মুদ্রা অর্থনীতি – Money Economy

মুদ্রা অর্থনীতি

পণ্য বিনিময় প্রথাৰ অসুবিধাবোৰেই ইয়াৰ বিলুপ্তিৰ কাৰণ। মুদ্ৰাৰ আৱিষ্কাৰৰ ফলত বিনিময় প্রথাৰ সমস্যাসমূহৰ অৱসান ঘটে। মানৱ সভ্যতাৰ অগ্ৰগতিৰ ক্ষেত্ৰত মুদ্ৰাৰ আৱিষ্কাৰ অত্যন্ত গুৰুত্বপূৰ্ণ। কিন্তু মুদ্ৰাৰ প্রচলন পৰিকল্পিতভাৱে হোৱা নাই। বিভিন্ন ক্ৰমবিকাশৰ মাজেদি মুদ্ৰাই বৰ্তমানৰ প্ৰচলিত ৰূপ ধাৰণ কৰিব পাৰিছে। সভ্যতাৰ ক্ৰমবিৱৰ্তনত বিভিন্ন ধৰণৰ মুদ্ৰাৰ ব্যৱহাৰ দেখা গৈছিল। কাগজী মুদ্ৰাৰ প্রৱর্তনৰ আগতে তাম, ৰূপ আৰু স্বর্ণ ধাতুৰে তৈয়াৰ কৰা মুদ্ৰাৰ প্ৰচলন আছিল। আধুনিককালত বিশ্বৰ সকলো দেশতে কাগজী মুদ্ৰাৰ ব্যৱহাৰ কৰা হয়। অৱশ্যে লগতে ধাতু মুদ্ৰাৰো প্ৰচলন আছে।

আধুনিক বজাৰ ব্যৱস্থাত যাৱতীয় সেৱাকাৰ্য আৰু দ্ৰব্যৰ বিনিময় মুদ্ৰাৰ মাধ্যমেৰে সংঘটিত হয়। সকলো বস্তু আৰু সেৱাকাৰ্যৰ মূল্যও মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয়। মুদ্রা বিনিময়ৰ মাধ্যম আৰু মূল্যৰ মাপকাঠী। যাৱতীয় উপাৰ্জন আৰু সঞ্চয় মুদ্ৰাৰ যোগেদি সম্পাদন কৰা হয়। আধুনিক যুগত মুদ্ৰাৰ সাধাৰণ গ্রহণযোগ্যতা আইনৰ মাধ্যমেৰে নিৰ্ধাৰণ কৰা হয়। বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্রহণযোগ্য যিকোনো এবিধ সামগ্ৰী যাৰ সহায়ত সকলো বস্তু আৰু সেৱাকাৰ্যৰ মূল্য প্ৰকাশ কৰা হয় আৰু যাৰ যোগেদি সঞ্চয়, ঋণ গ্ৰহণ আৰু ঋণ পৰিশোধ কাৰ্য সম্পাদন কৰা হয় তাক মুদ্রা বোলে। অর্থনীতিবিদ জন হিক্সৰ (John Hicks) মতে মুদ্ৰাৰ কাৰ্যাৱলীৰদ্বাৰা মুদ্ৰাৰ সংজ্ঞা নিৰূপণ কৰা হয়। তেওঁৰ মতে ‘যাক মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হয় সিয়ে মুদ্ৰা । ৱাকাৰৰ (Walker) মতে ‘মুদ্ৰাই যি কাৰ্য কৰে সিয়ে মুদ্ৰা । অৰ্থনীতিবিদ জিয়ফ্রি  ক্রাউথাৰে (Geoffrey Crowther) মুদ্ৰাৰ সংজ্ঞা এনেদৰে দিয়ে : যি বিনিময়ৰ মাধ্যম, সাধাৰণভাৱে  গ্রহণযোগ্য আৰু লগতে মূল্যৰ মাপকাঠী আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাম কৰে  সিয়ে মুদ্রা।’

FAQ

মুদ্রা কাক বোলে ?

বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্রহণযোগ্য যিকোনো এবিধ সামগ্ৰী যাৰ সহায়ত সকলো বস্তু আৰু সেৱাকাৰ্যৰ মূল্য প্ৰকাশ কৰা হয় আৰু যাৰ যোগেদি সঞ্চয়, ঋণ গ্ৰহণ আৰু ঋণ পৰিশোধ কাৰ্য সম্পাদন কৰা হয় তাক মুদ্রা বোলে।

Leave a Reply