মণিৰাম দেৱান || ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহত অসমৰ প্ৰথম শ্বহীদ

মণিৰাম দেৱান

অসমৰ প্ৰথম  চাহ খেতিয়ক ||  মণিৰাম দেৱানৰ জীৱনী

 

মণিৰাম দেৱান

জন্ম:

১৮৫৭ চনৰ চিপাহী বিদ্রোহৰ অসমৰ প্ৰথম শ্বহীদ মণিৰাম দেৱানৰ প্ৰকৃত নাম আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা।১৮০৬ চনৰ ২৭ এপ্ৰিলত তেওঁ শিৱসাগৰ জিলাৰ চাৰিঙৰ এটা কায়স্থ’ জাতৰ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। স্বৰ্গদেৱ চুহুংমুং বা দিহিঙীয়া ৰজাৰ (১৪৯৭-১৫৩৯) দিনতে মণিৰাম দেৱান পূৰ্বপুৰুষ কনৌজৰ পৰা অসমলৈ আহিছিল।‌ আহোম ৰজা কমলেশ্বৰ সিংহৰ দোলাকাষৰীয়া বৰুৱা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল মণিৰামৰ পিতৃ মুক্তিয়াৰ ৰামদত্তই। মণিৰামৰ মাতৃ আছিল কৌশল্যা। তেওঁ বাৰভূঞা বংশৰ জীয়ৰী আছিল ।মণিৰাম দেৱান নামেৰে জনাজাত মণিৰাম দত্ত বৰুৱা ব্ৰিটিছ ভাৰতৰ এজন অসম অভিজাত ব্যক্তি আছিল। তেওঁ অসমত চাহ বাগিচা স্থাপন কৰা প্ৰথম ব্যক্তিসকলৰ ভিতৰত এজন আছিল। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন নিষ্ঠাৱান সহযোগী আছিল। তেওঁ উজনি অসমৰ জনসাধাৰণৰ মাজত “কলিতা ৰাজা” হিচাপে জনপ্ৰিয় আছিল।কিন্তু, তেওঁ মূলতঃ কায়স্থ দুৱাৰা পৰিয়ালৰ আছিল।মণিৰামৰ জন্ম এটা পৰিয়ালত হৈছিল যি ষোড়শ শতিকাৰ আৰম্ভণিতে কনৌজৰ পৰা অসমলৈ প্ৰব্ৰজন কৰিছিল।মণিৰাম দেৱানৰ জন্মৰ কিছুকাল পাছতেই মানে অসম আক্ৰমণ কৰে। মানৰ অসম আক্ৰমণৰ পৰিপ্ৰেক্ষিতত নিজৰ প্ৰাণৰক্ষা কৰিবলৈ স্বৰ্গদেউ পুৰন্দৰ সিংহৰ লগত মণিৰাম দেৱানৰ পিতৃ ৰাম দত্ত পৰিয়ালসহ বংগদেশৰ চিলমাৰীলৈ পলাই গৈছিল।

শিক্ষা:
মণিৰাম দেৱানৰ শৈক্ষিক জীৱন বঙ্গদেশৰ চিলমাৰীতে আৰম্ভ হয়। তাত তেওঁক নৱদ্বীপৰ ঘৰুৱা শিক্ষকে শিক্ষাদান কৰিছিল। তাত প্ৰাৰম্ভিক শিক্ষা লাভ কৰাৰ পাছত তেওঁৰ পৰিয়ালটো গোৱালপাৰালৈ উঠি আহে আৰু তাতেই তেখেতে পৰৱৰ্তী পৰ্য্যায়ৰ শিক্ষা লাভ কৰে। মণিৰাম দেৱান ভূগোল, বুৰঞ্জী, অৰ্থনীতি, ৰাজনীতি আদি প্ৰায় সকলো বিষয়তে পাৰ্গত হৈ উঠে আৰু তেওঁৰ ওপৰত ব্ৰিটিছৰ সু-দৃষ্টি পৰে। তেওঁৰ পিতৃপুৰুষসকলে চৌধুৰী আদালতত উচ্চ পদত অধিষ্ঠিত আছিল।মণিৰাম দেৱান আছিল একেধাৰে এজন প্ৰকাশক, সাহিত্যিক, উদ্যোগপতি তথা বিপ্লৱী। আহোম ৰাজবিষয়াৰ পৰা ব্ৰিটিছৰ বিষয়া হোৱা শিক্ষিত মণিৰাম দেৱানেই অসমৰ প্ৰথমজন অসমীয়া ব্যক্তি হিচাপে চাহ খেতি আৰম্ভ কৰি অসমৰ প্ৰথমজন উদ্যোগপতি হিচাপে পৰিগণিত হৈছিল।
কৰ্মজীৱন :
মোৱামৰিয়া বিদ্ৰোহৰ (১৭৬৯-১৮০৬) পিছত গাঁও শাসন যথেষ্ট দুৰ্বল হৈ পৰিছিল। অসমত বাৰ্মিজ আক্ৰমণৰ সময়ত (১৮১৭-১৮২৬) মণিৰামৰ পৰিয়ালে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিয়ন্ত্ৰণত থকা বংগত আশ্ৰয় বিচাৰিছিল। প্ৰথম এংলো-বাৰ্মিজ যুদ্ধৰ (১৮২৪-১৮২৬) প্ৰাৰম্ভিক দিনত ব্ৰিটিছ সুৰক্ষাৰ অধীনত পৰিয়ালটো অসমলৈ উভতি আহিছিল।ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বাৰ্মিজসকলক পৰাস্ত কৰে আৰু ইয়াণ্ডাবো চুক্তিৰ (১৮২৬) জৰিয়তে অসমৰ নিয়ন্ত্ৰণ লাভ কৰে।মণিৰাম দেৱান, অসম বুৰঞ্জীৰ এটা অতি পৰিচিত নাম। চিপাহী বিদ্ৰোহ অৰ্থাৎ ১৮৫৭ চনৰ বিদ্রোহত অসমৰ প্ৰথম শ্বহীদ আছিল মণিৰাম দেৱান। জীৱনৰ প্ৰথম কালছোৱা ব্ৰিটিছৰ একান্ত ভক্ত মণিৰাম দেৱান পৰৱৰ্তী কালত ব্ৰিটিছৰ ঘোৰ বিদ্ৰোহীৰূপে পৰিচয় লাভ কৰে আৰু অৱশেষত তেওঁ ফাঁচীকাঠৰ ওলমিব লগা হয়।মণিৰাম দেৱান আৰু চাহ গছৰ সম্পৰ্ক আছিল অতি নিবিড়। অসমত চাহ গছৰ আৱিষ্কাৰৰ লগত জড়িত থকা মূল ব্যক্তিজন হৈছে মণিৰাম দেৱান। পৰোক্ষভাৱে ৰবাৰ্ট ব্ৰুচক চাহ গছ আৱিষ্কাৰ কৰাত সহায় কৰা ব্যক্তিজন আছিল মণিৰাম দেৱান। তেঁৱেই চিংফৌ গামজনৰ পৰা চাহ গছৰ বিষয়ে গম পাই ৰবাৰ্ট ব্ৰুচক এইবিষয়ে অৱগত কৰিছিল। চেমুৱেল ৱেইল্ডন নামৰ এজন ব্ৰিটিছ লেখকে তেওঁৰ “Tea in Assam” শীৰ্ষক গ্ৰন্থত মণিৰাম দেৱানকহে অসমৰ চাহৰ আচল আৱিষ্কাৰক বুলি কৈছে। “Tea Industry in India“শীৰ্ষক এখন গ্ৰন্থত মণিৰাম দেৱান সম্পর্কত এইদৰে উল্লেখ কৰা আছে -“The first attempt to compete with the Britishers was made by Maniram Dewan, who is regarded as the first Indian discoverer of indigenous tea plant in Assam.”মণিৰাম দেৱান এজন অধ্যয়নশীল ব্যক্তি আছিল। তেওঁ “বুৰঞ্জী বিবেক ৰত্ন” শীৰ্ষক অসম বুৰঞ্জীৰ এখন গুৰুত্বপূৰ্ণ সমল পুথি ৰচনা কৰি থৈ গৈছে। অনুমান কৰা যায় যে “বুৰঞ্জী বিবেক ৰত্ন”ৰ দুটা খণ্ড মণিৰাম দেৱানে লিখিছিল। বুৰঞ্জী বিবেক ৰত্নত মণিৰাম দেৱানে অসমীয়া ভাষাৰ উপৰিও ফাৰ্চী, উৰ্দু, বাংলা, ইংৰাজী, সংস্কৃত আদি ভাষাৰো প্ৰয়োগ কৰিছে।মণিৰাম দেৱানে কলিকতাৰ কাকত “সমাছাৰ দৰ্পণ”টো বিভিন্ন প্ৰৱন্ধ লিখিছিল। তথ্য অনুসৰি লণ্ডনৰ ইংৰাজী কাকতত প্ৰৱন্ধ লিখা তেঁৱেই প্ৰথম অসমীয়া। তেওঁ চাহ উদ্যোগ তথা চাহ খেতিৰ ওপৰত সেই ইংৰাজী প্ৰৱন্ধটো লিখিছিল।প্ৰথমজন অসমীয়া উদ্যোগী ব্যক্তি হ’ল মণিৰাম দেৱান । তেওঁ হ’ল এনে এজন ব্যক্তি যি প্ৰায় ডেৰশ বছৰ আগতেই উদ্যোগশীলতাৰ যোগেদি অসমক এক আধুনিক অৰ্থনীতিত পৰিণত কৰাৰ সপোন দেখিছিল।

মণিৰাম বৰভাণ্ডাৰ বৰুৱাই মণিৰাম দেৱান নামেৰে পৰিচিত হৈছিল। তেখেতে মানসকলৰ দ্বাৰা হোৱা আক্ৰমণত অসমীয়া জনগণে সন্মুখীন হোৱা দুৰ্গতিৰ লগতে অসম দেশ ১৮২৬ চনত কেনেকৈ ব্ৰিটিছৰ অধীনলৈ গৈছিল, এই সকলোবোৰ ঘটনাৰে প্ৰত্যক্ষদৰ্শী আছিল। আৰম্ভণিতে তেওঁ ইংৰাজ শাসনৰ বিৰোধী নাছিল। বৰং ১৮২৮ চনত ব্ৰিটিছে তেখেতক চিৰস্তাদাৰ (ৰাজহৰ হিচাপ ৰক্ষক) হিচাপে যোৰহাটত নিযুক্তি দিয়ে। এই পদবীত থাকোতে তেওঁ ৰাজহ বিভাগৰ বহুখিনি সংস্কাৰ সাধন কৰি নিজৰ কৰ্মদক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। পুৰন্দৰ সিংহক যেতিয়া উজনি অসমত ব্ৰিটিছ চৰকাৰে পুনৰ প্ৰতিষ্ঠা কৰিছিল, মণিৰাম দেৱানে পুৰন্দৰ সিংহৰ অধীনত দেৱান হিচাপে যোগদান কৰিছিল। অজ্ঞাত কাৰণত মণিৰাম দেৱানে এই পদবীৰ পৰা ইস্তাফা দি অসম টি কোম্পানীত (ব্ৰিটিছ মালিকনাধীন,১৮৩৯ চনত প্ৰতিষ্ঠিত) যোগদান কৰে।সেইসময়ত তেওঁৰ বেতন আছিল ছশ(৬০০) টকা। মণিৰাম দেৱানৰ নেতৃত্বত অসম চাহ কোম্পানীয়ে দোপদদোপে উন্নতি কৰিলে। তাৰ কাৰণ আছিল মণিৰাম দেৱানৰ স্থানীয় পৰিস্থিতিৰ বিষয়ে গভীৰ জ্ঞান আৰু অভিজ্ঞতা। তেওঁ অসম চাহ কোম্পানীৰ বাগান দুগুণলৈ বৃদ্ধি কৰিলে। কিন্তু ক্ৰমান্বয়ে ইংৰাজ চাহাবসকলৰ উদ্ভণ্ডালি আৰু মইমতালিত তেওঁ অতিষ্ঠ হৈ পৰিছিল আৰু লগতে ১৮৪৪ চনত অসম চাহ কোম্পানীত দ্বিতীয়জন দেৱান নিযুক্তি দি তেওঁৰ পদমৰ্য্যাদাৰ লগতে দৰমহাও দুশ(২০০) টকালৈ হ্ৰাস কৰিছিল।১৮৪৪ চনত তেওঁ এই পদবীৰ পৰাও ইস্তাফা দি নিজেই যোৰহাটত চাহ বাগিচা খুলিছিল। ণিৰাম দেৱানৰ সেই বাগিচা দুখন আছিল – চিনামৰা আৰু চেংলুং।কিন্তু ইংৰাজ চাহ খেতিয়কে লাভ কৰাৰ দৰে ৰাজহৰ ক্ষেত্ৰত তেখেতে ব্ৰিটিছ চৰকাৰৰ পৰা ৰেহাই পাবলৈ সক্ষম নোহোৱাত অসন্তুষ্ট হৈ পৰে। তদুপৰি শিৱসাগৰ জিলাৰ মুখ্য বিষয়া হিচাপে ১৮৫১ চনত যোগদান কৰা কেপ্টেইন হলৰইডে মণিৰাম দেৱানৰ পৰিয়ালে পুৰুষানুক্ৰমে ভোগ কৰি অহা ৰাজহৰ দায়িত্বৰ পৰা বঞ্চিত হৈছিল।যদিও মণিৰাম দেৱানৰ কৰ্মজীৱন ব্ৰিটিছ চৰকাৰৰ অধীনত কৰ্তৃত্বশীল বিষয়া হিচাপে আৰম্ভ হৈছিল, কিন্তু পিছলৈ একে চৰকাৰৰ অধীনত পদবীবিহীন,ধন, মান-সন্মানবিহীন এক সাধাৰণ প্ৰজালৈ অৱনতি ঘটিছিল।মণিৰাম দেৱান এটা ক্ষেত্ৰত সিদ্ধান্তলৈ আহিছিল যে ব্ৰিটিছ শাসনৰ অধীনত তেওঁৰ জীৱনৰ উন্নতি কোনোমতেই সম্ভৱ নহয়। গতিকে আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা কৰিলেহে যে নিজৰ অৱস্থাৰ উন্নতি হ’ব সেইটো পতিয়ন গৈছিল। আহোম ৰাজকোঁৱৰ কামেশ্বৰ সিংহৰ লগতে মণিৰাম দেৱানেও ব্ৰিটিছ চৰকাৰৰপৰা ১০০০ টকাৰ পেঞ্চন লবলৈ অমান্তি হৈছিল।১৮৫১ চনত কামেশ্বৰ সিংহৰ মৃত্যু হয় আৰু তেওঁৰ পুত্ৰ কন্দৰ্পেশ্বৰ সিংহক ৰাজসিংহাসনত প্ৰতিস্থা কৰিবলৈ মণিৰাম দেৱানে উৎসাহিত কৰাৰ লগতে পূৰ্ণ সহযোগিতা আগবঢ়াইছিল।১৯৫৩ চনত যেতিয়া কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মফট মিলছে অসমৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে অনুসন্ধান কৰিবলৈ অসমলৈ আহিছিল। তেতিয়া মণিৰাম দেৱানে দুখন আৰ্জি পেচ কৰিছিল। এখনত তেখেতে ব্ৰিটিছ কোম্পানীলৈ তেওঁ আগবঢ়োৱা সেৱাৰ বিষয়ে এক প্ৰতিবেদন দি চৰকাৰে যাতে সেৱাৰ কিছু ফল তেখেতক দিয়ে তাৰ অনুৰোধ কৰিছিল। আনখন আৰ্জিত আহোম ৰাজকোঁৱৰ কন্দৰ্পেশ্বৰ সিংহক পুনৰ আহোম সিংহাসনত বহুৱাৰ লগতে অভিজাত শ্ৰেণীৰ দুখ-দুৰ্দশাৰ বিষয়ে অৱগত কৰিছিল। এই আবেদনত তেওঁ ইংৰাজ শাসনৰ অধীনত অসমৰ ৰাইজে ভোগ কৰা কিছুমান ভাল ফল যেনে – আহোম শাসনত প্ৰচলিত নাক-কাণ কটা আদি শাস্তিৰ অৱসানৰ কথা উল্লেখ কৰিছিল যদিও কিছুমান ইংৰাজ শাসনৰ ফলত হোৱা বেয়া কাম যেনে অনুপযুক্ত ব্যক্তিক পেঞ্চন প্ৰদান, উচ্চ-অভিজাত বিষয়াক সা- সুবিধাৰ পৰা সাধাৰণ প্ৰজাৰ শাৰীলৈ অৱনমিতকৰণ আদি উল্লেখ কৰিছিল। মিলে তেখেতৰ প্ৰতিবেদনৰ পৰিপ্ৰেক্ষিটত ইংৰাজ চৰকাৰৰ বিভিন্ন দিশ সমালোচনা কৰিছিল যদিও মণিৰাম দেৱানৰ আবেদনৰ প্ৰতি সঁহাৰি জনোৱা নাছিল। বৰঞ্চ মণিৰাম দেৱানক এজন চক্ৰান্তকাৰী হিচাপেহে অভিহিত কৰিছিল।  মিলৰ প্ৰতিবেদনে মণিৰাম দেৱানৰ আশা ধুলিসা‌‌ৎ কৰিছিল। যিহেতু তেওঁ নিজৰ সীমাবদ্ধতা জানিছিল, সেয়েহে ব্ৰিটিছৰ বিৰুদ্ধে সন্মুখ- সমৰলৈ নগৈ ১৮৫৭ চনৰ প্ৰথম ভাগত কলিকতালৈ যায় আৰু ব্ৰিটিছ চৰকাৰক ন্দৰ্পেশ্বৰ সিংহক অসমৰ সিংহাসনত প্ৰতিষ্ঠা কৰিবলৈ আবেদন কৰিবলৈ স্থিৰ কৰিছিল।কিন্তু তেওঁ বংগদেশৰ লেফটেনেন্ট গৱৰ্ণৰক সাক্ষাৎ কৰাৰ কোনো সুযোগেই লাভ নকৰিলে।সেই সময়তে তেঁও উত্তৰ ভাৰতৰ ব্ৰিটিছ ফৌজত থকা ভাৰতীয় সৈন্যই আৰম্ভ কৰা বিদ্ৰোহৰ বিষয়ে জানিব পাৰি লগে লগে অসমতো ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যৰ সহযোগত বিদ্ৰোহ কৰি ব্ৰিটিছ শাসন ওফৰোৱাৰ সপোন দেখিছিল। তেওঁ কলিকতাৰ পৰা কিছু গোপন পত্ৰ যোৰহাটত থকা কন্দৰ্পেশ্বৰ সিংহ আৰু অন্যান্য বিশ্বাসী লোকলৈ প্ৰেৰণ কৰিছিল। সেই পত্ৰসমূহত তেওঁ ডিব্ৰুগড় আৰু গোলাঘাটত অৱস্থান কৰা ভাৰতীয় সৈন্যসকলৰ লগত যোগাযোগ কৰি বিদ্ৰোহ আৰম্ভ কৰিবলৈ উপদেশ দিছিল। দুৰ্গা পূজাৰ সময়ত মণিৰাম দেৱানে অস্ত্ৰ-শস্ত্ৰ সহিতে উজনি অসমলৈ আহি বিদ্ৰোহত যোগ দিয়াৰ পৰিকল্পনা কৰিছিল।কিন্তু দুৰ্ভাগ্যক্ৰমে এই সকলো গোপন ষড়যন্ত্ৰ উল্লেখ থকা পত্ৰ কেইবাখনো শিৱসাগৰ জিলা বিষয়া কেপ্টেইন হলৰইডে ধৰা পেলাবলৈ সক্ষম হয় আৰু মণিৰাম দেৱানক লগে লগে কলিকতাত গ্ৰেপ্তাৰ কৰা হয়। যোৰহাট আৰু শিৱসাগৰত তেওঁক সহযোগ কৰা জিউৰাম দুলীয়া বৰুৱা, পিয়লি বৰুৱা, কন্দৰ্পেশ্বৰ সিংহক আদি কৰি অন্যান্যক গ্ৰেপ্তাৰ কৰা হয়। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত যোৰহাট কাৰাগাৰত ফাঁচীকাঠত ওলমায় ।

লগতে চাওকঃ  ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ

Leave a Reply