প্ৰথম বিশ্বযুদ্ধৰ কাৰণ | প্ৰথম বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল |প্ৰথম বিশ্বযুদ্ধ কেতিয়া শেষ হৈছিল | প্ৰথম বিশ্বযুদ্ধৰ ফলাফল | প্ৰথম বিশ্বযুদ্ধ কেনেকৈ শেষ হ’ল | 1st world war date | who won world war 1 | world war 1 summary in assamese | why did world war 1 start | 1st world war in which year | World War 1 causes and effects
প্ৰথম বিশ্বযুদ্ধ
প্ৰথম বিশ্বযুদ্ধ ইউৰোপত আৰম্ভ হৈ সমগ্ৰ পৃথিৱীত বিয়পি পৰা প্ৰথমখন মহাসমৰ। ১৯১৪ চনৰ ২৮ জুলাইত আৰম্ভ হৈ এই মহাসমৰ ১১ নৱেম্বৰ ১৯১৮ চনলৈ চলিছিল। ১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ আগলৈ এইখনক বিশ্বযুদ্ধ বা মহাযুদ্ধ বুলি কোৱা হৈছিল। দ্বিতীয়খন বিশ্বযুদ্ধৰ পাছৰপৰাহে ইয়াক প্ৰথম বিশ্বযুদ্ধ বোলা হৈছে।
সেই সময়ৰ পৃথিৱীৰ প্ৰতিটো বৃহৎ শক্তিয়েই এই যুদ্ধত ভাগ লৈছিল। তেওঁলোক মূলতঃ দুটা বিপৰীত গোটত বিভক্ত হৈছিল” মিত্ৰ শক্তি (ইয়াৰ অংশীদাৰ আছিল ব্ৰিটেইন, ফ্ৰান্স আৰু ৰাছিয়া, যাক Triple Entente বোলা হৈছিল), আৰু কেন্দ্ৰীয় শক্তি (প্ৰথমে ইয়াৰ অংশীদাৰ আছিল জাৰ্মানী, অষ্ট্ৰিয়া-হাংগেৰী আৰু ইটালী, যাক Triple Alliance বোলা হৈছিল; পাছলৈ অষ্ট্ৰিয়া-হাংগেৰীয়ে চুক্তি-ভংগ কৰাৰ বাবে ইটালীয়ে যুদ্ধত ভাগ লোৱা নাছিল। ) পাছলৈ যুদ্ধত দুই শক্তিৰ লগত অন্যান্য দেশ চামিল হৈছিল। ইটালি, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই মিত্ৰ শক্তিৰ পক্ষত যোগ দিছিল আৰু অটোমান সাম্ৰাজ্য আৰু বুলগেৰিয়াই কেন্দ্ৰীয় শক্তিত যোগ দিছিল। মুঠ ৭০ নিযুত সামৰিক বাহিনীৰ লোকে এই যুদ্ধত অংশ লৈছিল, ইয়াৰে ৬০ নিযুত অকল ইউৰোপৰে আছিল। ৯ নিযুততকৈও অধিক সামৰিক লোকৰ মৃত্যু হৈছিল। বৈজ্ঞানিক জ্ঞানৰ প্ৰয়োগত আক্ৰমণত্মক অস্ত্ৰৰ উদ্ভাৱন আৰু শ্ৰীবৃদ্ধিৰ বিপৰীতে প্ৰতিৰক্ষা আৰু চলাচলৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ বাবেই মৃত্যুৰ সংখ্যা আছিল অতি বেছি। পৃথিৱীৰ ইতিহাসত যুদ্ধত মৃত্যুৰ তালিকাত ষষ্ঠ স্থানত অৱস্থান কৰা এই যুদ্ধই সমগ্ৰ পৃথিৱীতে বৃহৎ ৰাজনৈতিক পৰিৱৰ্তনৰ সূচনা কৰিছিল আৰু লগতে উত্থান হৈছিল বিভিন্ন গণ-বিপ্লৱৰ।
প্ৰথম বিশ্বযুদ্ধৰ এটা দীৰ্ঘকালীন মুখ্য কাৰণ আছিল ইউৰোপৰ বৃহৎ শক্তিসমূহৰ মাজত নৱ্য-সাম্ৰাজ্যবাদৰ উত্থান। যুদ্ধ আৰম্ভণিৰ কাৰক হিচাপে কাম কৰিছিল অষ্ট্ৰিয়াৰ আৰ্কডিউক ফ্ৰাঞ্জ ফাৰ্ডিনাণ্ডৰ হত্যাই। ফাৰ্ডিনাণ্ড আছিল অষ্ট্ৰিয়া-হাংগেৰী সিংহাসনৰ উত্তৰাধিকাৰী। ২৮ জুন ১৯১৪ চন চনত ছাৰ্বিয়াৰ ছাৰাজেভ’ত এগৰাকী যুগ’শ্লাভ জাতীয়তাবাদী গেভ্ৰিল’ প্ৰিন্চিপে তেখেতক হত্যা কৰে। এই হত্যাই কূটনৈতিক পৰিস্থিতিৰ জটিল কৰি তোলে আৰু অষ্ট্ৰিয়া-হাংগেৰীয়ে ছাৰ্বিয়া-ক শেষ সকিয়নী দিয়ে। বিগত দশকটোত গঠন হোৱা বিভিন্ন মিত্ৰ জোঁটৰ তৎকালীন প্ৰতিক্ৰিয়াই যুদ্ধৰ সূচনা কৰে। কেইটামান সপ্তাহৰ ভিতৰতে যুদ্ধ ইউৰোপৰ মূল ভূ-খণ্ডৰপৰা এই শখ্তিসমূহৰ উপনিৱেশলৈ বিয়পি পৰে আৰু পৃথিৱীব্যাপী যুদ্ধৰ আৰম্ভ হয়।
ছাৰ্বিয়া আক্ৰমণৰ সূচনা কৰি অষ্ট্ৰিয়া-হাংগেৰীয়ে ২৮ জুলাইত প্ৰথম গুলী বৰ্ষণ আৰম্ভ কৰে। এই সময়তে ৰাছিয়াই নিজৰ সৈন্য সমাবেত কৰিবলৈ আৰম্ভ কৰে,আৰু জাৰ্মানীয়ে ফ্ৰান্স আক্ৰমণৰ লক্ষ্যৰে ফ্ৰান্সৰ প্ৰতিবেশী বেলজিয়াম আৰু লাক্সেমবাৰ্গ আক্ৰমণ কৰে। বেলজিয়াম আৰু লাক্সেমবাৰ্গ নিৰপেক্ষ ৰাষ্ট্ৰ আছিল। এই আক্ৰমণৰ প্ৰত্যুত্তৰত ব্ৰিটেইনে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ফ্ৰান্সৰ পেৰিছৰ নিকটৱৰ্তী মাৰ্নি নদীৰ পাৰত মাহজোৰা জাৰ্মান আগ্ৰাসন ৰোধ কৰা হয়। এই ঘটনাক ‘মাৰ্নিৰ অলৌকিক ঘটনা’ আখ্যা দিয়া হৈছে। এই ঠাইতে জাৰ্মানে ট্ৰেন্স খান্দি অৱস্থান কৰে, আৰু ১৯১৭ চনলৈ প্ৰায় একে স্থানতে অৱস্থান কৰি থাকে। পূৱ ইউৰপত ৰাছিয়াই অষ্ট্ৰিয়া-হাংগেৰী বাহিনীৰ বিৰূদ্ধে জয়লাভ কৰে, কিন্তু তেওঁলোকৰ পূৱ প্ৰুছিয়া আক্ৰমণ জাৰ্মান বাহিনীয়ে প্ৰতিহত কৰে। নৱেম্বৰ মাহত অটোমান সাম্ৰাজ্যই সুদ্ধত যোগ দিয়ে আৰু ককেছাছ, মেছ’পটেমিয়া আৰু ছিনাই-সীমান্তলৈ যুদ্ধ বিয়পি পৰে। ১৯১৫ চনত ইটালি আৰু বুলগেৰিয়াই যুদ্ধত যোগ দিয়ে, ১৯১৬ চনত যোগ দিয়ে ৰোমানিয়াই। যুদ্ধৰ মাজতে ১৯১৭ চনৰ মাৰ্চ মাহত ৰাছিয়াত জাৰৰ শাসনৰ অন্ত পৰে, আৰু অক্টোবৰ বিপ্লৱৰ পাছত নৱ্য-গঠিত ৰাছিয়াৰ চৰকাৰে জাৰ্মানীৰ লগত ‘যুদ্ধ বিৰতি’ৰ ঘোষণা কৰে। ১৯১৮ চনত জাৰ্মানীয়ে পশ্চিম সীমান্তত যুদ্ধ প্ৰবল কৰি তোলে, কিন্তু মিত্ৰ-শক্তিয়ে কেবাখনো খণ্ড-যুদ্ধত জয়ী হৈ জাৰ্মান বাহিনীক পশ্চাদপসাৰণ কৰিবলৈ বাধ্য কৰে। আমেৰিকাৰ যুদ্ধ বাহিনীয়ে জাৰ্মান ট্ৰেন্স-সমূহ দখল কৰিবলৈ আৰম্ভ কৰে। জাৰ্মানীতো বিপ্লৱৰ সূচনা হয়, আৰু ইয়াৰ ফলস্বৰূপে ১৯১৮ চনৰ ১১ নৱেম্বৰত যুদ্ধ-বিৰতি সন্ধি কৰিবলৈ সন্মত হয়। ইয়াতে মিত্ৰ শক্তিৰ বিজয়ৰদ্বাৰা প্ৰথম বিশ্বযুদ্ধৰ অন্ত পৰে।
প্রথম বিশ্বযুদ্ধৰ প্ৰধান কাৰণ
i) সাম্রাজ্যবাদী দেশসমূহৰ মাজৰ প্ৰতিদ্বন্দ্বিতা।
ii) ইউপোৰত ৰাজনৈতিক ঘটনাৱালী ।
iii) সামৰিক চুক্তি সম্পাদন।
iv) ইউৰোপ মহাদেশৰ সামৰিকসংঘর্ষ।
ইউৰোপত প্ৰথম ঔপনিৱেশিকতাবাদ আৰু সাম্রাজ্যবাদৰ উৎপত্তি হৈছিল। এই সাম্রাজ্যবাদী দেশসমূহৰ মাজত সৃষ্টি হোৱা তীব্র প্রতিদ্বন্দ্বিতা আৰু অৰিয়াঅঁৰিৰ ফলতেই প্রথম বিশ্বযুদ্ধৰ সৃষ্টি হৈছিল।
সাম্রাজ্যবাদী দেশসমূহৰ অগ্রাসী মনোভাৱ তথা পৰৰাজ্য গ্ৰাসৰ প্ৰৱণতা, পৰস্পৰৰ মাজত তীব্র প্রতিদ্বন্দ্বিতা আৰু একাধিক বিবাদমান দেশত সামবিক শক্তি বৃদ্ধি আৰু সেই দিশত গঢ়ি উঠা সামৰিক প্রতিদ্বন্দ্বিতা, একাধিক সমধর্মী ৰাষ্ট্রৰ মাজত গঢ়ি উঠা গোপন ৰাজনৈতিক সামৰিক চুক্তি আৰু সেই প্রক্রিয়াই বাষ্ট্ৰসমূহৰ মাজত সৃষ্টি কৰা সন্দেহ আৰু অবিশ্বাস আৰু অনিশ্চয়তা, জাতীয়তাবাদী মতাদর্শ আৰু অৱদমিত আৰু নিপীড়িত ক্ষুদ্র ক্ষুদ্র জাতি-সত্বাসমূহৰ মাজত জাতি ৰাষ্ট্ৰ গঢ়ি তোলাৰ প্রৱণতা, তাৰ ফলত সৃষ্টি হোৱা উগ্র জাতীয়তাবাদৰ সম্প্ৰসাৰণ আদিয়েই প্রথম বিশ্বযুদ্ধৰ কাৰণ আছিল বুলি ক’ব পাৰি।
সেই সময়ত ইউৰোপ মহাদেশৰ ইংলেণ্ড, ফ্রান্স, ইটালী, জার্মানী, ৰাচিয়া, বেলজিয়াম, পটুগাল আদি দেশ পৰস্পৰৰ মাজত সংঘৰ্ষ আৰু প্ৰতিদ্বন্দ্বিতাত লিপ্ত হৈ পৰিছিল। আনহাতে এচিয়া, আফ্রিকা, লেটিন আমেৰিকা, অষ্ট্ৰেলিয়া
আদি মহাদেশৰ বিভিন্ন দেশত নিজ নিজ উপনিৱেশ গঢ়ি তোলাৰ প্রচেষ্টা অব্যাহত আছিল। ইউৰোপৰ শক্তিসমূহৰ এই ঘটনাপ্ৰৱাহৰ লগত ক্রমান্বয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপানো জড়িত হৈ পৰিছিল। অর্থাৎ উপনিৱেশ তথা ঔপনিৱেশিক স্বার্থক কেন্দ্ৰ কৰি পৃথিৱীৰ বিভিন্ন ঠাইত পুঁজিবাদী দেশসমূহৰ মাজত ঔপনিৱেশিক সংঘর্ষ তথা প্রতিদ্বন্দ্বিতা অব্যাহত আছিল। ঊনবিংশ শতিকাৰ শেষৰফালে এই প্রতিদ্বন্দ্বিতাই শীর্ষ বিন্দু পাইছিলগৈ।
প্রথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ কেইবছৰমান আগৰেপৰাই ইউৰোপত বৃহৎ শক্তিসমূহৰ মাজত কেইবাটাও গোপন সামৰিক চুক্তি স্বাক্ষবিত হৈছিল। জার্মানীৰ প্রধানমন্ত্রী বিচমার্কে জাৰ্মানাক জাতি ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ প্ৰচেষ্টাত এখনৰ পিছত এখনকৈ কেইবাখনো সামৰিক চুক্তিত স্বাক্ষৰ কৰিছিল। ১৮৭৩ চনত ‘ত্ৰি-সম্রাট মৈত্রী সংঘ’ৰ দ্বাৰা তেওঁ জাৰ্মানী, ৰাচিয়া আৰু অষ্ট্ৰিয়াৰ সম্রাটসকলক একেখন চুক্তিৰ গণ্ডীলৈ আনিছিল। ১৮৭৫ চনত জার্মানীয়ে ফ্রান্স আক্রমণ কৰিব বুলি গুজব ওলোৱাত আৰু ৰাচিয়াই ফ্ৰান্সক সহায় কৰিব বুলি কোৱাত বিচমার্কে ১৮৭৯ চনত আষ্ট্ৰিয়াৰ সৈতে আষ্ট্ৰো জার্মান দ্বিপাক্ষিক চুক্তি গঢ়ি তোলে। ইয়াৰ পিছত বুলগেৰিয়াক কেন্দ্ৰ কৰি অষ্ট্ৰিয়া আৰু ৰাচিয়াৰ মাজত দেখা দিয়া সংঘৰ্ষৰ সময়ত বিচমাৰ্কে ৰাচিয়াৰ পক্ষ লোৱাত অষ্ট্ৰিয়া অসন্তুষ্ট হয় আৰু ত্ৰি-সম্ৰাটৰ মৈত্রী সংঘ সম্পূৰ্ণৰূপে ভাঙি পৰে। বিচমার্কে এইবাৰ ১৮৮৭ চনত ৰাচিয়াৰ সৈতে বি-ইঞ্চিওৰেঞ্চ চুক্তি সম্পাদন কৰি ৰুচ জার্মান সম্পর্ক অটুট ৰখাৰ ব্যৱস্থা কৰে। ইয়াৰ পিচত সুচতুৰ বিচমার্কে ইটালীৰ লগত সম্পর্ক স্থাপন কবে আৰু ইটালীক আষ্ট্রো জার্মান দ্বিপাক্ষিক চুক্তিৰ সদস্যভূক্ত হ’বলৈ আহ্বান জনায়। ১৮৮২ চনত ইটালী উক্ত চুক্তিৰ সদস্যভূক্ত হৈ পৰে।
আনফালে ঊনবিংশ শতিকাৰ শেহৰ পিনে ইউৰোপীয় ৰাজনীতিত সংঘটিত ঘটনাৱলীৰ ফলত ইংলেণ্ড আৰু জাপানৰ মাজত এখন চুক্তি স্বাক্ষৰ হয়। এই চুক্তিৰ পাছত ইংলেণ্ডে ফ্ৰান্সৰ লগত আৰু ৰাচিয়াৰ লগত ত্ৰি-পাক্ষিক চুক্তি স্বাক্ষৰ কৰে।
এইদৰে ইউৰোপ মহাদেশৰ বৃহৎ শক্তিসমূহ দুটা সামৰিক শিৱিবত বিভক্ত হৈ পৰে। এফালে থাকে জার্মানীৰ নেতৃত্বত অষ্ট্ৰিয়া আৰু ইটালী আৰু আনফালে ইংলেণ্ডৰ নেতৃত্বত ফ্ৰান্স আৰু বাচিয়া।
সেই সময়ত সংঘটিত ৰাজনৈতিক ঘটনাৱলীয়েও বিশ্বযুদ্ধ সৃষ্টিৰ ক্ষেত্ৰত ইন্ধন যোগাইছিল। ১৯০৫-০৬, ১৯০৮ আৰু ১৯১১ চনত মৰক্কোেক কেন্দ্ৰ কৰি ফ্ৰান্স আৰু জার্মানীৰ মাজত সামবিক সংঘৰ্ষৰ সম্ভাৱনাই দেখা দিয়ে। ১৯০৪ চনত স্বাক্ষবিত এংলো-ফ্রেন্স আৰু ফ্রেংকো-স্পেনীজ চুক্তিৰ মাধ্যমত মৰক্কোৰ বিভাজনৰ বাবে গোপন সিদ্ধান্ত কৰা হয়। এই সিদ্ধান্ত অনুসৰি জার্মানীয়ে মৰক্কোক স্বাধীন দেশৰূপে স্বীকৃতি দিয়ে আৰু জার্মানীৰ সম্রাট দ্বিতীয় উইলিয়ামে মৰক্কো সম্পর্কে আন্তর্জাতিক সন্মিলন এখন আহ্বান কৰাৰ পোষকতা কবে। ফ্রান্সে ইয়াত সন্মতি জনায়। এই সন্মিলনে মৰক্কো চুলতানৰ কৰ্তৃত্ব অক্ষুন্ন ৰখাৰ লগতে মবক্কোত ফ্রান্স আৰু স্পেইনৰ অভিভাৱকত্ব মানি লয় ।”
মৰক্কোেক কেন্দ্ৰ কৰি ১৯১১ চনত দ্বিতীয়বাৰ সংঘৰ্ষ সৃষ্টি হোৱাৰ সম্ভাৱনাই দেখা দিয়ে। সেই বছৰ ফ্রান্সে আভ্যন্তৰীণ আইন-শৃংখলাৰ অৱনতি হোৱাৰ অজুহাতত মরক্কোলৈ এটা সামৰিক বাহিনী প্ৰেৰণ কৰে। তাৰ প্ৰতিবাদত জার্মানীয়ে মরক্কোৰ সামুদ্রিক বন্দৰ আগাদিবলৈ নৌ জাহাজ এখন প্ৰেৰণ কৰে। ফলত ফ্রান্স আৰু জাৰ্মানৰ মাজত পুনৰ যুদ্ধৰ সম্ভাৱনাই দেখা দিয়ে। ব্রিটেইনৰ মধ্যস্থতাত এই সমস্যাৰ সমাধান হয়। ১৯১১ চনৰ ৩-৪ নৱেম্বৰ তাৰিখে জার্মানী, ফ্রান্স আৰু ব্রিটেইনৰ মাজত স্বাক্ষৰিত চুক্তি মর্মে মৰক্কোত ফ্ৰান্সৰ অধিকাৰ স্বীকৃত হয় আৰু জার্মানীয়ে ফৰাচী অধিকৃত কংগোৰ উত্তৰ-পশ্চিম এলেকাটো লাভ কবে।
অক্কো সমস্যাৰ সমাধান নহওতেই ইটালীয়ে ১৯১১ চনৰ ছেপ্তেম্বৰ মাহত তুৰস্ক আক্ৰণ কৰি আফ্ৰিকাৰ ভূমধ্যসাগৰীয় উপকূলত ত্ৰিপ’লী দখল কৰে আৰু ভূমধ্যসাগৰত ৰোছ সহ অন্যান্য দ্বীপ দখল কৰে। ইটালীৰ এই কার্যত ত্ৰিপাক্ষিক চুক্তিৰ অংশীদাৰ আন আন ৰাষ্ট্ৰসমুহ বিস্ময় বিমূঢ় হৈ পৰে যদিও সক্রিয় ভূমিকা লোৱাৰ পৰা বিৰত থাকে। তুৰস্কৰ বিৰুদ্ধে সেই সময়তে আলবানিয়াতো বিদ্রোহ সংঘটিত হয় আৰু অনিচ্ছা স্বত্বেও অবশেষত তুৰস্কই লুছান শান্তি চুক্তিৰ মাধ্যমত ইটালীক ত্রিপ’লী এৰি দিবলৈ বাধ্য হয়।
১৯০৮-০৯ চনত অষ্ট্ৰিয়াই বছনিয়া আৰু হার্জেগভিনা দখল কৰি নিজ ৰাজ্যভূক্ত কৰে। ১৯১২-১৩ চনত অষ্ট্ৰিয়াৰ প্ৰৰোচনাত আলবানিয়া স্বাধীন ৰাষ্ট্ৰৰূপে গঢ়ি উঠা কাৰ্যই ছাৰবিয়াৰ ৰাজনৈতিক জাতীয়তাবাদী আন্দোলনক নতুন ৰূপ প্রদান কৰে৷
এই সময়তে ১৯১৪ চনৰ ২৮ জুন তাৰিখে অষ্ট্ৰিয়াৰ সিংহাসনৰ উত্তৰাধিকাৰী যুৱবাজ ফ্রেঞ্চিছ কার্ডিনান্দক ছেৰাজাভো ভ্ৰমণলৈ যাওঁত বিদ্রোহী ছাববিয়ান যুৱক এজনে নিচেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰে। এই ঘটনাই অষ্ট্ৰিয়া আৰু ইউৰোপৰ বিভিন্ন দেশত ভীষণ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।
অৱশেষত জার্মান সম্রাটৰ অনুমোদন মর্মে অষ্ট্ৰিয়াই ছাৰবিয়াৰ ওচৰত এঘাৰটা দাবী সম্বলিত এখন চমপত্র দাখিল কৰে আৰু ৪৮ ঘণ্টা সময়ৰ ভিতৰত চৰমপত্ৰৰ প্ৰতি সদর্থক সহাঁৰি জনাবলৈ কয়। সেই সময়তে ৰাচিয়াই ছাৰবিয়াৰ প্রতি সহযোগৰ আশ্বাস দিয়ে। গতিকে ছাৰবিয়াৰ প্ৰত্যুত্তৰ অষ্ট্ৰিয়াৰ মনঃপুত নহয়। ফলত ১৯১৪ চনৰ ২৮ জুলাইত অষ্ট্ৰিয়াই ছাৰবিয়াৰ প্ৰতি যুদ্ধ ঘোষণা কৰে৷ ইয়াৰ লগে লগে প্রথম বিশ্বযুদ্ধ আৰম্ভ হয়। এই বিশ্বযুদ্ধত অষ্ট্ৰিয়া আৰু জার্মানীক কেন্দ্রীয় শক্তিৰূপে আৰু বিপক্ষক মিত্র শক্তিৰূপে গণ্য কৰা হয়।
বিশ্বযুদ্ধ নামকৰণ
‘কিছুমান যুদ্ধই নিজৰ নামকৰণ নিজে কৰে। এইখন মহাযুদ্ধ। ‘ কানাডাৰ মেক্লিন আলোচনীয়ে অক্টোবৰ ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধক মহাযুদ্ধ আখ্যা দিছিল। ১৯১৪ চনৰ শেহৰফালে নিউ য়ৰ্কত প্ৰকাশিত যুদ্ধৰ ইতিহাসত এই যুদ্ধক বিশ্বযুদ্ধ বুলি অভিহিত কৰা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ আগলৈ প্ৰথম বিশ্বযুদ্ধক অকল বিশ্বযুদ্ধ বা মহাসমৰ বুলি ইংৰাজী প্ৰচলিত দেশসমূহত উল্লেখ কৰা হৈছিল।
১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পাছৰপৰাহে এইখন মহাসমৰক প্ৰথম বিশ্বযুদ্ধ বুলি উল্লেখ কৰাটো প্ৰচলিত হয়। ইংৰাজ আৰু কানাডাৰ ঐতিহাসিকসকলে ইয়াক প্ৰথম বিশ্বযুদ্ধ (First World War) বুলি উল্লেখ কৰাৰ বিপৰীতে আমেৰিকান ইতিহাসবিদে ‘বিশ্বযুদ্ধ-১ (World War I)’ বুলি অভিহিত কৰিছিল।
যুদ্ধৰ আৰম্ভণি
কেন্দ্ৰীয় শক্তিৰ বেমেজালি :
কেন্দ্ৰীয় শক্তিৰ যুদ্ধ কৌশল বেমেজালিপূৰ্ণ আছিল। জাৰ্মানীয়ে অষ্ট্ৰিয়া-হাংগেৰীৰ ছৰ্বিয়া আক্ৰমণত সমৰ্থন দিয়াৰ কথা ঘোষণা কৰিছিল যদিও, এই বাৰ্তাৰ অৰ্থ নিৰ্ধাৰণত ভুল বুজাবুজিহৈছিল। ১৯১৪ চনৰ প্ৰথমচোৱাতেই আগৰেপৰা চলি থকা সেনা-বাহিনী প্ৰেৰণৰ কৌশল সলনি কৰা হৈছিল যদিও প্ৰেৰণ কৰাৰ আগলৈ নতুন কৌশলৰ পৰীক্ষণ কৰা হোৱা নাছিল। অষ্ট্ৰ’-হাংগেৰীৰ নেতাসকলে ভাবিছিল জাৰ্মানীয়ে সাম্ৰাজ্যৰ উত্তৰ অংশ ৰাছিয়াৰ আক্ৰমণৰপৰা ৰক্ষা কৰিব। কিন্তু জাৰ্মানীয়ে ভাবিছিল তেওঁলোকে ফ্ৰান্স আক্ৰমণ কৰাৰ সময়ত অষ্ট্ৰ’-হাংগৰীয়ে ৰাছিয়াৰ বিৰূদ্ধে সৈন্য প্ৰেৰণ কৰিব। এই খেলিমেলিৰ বাব অষ্ট্ৰিয়া-হাংগেৰীয়ে নিজৰ সেনা-বাহিনীক দুটা ভাগত বিভক্ত কৰি একে সময়তে ৰাছিয়াআৰু ছাৰ্বিয়াৰ সীমালৈ পঠিয়াব লগীয়া হৈছিল।
৯ ছেপ্টেম্বৰ, ১৯১৪ চনত জাৰ্মানীয়ে হাতত লৈছিল । এই সাম্ভাৱ্য আঁচনিৰ জৰিয়তে যুদ্ধত জাৰ্মানীয়ে যুদ্ধত লক্ষ্য নিৰ্দিষ্ট কৰাৰ লগতে মিত্ৰ শক্তিৰ হাতত অৰ্পণ কৰিবলৈ চৰ্তও সাজু কৰি ৰাখিছিল জাৰ্মান চেন্সেলৰ থিঅ’বল্ড ভন বেথমেন-হ’লৱেগ-এ। কিন্তু এই আঁচনি চৰকাৰী ভাৱে গ্ৰহণ কৰা নহ’ল।
আফ্ৰিকাৰ যুদ্ধ :
যুদ্ধৰ আৰম্ভণিতে যুঁজ হোৱা প্ৰধান স্থান আছিল আফ্ৰিকাত উপৱিষ্ট ব্ৰিটেইন, ফ্ৰান্স, আৰু জাৰ্মানীৰ ঔপনিৱেশিক শক্তিসমূ্হ। ৭ আগষ্ট তাৰিখে ব্ৰিটিছ আৰু ফৰাচী বাহিনীয়ে জাৰ্মান উপনিৱেশ ট’গ’লেণ্ড আক্ৰমণ কৰে। ১০ আগষ্টত আফ্ৰিকাৰ দক্ষিণ-পশ্চিম অংশত থকা জাৰ্মান বাহিনীয়ে দক্ষিণ আফ্ৰিকা আক্ৰমণ কৰে; যুদ্ধৰ শেষলৈকে এই স্থানত চেগাচোৰোকাকৈ তুমুল যুঁজ চলি থাকিল। আনহাতে পূৱ জাৰ্মান আফ্ৰিকাত থকা ঔপনিৱেশিক বাহিনীয়ে কৰ্নেল পল ভন লেট’-ভৰবেক-ৰ নেতৃত্বত যুদ্ধৰ একেবাৰে শেষ সময়লৈকে গেৰিলা পদ্ধতিৰে যুঁজ চলাই আহিছিল। ইউৰোপত সন্ধি হোৱাৰ দুসপ্তাহৰ পাছতহে তেওঁলোকে আত্ম-সমৰ্পন কৰে।
ছাৰ্বিয়াৰ যুদ্ধ :
১২ আগষ্টত অষ্ট্ৰিয়াই ছাৰ্বিয়ান সেনাক আক্ৰমণ কৰে আৰু কেৰ আৰু কলুবাৰা-ত যুঁজ লাগে। পাছৰ দুটা সপ্তাহত অষ্ট্ৰিয়াক আক্ৰমণ প্ৰতিহত কৰি পিছুৱাই নিয়া হয়। অষ্ট্ৰিয়ান সেনাৰ বিশাল ক্ষতিৰে সেয়া আছিল মিত্ৰ-শক্তিৰ প্ৰথম বৃহৎ সাফল্য। এই সাফল্যই অষ্ট্ৰিয়া-হাংগেৰীয়ে ভবা ধৰণে যুদ্ধত কম সময়তে বিজয়ী হোৱাৰ আশাক মষিমূৰ কৰিছিল। প্ৰতিক্ৰিয়া স্বৰূপে তেওঁলোকে ছাৰ্বিয়াৰ সীমাত এক বৃহৎ সংখ্যক বাহিনী মোতায়েন ৰাখিবলৈ বাধ্য হয়, যাৰ কাৰণে ৰাছিয়াৰ বিৰূদ্ধে তেওঁলোকে সম্পূৰ্ণ শক্তি ব্যৱহাৰ কৰিব পৰা নাছিল।১৯১৪ চনত ছাৰ্বিয়াই অষ্ট্ৰ’-হাংগেৰীৰ আক্ৰমণত বিজয় সাব্যস্ত কৰাটোক বিগত শতিকাৰ এটা ডাঙৰ ওভোতা বিজয় বুলি গণ্য কৰা হয়।
বেলজিয়াম আৰু ফ্ৰান্সত জাৰ্মান বাহিনী :
যুদ্ধৰ আৰম্ভণিতে, জাৰ্মান বাহিনীয়ে ‘স্ক্লিফেন প্লেন’ৰ (Schlieffen Plan) এক সংশোধিত ৰূপ কাৰ্যকৰী কৰে। এই আঁচনি অনুসৰি জাৰ্মান বাহিনী নিৰপেক্ষ দেশ বেলজিয়ামৰ মাজেৰে আগবাঢ়ি ফ্ৰান্সত প্ৰৱেশ কৰি ফৰাচী সৈন্য-বাহিনীক জাৰ্মানী-ফ্ৰান্সৰ সীমাত ঘেৰি ৰখাৰ পৰিকল্পনা কৰা হৈছিল। ফ্ৰান্সে ঘোষণা কৰিছিল যে ‘জাৰ্মানী আৰু ৰুছিয়াৰ মাজত যুদ্ধ হ’লে তেওঁলোকে নিজাকৈ সিদ্ধান্ত লোৱাৰ স্বাধীনতা থাকিব। ‘ সেয়ে জাৰ্মানীয়ে পশ্চিম সীমাত ফ্ৰান্স আৰু পূৱ সীমাত ৰুছিয়াই আক্ৰমণ কৰাৰ সম্ভাৱনীয়তা মনত ৰাখিব লগীয়া হৈছিল। তেনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ‘স্ক্লিফেন প্লেন’ত কোৱা হৈছিল যে জাৰ্মানীয়ে কম সময়ৰ ভিতৰতে ফ্ৰান্সক যুদ্ধত পৰাজিত কৰাৰ চেষ্টা কৰিব লাগিব (১৮৭০-৭১ চনৰ ফ্ৰান্স-প্ৰুছিয়াৰ যুদ্ধত এনে কৰা হৈছিল)। আৰু কোৱা হৈছিল যে পশ্চিম সীমান্তত কম সময়তে বিজয় লাভ কৰিবলৈ হ’লে জাৰ্মানীয়ে এলছাচ-ল’ৰেইন-ৰ বিপদসংকুল অঞ্চলেৰে (এই অংশ ৰাইন নদীৰ পশ্চিমে দুই দেশৰ মাজৰ প্ৰত্যক্ষ সীমা আছিল) আক্ৰমণ কৰা উচিত নহয়, বৰং, ইংলিছ প্ৰণালীৰপৰা পেৰিছ চহৰৰ যোগাযোগ কৰ্তন কৰি আহিবলগীয়া ব্ৰিটিছ সহায়ক বাধা দি পেৰিছ অধিগ্ৰহণ কৰি যুদ্ধত জয়লাভ কৰাটোহে উপযুক্ত হ’ব। ইয়াৰ পাছত সেনা-বাহিনী পশ্চিম সীমান্তলৈ আগবাঢ়ি গৈ ৰুছিয়াৰ লগত যুদ্ধত মিলিত হ’ব। ধৰাণা কৰা হৈছিল যে কেন্দ্ৰীয় শক্তিৰ বাবে এক দৃঢ় সামৰিক খোপনি ল’বলৈ ৰুছিয়াই নিজৰ সেনা-বাহিনীক সীমান্তলৈ আনিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ’ব।
দুই সীমান্তত একে সময়তে যুদ্ধ কৰাৰ বাবে জাৰ্মানীয়ে হাতত লোৱা একমাত্ৰ আঁচনি আছিল জাৰ্মান বাহিনী বেলজিয়ামৰ মাজেৰে আগবাঢ়িব। জাৰ্মানীয়ে বিচাৰিছিল বেলজিয়ামৰ মাজেৰে নিজৰ সেনা-বাহিনীৰ আগবাঢ়ি গৈ (পোনতে নেদাৰলেণ্ডৰ মাজেৰেও একে দৰে আগবঢ়াৰ পৰিকল্পনা কৰা হৈছিল, কিন্তু কাইজাৰ উইলহেল্ম-২-য়ে এই আঁচনি নাকচ কৰে) ফ্ৰান্স আক্ৰমণ কৰিব। কিন্তু নিৰপেক্ষ বেলজিয়ামে এই অনুৰোধ প্ৰত্যাখান কৰে, সেয়ে জাৰ্মানীয়ে পোনতে বেলজিয়াম আক্ৰমণ কৰাৰ সিদ্ধান্ত লয়। ফ্ৰান্সেও বেলজিয়ামলৈ সেনা-বাহিনী প্ৰেৰণ কৰাৰ কথা ভাবিছিল, কিন্তু বেলজিয়ামে প্ৰথমে এই ‘পৰামৰ্শ’ও মানি লোৱা নাছিল। বেলজিয়ামৰ মাটিত যুদ্ধ হ’বলৈ নিদিয়াটো তেওঁলোকৰ লক্ষ্য আছিল। অৱশেষত, জাৰ্মানীয়ে আক্ৰমণ কৰাত, বেলজিয়ামতে ফৰাচী সেনাৰ লগত নিজৰ সেনা যোগ দিয়াব বিচাৰিছিল। (কিন্তু বেলজিয়াম সেনাৰ এক বৃহৎ অংশ যুদ্ধত পৰাজিত হৈ এণ্টৱেৰ্পলৈ পিছুৱাই যাবলৈ বাধ্য হয়, তাতে সকলো আশা নিৰ্বাপিত হোৱাত তেওঁলোকে আত্মসমৰ্পণ কৰে। )
আঁচনি অনুসৰি জাৰ্মান আগ্ৰাসনৰ সোঁ-ফালৰ বাহিনীয়ে ফৰাচী সৈন্য অতিক্ৰমি আগুৱাই যাব (ফৰাচী সৈন্য ফ্ৰান্স-জাৰ্মান সীমান্তত কেন্দ্ৰীভূত আছিল, সেয়ে বেলজিয়ামৰ সীমাত ফৰাচী সেনাৰ বল তেনেই কম আছিল) আৰু দক্ষিণলৈ পেৰিছ অভিমুখে আগবাঢ়িব। প্ৰথমে জাৰ্মানসকল সফল হৈছিল, বিশেষকৈ সীমান্তৰ যুদ্ধত (১৪-২৪ আগষ্ট) । ১২ ছেপ্টেম্বৰত মাৰ্নেৰ প্ৰথম যুদ্ধত (৫-১২ ছেপ্টেম্বৰ) (First Battle of the Marne) ব্ৰিটিছ সেনাৰ সহযোগত ফ্ৰান্সে পেৰিছৰ পূৱত জাৰ্মান অগ্ৰগতি ৰোধ কৰি জাৰ্মান বাহিনীক ৫০ কি.মি. পিছুৱাই আহিবলৈ বাধ্য কৰে। এই যুদ্ধৰ শেষ দিনকেইটাতে পশ্চিমত কূট-নৈতিক যুদ্ধৰ অন্ত পেলায়। দক্ষিণ এলছাচে অঞ্চলত ২০ আগষ্টত ফ্ৰান্সে চলোৱা ‘মূলহাউছ যুদ্ধ’ত (Battle of Mulhouse) সীমিত সাফল্য লাভ কৰে।
এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চল :
১৯১৪ চনৰ ৩০ আগষ্টত নিউজিলেণ্ডে অধিকাৰ কৰে জাৰ্মান ছেম’ৱা (পাছলৈ পশ্চিম ছেম’ৱা)। ১১ ছেপ্টেম্বৰত অষ্ট্ৰেলিয়ান নৌ আৰু সামৰিক অভিযান বাহিনী জাৰ্মান নিউ গিনিৰ নিউ পমেৰ্ন দ্বীপ-ত (পাছলৈ নিউ ব্ৰিটেইন) উপস্থিত হয়। ২৮ অক্টোবৰত পেনাঙৰ যুদ্ধত (Battle of Penang) যুদ্ধ জাহাজ এছ.এম.এছ এম্ডেনে ৰুছিয়াৰ জাহাজ ঝেমচুগ বুৰাই পেলায়। জাপানে জাৰ্মানীৰ অধীনষ্ঠ মাইক্ৰ’নেছিয়ান উপনিৱেশসমূহ অধিকাৰ কৰে,আৰু চিংটাও দখলৰ (Siege of Tsingtao) পাছত চীনৰ ছেনডং উপদ্বীপত অৱস্থিত জাৰ্মানীৰ কয়লা বন্দৰ কিংডাও (ঐতিহাসিক নাম চিংটাও) দখল কৰে। চিংটাও বন্দৰত থকা অষ্ট্ৰ’-হাংগেৰীৰ জাহাজ কেইজাৰিন এলিজাবেথ-ক আঁতৰাই নিবলৈ ভিয়েনাৰ চৰকাৰে অস্বীকাৰ কৰাৰ ফলশ্ৰুতিত জাপানে জাৰ্মান আৰু অষ্ট্ৰ’-হাংগেৰীৰ বিৰূদ্ধে যুদ্ধ ঘোষণা কৰিছিল; চিংটাও প্ৰতিৰক্ষাৰ যুদ্ধত এই জাহাজখনেও অংশ লৈছিল, কিন্তু যুদ্ধত এই জাহাজখনৰ সলিল সমাধি হয়। কেইটামান মাহৰ ভিতৰতে মিত্ৰ শক্তিয়ে প্ৰশান্ত মহাসাগৰত অৱস্থিত জাৰ্মানীৰ বেছিভাগ উপনিৱেশেই দখল কৰিবলৈ সক্ষম হয়; কিছুমান বাণিজ্যিক বন্দৰ আৰু নিউ গিনিৰ কেইটামান অঞ্চলৰ বাহিৰে সকলো উপনিৱেশ মিত্ৰ শক্তিৰ হাতলৈ আহিছিল।
নৌ যুদ্ধ :
যুদ্ধৰ আৰম্ভণিতে, জাৰ্মান সাম্ৰাজ্যৰ মজলীয়া বিধৰ যুদ্ধ-জাহাজ (ক্ৰুইজাৰ) সমগ্ৰ পৃথিৱী জৰুই সিচৰতি হৈ আছিল। পাছলৈ এইবোৰ মিত্ৰশক্তিৰ ব্যৱসায়িক জাহাজ আক্ৰমণ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। আনহাতে ব্ৰিটিছ ৰাজকীয় নৌ-সেনা-ই এই জাহাজবোৰ শৃংখলাবদ্ধ ভাৱে বিচাৰি ধ্বংস কৰিছিল। অৱশ্যে মিত্ৰ-শক্তিৰ পৰিবহণ জাহাজৰ ধ্বংস সততে ৰক্ষা কৰিলৈ সক্ষম হোৱা নাছিল। উদাহৰণ স্বৰূপে, জাৰ্মানীৰ ‘এছ.এম.এছ. এম্ডেন’ (১৯০৮) নামৰ পূৱ-এছিয়া গোটৰ এখন অকলশৰীয়া ক্ৰুইজাৰ কিংডাও চহৰত অৱস্থান কৰি ১৫খন ব্যৱসায়িক জাহাজ ধ্বংস কৰাৰ উপৰিও এখন ৰাছিয়ান ক্ৰুইজাৰ, আৰু এখন ফৰাচী ক্ষুদ্ৰ যুদ্ধ-জাহাজ (ডেষ্ট্ৰ’য়াৰ) ধ্বংস কৰিবলৈ সক্ষম হয়। অৱশ্যে জাৰ্মানীৰ পূব-এছিয়া যুদ্ধ-জাহাজ গোটৰ বেছি ভাগ জাহাজক ব্যৱসায়িক জাহাজ আক্ৰমণৰ বাবে নিয়োগ কৰা হোৱা নাছিল, বৰং বেছিভাগ জাহাজকে জাৰ্মানীলৈ উভতিবলৈ নিৰ্দেশ দিয়া হৈছিল। ওভতনি পথতে ব্ৰিটিছ যুদ্ধ-জাহাজৰ লগত সংঘাত হয়। ‘ক্ৰনেলৰ যুদ্ধ’ত জাৰ্মান যুদ্ধ-জাহাজে দুখন ব্ৰিটিছ ক্ৰুইজাৰ ডুবাবলৈ সক্ষম হয়, কিন্তু ১৯১৪ চনৰ ‘ফকলেণ্ড দ্বীপমালাৰ যুদ্ধত’ প্ৰায় সমূলাংশে ধ্বাস হয়। এই যুদ্ধৰপৰা মাত্ৰ ‘ড্ৰেছডেন’ নামৰ যুদ্ধ জাহাজ আৰু কেইখনমান সহায়ক জাহাজ সাৰি যায়। ‘মাছ এ টিয়েৰা’ৰ যুদ্ধত এই কেইখন জাহাজো ধ্বংস হয়, আৰু কিছুমান জাহাজ ব্ৰিটিছৰ হাতলৈ আহে।
যুদ্ধ আৰম্ভ হোৱাৰ পাছতেই ব্ৰিটেইনে জাৰ্মানীৰ ওপৰত সাগৰীয় অৱৰোধ আৰম্ভ কৰে। এই কৌশল বেছ সফল বুলি প্ৰতিপন্ন হৈছিল। কাৰণ এই অৱৰোধে জাৰ্মানীলৈ সামৰিক আৰু অসামৰিক যোগান বন্ধ কৰিছিল, অৱশ্যে এই অৱৰোধে বিগত দুই শতিকা ধৰি গঢ়ি উঠা আন্তঃৰাষ্ট্ৰীয় আইন ভংগ কৰিছিল।ব্ৰিটেইনে সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় সাগৰতে অৱৰোধ গঢ়ি তুলিছিল আৰু মহাসাগৰৰ কিছুমান অংশত আন জাহাজৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল। আনকি নিৰপেক্ষ জাহাজো এই নিষেধৰ বলি হৈছিল।ব্ৰিটেইনৰ এই কৌশলৰ প্ৰতি বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ নোহোৱা দেখি জাৰ্মানীয়ে অনুমান কৰিছিল যে তেওঁলোকৰ ‘ছাবমেৰিন যুদ্ধ’ৰ প্ৰতিও আন্তঃৰাষ্ট্ৰীয় শক্তিসমূহে বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব।
১৯১৬ চনৰ ‘জুটলেণ্ডৰ যুদ্ধ’ (ইং: Battle of Jutland, জাৰ্মানঃ প্ৰথম বিশ্বযুদ্ধৰ বৃহত্তম নৌ-যুদ্ধ হিচাপে পৰিগণিত হয়। বিশাল যুদ্ধজাহাজৰ (Battleship)-ৰ যোগদানেৰে এই যুদ্ধ সমগ্ৰ ইতিহাসৰে বৃহত্তম নৌ-যুদ্ধ সমূহৰ এখন। এই বৃহৎ নৌ-যুদ্ধৰ কাল আছিলঃ ৩১ মে – ১ জুন, ১৯১৬; স্থানঃ জুটলেণ্ডৰ কাষৰীয়া উত্তৰ সাগৰ। জাৰ্মান কাইজাৰ নৌ-বিভাগৰ High Seas Fleet-এ, ভাইচ এড্মিৰেল ৰেইনাৰ্ড স্কীয়াৰ-ৰ নেতৃত্বত ইংৰাজ ৰাজকীয় নৌ-সেনাৰ Grand Fleet জাহাজ-বেষ্টনীক বৰ্গাকাৰে আগুৰি লয়। ইংৰাজ নৌ-সেনাৰ দলটোৰ নেতৃত্ব দিছিল এড্মিৰেল ছাৰ জন জেলিক’ৱে। জাৰ্মান নৌ-সেনাই ইংৰাজ জাহাজৰ প্ৰতাপত পলাই আহিবলৈ বাধ্য হ’লেও Grand Fleet-ক বাৰুকৈয়ে আঘাত হানিবলৈ সক্ষম হৈছিল, লগতে তেওঁলোকৰ ক্ষতিও তুলনামূলক ভাৱে কম আছিল। কৌশলগত ভাৱে অৱশ্যে ব্ৰিটিছৰ জয় হৈছিল, কাৰণ তেওঁলোকৰ সমুদ্ৰৰ ওপৰত দখল সাব্যস্ত কৰিবলৈ সক্ষম হয়, আৰু ইয়াৰ বাবেও জাৰ্মানীৰ বেছিভাগ জাহাজেই যুদ্ধৰ পাছৰ সময়খিনিত ঘাইকৈ বন্দৰসমূহতে আৱদ্ধ হৈ থাকিবলগীয়াত পৰিছিল।
প্রথম বিশ্বযুদ্ধৰ পৰিণতি :
প্ৰথম বিশ্বযুদ্ধৰ পৰণতিস্বৰূপে বিশ্বশান্তি প্রতিষ্ঠাৰ হকে ১৯২০ চনত জাতি সংঘ প্রতিষ্ঠা কৰা হৈছিল। যুদ্ধত বিধ্বস্ত হোৱা ৰাষ্ট্ৰৰপৰা নতুন নতুন, থাক্টৰ সৃষ্টি হৈছিল। যুদ্ধৰ পৰিণতিস্বৰূপে পোলেঙে স্বাধীনতা লাভ কৰিছিল আৰু যুগোশ্লোভিয়া আৰু ছেকোশ্লোভিয়া নামে দুখন দেশৰ সৃষ্টি হৈছিল। বিশ্বযুদ্ধৰ ফলস্বৰূপে বিশ্বত বৃহৎ দেশসমূহৰ মাজত শক্তিৰ ভাৰসাম্যৰ পৰিৱৰ্তন ঘটিছিল। প্রথম বিশ্বযুদ্ধই আমেৰিকা মহাদেশক খাদ্য যোগান ধৰা দেশৰপৰা পুঁজিৰ
যোগান ধৰা দেশলৈকে পৰিৱৰ্তন কৰিছিল। যুদ্ধৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত ইংলেণ্ডৰ এক তীব্র প্রতিদ্বন্দ্বীত পৰিণত হৈছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ইউৰোপ মহাদেশৰ অভ্যস্তৰত থকা দেশসমূহৰ ত্রাণকর্তা হ’বলগীয়া হৈছিল। যুদ্ধৰ পিছৰেপৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রতিপত্তি বৃদ্ধি পাইছিল আৰু ইয়ে ইউৰোপৰ দেশসমূহৰ ৰাজনৈতিক শূন্যতা পূৰণ কৰিছিল৷ প্রথম বিশ্বযুদ্ধৰ পৰিণতিস্বৰূপে জার্মানী, ৰাছিয়া আৰু চীনৰ বিপৰীতে জাপান দেশ মহা পৰাক্ৰমী হৈ পৰিছিল।
প্রথম বিশ্বযুদ্ধই জাৰ শাসিত ৰুছ দেশত সমাজতান্ত্রিক বিপ্লৱ সংঘটিত হোৱাত সহায় কৰিছিল আৰু এক নতুন ধৰণৰ গণতান্ত্রিক চৰকাৰ প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল। যুদ্ধৰ প্ৰত্যক্ষ ফলস্বৰূপে অষ্ট্ৰিয়া, হাংগেৰী, জার্মানী, ক্ৰুৰস্ক আদি দেশত আৰু নতুনকৈ সৃষ্টি হোৱা দেশবিলাকত প্রজাতান্ত্রিক চৰকাৰ গঢ়ি তোলাত ইন যোগাইছিল। যুদ্ধৰ পাছতেই ইটালী, জার্মানী, স্পেইন আদি দেশত ফেছিজিমব অভ্যূদয় হৈছিল আৰু ইয়ে দ্বিতীয়বাৰৰ বাবে বিশ্বত মহাৰণৰ সূত্ৰপাত কৰিছিল।
প্রথম বিশ্বযুদ্ধই সাম্রাজ্যবাদী ৰাষ্ট্ৰৰদ্বাৰা পদানত আৰু নিপীড়িত ৰাষ্ট্ৰসমূহত জাতীয়তাবাদী আন্দোলন বিকাশ হোৱাত সহায় কৰিছিল। সাম্রাজ্যবাদী ৰাষ্ট্ৰসমূহৰ শক্তি যে প্রকৃততে তেওঁলোকে দেখুওৱাতকৈ কম আছিল সেই কথা বিশ্বযুদ্ধৰ ফলাফলে প্রতীয়মান কৰে। ব্ৰিটিছ সাম্রাজ্যবাদী ৰাষ্ট্ৰৰদ্বাৰা পদানত ভাৰতবৰ্ষত বিশ্বযুদ্ধৰ পাছৰেপৰা তীব্র জাতীয়তাবাদী স্বাধীনতা আন্দোলনে গা কৰি উঠিছিল।
প্রথম বিশ্বযুদ্ধত অধিক ক্ষতিগ্রস্ত দেশ হৈছে ফ্রান্স, জার্মানী আদি। যুদ্ধৰ পৰিণতিস্বৰূপে ১৯১৯ চনত ৰচ দেশে জার্মানীৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰিছিল। যুদ্ধৰ পৰিণতিস্বৰূপে নাৰীসকলৰ মাজত সামাজিক তথা ৰাজনৈতিক গুৰুত্ব বৃদ্ধি পাইছিল আৰু প্ৰজাতান্ত্রিক দেশসমূহত নাৰীৰ ভেটাধিকাৰ স্বীকৃত হৈছিল।
FAQ
প্রথম বিশ্বযুদ্ধৰ তাৎক্ষণিক কাৰণ কি আছিল?
ছেৰাজাভোৰ হত্যাকাণ্ড।
প্রথম বিশ্বযুদ্ধত কিমান সৈনিক মৃত্যুমুখত পৰিছিল?
প্রথম বিশ্বযুদ্ধত ১৩ নিযুত সৈনিক মৃত্যুমুখত পৰিছিল।
ত্রিপাক্ষিক চুক্তিৰ সদস্য ৰাষ্ট্ৰৰ কি আছিল?
ত্ৰিপাক্ষিক চুক্তিৰ সদস্য ৰাষ্ট্ৰৰসমূহ হৈছে–অস্ট্রিয়া, জার্মানী আৰু ইটালী।
১৮৭০-১৯১৪ৰ কালছোৱাত ৰাছিয়াৰ প্ৰতিৰক্ষা শিতান খৰছৰ শতাংশ হিচাপ কিমান আছিল?
১৮৭০-১৯১৪ৰ কালছোৱাত ৰাচিয়াৰ প্ৰতিৰক্ষা শিতানত খৰছৰ পৰিমাণ আছিল ২১৪ শতাংশ।
ভার্চাই শান্তি চুক্তিৰ মাধ্যমত ইটালীয়ে কি লাভ কৰিছিল?
ভাৰ্চাই শাস্তি চুক্তিৰ মাধ্যমত ইটালীয়ে অষ্ট্ৰিয়াৰপৰা টাইৰোল লাভ কৰিছিল।