৱাৰ পৰা কি ধৰণৰ পৰিৱৰ্তন হৈছে?
১ম সংশোধনী আইন: ১৯৫১ চনৰ ১৮ জুন। ১৫ নং অনুচ্ছেদ সংশোধন – বাক স্বাধীনতা আৰু প্ৰকাশৰ স্বাধীনতাৰ পৰিৱৰ্তন অনা হৈছে।
২য় সংশোধনী আইন: ১৯৫৩ চনৰ ১ মে’ । ৮১ নং অনুচ্ছেদ-সংশোধন – লোকসভাৰ সদস্য এজনে প্ৰতিনিধিত্ব কৰিব পৰা জনসংখ্যাৰ উচ্চসীমাটোৰ বিলোপ সাধন।
৩য় সংশোধনী আইন: ১৯৫৫ চনৰ ২২ ফ্ৰেব্ৰুৱাৰী। খাদ্য সামগ্ৰী, পশুখাদ্য, কপাহ আৰু মৰপাটৰ বস্তু আদি ৰাজ্যিক সূচীভুক্ত বিষয়বোৰ সমৱৰ্তী সূচীৰ ৩৩ নং অনুচ্ছেদত অন্তৰ্ভুক্ত কৰা হৈছে।
৪ৰ্থ সংশোধনী আইন: ১৯৫৫ চনৰ ২৭ এপ্ৰিল। ৩১,৩১ (A) আৰু ৩০৫ অনুচ্ছেদ আৰু ৯ ম সূচীৰ পৰিৱৰ্তন সাধন। জমি অধিগ্ৰহণৰ বাবে দেয় ক্ষতিপূৰণৰ বিষয়টো আদালতৰ কৰ্তৃত্বৰ বহিৰ্ভুত কৰি ক্ষতিপূৰণৰ পৰ্যাপ্ততা নিৰ্ধাৰণৰ ক্ষমতা সংসদৰ ওপৰত ন্যস্ত কৰা হৈছিল।
৫ম সংশোধনী আইন : ১৯৫৫ চনৰ ২৪ ডিচেম্বৰত সংবিধানৰ ৩ নং অনুচ্ছেদটোৰ সংশোধন ৰাজ্য পুনৰ গঠনৰ ক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্যসমূহে নিজৰ মতামত জনোৱাৰ সময়সীমা নিৰ্ধাৰণ কৰাৰ বাবে আৰু আৱশ্যকবোধে তেনে সীমাৰ লৰচৰ কৰাৰ বাবে আদেশ জাৰি কৰাৰ ক্ষমতা এই সংশোধন অনুসৰি ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰা হৈছিল।
৬ষ্ঠ সংশোধনী আইন: ১৯৫৬ চনৰ ১১ ছেপ্টেম্বৰ। এই সংশোধন যুক্তৰাষ্ট্ৰীয় তালিকাৰ ৭ ম অনুসূচীভুক্ত ৯২ নং শিতানৰ অলপ পৰিৱৰ্তন সাধন কৰা হৈছিল, সেই তালিকাত ৯২ (A) উপবন্ধ এটা যোগ দিয়া হৈছিল, ৰাজ্যিক সূচীৰ ৫৪ নং শিতানৰ সলনি অন্য এটা সন্নিৱিষ্ট কৰা হৈছিল আৰু ,২৬৯ আৰু ২৮৬ অনুচ্ছেদ দুটাৰ পৰিৱৰ্তন সাধন কৰি আন্তঃৰাজ্য বাণিজ্যত ক্ৰয় – বিক্ৰয়ৰ ওপৰত কেন্দ্ৰীয় চৰকাৰৰ হাতত কৰ ধাৰ্য কৰাৰ ক্ষমতা অৰ্পণ কৰা হৈছিল।
৭ম সংশোধনী আইন: ১৯৫৬ চনৰ ১৯ অক্টোবৰ। ১ম, ২য়, ৪র্থ আৰু ৭ম অনুসূচীৰ সংশোধনৰ কেইখনমান নতুন ৰাজ্যৰ সৃষ্টি, বিভিন্ন ৰাজ্যৰ পৰা ৰাজ্যসভালৈ পঠিয়াব লগা সদস্যৰ সংখ্যাৰ পুনৰ নিৰ্ধাৰণ, সময়ে সময়ে নিৰ্বাচনৰ বাবে সমষ্টি নিৰ্ধাৰণৰ ব্যৱস্থা কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ২০ জন সদস্য নিৰ্বাচন কৰাৰ ব্যৱস্থা, লোকসভাৰ সদস্যৰ সংখ্যা ৫০০ জনৰ পৰা ৫৫০ জনলৈ বৃদ্ধি।
৮ম সংশোধনী আইন: ১৯৬০ চনৰ ৫ জানুৱাৰী। এই সংশোধন অনুসৰি, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিভুক্ত লোকসকলৰ বাবে আসন সংৰক্ষণ আৰু ইংগ ভাৰতীয়সকলৰ বাবে বিশেষ প্ৰতিনিধিত্বৰ ব্যৱস্থাৰ ম্যাদ পূৰ্বতে নিৰ্ধাৰিত ১০ বছৰৰ সলনি সংবিধান বলবৎ হোৱাৰ সময়ৰ পৰা ২০ বছৰলৈ বৃদ্ধি কৰা হৈছিল।
১৯৬০ চনৰ ৯ম সংশোধনী আইন: ১৯৬০ চনৰ ২৮ ডিচেম্বৰ। প্ৰথম অনুসূচিৰ পৰিৱৰ্তন। পাকিস্তানৰ সৈতে হোৱা চুক্তিৰ ফলত অসম, পাঞ্জাব, পশ্চিমবঙ্গ আৰু কেন্দ্ৰীয় শাসিত ত্ৰিপুৰাৰ কেতবোৰ অংশ পাকিস্তানলৈ হস্তান্তৰ।
১৯৬১ চনৰ ১০ম সংশোধনী আইন: ১৯৬১ চনৰ ১৬ আগষ্টত ২৪০ অনুচ্ছেদ সংশোধন পতুৰ্গীজ অধিকৃত দাদৰা আৰু নগৰ হাভেলি ভাৰত যুক্তৰাষ্ট্ৰৰ সৈতে চামিল কৰা হৈছিল।
১৯৬১ চনৰ ১১শ সংশোধনী আইন: ১৯৬১ চনৰ ১৯ ডিচেম্বৰ। সংবিধানৰ ৬৬ (১) আৰু ৭১ (৩) অনুচ্ছেদ দুটাৰ পৰিৱৰ্তন সাধন কৰা হৈছিল। সেই অনুসৰি, (১) নিৰ্বাচক মণ্ডলীৰ কোনো সদস্যৰ পদবী খালী হৈ থকা কাৰণে ৰাষ্ট্ৰপতি নাইবা উপ – ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বৈধতাৰ প্ৰশ্ন উঠিব নোৱাৰাৰ ব্যৱস্থা হৈছিল আৰু (২) উপ – ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে আগৰ সংসদৰ দুয়ো সদনৰ যুটীয়া অধিবেশনৰ সলনি দুয়োখন সদনৰ সদস্যৰে গঠিত এখন নিৰ্বাচক মণ্ডলীৰ দ্বাৰা সম্পাদন কৰাৰ ব্যৱস্থা কৰা হৈছিল।
১৯৬২ চনৰ ১২শ সংশোধনী আইন: ১৯৬২ চনৰ ২৭ মাৰ্চ। এই সংশোধনী অনুসৰিও ১ম অনুসূচী আৰু ২৪০ অনুচ্ছেদ সংশোধন কৰি পৰ্টুগীজ অধিকৃত গোৱা, ডমন , দিউক কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা দিয়া হৈছিল।
১৯৬২ চনৰ ১৩শ সংশোধনী আইন: ১৯৬২ চনৰ ২৮ ডিচেম্বৰত। সংবিধানৰ ২১ তম অংশত (Part XXI) ৩৭১ A অনুচ্ছেদ সংযোজন কৰি ভাৰত চৰকাৰ আৰু নগা নেচনেল কনফাৰেন্সৰ মাজত হোৱা চুক্তি অনুসৰি নগালেণ্ডৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছিল।
১৯৬২ চনৰ ১৪শ সংশোধনী আইন: ১৯৬২ চনৰ ২৮ ডিচেম্বৰত এই সংশোধনী অনুসৰি, ৮১, ২৩৯, ২৪০ (১) আৰু ২৪৯ আদি অনুচ্ছেদবোৰৰ সংশোধন ঘটাই (১) পূৰ্বৰ ফৰাচী অধিকৃত পণ্ডিচেৰী, কাৰাইকল, মাহে আৰু ইয়ানামক কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা দিয়া হৈছিল; (২) হিমাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, গোৱা, ডমন , দিউক বিধানমণ্ডল আৰু মন্ত্ৰী পৰিষদ গঠনৰ ক্ষমতা দিয়া হৈছিল আৰু (৩) কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা লোকসভালৈ পঠিয়াব লগীয়া সদস্যৰ সংখ্যা ২০ জনৰ পৰা ২৫ জনলৈ বৃদ্ধি কৰা হৈছিল।
১৯৬৩ চনৰ ১৫শ সংশোধনী আইন: ১৯৬৩ চনৰ ৫ অক্টোবৰত । এই আইনখন প্ৰণয়ন কৰোতে আধাসংখ্যক ৰাজ্যৰ বিধানমণ্ডলৰ
সমৰ্থনৰো আৱশ্যক হৈছিল । এই আইন অনুসৰি, ৭ম অনুসূচীৰ যুক্তৰাষ্ট্ৰীয় তালিকা আৰু ১২৪,১২৮,২১৭,২২২,২২৪,২২৬,২৯৭, ৩১১,৩১৬ আদি ভালেমান অনুচ্ছেদৰ পৰিৱৰ্তন সাধন কৰা হৈছিল।
এই সংশোধনী অনুসৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অৱসৰৰ বয়স ৬০ বছৰলৈ বৃদ্ধি কৰা হৈছিল, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক বদলিৰ বাবদ ক্ষতিপূৰণমূলক ভাট্টা দিয়াৰ ব্যৱস্থা কৰা হৈছিল, উচ্চ ন্যায়ালয়বোৰলৈ লেখ জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছিল, ৰাষ্ট্ৰপতি আৰু ৰাজ্যৰ ৰাজ্যপালসকলৰ ওপৰত ক্ৰমে যুক্তৰাষ্ট্ৰীয় লোক লোকসেৱা আয়োগ আৰু ৰাজ্যিক লোকসেৱা আয়োগৰ খালী থকা পদবী পূৰণৰ ক্ষমতা ন্যস্ত কৰা হৈছিল ইত্যাদি।
১৯৬৩ চনৰ ১৬শ সংশোধনী আইন: ১৯৬৩ চনৰ ৫ অক্টোবৰ। ১৯,৮৪,১৭৩ নং আদি অনুচ্ছেদবোৰ। সেই অনুসৰি, ৰাজনৈতিক দলবোৰক ভাৰতৰপৰা বিছিন্ন হৈ যোৱাটো নিৰ্বাচনৰ বিচাৰ্য বিষয় হিচাপে গ্ৰহণ কৰিব নোৱাৰা কৰা হৈছিল, বিচ্ছিন্নতাবাদী কাৰ্যত বাধাদান কৰাৰ বাবে ৰাজ্য চৰকাৰৰ ওপৰত ক্ষমতা ন্যস্ত কৰা হৈছিল, সংসদ আৰু ৰাজ্যিক বিধান মণ্ডলৰ সদস্য, উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, আৰু মহাহিচাপ ৰক্ষক আৰু মহালেখা পৰীক্ষক আদিৰ শপত বাক্যত ‘ যে মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰিম’ বাক্যাংশটো সংযোজন কৰা হৈছিল।
১৯৬৪ চনৰ ১৭শ সংশোধনী আইন: ১৯৬৪ চনৰ ২০ জুন। এই আইন অনুসৰি ৯ম অনুসূচীত বিভিন্ন ৰাজ্যৰ ভূ – সম্পত্তি বিষয়ক কেবাখনো আইন ( ২১ ৰ পৰা ২৪ নম্বৰলৈ) অন্তৰ্ভুক্ত কৰি সেইবোৰ ন্যায়ালয়ৰ বিচাৰৰ ক্ষমতাৰ বহিৰ্ভূত কৰা হৈছিল আৰু কৃষকৰ পৰা নিজৰ খেতি তলীৰ মাটি, তাত থকা ঘৰ আৰু জিৰাত আদিৰ বাবে বজাৰ মূল্যতকৈ কম ক্ষতিপূৰণ ধাৰ্য নকৰাকৈ অধিগ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হৈছিল।
১৮ শ সংশোধনী আইন: ১৯৬৬ চনৰ ২৭ আগষ্ট। ৩য় অনুচ্ছেদৰ সংশোধন। পঞ্জাৱ আৰু হাৰিয়ানা ৰাজ্য দুখনৰ গঠনৰ ব্যৱস্থা সম্ভৱপৰ কৰি তোলা হৈছিল।
১৯ শ সংশোধনী আইন: ১৯৬৬ চনৰ ১১ ডিচেম্বৰ। ৩২৪ অনুচ্ছেদটোৰ সংশোধন ঘটাই নিৰ্বাচনী আয়োগৰ ক্ষমতাৰ পৰিৱৰ্তন সাধন কৰা হৈছিল।
২০শ সংশোধনী আইন: ১৯৬৬ চনৰ ২২ ডিচেম্বৰ। ২৩৩ নং অনুচ্ছেদ অনুসৰি ইতিমধ্যে নিযুক্তি বা পদোন্নতি লাভকৰা জিলা দণ্ডাধীশসকলৰ নিযুক্তি , পদোন্নতি আৰু তেনে দণ্ডাধীশে দিয়া ৰায়ৰ বৈধতাৰ স্বীকৃতি দিয়া হৈছিল।
২১তম সংশোধনী আইন: ১৯৬৭ চনৰ ১০ এপ্ৰিল। এই সংশোধন অনুসৰি সিন্ধি (Sindhi) ভাষা সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছিল।
২২তম সংশোধনী আইন: ১৯৬৯ চনৰ ২৫ চেপ্টেম্বৰ। এই সংশোধন অনুসৰি ষষ্ঠ অনুসূচীৰ A অংশৰ অন্তৰ্গত কিছু অঞ্চল সামৰি অসম ৰাজ্যৰ ভিতৰতে এখন স্বায়ত্ব শাসিত ৰাজ্য ‘মেঘালয়’ গঠন কৰাৰ ব্যৱস্থা কৰা হৈছিল। সেই অনুসৰি ১৯৭০ চনৰ এপ্ৰিলৰ পৰা মেঘালয় ৰাজ্য গঠিত হৈছিল।
২৩তম সংশোধনী আইন: ১৯৭০ চনৰ ২৩ জানুৱাৰী – ৩৩০,৩৩২,৩৩৩ আৰু ৩৩৪ অনুচ্ছেদ কেইটাৰ সংশোধন কৰা হৈছিল। ফলস্বৰূপে, লোকসভা আৰু ৰাজ্যৰ বিধান সভাবোৰত অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু ইংগ ভাৰতীয়সকলৰ বাবে আসন সংৰক্ষণৰ ম্যাদ দহ বছৰৰ বাবে (১৯৭৯ চনলৈ) বৃদ্ধি কৰা হৈছিল।
২৪তম সংশোধনী আইন: ১৯৭১ চনৰ ৫ নবেম্বৰ। ১৩ অনুচ্ছেদত (৪) উপবন্ধৰ সংযোজন আৰু ৩৬৮ অনুচ্ছেদৰ পৰিৱৰ্তন সাধন। এই সংশোধনৰ দ্বাৰা মৌলিক অধিকাৰকে ধৰি সংবিধানৰ সকলো অংশ সংশোধন কৰাৰ ক্ষমতা সংসদৰ ওপৰত ন্যস্ত হৈছিল।
২৫তম সংশোধনী আইন: ১৯৭২ চনৰ ২০ এপ্ৰিল। ৩১ অনুচ্ছেদটোৰ সংশোধন কৰাৰ লগতে ৩১ C অনুচ্ছেদ এটা যোগ কৰা হৈছিল।
সেই অনুসৰি, সংসদে আইনৰদ্বাৰা ব্যক্তিগত সম্পত্তি অধিগ্ৰহণ কৰা আৰু তেনে সম্পত্তিৰ মূল্য নিৰূপণ কৰাৰ ক্ষমতা লাভ কৰিছিল আৰু তেনেদৰে নিৰূপিত মূল্য যথেষ্ট নহয় বুলি সম্পত্তিৰ মালিকৰ আদালতৰ ওচৰ চপাৰ অধিকাৰ বাতিল কৰা হৈছিল।
২৬তম সংশোধনী আইন: ১৯৭১ চনৰ ২৮ ডিচেম্বৰ। ২৯১ আৰু ৩৬২ অনুচ্ছেদ দুটা বাদ দি, ৩৬৩ A অনুচ্ছেদ এটা নতুনকৈ সংযোজন কৰি আৰু ৩৬৬ (২২) অনুচ্ছেদটোৰ পৰিৱৰ্তন সাধন কৰি দেশীয় ৰাজন্যবৰ্গৰ ৰাজপদৰ স্বীকৃতি, ভাট্টা আৰু অন্যান্য সা – সুবিধাৰ বিলোপ সাধন কৰা হৈছিল।
২৭তম সংশোধনী আইন: ১৯৭১ চনৰ ৩০ ডিচেম্বৰ। এই সংশোধনীৰ জৰিয়তে ২৩৯ আৰু ২৪০ অনুচ্ছেদৰ পৰিৱৰ্তন সাধন আৰু ২৩৮ B আৰু ১৭১ (গ) ধাৰা দুটা সংযোজন কৰি মিজোৰামক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰাৰ ওপৰিও মিজোৰামৰ বাবে বিধানমণ্ডল আৰু মন্ত্ৰী পৰিষদৰ ব্যৱস্থা কৰা হৈছিল। তদুপৰি, উত্তৰ – পূৱ সীমান্ত এজেন্সি (NEFA) কেন্দ্ৰীয় শাসিত অঞ্চল অৰুণাচল প্ৰদেশ হোৱাৰ পিছতো সেই অঞ্চলৰ বাবে অধিনিয়ম তৈয়াৰ কৰাৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা বাহাল ৰখাৰ ব্যৱস্থা কৰা হৈছিল।
২৮ তম সংশোধনী আইন: ১৯৭২ চনৰ ২৭ আগষ্টত এই সংশোধনী অনুসৰি সংবিধানৰ ৩১৪ অনুচ্ছেদটো বাতিল আৰু ৩১২ A অনুচ্ছেদ এটা সংবিধানত সংযোজন কৰা হৈছিল। এই সংশোধনৰ জৰিয়তে, ভাৰতীয় অসামৰিক সেৱাৰ (ICS) বিষয়াসকলৰ সেৱাচৰ্ত আৰু সা – সুবিধাবোৰৰ পৰিৱৰ্তন সাধন নাইবা বিলোপ সাধনৰ ক্ষমতা সংসদৰ ওপৰত ন্যস্ত কৰা হৈছিল।
২৯তম সংশোধনী আইন: ১৯৭২ চনৰ ৯ জুন। এই সংশোধনী অনুসৰি ৯ম অনুসূচীৰ ৬৫ আৰু ৬৬ ক্ৰমিক নম্বৰত ক্ৰমে ১৯৬৯ চনৰ কেৰালা ভূমিসংস্কাৰ ( সংশোধন) আইন [The Kerala Land Reforms (Amendment)Act.] আৰু ১৯৭১ চনৰ কেৰালা ভূমি সংস্কাৰ (সংশোধন) আইন [ The Kerala Land Reforms (Amendment) Act.)] দুখন নৱম সূচীৰ অন্তৰ্ভুক্ত কৰা হৈছিল।
৩০ তম সংশোধনী আইন: ১৯৭৩ চনৰ ২২ ফেব্ৰুৱাৰী। এই সংশোধনী আইন অনুসৰি, ১৩৩ (১) অনুচ্ছেদটোৰ পৰিৱৰ্তন সাধন কৰি উচ্চ ন্যায়ালয়ে ‘ সংশ্লিষ্ট বিবাদৰ সৈতে আইনৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন জড়িত আছে ‘ বুলি প্ৰমাণ পত্ৰ দিলে তেনে গোচৰ আপিলত বিচাৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিব পৰাৰ ব্যৱস্থা কৰা হৈছিল।
৩১ তম সংশোধনী আইন: ১৯৭৩ চনৰ ১৭ অক্টোবৰ। এই সংশোধন অনুসৰি, ৮১, ৩৩০ আৰু ৩৩২ অনুচ্ছেদ সংশোধন কৰি লোকসভাৰ সদস্যৰ সংখ্যা ৫০০ ৰ পৰা ৫২৫ লৈ বৃদ্ধি কৰা হৈছিল, কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধিৰ সংখ্যা ২৫ ৰ পৰা ২০ লৈ হ্ৰাস কৰা হৈছিল আৰু নগালেণ্ড , মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকৰ বাবে লোকসভাত আসন সংৰক্ষণৰ ব্যৱস্থা বাতিল কৰা হৈছিল।
৩২ তম সংশোধনী আইন: ১৯৭৪ চনৰ ৫ মাৰ্চ। এই সংশোধনী অনুসৰি ৩৭১ [১] অনুচ্ছেদৰ সংশোধন ঘটোৱা, ৩৭১ অনুচ্ছেদৰ সৈতে (ঘ) আৰু (ঙ) দুটা উপবন্ধৰ সংযোজন কৰা আৰু সপ্তম অনুসূচিৰ প্ৰথম তালিকাৰ ( যুক্তৰাষ্ট্ৰীয় সূচী) ৬৩ নং বিষয়টোৰ সংশোধন কৰা হৈছিল। প্ৰধানকৈ অন্ধ্ৰপ্ৰদেশৰ সংহতি ৰক্ষাৰ্থে এই সংশোধন অনুসৰি ছয়টা ব্যৱস্থা সংবিধানৰ অন্তৰ্ভুক্ত কৰা হৈছিল।
৩৩ তম সংশোধনী আইন: ১৯৭৪ চনৰ ৯ মে’ । ১০১ আৰু ১৯০; অনুচ্ছেদ দুটা সংশোধন কৰি এই সংশোধন অনুসৰি সংসদ নাইবা ৰাজ্যিক বিধান মণ্ডলৰ পৰা পদত্যাগী সদস্যৰ পদত্যাগ স্বেচ্ছামূলক নে বলপূৰ্বক সেই কথা প্ৰমান কৰাৰ কৰ্তৃত্ব সংশ্লিষ্ট কক্ষটোৰ অধ্যক্ষৰ হাতত অৰ্পণ কৰা হৈছিল আৰু বলপূৰ্বক হলে, তেনে পদত্যাগ পত্ৰ গ্ৰহণ নকৰিবৰ ক্ষমতা তেওঁৰ ওপৰত ন্যস্ত কৰা হৈছিল।
৩৪ তম সংশোধনী আইন: ১৯৭৪ চনৰ ৭ চেপ্টেম্বৰ। এই সংশোধনৰ দ্বাৰা ভুমিসংস্কাৰ বিষয়ক ২০ খন আইন ৯ম অনুসূচী (৬৭ নং ৰ পৰা ৮৬ নম্বৰত) ভুক্ত কৰা হৈছিল।
৩৫ তম সংশোধনী আইন: ১৯৭৫ চনৰ ২২ ফেব্ৰুৱাৰী। এই সংশোধনৰ জৰিয়তে ৮০ আৰু ৮১ অনুচ্ছেদ দুটাৰ সংশোধন আৰু নতুনকৈ ২ A অনুচ্ছেদ আৰু ১০ ম সূচী সংবিধানত সংযোজিত কৰা হৈছিল। এনে ব্যৱস্থাৰ জৰিয়তে পূৰ্বৰ আশ্ৰিত মিত্ৰ ৰাজ্য চিকিমক ভাৰতৰ সহযোগী ৰাজ্য হিচাপে স্বীকৃতি দিয়া হৈছিল আৰু ৰাজ্যসভা আৰু লোকসভালৈ সেই ৰাজ্যখনৰ পৰা একোজনকৈ প্ৰতিনিধি পঠোৱাৰ ব্যৱস্থা কৰা হৈছিল।
৩৬ তম সংশোধনী আইন: ১৯৭৫ চনৰ ১৬ মে’ এই সংশোধনী অনুসৰি ২A অনুচ্ছেদৰ বিলোপ সাধন, ৩৭১ (চ) অনুসূচীৰ সংযোজন আৰু ১ ম আৰু ৪ৰ্থ অনুসূচীত ‘ চিকিম ‘ ৰ নামভুক্ত কৰি (দুয়ো অনুসূচীৰ ২২ নম্বৰত) চিকিমক ভাৰতৰ অংগৰাজ্য কৰা হৈছিল।
৩৭ তম সংশোধনী আইন: ১৯৭৫ চনৰ ৩ মে’ । এই সংশোধন অনুসৰি ২৩৯(ক) আৰু ২৪০ অনুচ্ছেদ দুটাৰ পৰিৱৰ্তন আৰু ১০ অনুসূচীৰ বিলোপ সাধন কৰা হৈছিল। কেন্দ্ৰীয় শাসিত অৰুণাচলত বিধানসভা আৰু মন্ত্ৰী পৰিষদ গঠনৰ ব্যৱস্থা কৰা হৈছিল।
৩৮ তম সংশোধনী আইন: ১৯৭৫ চনৰ ২৪ জুলাই। এই সংশোধনী আইনৰদ্বাৰা ১২৩, ২১৩, ২৩৯B, ৩৫২,৩৫৬, ৩৫৯, আৰু ৩৬০ অনুচ্ছেদৰ সংশোধন কৰা হৈছিল। সেই অনুসৰি, সংসদ নাইবা বিধানমণ্ডলৰ অধিবেশন চলি নথকা সময়ত ৰাষ্ট্ৰপতি নাইবা ৰাজ্যপাল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসকৰ হাতত অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা অৰ্পণ কৰা হৈছিল, তেনে অধ্যাদেশ আদালতৰ সমীক্ষাৰ বৰ্হিভূত কৰাৰ ব্যৱস্থা কৰা হৈছিল আৰু জৰুৰীকালীন সময়ছোৱাত নাগৰিকৰ অধিকাৰ খৰ্ব কৰি প্ৰণয়ন কৰা আইনৰ বিৰুদ্ধে আদালতৰ আশ্ৰয় গ্ৰহণ কৰিবপৰা ব্যৱস্থা ৰহিত কৰা হৈছিল; লগতে তেনে ব্যৱস্থা জৰুৰীকালীন অৱস্থা চলি থকা পৰ্যন্তহে বলবৎ থাকিব বুলিও সিদ্ধান্ত কৰা হৈছিল।
৩৯ তম সংশোধনী আইন: ১৯৭৫ চনৰ ১০ আগষ্ট। এই সংশোধনী আইন অনুসৰি ৭১ অনুচ্ছেদটোৰ সংশোধন আৰু ৩২৯A অনুচ্ছেদৰ অন্তৰ্ভুক্তি ঘটোৱা হৈছিল। এই আইন অনুসৰি ৰাষ্ট্ৰপতি, উপ – ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন সম্পৰ্কীয় বিচাৰ ন্যায়াপালিকাৰ আওতাৰ পৰা আঁতৰ কৰা হৈছিল।
৪০ তম সংশোধনী আইন: ১৯৭৬ চনৰ ২৭ মে’ । এই আইনখনৰ জৰিয়তে ২৯৭ আৰু ২৯৮ অনুচ্ছেদ দুটা আৰু ৯ম অনুসূচীৰ সংশোধন সাধন কৰা হৈছিল। ফলত, কেন্দ্ৰীয় সূচীৰ ৯ খন আৰু ৰাজ্যিক সূচীৰ ৫৫ খন আইন ৯ম অনুসূচীৰ অন্তৰ্ভুক্ত কৰা হৈছিল আৰু উপকূলৰ সমীপৱৰ্তী জলভাগ আৰু ভাৰতৰ অৰ্থনৈতিক অঞ্চলৰ আৰু জাহাজ চলাচলৰ বাবে অঞ্চল নিৰ্ধাৰণ কৰাৰ কৰ্তৃত্ব সংসদৰ ওপৰত ন্যস্ত কৰা হৈছিল।
৪১ তম সংশোধনী আইন: ১৯৭৬ চনৰ ৭ চেপ্টেম্বৰ। এই সংশোধনী অনুসৰি, ৰাজ্যিক লোকসেৱা আয়োগৰ সদস্যসকলৰ অৱসৰৰ বয়স ৬০ বছৰৰ পৰা ৬২ বছৰলৈ বৃদ্ধি কৰা হৈছিল।
৪২ তম সংশোধনী আইন: ১৯৭৬ চনৰ ১৮ ডিচেম্বৰ । এই সংশোধনীৰ দ্বাৰা বিধিবদ্ধ কৰা ব্যৱস্থাবোৰৰ কেতবোৰ তলত দিয়া ধৰণৰ :
১/ প্ৰস্তাৱনাত ‘ সাৰ্বভৌমত্ব ‘ আৰু ‘ গণতান্ত্ৰিক ‘ শব্দ দুটাৰ মাজত ‘ সমাজবাদী ‘ আৰু ‘ ধৰ্মনিৰপেক্ষ ‘ আৰু ‘ ঐক্য ‘ শব্দটোৰ লগত আৰু ‘ সংহতি ‘ শব্দ দুটা যোগ দিয়া হৈছিল।
২/ মৌলিক অধিকাৰতকৈও নিৰ্দেশাত্মক নীতিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছিল।
৩/ জাতীয় স্বাৰ্থবিৰোধী কাৰ্যকলাপ বন্ধ কৰাৰ উদ্দেশ্যে আৱশ্যকীয় আইন প্ৰণয়ন কৰাৰ বাবে সংসদৰ ওপৰত কৰ্তৃত্ব আৰোপ কৰা হৈছিল।
৪/ নাগৰিকসকলৰ বাবে দহটা মৌলিক কৰ্তব্য সংবিধানত সন্নিৱিষ্ট কৰা হৈছিল।
৫/ ৰাষ্ট্ৰপতিয়ে মন্ত্ৰী পৰিষদৰ উপদেশ অনুসৰি কাম কৰাটো বাধ্যতামূলক কৰি সেই বিষয়ত চলি থকা সন্দেহ দূৰ কৰা হৈছিল।
৬/ আইনসভাবোৰৰ কাৰ্যকাল বৃদ্ধি কৰি ৬ বছৰীয়া কৰা হৈছিল।
৭/ উচ্চতম ন্যায়ালয়ৰ ক্ষমতাৰ কিছু সাল – সলনি ঘটোৱা হৈছিল।
৮/ ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ ক্ষমতা হ্ৰাস কৰা হৈছিল।
৯/ ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতা কিঞ্চিৎ বৃদ্ধি কৰা হৈছিল।
১০/ সংবিধান সংশোধনী আইন আদালতৰ বিচাৰৰ ক্ষমতাৰ বহিৰ্ভুত কৰা হৈছিল।
১১/ শিক্ষা আৰু বনবিভাগ দুটা ৰাজ্যিক সূচীৰ পৰা সমৱৰ্তী সূচীলৈ স্থানান্তৰিত কৰা হৈছিল।
৪৩ তম সংশোধনী আইন: ১৯৭৭ চনৰ ১৩ এপ্ৰিল । এই সংশোধনীটোৰ জৰিয়তে ৩১D, ৩২A, ১৩১A, ১৪৪A, ২২৮A আদি অনুচ্ছেদবোৰ বাতিল কৰি ৪২ তম সংশোনে ঘটোৱা সাংবিধানিক পৰিৱৰ্তনৰ পুনৰ পৰিৱৰ্তন সাধন কৰা হৈছিল। এই সংশোধনীৰ জৰিয়তে মূলতঃ উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ আইনৰ বৈধতা পৰীক্ষা কৰাৰ ক্ষমতা পুনৰ বাহাল কৰা হৈছিল, সংসদৰ আইন প্ৰণয়নৰ ক্ষমতাৰ সলনি কৰি নাগৰিকৰ স্বতন্ত্ৰতাত হস্তক্ষেপ কৰাৰ পৰা বিৰত ৰখাৰ ব্যৱস্থা কৰা হৈছিল ইত্যাদি।
৪৪ তম সংশোধনী আইন: ১৯৭৮ চনৰ ৩০ এপ্ৰিল। এই সংশোধনীয়ে লোকসভাৰ কাৰ্যকাল পুনৰ ৫ বছৰীয়া কৰিছিল, সংসদ আৰু ৰাজ্যিক বিধান মণ্ডলৰ পৰিৱৰ্তন সাধন কৰিছিল, ৪২ তম সংশোধনীয়ে হ্ৰাস কৰা কিছু ক্ষমতা পুনৰ ন্যায়পালিকাৰ ওপৰত ন্যস্ত কৰিছিল, জৰুৰীকালীন ব্যৱস্থাৰ সাল- সলনি কৰিছিল, সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ তালিকাৰ পৰা বাদ দিছিল ইত্যাদি।
৪৫ তম সংশোধনী আইন: ১৯৮০ চনৰ ১৪ এপ্ৰিল। ৩২৪ অনুচ্ছেদটোৰ সংশোধন সাধন কৰি অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু ইংগ ভাৰতীয়সকলৰ বাবে লোকসভা আৰু ৰাজ্যিক বিধান মণ্ডলত আসন সংৰক্ষণৰ ম্যাদ সংবিধান বলবৎ হোৱাৰ দিনাৰ পৰা ৪০ বছৰলৈ বৃদ্ধি কৰা হৈছিল।
৪৬ তম সংশোধনী আইন: ১৯৮২ চনৰ ২ ফেব্ৰুৱাৰী। এই সংশোধন অনুসৰি বিক্ৰীকৰ সংক্ৰান্ত প্ৰথম তালিকাখন আৰু ২৬৯, ২৮৬, ৩৬৬ আদি অনুচ্ছেদবোৰ সংশোধন কৰাৰ লগতে কেন্দ্ৰীয়সূচীত ৯২B নং বিষয়টো যোগ দিয়া হৈছিল। এই সংশোধনৰ সহায়ত ৰাজ্য চৰকাৰবোৰলৈ একে ধৰণৰ বিক্ৰীকৰ দিয়াৰ আৰু কৰ ফাকি দিয়াৰ সুবিধাবোৰ নাইকীয়া কৰাৰ ব্যৱস্থা কৰা হৈছিল।
৪৭ তম সংশোধনী আইন: ১৯৮৪ চনৰ ২৬ আগষ্ট। এই সংশোধনৰ দ্বাৰা ১৮৯ ৰ পৰা ২০২ ক্ৰমিক নম্বৰত মুঠ ১৪ খন ভুমিসংস্কাৰ আইন ৯ম অনুসূচীভুক্ত কৰা হৈছিল।
৪৮ তম সংশোধনী আইন: ১৯৮৪ চনৰ ২৬ আগষ্ট। এই সংশোধন অনুসৰি পঞ্জাৱত চলি থকা ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ আগৰ এবছৰৰ ঠাইত দুবছৰ কৰা হৈছিল।। ১৯৮৩ চনৰ ৬ অক্টোবৰত ঘোষণা কৰা ৰাষ্ট্ৰপতিৰ শাসনৰ ম্যাদ ১৯৮৪ চনৰ ৫ অক্টোবৰত শেষ হব লাগিছিল; কিন্তু পাঞ্জাবত চলি থকা অশান্ত অৱস্থাৰ কাৰণে সেই ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন ৬ অক্টোবৰৰ পিছতো চলাই থাকিব পৰাকৈ ৩৫৬ অনুচ্ছেদত (৫) উপবন্ধ এটা যোগ দি এই ব্যৱস্থা কৰিবলগীয়া হৈছিল।
৪৯ তম সংশোধনী আইন: ১৯৮৪ চনৰ ১১ চেপ্টেম্বৰ। এই সংশোধন অনুসৰি, সংবিধানৰ ২৪৪ অনুচ্ছেদ আৰু ৫ম আৰু ৬ষ্ঠ অনুসূচী দুটা সংশোধন কৰি ত্ৰিপুৰাৰ জনজাতীয় লোকসকলৰ উন্নতি সাধনৰ বাবে ত্ৰিপুৰাত এখন জিলা পৰিষদ গঠনৰ ব্যৱস্থা কৰা হৈছিল।
৫০ তম সংশোধনী আইন: ১৯৮৪ চনৰ ১১ ছেপ্টেম্বৰ। এই আইন অনুসৰি সংবিধানৰ ৩৩ অনুচ্ছেদটোৰ পৰিধি সম্প্ৰসাৰিত কৰা হৈছিল। এই সংশোধনৰদ্বাৰা সৈন্যবাহিনীৰ লোকৰ বাহিৰেও আৰু কেতবোৰ শ্ৰেণীৰ লোকৰ ক্ষেত্ৰত যেনে, ৰাজহুৱা শৃংখলা ৰক্ষাৰ কামত নিয়োজিত সৈন্য বাহিনীৰ লোকসকল, আইনৰ দ্বাৰা প্ৰতিষ্ঠিত গোপন তথ্য সংগ্ৰহৰ কামত সৈতে জড়িত লোকসকল আৰু দূৰবাৰ্তা প্ৰেৰণৰ লগত জড়িত লোকসকলৰ মৌলিক অধিকাৰত যুক্তিসংগত বাধা আৰোপ কৰাৰ ব্যৱস্থা কৰা হৈছিল।
৫১ তম সংশোধনী আইন: ১৯৮৪ চনৰ ১৬ জুন। এই সংশোধনী আইনৰ দ্বাৰা ৩৩০ অনুচ্ছেদটো সংশোধন কৰি অসমৰ স্বায়ত্ত শাসিত জিলা বাবে উত্তৰপূৰ্বাঞ্চলৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকসকলৰ বাবে সংসদ আৰু ৰাজ্যিক বিধান মণ্ডলত জনসংখ্যা অনুপাতে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল।
৫২ তম সংশোধনী আইন: ১৯৮৫ চনৰ ১৫ ফেব্ৰুৱাৰী। সংবিধানৰ ১০১, ১০২, ১৯০ আৰু ১৯১ অনুচ্ছেদ সংশোধন আৰু ১০ অনুসূচী নতুনকৈ সংযোজন কৰি দলত্যাগী সদস্যসকলৰ সদস্যপদ বাতিলকৰণৰ ব্যৱস্থা কৰা হৈছিল। আইনখনত ‘ দলত্যাগ ‘ আৰু ‘ দলৰ বিভাজন ‘ ৰ ভিতৰত প্ৰভেদ কৰা হৈছিল আৰু কোনো সদস্য দলত্যাগী হয় নে নহয় সেই কথা নিৰ্ণয় কৰাৰ কৰ্তৃত্ব সদনখনৰ অধ্যক্ষৰ ওপৰত ন্যস্ত কৰা হৈছিল।
৫৩ তম সংশোধনী আইন: ১৯৮৬ চনৰ ১৪ আগষ্ট। এইখন আইন অনুসৰি সংবিধানৰ ৩৭১ (ছ) অনুচ্ছেদৰ সংযোজন ঘটোৱা হৈছে। কেন্দ্ৰীয় শাসিত মিজোৰামক পূৰ্ণ পৰ্যায়ৰ ৰজ্যভুক্ত কৰাটো এই সংশোধনৰ মূল কথা।
৫৪ তম সংশোধনী আইন: ১৯৮৬ চনৰ ১ এপ্ৰিল। বলবৎ হোৱা এই সংশোধনী অনুসৰি, ১২৫ আৰু ২২১ অনুচ্ছেদ দুটা আৰু ২য় অনুসূচীৰ (ঘ) অংশৰ পৰিৱৰ্তন সাধন কৰি উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ পাৰিতোষিক বৃদ্ধি কৰা হৈছিল।
৫৫ তম সংশোধনী আইন: ১৯৮৬ চনৰ ২৩ মে’ এই আইন অনুসৰি ৩৭১(জ) অনুচ্ছেদটো সংবিধানত অন্তৰ্ভুক্ত কৰি অৰুণাচলক ভাৰতৰ ২৪ তম অংগ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল।
৫৬ তম সংশোধনী আইন: ১৯৮৭ চনৰ ২৩ মে’ । সংবিধানত ৩৭১- ৰ অনুচ্ছেদ যোগ কৰি কেন্দ্ৰীয় শাসিত গোৱাক ভাৰতৰ অংগ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল।
৫৭ তম সংশোধনী আইন: ১৯৮৭ চনৰ ১৫ ছেপ্টেম্বৰ। এই সংশোধনী অনুসৰি ৩৩২ অনুচ্ছেদত ৩ A ধাৰা এটা যোগ কৰাৰ উপৰিও ৩৩০ আৰু ৩৩২ অনুচ্ছেদ দুটাৰ সংশোধন কৰা হৈছিল। সেই অনুসৰি, এই সংশোধনী বলবৎ হোৱাৰ দিনা অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম আৰু নাগালেণ্ডৰ বিধানসভাত সকলোবোৰ আসন অনুসূচিত জনজাতীয় লোকৰ অধিকাৰত থাকিলে এখনৰ বাহিৰে আটাইবোৰ আসন তেওঁলোকৰ বাবে সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰা হৈছিল। অন্যথাই সেইদিনা সদস্যপদত থকা সদস্যৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি জনসংখ্যাৰ অনুপাতত আসন সংৰক্ষণৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত কৰা হৈছিল।
৫৮ তম সংশোধনী আইন: ১৯৮৭ চনৰ ৯ ডিচেম্বৰ। এই সংশোধনী অনুসৰি,৩৯৪ A অনুচ্ছেদটো সংবিধানৰ অন্তৰ্ভুক্ত কৰা হৈছিল। সেই অনুচ্ছেদটো অনুসৰি, ভাৰতীয় সংবিধানৰ এটা হিন্দী অনুবাদ সংকলন কৰি উলিয়াবৰ কৰ্তৃত্ব ৰাষ্ট্ৰপতিৰ ওপৰত ন্যস্ত কৰা হৈছিল।
৫৯ তম সংশোধনী আইন: ১৯৮৮ চনৰ ৩০ মাৰ্চ। এই সংশোধনী অনুসৰি ৩৫৬ অনুচ্ছেদৰ সংশোধন ঘটোৱাৰ ওপৰিও ৩৫৯ A অনুচ্ছেদটো সংবিধানৰ অন্তৰ্ভুক্ত কৰি পঞ্জাৱত ৰাষ্ট্ৰপতিৰ শাসন ৩ বছৰৰ বাবে বাহাল ৰখাৰ ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ ওপৰত ন্যস্ত কৰা হৈছিল।
৬০ তম সংশোধনী আইন: ১৯৮৮ চনৰ ২০ ডিচেম্বৰ। এই সংশোধনী অনুসৰি ২৭৬ অনুচ্ছেদ সংশোধন কৰি বৃত্তিকৰৰ উৰ্দ্ধতম সীমা ২৫০ টকাৰ পৰা ২,৫০০ টকালৈ বৃদ্ধি কৰা হৈছিল।
৬১ তম সংশোধনী আইন: ১৯৮৯ চনৰ ২৮ মাৰ্চ। এই সংশোধনী জৰিয়তে ৩২৬ অনুচ্ছেদ সংশোধন কৰি ভোটাধিকাৰ লাভৰ নিম্নতম বয়সৰ সীমা ২১ বছৰৰ পৰা ১৮ বছৰলৈ হ্ৰাস কৰা হৈছিল।
৬২ তম সংশোধনী আইন: ১৯৮৯ চনৰ ২৫ জানুৱাৰী। এই সংশোধন অনুসৰি সংবিধানৰ ৩৩৪ অনুচ্ছেদটো সংশোধন কৰি অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু ইংগ ভাৰতীয়সকলৰ বাবে লোকসভা আৰু ৰাজ্যিক বিধানসভাবোৰত আসন সংৰক্ষণৰ ম্যাদ ২৫-০১-৯০ তাৰিখৰ পৰা বলবৎ হোৱাকৈ ১০ বছৰৰ বাবে বৃদ্ধি কৰা হৈছিল।
৬৩ তম সংশোধনী আইন: ১৯৯০ চনৰ ৬ জানুৱাৰী। এই সংশোধন অনুসৰি ৩৫৬ আৰু ৩৫৯ A অনুচ্ছেদৰ আংশিক বিলোপ আৰু সংশোধনৰ জৰিয়তে ১৯৮৮ চনৰ ৫৯ তম সংশোধনৰ দ্বাৰা সংঘটিত সংশোধনবোৰৰ বিলোপ সাধন কৰা হৈছিল। পঞ্জাবত চলি থকা জৰুৰীকালীন অৱস্থাৰ অৱসান ঘটোৱাৰ বাবে সেই ব্যৱস্থাটোৰ আৱশ্যক হৈছিল।
৬৪ তম সংশোধনী আইন: ১৯৯০ চনৰ ১৬ এপ্ৰিল এই সংশোধনী আইন অনুসৰি ৩৫৬ অনুচ্ছেদটোৰ সংশোধন ঘটাই পঞ্জাৱত চলি থকা ( ১৯৮৭ চনৰ ১১ মে’ ত ঘোষিত) জৰুৰীকালীন অৱস্থাৰ ম্যাদ বছৰ সলনি ৩ বছৰ ৬ মাহ কৰা হৈছিল।
৬৫ তম সংশোধনী আইন : ১৯৯০ চনৰ ৭ জুন। এই সংশোধনৰ জৰিয়তে ৩৩৮ অনুচ্ছেদটো সংশোধন কৰি অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকসকলৰ বাবে এখন জাতীয় আয়োগ গঠন কৰাৰ আৰু সেই আয়োগৰ ওপৰত যথেষ্ট ক্ষমতা অৰ্পণ কৰাৰ ব্যৱস্থা কৰা হৈছিল।
৬৬ তম সংশোধনী আইন: ১৯৯০ চনৰ ৭ জুন। এই সংশোধনী আইন অনুসৰি, অন্ধ্ৰপ্ৰদেশ, বিহাৰ, গুজৰাট, হিমাচল প্ৰদেশ, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, ৰাজস্থান, তামিলনাডু, উৰিষ্যা, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগ আদিৰ মুঠ ৫৫ খন ভূমি সংস্কাৰ আইন ৯ ম অনুসূচীভুক্ত কৰা হৈছিল।
৬৭ তম সংশোধনী আইন: ১৯৯০ চনৰ ৪ অক্টোবৰ। এই সংশোধন অনুসৰি, ৩৫৬ অনুচ্ছেদ সংশোধনৰ দ্বাৰা ১৯৮৭ চনৰ ১১ মে’ তাৰিখে পঞ্জাৱত ঘোষণা কৰা ৰাষ্ট্ৰপতিৰ শাসনৰ ম্যাদ অতিৰিক্ত এবছৰৰ বাবে বৃদ্ধি কৰাৰ উদ্দেশ্যে অনুচ্ছেদটোৰ ৪ ধাৰাৰ ৩ য় অনুবিধিত ‘ তিনিবছৰ ছমাহ ‘ ৰ সলনি ‘ চাৰি বছৰ ‘ সংযোজন কৰা হৈছিল।
৬৮ তম সংশোধনী আইন: ১৯৯১ চনৰ ১২ মাৰ্চ। এই সংশোধনী অনুসৰি, ১৯৮৭ চনৰ ১১ মেত পঞ্জাৱত ঘোষণা কৰা ৰাষ্ট্ৰপতিৰ শাসনৰ ম্যাদ অতিৰিক্ত এবছৰৰ বাবে বৃদ্ধি কৰাৰ উদ্দেশ্যে ৩৫৬ (৪) অনুচ্ছেদৰ ৩ য় অনুবিধিত ‘ চাৰি বছৰৰ সলনি ‘ পাচ বছৰ ‘ যোগ দিয়া হৈছিল।
৬৯ তম সংশোধনী আইন: ১৯৯১ চনৰ ১২ ডিচেম্বৰ। এই সংশোধন অনুসৰি , ২৩৯ AA আৰু ২৩৯ AB অনুচ্ছেদ দুটাৰ সংযোজন ঘটাই কেন্দ্ৰীয় শাসিত দিল্লীক ‘ জাতীয় ৰাজধানী অঞ্চল’ বুলি ঘোষণা কৰা হৈছিল আৰু দিল্লীৰ প্ৰশাসনৰ বাবে এজন উপ – ৰাজ্যপাল , এখন ৭০ জনীয়া বিধান সভা আৰু অতি বেছি ৭ জন সদস্যৰে গঠিত। এখন মন্ত্ৰী পৰিষদ গঠনৰ ব্যৱস্থা কৰা হৈছিল ।
৭০ তম সংশোধনী আইন: ১৯৯২ চনৰ ১২ আগষ্ট। এই সংশোধন অনুসৰি, ৫৪ আৰু ৩৬৮ অনুচ্ছেদ দুটা সংশোধিত কৰণৰ দ্বাৰায় পণ্ডিচেৰি আৰু দিল্লীৰ বিধান সভাৰ সদস্যসকলক ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে গঠিত নিৰ্বাচক মণ্ডলীৰ অন্তৰ্ভুক্ত কৰা হৈছিল।
৭১ তম সংশোধনী আইন: ১৯৯২ চনৰ ৩১ আগষ্ট। এইটো সংশোধন অনুসৰি সংবিধানৰ ৮ ম অনুসূচীত কংকনি , মণিপুৰী আৰু নেপালী ভাষা অন্তৰ্ভুক্ত কৰা হৈছিল।
৭২ তম সংশোধনী আইন: ১৯৯২ চনৰ ৪ ডিচেম্বৰ। এইখন আইনৰ জৰিয়তে ৩৩২ অনুচ্ছেদত ৩ B ধাৰা এটাৰ সংযোজন ঘটাই ত্ৰিপুৰাৰ বিধানসভাৰ অনুসূচিত জনজাতিৰ সদস্য সংখ্যা সাধাৰণ আসনৰ অনুপাতে আৰু সেইসময়ত চলি থকা বিধানসভা ভংগ হোৱাৰ পিছৰপৰা নিৰ্ণয় কৰাৰ ব্যৱস্থা কৰা হৈছিল।
৭৩ তম সংশোধনী আইন: ১৯৯৩ চনৰ ২০ এপ্ৰিল। এওঁ সংশোধন অনুসৰি পঞ্চায়তীৰাজ ব্যৱস্থাই সাংবিধানিক মৰ্যাদা লাভ কৰিছিল আৰু ১৬ টা অনুচ্ছেদযুক্ত ৯ ম অংশটো আৰু একাদশ অনুসূচীটো নতুনকৈ সংবিধানত সন্নিৱিষ্ট কৰা হৈছিল। ৯ ম অংশৰ অনুচ্ছেদবোৰত পঞ্চায়ত ব্যৱস্থাৰ গঠন, নিৰ্বাচন, পদাবধি আদিৰ বিষয়ে ব্যৱস্থা কৰা হৈছিল আৰু নতুন অনুসূচীটোত পঞ্চায়তৰ হাতত দিব লগা ২৯ টা বিষয় অন্তৰ্ভুক্ত কৰা হৈছিল। তদুপৰি , ২৮০ অনুচ্ছেদৰ (B) অনুবন্ধৰ সৈতে (BB) উপবন্ধ এটা যোগ দি পঞ্চায়তীৰাজ ব্যৱস্থাৰ পুঁজি টনকিয়াল কৰাৰ ব্যৱস্থা কৰা হৈছিল।
৭৪ তম সংশোধনী আইন: ১৯৯৩ চনৰ ২০ এপ্ৰিল। এই আইন অনুসৰি সংবিধানত পৌৰ শাসনৰ বিষয়ে ১৮ টা অনুচ্ছেদ সমন্বিত ৯ A অংশটো আৰু ১২ শ অনুসূচীটো যোগ দিয়াৰ উপৰিও ২৮০ অনুচ্ছেদৰ সংশোধন ঘটোৱা হৈছে। সেই অনুসৰি, পৌৰ অনুষ্ঠানবোৰৰ গঠন, অৰ্থনৈতিক পৰিকল্পনা, কৰ ব্যৱস্থা আৰু প্ৰশাসনীয় বিষয় সম্পৰ্কে পুংখানুপুংখ ব্যৱস্থা কৰা হৈছে।
৭৫ তম সংশোধনী আইন: ১৯৯৪ চনৰ ৫ ফেব্ৰুৱাৰী।৩২৩ অনুচ্ছেদটোৰ সংশোধনী ঘটাই কৰৰ নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ কাৰণে আদালত স্থাপনৰ ব্যবস্থা কৰা হৈছিল।
৭৬ তম সংশোধনী আইন: ১৯৯৪ চনৰ ৩১ আগষ্ট। এই সংশোধন অনুসৰি, তামিলনাডুৰ এখন আইন সংবিধানৰ ৯ ম অনুসূচীভুক্ত কৰা হৈছিল। সেই আইনখন অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু পিছপৰা জাতিৰ লোকসকলৰ বাবে শিক্ষানুষ্ঠান আৰু চৰকাৰৰ অধীনস্থ চাকৰি আদিত ৬৯% আসন সংৰক্ষণৰ ব্যৱস্থা সম্বলিত আছিল।
৭৭ তম সংশোধনী আইন: ১৯৯৫ চনৰ ১৭ জুন । ৭৭ তম সংশোধন অনুসৰি, ১৬ নং অনুচ্ছেদত ৪ ক (AA) ধাৰা এটা যোগ কৰা হৈছিল। সেই অনুসৰি, ১৬ অনুচ্ছেদৰ কোনো ব্যৱস্থাই ৰাষ্ট্ৰক অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু পিছপৰা শ্ৰেণীৰ লোকৰ উৎকৰ্ষ সাধনৰ বাবে কোনো চাকৰিত পদোন্নতিৰ ব্যৱস্থা হাতত লোৱাৰপৰা বিৰত ৰাখিব নোৱাৰিব বুলি স্থিৰ কৰা হৈছিল।
৭৮ তম সংশোধনী আইন: ১৯৫৫ চনৰ ৩০ আগষ্ট। এই সংশোধনী অনুসৰি ৯ ম অনুসূচীত ২৫৮ ৰ পৰা ২৮৪ ক্ৰমিক নম্বৰত ২৭ খন ভূমি সংস্কাৰ বিষয়ক আইন অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছিল।
৭৯ তম সংশোধনী আইন: ২০০০ চনৰ ২১ জানুৱাৰী। সেই অনুসৰি, ৩৩৪ অনুচ্ছেদৰ সংশোধন ঘটাই অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু ইংগ ভাৰতীয়সকলৰ বাবে লোকসভা আৰু ৰাজ্যিক বিধান সভাবোৰত আসন সংৰক্ষণৰ ম্যাদ পুনৰাই ১১ বছৰৰ বাবে অৰ্থাৎ ২০১০ চনৰ ২৫ জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছিল।
৮০ তম সংশোধনী আইন: ২০০০ চনৰ ৯ জুন। এই সংশোধনৰ দ্বাৰা ২৬৯ অনুচ্ছেদৰ (১) আৰু (২) ধাৰাৰ সলনি নতুন ধাৰাৰ সংযোজন, ২৭০ অনুচ্ছেদৰ সলনি নতুন ধাৰাৰ সংযোজন আৰু ২৭২ অনুচ্ছেদৰ বাতিল কৰণৰ জৰিয়তে কৰ ব্যৱস্থাৰ কেতবোৰ সলনি কৰা হৈছে।
৮১ তম সংশোধনী আইন : ২০০০ চনৰ ৯ জুন। এই সংশোধনী আইন অনুসৰি ১৬ অনুচ্ছেদত ৪০-খ (B) ধাৰা এটা যোগ কৰি পিছপকৰা শ্রেণীৰ লোকৰ বাবে নিয়োগৰ সুবিধা বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছিল।
৮২ তম সংশোধনী আইন : ২০০০ চনৰ ৮ চেপ্তেম্বৰ। এই সংশোধনী অনুসৰি ৩৩৫ অনুচ্ছেদৰ সংশোধন ঘটাই কেন্দ্রীয় চৰকাৰ নাইবা ৰাজ্যিক চৰকাৰৰ কোনো পদবীত থকা কর্মচাৰীৰ পদোন্নতিৰ বাবে অনুষ্ঠিত পৰীক্ষাত তেওঁলোকৰ স্বার্থত পৰীক্ষাৰ মানদণ্ড নাইবা প্ৰয়োজনীয় নম্বৰ হ্রাস কৰাত কোনো ধৰণৰ বাধাৰ সৃষ্টি হোৱাৰ ব্যবস্থা নাইকীয়া কৰা হৈছে।
৮৩ তম সংশোধনী আইন: ২০০০ চনৰ ৮ চেপ্তেম্বৰ। এই সংশোধনী অনুসৰি ২৪৩ ড (২৪৩M)অনুচ্ছেদ ৩ ক ৩ (A) ধাৰাটো যোগ দিয়া হৈছে। উক্ত ধাৰাটো (৩) ক অনুসৰি , ২৪৩ ঘ (243D) অনুচ্ছেদত অনুসূচিত জাতিৰ বাবে থকা আসন সংৰক্ষণৰ ব্যৱস্থা অৰুণাচল প্ৰদেশৰ ক্ষেত্রত প্রযোজ্য নহ’ব বুলি বিধিবদ্ধ কৰা হৈছিল।
৮৪ তম সংশোধনী আইনঃ এই সংশোধনী আইনৰ দ্বাৰা ৫৫, ৮১, ৮২, ১৭০, ৩৩০ আৰু ৩৩২ অনুচ্ছেদ কেইটা সংশোধন কৰি প্রতিটো অনুচ্ছেদতে ‘২০০০’ৰ সলনি ‘২০২৬’ বহুৱাৰ সিদ্ধান্ত কৰা হৈছিল। সেই অনুসৰি ১৯৯১ চনৰ লোকপিয়ল অনুসৰি ২০২৬ চনলৈ লোকসভা আৰু ৰাজ্যিক বিধানমণ্ডলৰ বাবে সমষ্টি নির্ধাৰণৰ ব্যবস্থা কৰা হ’ব বুলি সিদ্ধান্ত কৰা হৈছিল।
৮৫তম সংশোধনী আইন: ২০০২ চনৰ ৪ জানুৱাৰী। এই সংশোধন অনুসৰি, ১৬ অনুচ্ছেদৰ ৪ ক (4A) ধাৰাত ‘যিকোনো শ্রেণীলৈ পদোন্নতিৰ বিষয়ত’ (In matters of promotion to any class) ৰ সলনি ‘আনুষংগিক জ্যেষ্ঠতাৰ সৈতে যিকোনো শ্রেণীলৈ পদোন্নতিৰ বিষয়ত’ (In matters of promotion, with consequential seniority) বহুওৱা হৈছিল।
৮৬ তম সংশোধনী আইন: ২০০২ চনৰ ১২ ডিচেম্বৰ। ২১ক (21A) অনুচ্ছেদৰ সংযোজন, ৪৫ অনুচ্ছেদৰ সলনি নতুন অনুচ্ছেদৰ ব্যৱহাৰ ৫১-ক (51-A) অনুচ্ছেদৰ ঞ (j ) ধাৰাৰ পিছত ট (k) ধাৰা এটি যোগ হৈছিল।
ফলস্বৰূপে, ৬ বছৰৰপৰা ১৪ বছৰ বয়স পর্যন্ত শিশুসকলৰ বিনামূলীয়া আৰু বাধ্যতামুলক শিক্ষা ব্যৱস্থাৰ প্রৱর্তন আৰু ৬ বছৰ বয়সপ্রাপ্ত নোহোৱালৈকে সকলো শিশুৰ শিক্ষা আৰু অন্য যত্ন লোৱাৰ ব্যৱস্থা কৰা হৈছিল।
৮৭ তম সংশোধনী আইন ২০০৩: এই সংশোধনীত আইনখনে ৰাজ্যৰ বিধানমণ্ডলৰ আসনৰ সংখ্যাৰ পৰিৱর্তন নোহোৱাকৈ নির্বাচনী সমষ্টিবোৰৰ পুনঃনিৰ্ধাৰণৰ ব্যৱস্থা কৰিছে । ২০০১ চনৰ লোকপিয়ল অনুসৰি জনসংখ্যাৰ ভিত্তিত অনুসুচীত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষিত আসনৰো পুন:নির্ধাৰণ হ’ব।
৮৮ তম সংশোধনী আইন ২০০৩: এই সংশোধীত আইনখনে ৭ ম অনুসূচী আৰু ২৬৮ আৰু ২৭০ নং অনুচ্ছেদৰ সংশোধন ঘটাইছে। ইয়াত নতুনকৈ ৯২ (গ) সংযোজন কৰা হৈছে আৰু সেৱা কৰৰ ব্যৱস্থা কৰা হৈছে।
৮৯ তম সংশোধনী আইন ২০০৩: এই সংশোধনী আইনখনে ৩৩৮ (ক) নং অনুচ্ছেদ সংযোজন কৰিছে আৰু অনুসূচীত জনজাতিৰ বাবে জাতীয় আয়োগ গঠনৰ ব্যৱস্থা কৰিছে।
৯০ তম সংশোধনী আইন ২০০৩: এই সংশোধনী আইনখনে ৩৩২ (ক) নং অনুচ্ছেদৰ সংশোধন কৰিছে আৰু অসম Territorial Area District-ৰ ব্যৱস্থা কৰিছে।
৯১ তম সংশোধনী আইন ২০০৩: এই আইনখনে কেন্দ্রীয় আৰু ৰাজ্যিক মন্ত্রী-পৰিষদৰ আকাৰৰ সীমাবদ্ধতা কৰিছে। এই আইনখনে সাংসদ বা বিধায়কে দলত্যাগ কৰিলে তেওঁলোকৰ সংসদ বা বিধানসভাৰ সদস্যপদ বাতিল কথাৰ ব্যৱস্থা কৰিছে।
৯২ তম সংশোধনী আইন ২০০৩: এই সংশোধনী আইনখনে বড়ো, দোগৰী, মাইথিলি আৰু চানহালি ভাষাক সংবিধানৰ ৮ ম অনুসুচীত অন্তর্ভুক্ত কৰিছে। ইয়াৰ ফলশ্রুতিত ৮ ম অনুসূচীত সন্নিৱিষ্ট ভাষাৰ সংখ্যা ২২ টালৈ বৃদ্ধি হৈছে।
৯৩ তম সংশোধনী আইন ২০০৩: এই সংশোধনী অনুসৰি জনজাতিৰ কল্যাণৰ এজন মন্ত্রী থাকিব, ইয়াৰ উপৰি অতিৰিক্ত হিচাপে পিচ পৰা শ্ৰেণী আৰু অনুসূচীত জাতিৰ কল্যাণৰ বিষয়ে নাইবা বিহাৰ, মধ্যপ্রদেশ আৰু উৰিষ্যাৰ যিকোনো বিষয়ৰ চোৱা-চিতা কৰিব।
৯৪ তম সংশোধনী আইন ২০০৬: এই সংশোধনী অনুসৰি ১৬৪ নং অনুচ্ছেদ সংশোধনৰ জৰিয়তে দুখন নতুন ৰাজ্য ছট্টীশগড় আৰু ঝাৰখণ্ড সৃষ্টি কৰা হৈছে।
৯৫ তম সংশোধনী আইন ২০১০: এই সংশোধনীয়ে লোকসভা আৰু ৰাজ্যিক বিধান সভাসমূহত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে আসন সংবক্ষণ ৬০ বছৰৰ পৰা ৭০ বছৰলৈ বৃদ্ধি কৰি ৩৩৪ নং অনুচ্ছেদটো সংশোধন কৰে।
৯৬ তম সংশোধনী আইন ২০১১: এই সংশোধনীয়ে ‘উৰিয়া’ (Oriya)ৰ পৰিৱৰ্তে ‘উডিয়া’ (Odiya) ব্যৱহাৰ কৰিবলৈ অষ্টম অনুসূচীৰ সংশোধন কৰে।
৯৭ তম সংশোধনী আইন ২০১২: এই সংশোধনীয়ে ১৯ নং অনুচ্ছেদটো সংশোধন কৰে আৰু নৱম (খ) অংশ সংযোজন কৰে। ইয়াৰ ১৯ (১) গ অনুচ্ছেদ ‘অথবা সংঘ’-ৰ পাছত ‘অথবা সহযোগিতামূলক সমাজ’ সংযোজন কৰে আৰু ৪৩ (খ) অনুচ্ছেদ যোগ কৰে। এই অনুচ্ছেদ অনুসৰি সহযোগিতামূলক সমাজব প্রসাৰ কৰাৰ ওপৰত জোৰ দিয়া হয়। আকৌ নৱম (খ) অর্থাৎ সহযোগিতামূলক সমাজৰ সংযোজন ঘটোৱা হয়।
৯৮ তম সংশোধনী আইন ২০১৩: এই সংশোধনীয়ে কর্ণাটক হায়দৰাবাদ অঞ্চলৰ বিকাশৰ বাবে কৰ্ণাটকৰ ৰাজ্যপালক ক্ষমতা প্রদানৰ অর্থে ৩৭১ (j) অনুচ্ছেদটো অন্তর্ভুক্ত কৰে।
৯৯ তম সংশোধনী আইন ২০১৫: এই সংশোধনীয়ে ১২৪ (ক), ১২৪ (খ) আৰু ১২৪ (গ)-এই তিনিটা নতুন অনুচ্ছেদ অন্তর্ভুক্ত কৰাৰ লগতে ১২৭, ১২৮, ২১৭, ২২২, ২২৪ (ক) আৰু ২৩১ নং অনুচ্ছেদৰ সংশোধন কৰে। এই সংশোধনীয়ে এটা ৰাষ্ট্ৰীয় ন্যায়িক নিয়োগ আয়োগৰ গঠন কৰে। এই সংশোধনীয়ে ১৬খন ৰাজ্যিক বিধান মণ্ডলে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কোনো বিধেয়কক অনুমোদন জনোৱাৰ কেন্দ্রীয় বিধায়িনী কার্যৰ অনুমোদন জনায়।
১০০ তম সংশোধনী আইন ২০১৫: এই সংশোধনীয়ে সংবিধানৰ ১ম অনুসূচীটো সংশোধন কৰে। ইয়াৰ জৰিয়তে ভাৰত আৰু বাংলাদেশৰ মাজত হোৱা চুক্তি অনুসৰি বাংলাদেশৰ কিছু ভূখণ্ড ভাৰতে অধিগ্রহণ কৰে।
১০১ তম সংশোধনী আইন ২০১৬: এই সংশোধনীয়ে সংবিধানৰ ২৪৮, ২৪৯, ২৫০, ২৬৮, ২৬৯, ২৭০, ২৭১, ২৮৬, ৩৬৬ আৰু ৩৬৮ অনুচ্ছেদৰ লগতে ষষ্ঠ অনুসূচী আৰু সপ্তম অনুসূচীৰ পৰিৱৰ্তন সাধন কৰে লগতে এই সংশোধনীয়ে ‘সামগ্রী আৰু সেৱা কৰ বিধেয়ক’ প্ৰৱৰ্তন কৰাৰ বাবে ২৬৮ (n) অনুচ্ছেদৰ বিলোপ কৰে।