বাণিজ্যিক বেংক – Commercial Banks 

বাণিজ্যিক বেংক

যিবোৰ বিত্তীয় অনুষ্ঠানে ব্যক্তি বা সংগঠনৰপৰা ধন জমা ৰাখে আৰু অন্য ব্যক্তি, সংগঠন বা ব্যৱসায় প্রতিষ্ঠানক ঋণ প্রদান কৰে তাকে বাণিজ্যিক বেংক বোলে। বাণিজ্যিক বেংক ব্যক্তিগত খণ্ডত নাইবা চৰকাৰী খণ্ডত গঢ়ি উঠিব পাৰে। ভাৰতৰ কেইটামান বাণিজ্যিক বেংক বেচৰকাৰী বেংক, বাকীবোৰ ৰাষ্ট্ৰীয়কৃত বেংক। ১৯৬৯ চনত ভাৰতৰ প্ৰধান ১৪টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। ইয়াৰ আগতে একমাত্র ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বাহিৰে সকলো বেংক বেচৰকাৰী বেংক আছিল। আমেৰিকা যুক্তৰাষ্ট্ৰক বাদ দি পৃথিৱীৰ সকলো দেশতে বাণিজ্যিক বেংকৰ অধিক সংখ্যক শাখা থাকে। আমেৰিকাৰ যুক্তৰাষ্ট্ৰত একক বেংক ব্যৱস্থা থকাৰ কাৰণে বেংকৰ কোনো শাখা নাথাকে। বর্তমান কালত বাণিজ্যিক বেংকৰ কাৰ্যসমূহৰ পৰিধিৰ দ্ৰুত সম্প্ৰসাৰণ ঘটিছে।

বাণিজ্যিক বেংকৰ কাৰ্যাৱলী – Functions of Commercial Banks

বাণিজ্যিক বেংকৰ প্ৰধান কাৰ্যসমূহ হ’ল :

সঞ্চয় গ্রহণ (Acceptance of Deposits) : বাণিজ্যিক বেংকবোৰে বিভিন্ন ব্যক্তি আৰু সংগঠনৰপৰা সঞ্চয় গ্ৰহণ কৰে। বাণিজ্যিক বেংকত জমা ৰখা সঞ্চয়ক বেংক জমা (Deposits) বোলে। বেংক জমা তিনি প্ৰকাৰৰ (ক) চলিত জমা (current deposits) বা চাহিদা জমা (demand deposits), (খ) সঞ্চয় জমা (saving deposits) আৰু (গ) স্থিৰ জমা (fixed deposits) বা কাল জমা (time deposits)। আমানত বা জমাকাৰীয়ে বেংকৰপৰা যিকোনো সময়ত চলিত আমানত উলিয়াই ল’ব পাৰে। চলিত আমানতৰ ওপৰত বেংকে কোনো সুদ নিদিয়ে। সঞ্চয় আমানতৰ ক্ষেত্ৰত বেংকে সুদ দিয়ে, কিন্তু সুদৰ হাৰ কম থাকে। জমাকাৰীয়ে যিকোনো সময়ত গোটেইখিনি সঞ্চয় উলিয়াব নোৱাৰে। স্থিৰ বা কাল জমাৰ এটা নিৰ্দিষ্ট সময় বা কাল নির্ধাৰিত থাকে। স্থিৰ জমাৰ বিপৰীতে বেংকে অধিক হাৰত সুদ আগবঢ়ায়। জমাকাৰীয়ে প্ৰয়োজন হ’লে স্থিৰ জমা নিৰ্দিষ্ট সময়ৰ পূৰ্বে উলিয়াই আনিব পাৰে। কিন্তু বেংকে সুদৰ এটা অংশ তাৰ পৰা কাটি ৰাখে। বাণিজ্যিক বেংকৰ ব্যৱসায়ৰ মূল ভিত্তি হৈছে বেংক আমানত। আমানতৰ পৰিমাণ বঢ়াব নোৱাৰিলে বেংকে যথেষ্ট পৰিমাণে ঋণ প্রদান কৰিব নোৱাৰে।

ঋণৰ যোগান (Advancing of Loans) : ঋণ প্ৰদানৰ যোগেদি বাণিজ্যিক বেংকে লাভ উপাৰ্জন কৰে। ঋণৰ বিপৰীতে বেংকে সুদ পায়। সাধাৰণতে বাণিজ্যিক বেংকে হ্রস্বকালীন ঋণ প্ৰদান কৰে। বেংকে জমাকাৰীৰ প্ৰাথমিক জমাৰ (Primary Deposits) পৰা এটা অংশ নগদ পুঁজি হিচাপে সংৰক্ষণ কৰি আমানতৰ বাকী অংশ ঋণৰ বাবে ব্যৱহাৰ কৰিব পাৰে। কিন্তু বেংকৰ সুদৰ হাৰৰ পৰিৱৰ্তন সময়ে সময়ে হৈ থাকে। কেন্দ্ৰীয় বেংকৰ সুদৰ হাৰৰ হ্ৰাস-বৃদ্ধিৰ লগত বাণিজ্যিক বেংকবোৰেও সুদৰ হাৰৰ পৰিৱৰ্তন ঘটায়। ঋণ প্ৰদানৰ ক্ষেত্ৰত বেংকে মাটি, সম্পত্তি, সোণ, চৰকাৰী ঋণপত্ৰ আদি বন্ধকী হিচাপে গ্ৰহণ কৰে। কৃষি, উদ্যোগ, ব্যৱসায় প্রতিষ্ঠান, ব্যক্তি বা সংগঠনক বেংকে ঋণৰ যোগান ধৰে।

ঋণ মুদ্রা বা আমানতৰ সৃষ্টি (Creation of Credit) : বাণিজ্যিক বেংকে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে। বেংকৰ আমানত দুই প্ৰকাৰৰ — (ক) প্রাথমিক বা নগদ আমানত (Primary or Cash Deposits) আৰু (খ) মাধ্যমিক বা উদ্ভুত আমানত (Secondary or Derivative Deposits)। সঞ্চয়কাৰীৰ জমাক প্ৰাথমিক বা নগদ আমানত বোলে। বেংকে প্রাথমিক আমানতৰপৰা মাধ্যমিক বা উদ্ভুত আমানত সৃষ্টি কৰে। এই উদ্ভুত আমানত সৃষ্টিকেই ঋণমুদ্রা সৃষ্টি (Credit Creation) বুলি কোৱা হয়। বেংকে প্রাথমিক আমানতৰপৰা বিভিন্ন ব্যক্তি, সংগঠন, ব্যৱসায়ী, উদ্যোগ প্রতিষ্ঠান আদিক ঋণ প্রদান কৰে। কিন্তু বেংকে ঋণৰ পৰিমাণ নগদ টকাৰে নিদিয়ে, ধনাদেশৰ সহায়ত আগবঢ়ায়। বেংকে ঋণ লওঁতাজনৰ নামত এটা নতুন হিচাপ (account) খোলে। এই নতুন হিচাপ বা আমানতক আৰু এটা ঋণৰ উৎসৰূপে গণ্য কৰা হয়। কিন্তু ঋণ প্ৰদানৰ ক্ষেত্ৰত এক নির্দিষ্ট জমা অনুপাত (Cash Reserve Ratio) প্রাথমিক আমানতৰপৰা বাদ দিব লাগে। প্রাথমিক আমানতৰপৰা নগদ জমা অনুপাত বাদ দিলে যিখিনি থাকে তাক অতিৰিক্ত জমা (Excess Reserve) বোলে। বাণিজ্যিক বেংকে অতিৰিক্ত জমাখিনিক ঋণ হিচাপে আগবঢ়ায়। এটা প্রাথমিক আমানতৰপৰা কেইবাটাও উদ্ভুত আমানত বা ঋণ মুদ্ৰাৰ সৃষ্টি হ’ব পাৰে। যিহেতু বেংক আমানত দেশৰ মুঠ মুদ্ৰাৰ যোগানৰ এটা অংশ, সেইহেতু বাণিজ্যিক বেংকে ঋণমুদ্ৰা সৃষ্টি কৰি মুদ্ৰাৰ মুঠ যোগানৰ সম্প্ৰসাৰণ ঘটায়।

 অন্যান্য কার্য (Other Functions) : বাণিজ্যিক বেংকে টকা জমা ৰখা আৰু ঋণ দিয়াৰ উপৰিও বিভিন্ন সেৱাকাৰ্য আগবঢ়ায়। আমানতকাৰীৰ সুবিধাৰ বাবে বেংকে বহু ধৰণৰ লেন-দেন কাৰ্য সম্পাদন কৰে। বেংকে আমানতকাৰীৰ টেলিফোন বিল, বিদ্যুৎ বিল আদি পৰিশোধ কৰাৰ ব্যৱস্থা কৰে। জমাকাৰীয়ে মূল্যৱান অলংকাৰপাতি, নথিপত্ৰ বেংকত নিৰাপদে ৰখাৰ সুবিধা লাভ কৰিব পাৰে। আজিকালি মানুহে বেংকৰ ক্রেডিট কার্ড (credit card) বা ভিছা (Visa) কাৰ্ডৰ সহায়ত মূল্যৱান বস্তু বজাৰৰপৰা ক্ৰয় কৰিব পাৰে। মানুহে এঠাইৰপৰা আনঠাইলৈ অতি সহজেৰে টকা পঠিয়াব (transfer) পাৰে। জমাকাৰীয়ে ঘৰত বহি বেংকক নির্দেশ দিব পাৰে আৰু বেংকৰ সেৱা লাভ কৰিব পাৰে। ইণ্টাৰনেট সেৱা মাধ্যমেৰে এইবোৰ সম্ভৱ হৈ উঠিছে। বাণিজ্যিক বেংকৰ এইবোৰ সেৱাকাৰ্যক ‘উপযোগিতা সেৱা’ (Utility service) বুলি কোৱা হয়।

 

লগতে চাওকঃ কেন্দ্ৰীয় বেংক

Leave a Reply