সংসদ কেনেকৈ গঠন হয়? ৰাজ্যসভা আৰু লোকসভাৰ বিষয়ে

সংসদ কেনেকৈ গঠন হয়? (HOW IS THE PARLIAMENT CONSTITUTED?                          ৰাজ্যসভা আৰু লোকসভা :- গঠন, যোগ্যতা/অৰ্হতা, নিৰ্বাচন পদ্ধতি,কাৰ্যকাল ,আসন, আৰু ক্ষমতা কি?

 

সংসদৰ গঠন(COMPOSITION OF PARLIAMENT):
সংবিধানৰ ৭৯ নং অনুচ্ছেদ অনুসৰি কেন্দ্ৰীয় সংসদ ৰাষ্ট্ৰপতি, ৰাজ্যসভা আৰু লোকসভাৰে গঠিত হয়। ৰাজ্যসভাক সংসদৰ উচ্চসদন বোলা হয়। সংবিধান অনুসনি ৰাজ্যসভাৰ মুঠ সদস্য সংখ্যা ২৫০ জনৰ অধিক হ’ব নোৱাৰিব। ইয়াৰ ২৩৮ জন সদস্য ৰাজ্যিক আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভাৰ নির্বাচিত সদস্যসকলৰ দ্বাৰা নির্বাচিত হয় আৰু বাকী ১২জন সদস্যক সাহিত্য, কলা, সমাজসেৱা আদি বিষয়ত অভিজ্ঞ ব্যক্তিসকলৰ মাজৰ পৰা ৰাষ্ট্রপতিয়ে মনোনীত কৰে। ভাৰতৰ উপ – ৰাষ্ট্ৰপতি ৰাজ্যসভাত সভাপতিত্ব কৰে। তেওঁক পদেন সভাপতি বোলা হয়।
লোকসভাক সংসদৰ নিম্নসদন বোলা হয়। সংবিদানৰ ৮১ নং অনুচ্ছেদ অনুসৰি লোকসভাৰ সর্বাধিক সদস্যৰ সংখ্যা ৫৫০জনৰ অধিক হ’ব নালাগে। ইয়াৰ ৫৩০জন সদস্য ৰাজ্যবোৰৰ ক্ষেত্রীয় সমষ্টিৰ পৰা আৰু ২০জন সদস্য কেন্দ্রীয় শাসিত অঞ্চলৰ পৰা নির্বাচিত হ’ব লাগে। অৱশ্যে ইংগ-ভাৰতীয় সম্প্রদায়ৰ পৰা আৱশ্যকীয় প্রতিনিধি নাথাকিলে বাষ্ট্রপতিয়ে দুজন প্রতিনিধি সেই সম্প্রদায়ৰ পৰা মনোনীত কৰিব পাৰে। এতিয়ালৈকে লোকসভাৰ সদস্যসংখ্যা ৫৫০জন হোৱাগৈ নাই। বর্তমান লোকসভাৰ সদস্যৰ সংখ্যা ৫৪৩জন। ইয়াৰে ৫৩০জন সদস্য বিভিন্ন ৰাজ্যৰ ক্ষেত্রীয় সমষ্টিৰ পৰা আৰু ১৩জন সদস্যক কেন্দ্রীয়শাসিত অঞ্চলৰ পৰা জনসাধাৰণৰ প্রত্যক্ষ ভোটৰ দ্বাৰা নির্বাচিত হয়। ইংগ- ভাৰতীয় সম্প্রদায়ৰ পৰা ৰাষ্ট্রপতিয়ে দুজন সদস্য মনোনীত কৰিব পাৰে। লোকসভাৰ সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা এজন অধ্যক্ষ আৰু এজন উপাধ্যক্ষ নির্বাচিত কৰি লয়।

ৰাজ্যসভা ( COUNCIL OF STATES):

গঠন:
ৰাজ্যসভা হ’ল ভাৰতীয় সংসদৰ উচ্চ সদন। সংবিধানৰ ৮০ নং অনুচ্ছেদত ৰাজ্যসভাৰ গঠন প্ৰণালীৰ বিষয়ে উল্লেখ আছে।ৰাজ্যসভাৰ সর্বোচ্চ সদস্যৰ সংখ্যা ২৫০ জন সংবিধানে নিৰ্ধাৰণ কৰি দিছে। ইয়াৰে ২৩৮ জন সদস্য বিভিন্ন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰপৰা পৰোক্ষ পদ্ধতিৰ দ্বাৰা নির্বাচিত আৰু ১২ জন সদস্যক ৰাষ্ট্রপতিয়ে সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি বিষয়ত অভিজ্ঞ ব্যক্তিসকলৰ মাজৰপৰা মনোনীত কৰে।

সদস্যৰ যোগ্যতা:
১/ প্রার্থীজন ভাৰতীয় নাগৰিক হ’ব লাগিব।
২/ তেওঁৰ বয়স কমেও ৩০ বছৰ হ’ব লাগিব।
৩/ তেওঁ যিখন ৰাজ্যৰ পৰা ৰাজাসভাৰ প্রার্থী হ’বলৈ ইচ্ছা কৰে, সেই বাজাৰ কোনো সংসদীয় নির্বাচনী সমষ্টিৰ নির্বাচক হ’ব।
৪/সংসদে আইন প্রণয়ন কৰি নির্ধাৰণ কৰা যোগ্যতাসমূহ থাকিব লাগিব।
সংবিধানৰ ১০২ নং অনুচ্ছেদত সংসদৰ সদস্যৰ প্ৰাৰ্থী হোৱাৰ অযোগ্যতাবোৰ বর্ণিত আছে-
(ক) প্রার্থীজন ভাৰতীয় নাগৰিক নহ’লে বা ভাৰতীয় নাগৰিকত্ব বৰ্জন কৰি অন্য ৰাষ্ট্ৰৰ নাগৰিকতা গ্রহণ কৰিলে।
(খ) ব্যক্তিজনক আদালতে বিকৃত মস্তিষ্কৰ বুলি ঘোষণা কৰিলে।
(গ) সংসদে আইনৰ যোগেৰে যোগ্য বুলি গ্রহণ কৰা পদৰ বাহিৰে আন কোনো কেন্দ্রীয় বা ৰাজ্যিক চৰকাৰৰ অধীনত লাভজনক পদত অধিষ্ঠিত থাকিলে।
(ঘ) প্রার্থীজন দেউলীয়া হ’লে।
(৬) সংসদে আইনৰদ্বাৰা আন কোনো কাৰণত অযোগ্য বুলি ঘোষণা কৰিলে।

নিৰ্বাচন পদ্ধতি/ সদস্যৰ নিৰ্বাচন:
ৰাজ্যসভাৰ সদস্যসকলক পৰোক্ষ পদ্ধতিৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। লোকসভাৰ দৰে জনসাধাৰণে পোনপটীয়াকৈ ইয়াৰ সদস্যসকলক নিৰ্বাচিত নকৰে। প্ৰতিখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচিত সদস্যসকলে একক হস্তান্তৰিত্বমূলক গোপন ভোটৰ জৰিয়তে আনুপতিক প্ৰতিনিধিত্বৰ ভিত্তিত ৰাজ্যসভাৰ সদস্যসকলক নিৰ্বাচিত কৰে। ভাৰতবৰ্ষত ৰাজ্যৰ পৰা ৰাজ্যসভালৈ পঠাবলগীয়া সদস্য সংখ্যা একে নহয়। ৰাজ্যৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি আমাৰ দেশত ৰাজ্যসভালৈ পঠাবলগীয়া সদস্যৰ সংখ্যা নিৰ্ধাৰণ কৰা হয়। জনবহুল ৰাজ্যবিলাকৰ পৰা বেছি সংখ্যক সদস্য আৰু কম জনসংখ্যা থকা ৰাজ্যৰ পৰা কম সংখ্যক সদস্য ৰাজ্যসভাত নিৰ্বাচিত কৰি পঠোৱা হয়।
উদাহৰণস্বৰূপে, অসমৰ জনসংখ্যা ২২৪ লাখৰ অধিক হোৱা হেতুকে অসমৰ পৰা ৭ জন সদস্য , আনহাতে মেঘালয়ৰ জনসংখ্যা অসমতকৈ কম অৰ্থাৎ প্ৰায় ১৮ লাখ হোৱাৰ বাবে মেঘালয়ৰ পৰা ১ জন সদস্য ৰাজ্যসভাত নিৰ্বাচিত কৰি পঠোৱা হয়। সংবিধানৰ চতুৰ্থ সূচীত কোন ৰাজ্যৰ পৰা কিমান সদস্য পঠাব লাগিব সেইটো লিপিবদ্ধ কৰা আছে।
কার্যকাল :
ৰাজ্যসভা এখন স্থায়ী সদন। লোকসভাৰ দৰে ৰাজ্যসভাৰ কোনো নির্দিষ্ট কার্যকাল নাই, তদুপৰি ৰাজ্যসভাক বিলোপ সাধন কৰা ব্যৱস্থা সংবিধানত নাই। ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভা ভংগ কৰিব নোৱাৰে। ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল ৬ বছৰ। ইয়াৰ এক-তৃতীয়াংশ সদস্য প্রত্যেক দুই বছৰৰ মূৰে মূৰে অৱসৰ গ্ৰহণ কৰে আৰু নতুনকৈ সিমানসংখ্যক সদস্য নির্বাচিত হৈ সেই খালী ঠাই পূৰণ কৰে। ৰাজ্যসভাৰ সকলোবোৰ সদস্য একেসময়ত অৱসৰ গ্ৰহণ নকৰে। ৰাজ্যসভাৰ বিনা অনুমতিত কোনো সদস্য একেৰাহে ৬০ দিন ইয়াৰ অধিৱেশন নাইবা বৈঠকত অনুপস্থিত থাকিলে, তেওঁৰ সদস্যপদ খালী হোৱা বুলি ৰাজ্যসভাই ঘোষণা কৰিব পাৰে। সংবিধানৰ ৯১ তম সংশোধন অনুসৰি ৰাজ্যসভাৰ কোনো সদস্যই দল ত্যাগ কৰিলে তেওঁৰ সদস্যপদ বাতিল হয়।

ৰাজ্যসভাৰ ক্ষমতা:

ৰাজ্যসভা হ’ল ভাৰতবৰ্ষৰ সংসদৰ উচ্চ সদন। ই বিত্তীয় বিষয়ৰ বাহিৰে লোকসভাৰ সমান ক্ষমতাশালী। সংবিধানে ৰাজ্যসভাক ভালেমান ক্ষমতা আৰু কর্তৃত্ব প্রদান কৰিছে। ৰাজ্যসভাৰ ক্ষমতা আৰু কার্যাবলীক পাঁচোটা ভাগত ভাগ কৰিব পাৰি। এই ক্ষমতা আৰু কাৰ্যবোৰ হ’লঃ
(১) আইন প্রণয়নমূলক ক্ষমতা আৰু কার্য (২) বিত্তীয় ক্ষমতা আৰু কার্য (৩) চৰকাৰ নিয়ন্ত্রণ সম্পর্কীয় ক্ষমতা আৰু কার্য (৪) সংবিধান সংশোধন বিষয়ক ক্ষমতা আৰু কার্য (৫) বিবিধ ক্ষমতা আৰু কার্য।

১/আইন প্রণয়নমূলক ক্ষমতা আৰু কার্য: ৰাজ্যসভাত সকলো ধৰণৰ সাধাৰণ বিষেয়ক উত্থাপিত হ’ব পাৰে। সাধাৰণ বিধেয়কৰ ক্ষেত্ৰত লোকসভা আৰু ৰাজ্যসভা সমান ক্ষমতাসম্পন্ন। ৰাজ্যসভাৰ বিনা অনুমোদনত সাধাৰণ বিধেয়ক আইনত পৰিণত নহয়। সাধাৰণ বিধেয়ক অনুমোদনৰ ক্ষেত্ৰত উভয় সদনৰ মাজত বিৰোধৰ সৃষ্টি হ’লে আৰু এনেদৰে ছ্মাহকাল উকলি গ’লে, ৰাষ্ট্ৰপতিয়ে বিৰোধ মীমাংসা কৰিবৰ বাবে উভয় সদনৰ যুটীয়া অধিবেশন আহ্বান কৰিব পাৰে। এই অধিৱেশনত লোকসভাৰ অধ্যক্ষই সভাপতিত্ব কৰে। লোকসভাৰ সদস্যসংখ্যা ৰাজ্যসভাৰ দুগুণতকৈ অধিক হোৱা বাবে সাধাৰণতে যুটীয়া অধিৱেশনত লোকসভাৰ ইচ্ছাই সাব্যস্ত হোৱা অধিক সম্ভাবনা থাকে। অৱশ্যে যুটীয়া অধিৱেশনত ৰাজ্যসভাৰ ইচ্ছাও কেতিয়াবা বাহাল হোৱা দেখা যায়। উদাহৰণস্বৰূপে ১৯৬১ চনত যৌতুক নিবাৰণী বিধেয়কৰ ক্ষেত্ৰত অচল ব্যৱস্থা দূৰ কৰাৰ বাবে ৰাষ্ট্ৰপতিয়ে আহবান কৰা যুটীয়া অধিবেশনত ৰাজ্যসভাৰ ইচ্ছা বাহাল হৈছিল।
২/ বিত্তীয় ক্ষমতা আৰু কার্য : বিত্তীয় বিষয়ত ৰাজ্যসভাৰ ক্ষমতা সীমিত। অর্থ বিধেয়ক লোকসভাত উত্থাপিত হ’ব পারে কিন্তু ৰাজ্যসভাত নোৱাৰে। লোকসভাত অর্থ বিধেয়ক গৃহীত হোৱাৰ পিছত বিবেচনাৰ বাবে ৰাজ্যসভালৈ প্রেৰণ কৰা হয়। ৰাজ্যসভাই বিধেয়কখনত ১৪ দিনৰ ভিতৰত নিজৰ মতামত জনাব লাগে। ৰাজ্যসভাই সময়মতে বিধেয়কখন গ্রহণ কৰিলে ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে পঠিওৱা হয়, কিন্তু বাজ্যসভাই বিধেয়কখনত ১৪ দিনৰ ভিতৰত মতামত নজনালে, নির্ধাৰিত সময়ৰ অন্তত বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ দৰে ৰাজ্যসভাতো গৃহীত হোৱা বুলি ধৰা হয়। অৱশ্যে ৰাজ্যসভাই বিধেয়কখনত সংশোধনৰ পৰামৰ্শ দিব পাৰে। লোকসভাই ৰাজ্যসভাৰ পৰামৰ্শ গ্রহণ কৰি বা নকৰি সাধাৰণ সংখ্যাগৰিষ্ঠতাৰে দ্বিতীয়বাৰ গ্ৰহণ কৰিলে, দুয়োখন সদনতে গৃহীত হোৱা বুলি গণ্য কৰা হয় আৰু ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে প্ৰেৰণ কৰা হয়। অর্থ বিধেয়কৰ ক্ষেত্ৰত ৰাজ্যসভাৰ ভূমিকা হ’ল উপদেশমূলক স্বভাৱৰ। অর্থ বিধেয়ক ৰাজ্যসভাই মাত্র ১৪ দিন পলম কৰাৰ বাহিৰে আন কোনো ক্ষমতা প্রয়োগ কৰিব নোৱাৰে।
৩/চৰকাৰ নিয়ন্ত্ৰণ সম্পৰ্কীয় ক্ষমতা আৰু কাৰ্য : চৰকাৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত ৰাজ্যসভাৰ বিশেষ ক্ষমতা নাই। ৰাজ্যসভাত মন্ত্রী-পৰিষদৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ গ্ৰহণ কৰি মন্ত্রী-পৰিষদৰ পতন ঘটাব নোৱাৰি, মাত্ৰ চৰকাৰৰ নীতি আৰু কাৰ্যক্ৰমৰ বিৰুদ্ধে অসন্তুষ্ট প্রকাশ কৰিব পাৰি।
ইয়াৰ উপৰি মন্ত্ৰী-পৰিষদ গঠনৰ ক্ষেত্ৰতো ৰাজ্যসভাৰ বিশেষ ভূমিকা নাথাকে। মন্ত্রী-পৰিষদ গঠন নাইবা পতন ঘটোৱাত ৰাজ্যসভাৰ বিশেষ ভূমিকা নাথাকিলেও চৰকাৰৰ ওপৰত কোনো প্ৰভাৱ নাথাকে বুলি ক’ব নোৱাৰি। ৰাজ্যসভাই বিভিন্ন উপায়েৰে চৰকাৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। ৰাজ্যসভাই চৰকাৰৰ কাম-কাজৰ সমালোচনা, বিৰুদ্ধাচৰণ কৰিব পাৰে আৰু মন্ত্ৰী-পৰিষদৰ সদস্যসকলক বিভিন্ন প্রশ্ন কৰিব পাৰে। ৰাজ্যসভাৰ সদস্যসকলে সমালোচনাৰ জৰিয়তে চৰকাৰৰ বিৰুদ্ধে জনমত গঠন কৰিব পাৰে। এনেদৰে ৰাজ্যসভাই পৰোক্ষভাৱে চৰকাৰক সচেতন আৰু নিয়ন্ত্ৰণ কৰিব পাৰে।
৪/ সংবিধান সংশোধন বিষয়ক ক্ষমতা আৰু কার্য : সংবিধান সংশোধনৰ ক্ষেত্ৰত ৰাজ্যসভাই গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিব পাৰে। সংবিধান সংশোধনী বিধেয়ক লোকসভা নাইবা বাজ্যসভা যিকোনো এখন সদনত উত্থাপিত হ’ব পাৰে। সংবিধান-সংশোধনৰ ক্ষেত্ৰত উভয় সদনৰ সমান ক্ষমতা। লোকসভা আৰু ৰাজ্যসভা উভয় সদনে সংবিধান সংশোধনী বিধেয়ক সন্মতি নজনালে বিধেয়কখন গৃহীত হোৱা বুলি বিবেচনা কৰা নহয়। এই ক্ষেত্ৰত উভয় সদনৰ মাজত মতবিৰোধ হ’লে যুটীয়া অধিবেশন আহ্বান কৰি বিৰোধ মীমাংসা কৰাৰ বিষয়ে সংবিধানত উল্লেখ নাই।
৫/বিবিধ ক্ষমতা আৰু কার্য :ওপৰত উল্লেখ কৰা ক্ষমতা আৰু কাৰ্যাৱলীৰ উপৰিও সংবিধানে আৰু ভালেমান ক্ষমতা আৰু কাৰ্য ৰাজ্যসভাৰ ওপৰত অর্পণ কৰিছে।
(ক) ৰাজ্যসভাৰ সদস্যসকলে ৰাষ্ট্ৰপতি নির্বাচনত অংশগ্ৰহণ কৰে। তদুপৰি ৰাষ্ট্ৰপতিৰ অপসাৰণৰ প্ৰস্তাৱো ৰাজ্যসভাত উত্থাপিত হ’ব পাৰে। এনে প্রস্তাৱ ৰাজ্যসভাত গৃহীত হ’বৰ বাবে দুই তৃতীয়াংশ সদস্যৰ সমৰ্থনৰ প্ৰয়োজন। ৰাজ্যসভাৰ দ্বাৰা গৃহীত প্ৰস্তাৱত লোকসভাই সন্মতি জনালে ৰাষ্ট্ৰপতি অপসাৰিত হয়। লোকসভাত প্ৰথমতে ৰাষ্ট্ৰপতিৰ অপসাৰণৰ প্রস্তাৱ গৃহীত হ’লে ৰাজ্যসভাৰ সন্মতিৰ প্ৰয়োজন।
(খ) উপ-ৰাষ্ট্রপতি নির্বাচন আৰু অপসাৰণৰ বিষয়ত ৰাজ্যসভাৰ সদস্যসকল অংশ গ্রহণ কৰে। উপ-ৰাষ্ট্ৰপতিৰ অপসাৰণৰ প্রস্তাব প্রথমতে ৰাজ্যসভাত উত্থাপিত হ’ব লাগে।ৰাজ্যসভাৰ  উপস্থিত সদস্যৰ দুই-তৃতীয়াংশ সদস্যৰ সমর্থনত অপসাৰণৰ প্রস্তাৱটো গৃহীত হোৱাৰ পিছত লোকসভাৰ সম্মতি পালে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা অপসাৰিত হয়।
(গ) ৰাজ্যসভাৰ সদস্যসকলে উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলৰ অপসাৰণত অংশগ্রহণ কৰে। ইয়াৰ উপৰি মুখ্য নির্বাচন আযুক্ত, কেন্দ্রীয় লোকসেৱা আয়োগৰ সভাপতি আৰু সদস্যক অপসাৰণ কৰিবৰ বাবে ৰাজ্যসভাৰ সন্মতিৰ আৱশ্যক হয়।
(ঘ) সংবিধানৰ ৩১২ নং অনুচ্ছেদ অনুযায়ী জাতীয় স্বার্থৰ খাতিৰত ৰাজ্যসভাই এক বা একাধিক সৰ্বভাৰতীয় সেৱাৰ সৃষ্টি কৰাৰ ব্যবস্থা হাতত ল’ব পাৰে। এনে প্রস্তাব গৃহীত হ’বৰ বাবে ৰাজ্যসভাত উপস্থিত থকা দুই-তৃতীয়াংশ সদস্যৰ সন্মতিৰ আৱশ্যক হয়।
(ঙ) ৰাজ্যসভাক ৰাজ্যৰ প্রতিনিধিত্ব কৰা সদন বুলি কোৱা হয়। সংবিধানত উল্লেখ থকা ৰাজ্যিক তালিকাভুক্ত বিষয়ৰ ওপৰত সাধাৰণতে ৰাজ্যিক বিধানমণ্ডলে আইন প্রণয়ন কৰিব পাৰে। কিন্তু কোনো ৰাজ্যিক তালিকাভুক্ত বিষয়ত ৰাষ্ট্ৰীয় স্বার্থ জড়িত থকা বুলি বাজ্যসভাত প্রভার গ্রহণ কৰি তেনে বিষয়ৰ ওপৰত সংসদক আইন প্রণয়নৰ কর্তৃত্ব প্রদান কৰিব পাৰে।
(চ) ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰা জৰুৰী অবস্থা এমাহতকৈ অধিক কাল স্থায়ী কৰিবৰ বাবে দুয়ো সদনৰ অনুমোদনৰ প্ৰয়োজন। সেই সময়ত লোকসভা ভংগ অৱস্থাত থাকিলে ৰাজ্যসভাই এনে প্রস্তাৱত অনুমোদন জনাব লাগে। ৰাজ্যসভাই অনুমোদন নজনালে এমাহৰ অন্তত জৰুৰী অৱস্থা বাতিল হয়।
(ছ) কেন্দ্রীয় লোকসেৱা আয়োগ, বিত্তীয় আয়োগ আৰু অন্যান্য আয়োগৰ বছৰেকীয়া প্রতিবেদন আৰু মহাহিচাপ পৰীক্ষকৰ প্রতিবেদন বিবেচনা কৰাৰ অধিকাৰ ৰাজ্যসভাৰ আছে।

                                                                                         ৰাজ্যসভা
                                                           (ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চল, বৰ্তমান আসনৰ সংখ্যা)

          ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চল                                                                                 আসনৰ সংখ্যা
          ৰাজ্য
১/ অন্ধ্ৰ প্ৰদেশ                                                                                                                         ১১
২/ অৰুণাচল প্ৰদেশ                                                                                                                 ১
৩/ অসম                                                                                                                                 ৭
৪/ বিহাৰ                                                                                                                                 ১৬
৫/ চত্তিছগড়                                                                                                                            ৫
৬/ গোৱা                                                                                                                                  ১
৭/ গুজৰাট                                                                                                                              ১১
৮/ হাৰিয়ানা                                                                                                                             ৫
৯/ হিমাচল প্ৰদেশ                                                                                                                    ৩
১০/ জম্মু আৰু কাশ্মীৰ                                                                                                             ৪
১১/ ঝাৰখণ্ড                                                                                                                             ৬
১২/ কৰ্ণাটক                                                                                                                            ১২
১৩/ কেৰালা                                                                                                                             ৯
১৪/ মধ্যপ্ৰদেশ                                                                                                                         ১১
১৫/ মহাৰাষ্ট্ৰ                                                                                                                            ১৯
১৬/ মণিপুৰ                                                                                                                              ১
১৭/ মেঘালয়                                                                                                                             ১
১৮/ মিজোৰাম                                                                                                                          ১
১৯/ নাগালেণ্ড                                                                                                                           ১
২০/ উৰিষ্যা                                                                                                                              ১০
২১/ পাঞ্জাৱ                                                                                                                               ৭
২২/ ৰাজস্থান                                                                                                                            ১০
২৩/ চিকিম                                                                                                                                ১
২৪/ তামিলনাডু                                                                                                                       ১৮
২৫/ ত্ৰিপুৰা                                                                                                                              ১
২৬/ উত্তৰাঞ্চল                                                                                                                        ৩
২৭/ উত্তৰ প্ৰদেশ                                                                                                                    ৩১
২৮/ পশ্চিমবংগ                                                                                                                     ১৬
২৯/ তেলেংগানা                                                                                                                       ৭
কেন্দ্ৰীয় শাসিত অঞ্চল:
১/ দিল্লী                                                                                                                                   ৩
২/ পণ্ডিচেৰী                                                                                                                            ১
মনোনীত সদস্য: ১২
______________________

মুঠ আসন:২৪৫ খন

লোকসভা (HOUSE OF THE PEOPLE):

গঠন:
লোকসভা হ’ল ভাৰতীয় সংসদৰ নিম্ন সদন। সংবিধানৰ ৮১ নং অনুচ্ছেদত লোকসভাৰ গঠন প্ৰণালী লিপিবদ্ধ আছে। সংবিধান অনুসৰি লোকসভাৰ সদস্যৰ সংখ্যা ৫৫০ জনৰ অধিক হ’ব নোৱাৰিব। ইয়াৰে সৰ্বাধিক ৫৩০ জন সদস্যক ৰাজ্যবোৰৰ পৰা আৰু ২০ জন সদস্যক কেন্দ্ৰীয়শাসিত অঞ্চলৰ পৰা নিৰ্বাচিত কৰাৰ বিষয়ে সংবিধানত উল্লেখ আছে। তদুপৰি ইংগ – ভাৰতীয় সম্প্ৰদায়ৰ পৰা আৱশ্যকীয় প্ৰতিনিধি লোকসভাত নাথাকিলে ৰাষ্ট্ৰপতিয়ে সেই সম্প্ৰদায়ৰ পৰা দুজন প্ৰতিনিধি মনোনীত কৰিব পাৰে। সংবিধানে লোকসভাৰ সদস্য সংখ্যা সৰ্বাধিক ৫৫০ জন স্থিৰ কৰিছে যদিও এতিয়ালৈকে সেই নিৰ্ধাৰিত সংখ্যা পোৱাগৈ নাই। বৰ্তমান লোকসভাৰ সদস্য সংখ্যা হ’ল ৫৪৩ জন। ইয়াৰে ৫৩০ জন সদস্যক বিভিন্ন ৰাজ্যবোৰৰ পৰা,১৩ জন সদস্যক কেন্দ্ৰীয়শাসিত অঞ্চলৰ পৰা জনসাধাৰণে প্ৰত্যক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত কৰি পঠিয়ায় আৰু ৰাষ্ট্ৰপতিয়ে ইংগ- ভাৰতীয় সম্প্ৰদায়ৰ পৰা দুজন সদস্যক মনোনীত কৰে। অনুসূচীত জাতি আৰু অনুসূচিত জনজাতীয় সম্প্ৰদায় লোকৰ পৰা সদস্য মনোনীত কৰাৰ ব্যৱস্থা সংবিধানত নাই, কিন্তু তেওঁলোকৰ যাতে উচিত প্ৰতিনিধি লোকসভাত থাকে তাৰ বাবে সংবিধানত আসন সংৰক্ষণৰ ব্যৱস্থা আছে।
অৰ্হতা:
১/ প্ৰাৰ্থীজন ভাৰতীয় নাগৰিক হ’ব লাগিব।
২/ তেওঁৰ বয়স কমেও ২৫ বছৰ হ’ব লাগিব।
৩/ সংসদে আইন প্ৰণয়ন কৰি নিৰ্ধাৰণ কৰা যোগ্যতাবোৰ থাকিব লাগিব।
সংবিধানত লোকসভাৰ সদস্যৰ প্ৰাৰ্থীত্বৰ অযোগ্যতাৰ বিষয়ে উল্লেখ আছে। সেইবোৰ হ’ল –
ক) প্ৰাৰ্থীজন ভাৰতীয় নাগৰিক নহ’লে বা ভাৰতীয় নাগৰিকত্ব বৰ্জন কৰি অন্য ৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহণ কৰিলে।
খ) ব্যক্তিজনক আদালতে বিকৃত মস্তিষ্কৰ বুলি ঘোষণা কৰিলে।
গ) সংসদে আইনৰ জৰিয়তে যোগ্য বুলি গ্ৰহণ কৰা পদৰ বাহিৰে আন কোনো কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ অধীনত লাভজনক পদত অধিষ্ঠিত থাকিলে।
ঘ)সংসদে আইনৰ দ্বাৰা আন কোনো কাৰণত অযোগ্য বুলি ঘোষণা কৰিলে।

নিৰ্বাচন পদ্ধতি/ সদস্যৰ নিৰ্বাচন:
লোকসভাৰ সদস্যসকলক প্ৰত্যক্ষ নিৰ্বাচন পদ্ধতিৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। প্ৰত্যেক সমষ্টিৰ পৰা এজন সদস্য সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত অৰ্থাৎ যিসকল ভাৰতীয় নাগৰিকৰ ১৮ বছৰ বয়স পূৰ্ণ হয় তেওঁলোকে ভোটদান কৰি নিৰ্বাচিত কৰে। লোকসভাৰ সদস্যসক গোপন বেলত কাকতৰ জৰিয়তে নিৰ্বাচিত কৰা হয়। নিৰ্বাচিত যিজন প্ৰাৰ্থী সৰ্বাধিক ভোট পায় তেওঁক নিৰ্বাচিত বুলি ঘোষণা কৰা হয়।

কাৰ্যকাল:
সংবিধানৰ ৮৩-নং অনুচ্ছেদ অনুসৰি সাধাৰণ অৱস্থাত লোকসভাৰ কাৰ্যকাল ৫ বছৰ। দেশত জৰুৰী অবস্থা চলি থাকিলে সংসদে আইনৰ জৰিয়তে এবাৰত এবছৰকৈ ইয়াৰ কাৰ্যকাল বৃদ্ধি কৰিব পাৰে। অৱশ্যে জৰুৰী অবস্থা অন্ত পৰিলে ৬ মাহৰ ভিতৰত লোকসভা ভংগ কৰি নতুন নির্বাচন পাতিব লাগে।
প্রধানমন্ত্রীয়ে ৰাষ্ট্ৰপতিক লোকসভা ভংগ কৰি দিবৰ বাবে অনুৰোধ কৰিলে নাইবা ৰাষ্ট্ৰপতি নিজে যদি পতিয়ন যায় যে কেন্দ্রত কোনো ৰাজনৈতিক দলে স্থিৰ চৰকাৰ গঠন কৰিবৰ বাবে সক্ষম নহয়, তেন্তে ৰাষ্ট্ৰপতিয়ে ৫ বছৰ পূৰ্ণ হোৱাৰ আগতে লোকসভা ভংগ কৰি নতুনকৈ নিৰ্বাচন কৰাৰ ব্যৱস্থা কৰিব পাৰে।
লোকসভাৰ সদস্যসকল নিজ ইচ্ছাৰে সদস্যপদ ত্যাগ কৰিব পাৰে। তদুপৰি কোনো সদস্যই লোকসভাৰ অনুমতি নোলোৱাকৈ ইয়াৰ অধিৱেশনত একেৰাহে ৬০ দিন অনুপস্থিত থাকিলে, তেওঁৰ সদস্যপদ বাতিল হ’ব পাৰে।
কৰে।

লোকসভাৰ ক্ষমতা :
ভাৰতবৰ্ষৰ সংবিধানত সংসদৰ দুটা সদনৰ ভিতৰত লোকসভাক বেছি ক্ষমতা আৰু গুরুত্ব প্রদান কৰিছে। ইংলণ্ডৰ ‘কমনচ’ সভাৰ দৰে লোকসভা সার্বভৌম ক্ষমতাৰ অধিকাৰী নহ’লেও, ই বিপুল ক্ষমতাৰ গৰাকী। লোকসভাৰ বিভিন্ন ক্ষমতা আৰু কার্যাবলীবোৰ তলত আলোচনা কৰা হ’ল:
১/ আইন প্রণয়ন ক্ষমতা আৰু কার্য: সাধাৰণ আইন প্রণয়নৰ ক্ষেত্ৰত লোকসভা আৰু ৰাজ্যসভা উভয়ে সমান ক্ষমতাশালী। লোকসভাৰ সম্মতি অবিহনে কেন্দ্রীয় সূচীভুক্ত আৰু সমবর্তী সূচীভুক্ত বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিব পৰা নাযায়। লোকসভাত যিকোনো ধৰণৰ সাধাৰণ বিধেয়ক উত্থাপন কৰিব পৰা যায়। লোকসভাত গৃহীত হোৱা সাধাৰণ বিধেয়কত বাজ্যসভাই অনুমোদন জনোৱাৰ পিছত ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰিলে আইনত পৰিণত হয়। সাধাৰণ বিধেয়ক গ্রহণ কৰাৰ ক্ষেত্ৰত লোকসভা আৰু ৰাজ্যসভাৰ মাজত মতবিৰোধ হ’লে ৰাষ্ট্ৰপতিয়ে সংবিধানৰ ১০৮-নং অনুচ্ছেদ অনুসৰি উভয় সদনৰ যুটীয়া অধিবেশন আহ্বান কৰে। লোকসভাৰ সদস্যসংখ্যা বাজ্যসভাৰ সদস্যসংখ্যাৰ দুণ্ডণতকৈ অধিক হোৱা বাবে সাধাৰণতে যুটীয়া অধিৱেশনত লোকসভাৰ মতামতেই বাহাল থকা দেখা যায়। যুটীয়া অধিৱেশনত লোকসভাৰ অধ্যক্ষই সভাপতিত্ব কৰে। তদুপৰি ৰাজ্যিক সুচীভুক্ত বিষয়ৰ ওপৰত সংসদক আইন প্রণয়ন কৰাৰ কর্তৃত্ব দিবৰ বাবে ৰাজ্যসভাই প্রস্তাৱ গ্ৰহণ কৰিলে, লোকসভা নাইবা বাজ্যসভাই ৰাজ্যিক সূচীভুক্ত বিষয়ৰ ওপৰত আইন প্রণয়ন কৰাৰ বাবে আগভাগ ল’ব পাবে। দেশত জৰুৰী অবস্থা চলি থাকিলে লোকসভাৰ আইন প্ৰণয়ন কৰাৰ ক্ষেত্ৰত ক্ষমতা যথেষ্ট বৃদ্ধি পায়।
২/ বিত্তীয় ক্ষমতা আৰু কাৰ্য :বিত্তীয় বিষয়ত লোকসভাৰ একচেতিয়া ক্ষমতা আছে। ৰাজ্যসভাৰ বিত্তীয় বিষয়ত বিশেষ ক্ষমতা নাই। অর্থ-সংক্রান্ত বিধেয়ক কেৱল লোকসভাতহে উত্থাপিত হ’ব পাৰে। এনে বিধেয়ক লোকসভাত গৃহীত হোৱাৰ পিছত ৰাজ্যসভাত অনুমোদনৰ বাবে পঠোৱা হয়। ৰাজ্যসভাই বিধেয়কখনত ১৪ দিনৰ ভিতৰত নিজৰ মতামত জনাব লাগে। ৰাজ্যসভাই সময়মতে বিধেয়কখনত মতামত নজনালে ১৪ দিন উকলি যোৱাৰ পিছত লোকসভাই গৃহীত কৰা ধৰণে ৰাজ্যসভাতো বিধেয়কখন গৃহীত হোৱা বুলি গণ্য কৰা হয়। বিধেয়কখনত ৰাজ্যসভাই সংশোধন বিচাৰিলে নাইবা নাকচ কৰিলে, বিধেয়কখন লোকসভালৈ ঘূৰি যায়। লোকসভাই ৰাজ্যসভাৰ পৰামৰ্শ মানি বা নামানি দ্বিতীয়বাৰ সাধাৰণ সংখ্যাগৰিষ্ঠতাৰে বিধেয়কখন গ্রহণ কৰিলে, ইয়াক দুয়ো সদনত গৃহীত হোৱা বুলি গণ্য কৰা হয়। ইয়াৰ পিছত ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে বিধেয়কখন পাঠওৱা হয়। কোনো এখন বিধেয়ক অর্থ বিধেয়ক হয় নে নহয় সেইটো লোকসভাৰ অধ্যক্ষই নির্ণয় কবে।
লোকসভাৰ বিনা অনুমতিও নতুন কৰ ধার্য কবিব বা কোনো কৰ কমাই দিব পৰা নাযায়। কার্যপালিকাই লোকসভাৰ সম্মতি অবিহনে কৰ সংগ্রহ নাইবা চৰকাৰী ধন বায় কৰিব নোৱাৰে। দেশৰ বিত্তীয় বিষয়ৰ ওপৰত লোকসভাৰ পূর্ণ-নিয়ন্ত্রণ থাকে।
৩/ কার্যপালিকাৰ ওপৰত নিয়ন্ত্রণৰ ক্ষমতা আৰু কার্য : সংবিধানৰ ৭৫ (৩) নং অনুচ্ছেদ অনুসৰি মন্ত্রী-পরিষদ দুটীয়াভাবে লোকসভাৰ ওচৰত দায়বদ্ধ। মন্ত্রী-পৰিষদে যেতিয়ালৈকে লোকসভাৰ সংখ্যাগৰিষ্ঠ সদস্যর সমর্থন লাভ কবিব পাবে তেতিয়ালৈকে ক্ষমতাত অধিষ্ঠিত থাকে। মন্ত্রী-পৰিষদে লোকসভাৰ আস্থা হেৰুৱালে পদত্যাগ কৰিব লাগে।
লোকসভাৰ সদস্যসকলে মন্ত্রী-পৰিষদৰ কাম-কাজৰ ওপৰত সন্তুষ্ট নহ’লে তেওঁলোকৰ বিকদ্ধে অনাস্থা প্রস্তাব উত্থাপন কৰিব পাৰে আৰু তেনে প্রস্তাব গৃহীত হ’লে মন্ত্রী-পৰিষদ অপসাৰিত হয়।
মন্ত্রী-পৰিষদৰ পতন আন কেইবাটাও কাৰণত হ’ব পাৰে। সেইবোৰ হ’ল: (জমিই পৰিষদে উত্থাপন কৰা বিধেয়ক লোকসভাত অগ্রাহ্য হ’লে (খ) মন্ত্রী-পৰিষদে দাবী কৰা মঞ্জুৰি লোকসভাত গৃহীত নহ’লে (গ) মন্ত্রী-পরিষদে বিৰোধিতা কৰা বেচৰকাৰী বিধেয়কত লোকসভাই অনুমোদন জনালে। ইয়াৰ উপৰি কোনো বিষয়ৰ ওপৰত বিতর্ক কৰিও মন্ত্রী-পৰিষদক নিয়ন্ত্রন কৰিব পাৰে।
৪/ নির্বাচনী ক্ষমতা আৰু কার্য :লোকসভাৰ নির্বাচনী ক্ষমতা আছে। বাষ্ট্রপতি নির্বাচনত লোকসভাৰ সদস্যসকলে অংশ গ্রহণ কবে। উপা বাষ্ট্রপতি নির্বাচনৰ ক্ষেত্ৰতো লোকসভাৰ সদস্যসকলে অংশগ্রহণ কবে। ইয়াৰ উপৰিও লোকসভাব সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা এজন অধ্যক্ষ আৰু এজন উপাধ্যক্ষ নির্বাচিত কৰি লয়।
৫/ সংবিধান সংশোধন ক্ষমতা আৰু কার্য : সংবিধান সংশোধন কৰাৰ ক্ষেত্রত লোকসভা আৰু বাজ্যসভা উভয় সদন সমান ক্ষমতাসম্পন্ন। সংবিধান সংশোধনী বিধেয়ক সংসদৰ দুয়োখন সদনত উত্থাপিত হ’ব পাৰে। বিধেয়কখন উভয় সদনৰ যাব্য অনুমোদন লাভ কৰাৰ পিছত বাষ্ট্রপতিৰ সম্মতি লাভ কৰিলে সংবিধান সংশোধন হয়। অবশ্যে কিছুমান ক্ষেত্রত সংবিধান সংশোধন কৰিবৰ বাবে ৰাজ্যিক বিধানমণ্ডলৰ সম্মতিব প্রয়োজন হয়।
৬/ অভাৱ-অভিযোগৰ বহিঃপ্রকাশ ঘটে : জনসাধাৰণৰ অভাৱ-অভিযোগবোৰ দূৰ কৰা লোকসভাৰ এটা প্রয়োজনীয় কাম। লোকসভাৰ সদস্যসকলে জনসাধাৰণৰ অভাৱ-অভিযোগগবোৰ লোকসভাত উত্থাপন কৰি সেইবোৰ সমাধান কথাৰ বাবে উপযুক্ত ব্যৱস্থা গ্রহণ কবে। লোকসভাৰ সদস্যসকলে নির্বাচকসকলৰ লগত যোগাযোগ বন্ধা কৰি চলিলে নিজৰ সমষ্টিৰ নির্বাচকসকলৰ অসুবিধাবোৰ জানিবলৈ সুবিধা পায় আৰু সেইবোৰ সদনত উত্থাপন কৰি দূৰীকৰণৰ বাবে ব্যৱস্থা হাতত ল’বৰ বাবে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰে।                                                                                                                                                                                              ৭। ন্যায়িক ক্ষমতা আৰু কার্য :লোকসভাই বুজন পৰিমাণৰ ন্যায়িক ক্ষমতা আৰু কার্য সমাপন কৰে। ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযোগ প্রস্তাৱ লোকসভাত উত্থাপিত হ’ব পাৰে। সংসদৰ দুয়োখন সদনত ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে উত্থাপিত মহাভিযোগ প্রস্তাৱ উপস্থিত সদস্যৰ দুই-তৃতীয়াংশ সদস্যৰ সমর্থনত গৃহীত হ’লে ৰাষ্ট্ৰপতি অপসাৰিত হয়। উপ-ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ৰাজ্যসভাত গৃহীত হোৱা অপসাৰণৰ প্রস্তাৱ লোকসভাই বিচাৰ কৰি চায়। উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অপসাৰণত লোকসভাৰ অনুমোদনৰ প্রয়োজন হয়। এটর্ণি জেনেৰেল মুখ্য নির্বাচন আয়ুক্ত আদি উচ্চ পদস্থ বিষয়াসকলৰ অপসাৰণৰ ক্ষেত্ৰত লোকসভাই বিশেষ ভূমিকা ল’ব পাৰে। সদনক অবমাননা কৰাৰ বাবে ইয়াৰ সদস্যৰ বিৰুদ্ধে লোকসভাই শাস্তিমূলক ব্যবস্থা গ্রহণ কৰিব পাৰে।
৮। বিবিধ ক্ষমতা আৰু কার্য : ওপৰত বর্ণনা কৰা ক্ষমতা আৰু কাৰ্যৰ বাহিৰেও লোকসভাই আৰু ভালেমান ক্ষমতা আৰু কার্য উপভোগ কবে। সেইবোৰ হ’ল: (ক) মন্ত্রী-পৰিষদ গঠন কৰাৰ ক্ষেত্ৰত লোকসভাৰ বিশেষ ভূমিকা আছে। সাধাৰণ নিৰ্বাচনৰ পিছত লোকসভাত সংখ্যাগৰিষ্ঠতা অর্জন কৰা দলে মন্ত্রী-পৰিষদ গঠন কৰে। (খ) ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰা জৰুৰীকালীন অৱস্থা লোকসভাৰ বিবেচনাৰ বাবে পঠাব লাগে। সেই সময়ত লোকসভা ভংগ অরৱস্থাত থাকিলে, নব-গঠিত লোকসভাৰ প্রথম অধিৱেশনৰ প্ৰথম দিনৰ পৰা ৩০ দিনৰ ভিতৰত লোকসভাই অনুমোদন জনাব লাগে। লোকসভাই নির্ধাৰিত সময়ৰ ভিতৰত অনুমোদন নজনালে জৰুৰীকালীন অৱস্থাৰ অৱসান ঘটে। (গ) ৰাষ্ট্ৰপতি ঘোষণা কৰা অধ্যাদেশত লোকসভাৰ অনুমোদনৰ প্রয়োজন হয়। (ঘ) ভাৰতবৰ্ষই বিদেশৰ ৰাষ্ট্ৰৰ লগত সমাপন কৰা আন্তঃৰাষ্ট্ৰীয় সন্ধি, চুক্তি আদি চৰকাৰে কাৰ্যকৰী কৰিছে নে নাই সেইবোৰ নিৰীক্ষণ কৰা লোকসভাৰ কৰ্তব্য। (৫) ৰাজ্যৰ সীমাৰ পৰিৱৰ্তন, নতুন ৰাজ্যৰ সৃষ্টি, ৰাজ্যৰ নামৰ সলনি আদিৰ ক্ষেত্ৰত লোকসভাই আগভাগ ল’ব পাৰে।

                                                                                    লোকসভা
                                                                             বৰ্তমান আসনৰ সংখ্যা
ৰাজ্য/ কেন্দ্ৰীয়শাসিত অঞ্চল                                                                                   আসনৰ সংখ্যা 
ৰাজ্য :
১/ অন্ধ্ৰ প্ৰদেশ                                                                                                                       ২৫
২/অৰুণাচল প্ৰদেশ                                                                                                                 ২
৩/অসম                                                                                                                                ১৪
৪/ বিহাৰ                                                                                                                                ৪০
৫/ চত্তিছগড়                                                                                                                          ১১
৬/ গোৱা                                                                                                                                ২
৭/ গুজৰাট                                                                                                                           ২৬
৮/ হাৰিয়ানা                                                                                                                          ১০
৯/ হিমাচল প্ৰদেশ                                                                                                                  ৪
১০/জম্মু আৰু কাশ্মীৰ                                                                                                           ৬
১১/ ঝাৰখণ্ড                                                                                                                          ১৪
১২/ কৰ্ণাটক                                                                                                                         ২৮
১৩/কেৰেলা                                                                                                                          ২০
১৪/ মধ্যপ্ৰদেশ                                                                                                                      ২৯
১৫/ মহাৰাষ্ট্ৰ                                                                                                                         ৪৮
১৬/ মণিপুৰ                                                                                                                          ২
১৭/ মেঘালয়                                                                                                                         ২
১৮/ মিজোৰাম                                                                                                                      ১
১৯/ নাগালেণ্ড                                                                                                                       ১
২০/ উৰিষ্যা                                                                                                                         ২১
২১/ পাঞ্জাৱ                                                                                                                         ১৩
২২/ ৰাজস্থান                                                                                                                      ২৫
২৩/ চিকিম                                                                                                                          ১
২৪/ তামিলনাডু                                                                                                                  ৩৯
২৫/ ত্ৰিপুৰা                                                                                                                         ২
২৬/ উত্তৰাঞ্চল                                                                                                                    ৫
২৭/ উত্তৰ প্ৰদেশ                                                                                                                ৮০
২৮/পশ্চিমবংগ                                                                                                                   ৪২
২৯/ তেলেংগানা                                                                                                                  ১৭
কেন্দ্ৰীয়শাসিত অঞ্চল:
২৯/ আন্দামান আৰু নিকোবৰ দ্বীপ                                                                                       ১
৩০/ চণ্ডীগড়                                                                                                                        ১
৩১/ দাদৰা আৰু নগৰ হাভেলি                                                                                               ১
৩২/ দমন আৰু দিউ                                                                                                             ১
৩৩/ দিল্লী                                                                                                                             ৭
৩৪/লাক্ষাদ্বীপ                                                                                                                       ১
৩৫/ পণ্ডিচেৰী                                                                                                                      ১
বৰ্তমান মনোনীত সদস্য: ০
____________________
মুঠ আসন: ৫৪৩

 

Leave a Reply