ভাৰতবৰ্ষত বেংক ৰাষ্ট্ৰীয়কৰণ – Bank nationalisation in India

 

ভাৰতবৰ্ষত বেংক ৰাষ্ট্ৰীয়কৰণ

ভাৰতবৰ্ষৰ বাণিজ্যিক বেংকসমূহ ১৯৬৯ চনৰ পূৰ্বৱৰ্তী কালছোৱাত ব্যক্তিগত খণ্ডৰ বেংক আছিল। বেংকসমূহৰ নিয়ন্ত্ৰণ কেইজনমান ব্যক্তি আৰু কিছুমান ঔদ্যোগিক সংগঠনৰ হাতত কেন্দ্ৰীভূত হৈ আছিল। বৃহৎ উদ্যোগ প্ৰতিষ্ঠানলৈ ঋণ প্ৰদান আৰু লাভ উপাৰ্জনেই আছিল এইবোৰৰ একমাত্ৰ উদ্দেশ্য। সেই কাৰণে কেৱল উদ্যোগ অঞ্চল বা নগৰ অঞ্চলত বেংকৰ ব্যৱসায় কেন্দ্ৰীভূত হৈ আছিল। কৃষি, ক্ষুদ্ৰ উদ্যোগ আৰু ঘৰুৱা উদ্যোগে বেংক ঋণৰ সুবিধা লাভ কৰিব পৰা নাছিল। গাঁও অঞ্চলত বেংকৰ ব্যৱসায় লাভজনক নহয় বাবে গাঁও অঞ্চল বেংকৰ সেৱাৰপৰা বঞ্চিত হৈ আছিল। ভাৰতৰ ষ্টেট বেংক ১৯৫৫ চনৰপৰা ৰাজহুৱা খণ্ডৰ বেংক হিচাপে স্বীকৃতি লাভ কৰে। ষ্টেট বেংক অৱ ইণ্ডিয়া ভাৰতৰ সৰ্ববৃহৎ বাণিজ্যিক বেংক।

১৯৬৯ চনৰ ১৯ জুলাই তাৰিখে ভাৰতৰ ১৪টা বাণিজ্যিক বেংকৰ ৰাষ্ট্ৰীয়কৰণ কৰা হয়। বেংক ৰাষ্ট্ৰীয়কৰণৰ উদ্দেশ্যসমূহ আছিল— (১) সস্তীয়া কৃষি ঋণৰ যোগান ধৰা, (২) গাঁও আৰু পিছ পৰা অঞ্চলত দ্ৰুত গতিত শাখা সম্প্ৰসাৰণ কৰা, (৩) বেংকসমূহৰ ব্যক্তিগত মালিকীস্বত্ব আৰু একচেটিয়া নিয়ন্ত্ৰণৰ বিলোপ সাধন কৰা, (৪) ক্ষিপ্ৰগতিত সঞ্চয় সংগ্ৰহ কৰা, (৫) দেশৰ বেংক সেৱা উন্নয়নমুখী কৰি তোলা আৰু (৬) অগ্ৰাধিকাৰ খণ্ডলৈ গুৰুত্ব আৰোপ কৰি ঋণৰ যোগান বৃদ্ধি কৰা। বাণিজ্যিক বেংকৰ ৰাষ্ট্ৰীয়কৰণ সমাজতন্ত্ৰৰ পথত এটা প্ৰধান পদক্ষেপ বুলি অভিহিত কৰা হৈছিল। অগ্ৰাধিকাৰ খণ্ডলৈ ঋণ আগবঢ়োৱাটো আছিল বেংক ৰাষ্ট্ৰীয়কৰণৰ প্ৰাথমিক লক্ষ্য। ইয়াৰ বাবে কৃষি, ক্ষুদ্ৰ উদ্যোগ, ঘৰুৱা শিল্প, ক্ষুদ্ৰ ব্যৱসায়ী আদিক চিহ্নিত কৰি দিয়া হৈছিল। কম সুদৰ হাৰত অগ্ৰাধিকাৰ খণ্ডলৈ ঋণ প্ৰদান কৰি ৰাষ্ট্রায়ত্ত বেংকসমূহে উৎপাদন বৃদ্ধিৰ লগতে পিছ পৰা শ্ৰেণীৰ অৰ্থনৈতিক অৱস্থাৰ উন্নয়নত অগ্রণী ভূমিকা গ্ৰহণ কৰিছে। নিবনুৱা সমস্যাৰ সমাধান আৰু গ্ৰাম্য দাৰিদ্র্য দূৰীকৰণত অগ্ৰাধিকাৰ খণ্ডৰ আঁচনিয়ে যথেষ্ট সফলতা অৰ্জন কৰিব পাৰিছে।

Leave a Reply