মুদ্ৰাৰ কাৰ্যাৱলী | Functions of Money

মুদ্ৰাৰ কাৰ্য চাৰিবিধ :

(১) বিনিময়ৰ মাধ্যম (Medium of Exchange),

(২) মূল্যৰ মাপকাঠী (Measure of value),

(৩) মূল্যৰ ভাণ্ডাৰ (Store of value) আৰু

(৪) স্থগিত দেনা-পাওনাৰ মানদণ্ড (Standard of Deferred Payments) |

বিনিময়ৰ মাধ্যম : সকলো সামগ্ৰী আৰু সেৱাকাৰ্যৰ বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰাক ব্যৱহাৰ কৰা হয়। সেই কাৰণে মুদ্ৰাক বিনিময়ৰ মাধ্যম বুলিও কোৱা হয়। বিনিময়ৰ মাধ্যম মুদ্ৰাৰ মুখ্য বা প্রাথমিক কার্য। মুদ্ৰাৰ যোগেদি বজাৰত ক্ৰেতা আৰু বিক্ৰেতাই বস্তুৰ বিনিময় সম্পন্ন কৰে। ক্রেতা এজনে এক নির্দিষ্ট পৰিমাণ মুদ্ৰা প্ৰদান কৰি এক নিৰ্দিষ্ট পৰিমাণ বস্তু বিক্ৰেতাৰপৰা সংগ্ৰহ কৰে। এনেদৰে বিক্ৰেতাজনেও এক নিৰ্দিষ্ট পৰিমাণ বস্তুৰ বিনিময়ত ক্ৰেতাৰপৰা এক নিৰ্দিষ্ট পৰিমাণ মুদ্ৰা সংগ্ৰহ কৰি লয়। এনে কাৰ্যক বিনিময় বুলি কোৱা হয়। মুদ্ৰাৰ সাধাৰণ গ্রহণযোগ্যতা থকা বাবে যিকোনো সামগ্ৰী বা সেৱাকাৰ্যৰ বিনিময় মুদ্ৰাৰ মাধ্যমেৰে সম্পন্ন কৰাটো সহজসাধ্য হৈ উঠিছে।

মূল্যৰ মাপকাঠী : মুদ্ৰাই মূল্যৰ মাপকাঠী হিচাপে কাৰ্য কৰে। মুদ্ৰাৰ মাধ্যমেৰে সকলো সামগ্ৰী আৰু সেৱাকাৰ্যৰ মূল্য নিৰূপন কৰা হয়। কোনো এটা বস্তু ক্ৰয় কৰাৰ বাবে যি পৰিমাণ মুদ্ৰা প্ৰদান কৰিব লাগে তাকে বস্তুটোৰ দাম বুলি কোৱা হয়। অর্থাৎ, মুদ্ৰাৰ পৰিমাণেৰে প্ৰকাশ কৰা বিনিময় মূল্যই হ’ল বস্তুৰ দাম। সকলো বস্তুৰ উৎপাদন ব্যয় আৰু বিক্ৰী মূল্য বা বিনিময় মূল্য মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয় আৰু সেই কাৰণে মুদ্ৰায়েই মূল্যৰ মাপকাঠী।

মূল্যৰ ভাণ্ডাৰ : মানুহে উপাৰ্জনৰ এটা অংশ সঞ্চয় কৰি ৰাখিব বিচাৰে। মুদ্ৰাৰ যোগেদি এই সঞ্চয় কার্য সম্পাদন কৰা হয়। ইয়াৰ কাৰণ মুদ্ৰাৰ স্থায়ীত্ব গুণ অধিক আৰু মুদ্ৰাক সঞ্চয় কৰি ৰখা সহজ অন্যান্য সামগ্ৰীৰ দৰে মুদ্ৰা সহজে নষ্ট নহয়। সঞ্চয়ৰ যোগেদি মুদ্ৰাক সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পাৰি। মানুহে ভৱিষ্যতৰ নিৰাপত্তা, ভৱিষ্যতৰ লেন-দেন আৰু ভৱিষ্যতৰ উপাৰ্জনৰ বাবে সঞ্চয় কৰিব বিচাৰে। সেই কাৰণে ভৱিষ্যতৰ ব্যৱহাৰৰ বাবে মুদ্ৰাৰ সঞ্চয় অধিক সুবিধাজনক।

স্থগিত দেনা-পাওনাৰ মানদণ্ড : মুদ্রা কেৱল বিনিময়ৰ মাধ্যম, মূল্যৰ মাপকাঠী আৰু মূল্যৰ ভাণ্ডাৰেই নহয়, মুদ্রা স্থগিত দেনা-পাওনাৰো মানদণ্ড। মুদ্ৰাই ঋণ গ্রহণ, ঋণ প্রদান আদি সকলো লেন-দেনৰ মাধ্যম হিচাপে কাৰ্য কৰে। আধুনিক অর্থ ব্যৱস্থাই কেৱল চলিত লেন-দেনৰ ওপৰত নিৰ্ভৰ কৰি থাকিব নোৱাৰে। দেশ এখনৰ উৎপাদন আৰু ব্যৱসায়-বাণিজ্য ঋণ ব্যৱস্থাৰ (credit system) ওপৰত ভালেখিনি নিৰ্ভৰশীল হ’ব লাগে। বেংক আৰু আন আন বিত্তীয় প্ৰতিষ্ঠানৰ প্ৰধান কাৰ্য ঋণ আগবঢ়োৱা। এইবোৰ প্ৰতিষ্ঠানৰপৰা ঋণ গ্রহণ কৰি উৎপাদন কার্যত অর্থ বিনিয়োগ কৰা হয়। কোনো ব্যক্তি বা সংগঠনেও বেংকৰপৰা ঋণ গ্ৰহণ কৰিব পাৰে। মুদ্ৰাই ঋণ গ্রহণ, ঋণ প্ৰদান আৰু ঋণ পৰিশোধ কাৰ্য সহজ কৰি তুলিছে।

Leave a Reply