কেন্দ্ৰীয় বেংক – Central Bank

কেন্দ্ৰীয় বেংক দেশৰ উচ্চতম চৰকাৰী বেংক। কেন্দ্ৰীয় বেংকে দেশৰ মুদ্ৰা ব্যৱস্থাৰ পৰিচালনা কৰে, বাণিজ্যিক বেংক আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠানসমূহক নিয়ন্ত্ৰণ কৰে আৰু দেশৰ অৰ্থনৈতিক উন্নয়ন আৰু অৰ্থনৈতিক স্থিৰতাৰ লক্ষ্য পূৰণ কৰিবলৈ মুদ্ৰা আৰু ঋণ নিয়ন্ত্ৰণৰ দায়িত্ব গ্ৰহণ কৰে। দেশৰ মুদ্ৰা বজাৰত (Money Market) কেন্দ্ৰীয় বেংকৰ অৱস্থান আটাইতকৈ গুৰুত্বপূৰ্ণ। কেন্দ্রীয় বেংক বাণিজ্যিক বেংকসমূহৰ পৰিদৰ্শক, নিয়ন্ত্ৰক আৰু নিৰ্দেশক। অর্থনীতিবিদ চেমুৱেলচনৰ (Samuelson) মতে কেন্দ্রীয় বেংক হৈছে বেংকসমূহৰ বেংক। ইয়াৰ দায়িত্ব হৈছে দেশৰ মুদ্ৰা ব্যৱস্থা আৰু মুদ্ৰাৰ যোগানৰ নিয়ন্ত্ৰণ কৰা। ‘ভাৰতৰ ৰিজাৰ্ভ বেংক’ (Reserve Bank of India) ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক। ‘বেংক অৱ ইংলেণ্ড’ ইংলণ্ডৰ কেন্দ্ৰীয় বেংক আৰু ‘ফেডাৰেল ৰিজাৰ্ভ চিষ্টেম’ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় বেংক ।

কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী  – Functions of Central Bank

কেন্দ্ৰীয় বেংকৰ কাৰ্যসমূহ তলত উল্লেখ কৰা হ’ল :

কাগজী মুদ্ৰাৰ যোগান (Issue of Paper Currency) : কাগজী মুদ্ৰা যোগান ধৰাৰ একমাত্ৰ অধিকাৰ কেন্দ্ৰীয় বেংকৰ। ইয়াৰ বাবে কেন্দ্রীয় বেংকে এক নিৰ্দিষ্ট হাৰত সোণ জমা হিচাপে ৰাখিব লাগে। বৰ্তমানকালত জমা ব্যৱস্থাৰ নীতি শিথিল কৰি দিয়া হৈছে। এতিয়া নিম্নতম জমা ব্যৱস্থাৰ (Minimum Reserve System) নীতিত মুদ্ৰা ছপোৱা হয়। ভাৰতৰ ৰিজাৰ্ভ বেংকে এই নীতিৰ ভিত্তিত মুদ্রা ছপায়। নিম্নতম জমা ব্যৱস্থাৰ ক্ষেত্ৰত এক নিৰ্দিষ্ট পৰিমাণৰ সোণ আৰু বৈদেশিক মুদ্ৰা জমা থাকিব লাগে।

চৰকাৰৰ বেংক (Banker to the Government) : কেন্দ্রীয় বেংকে চৰকাৰৰ বেংক হিচাপে কাৰ্য কৰে। এই ক্ষেত্ৰত কেন্দ্ৰীয় বেংক হৈছে (ক) চৰকাৰৰ বিত্তৰ যোগান ধৰোঁতা, (খ) চৰকাৰৰ পৰামৰ্শ দাতা আৰু (গ) চৰকাৰৰ এজেণ্ট বা প্রতিনিধি। কেন্দ্ৰীয় চৰকাৰৰ ঘাটি বাজেট পূৰণ কৰিবলৈ কেন্দ্ৰীয় বেংকে নতুন মুদ্ৰাৰ সৃষ্টি কৰি বিত্তৰ যোগান আগবঢ়ায়। কেন্দ্ৰীয় বেংকে চৰকাৰী ঋণৰ তদাৰকি কৰে। প্ৰয়োজন অনুসৰি কেন্দ্ৰীয় বেংকে চৰকাৰক বিভিন্ন অর্থনৈতিক পৰামৰ্শও প্ৰদান কৰে। চৰকাৰৰ প্ৰতিনিধি হিচাপে কেন্দ্ৰীয় বেংকে চৰকাৰৰ ৰাজহ আৰু ব্যয়ৰ হিচাপ ৰাখে।

বেংকসমূহৰ বেংক (Banker to the Banks) : কেন্দ্রীয় বেংক বাণিজ্যিক বেংকসমূহৰ বেংক। বাণিজ্যিক বেংকসমূহে মুঠ আমানতৰ এটা অংশ কেন্দ্ৰীয় বেংকত জমা ৰাখিব লাগে। কেন্দ্রীয় বেংকে বাণিজ্যিক বেংকসমূহৰ হিচাপ পৰীক্ষা কৰে। প্ৰয়োজন হ’লে বাণিজ্যিক বেংকসমূহে কেন্দ্ৰীয় বেংকৰপৰা ঋণ গ্ৰহণ কৰিব পাৰে। বেংকসমূহৰ পৰিশোধৰ নিস্পত্তি (Clearing House) হিচাপেও কেন্দ্রীয় বেংকে কার্য সম্পাদন কৰে। কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহৰ পাৰস্পৰিক লেন-দেন বা হস্তান্তৰ আৰু দাবীসমূহৰ নিস্পত্তি কৰে। কোনো বেংকৰ আৰ্থিক সংকটৰ সময়ত কেন্দ্ৰীয় বেংকে বিত্তীয় সাহায্য আগবঢ়ায়। কাৰণ কেন্দ্রীয় বেংক বাণিজ্যিক বেংকসমূহৰ অন্তিম ঋণদাতা (Lender of last resort)।

ঋণ নিয়ন্ত্রণ (Regulation of credit) : কেন্দ্রীয় বেংকে দেশৰ ঋণ ব্যৱস্থাৰ নিয়ন্ত্ৰণ কৰে। বাণিজ্যিক বেংকৰ ঋণ সম্প্ৰসাৰণৰ ফলত দেশৰ মুঠ মুদ্ৰাৰ যোগান বৃদ্ধি পায় আৰু দ্রব্যমূল্যস্তৰ ঊর্ধ্বমুখী হয়। উন্নয়নশীল ৰাষ্ট্ৰত মুদ্রাস্ফীতিৰ এটা প্ৰধান কাৰণ বেংক ঋণৰ দ্ৰুত সম্প্ৰসাৰণ। কেন্দ্ৰীয় বেংকে নিয়ন্ত্রণমূলক পদ্ধতিসমূহ প্রয়োগ কৰি মুদ্রাস্ফীতিৰ হাৰ কমাব পাৰে।

উন্নয়নমূলক কার্য (Developmental Functions) : উন্নয়নশীল ৰাষ্ট্ৰত কেন্দ্রীয় বেংকে অর্থনৈতিক উন্নয়নত সক্রিয় ভূমিকা গ্ৰহণ কৰে। দেশৰ বেংকসমূহক উন্নয়নমুখী কৰি তোলাটো কেন্দ্ৰীয় বেংকৰ দায়িত্ব। দেশৰ ঋণ ব্যৱস্থাক উৎপাদনৰ লগত জড়িত কৰি কেন্দ্ৰীয় বেংকে অর্থনৈতিক উন্নতিৰ হাৰ বৃদ্ধি কৰাত সহায় কৰে। আনহাতে উদাৰ মুদ্রানীতি গ্ৰহণ কৰি আৰু সুদৰ হাৰ হ্ৰাস কৰি কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহক ঋণ সম্প্ৰসাৰণত উৎসাহ প্ৰদান কৰে। কেন্দ্ৰীয় বেংকে কৃষি আৰু উদ্যোগখণ্ডত দীৰ্ঘকালীন ঋণ প্রদান কৰাৰ কাৰণে উন্নয়ন বেংক আদি বিত্তীয় প্রতিষ্ঠানসমূহৰ স্থাপন কৰাত অগ্রণী ভূমিকা গ্ৰহণ কৰে।

 অন্যান্য কার্য (Other Functions) : কেন্দ্ৰীয় বেংকৰ অন্যান্য কাৰ্যাৱলীৰ ভিতৰত উল্লেখযোগ্য কাৰ্যসমূহ হ’ল— (ক) বৈদেশিক বিনিময় মুদ্ৰাৰ পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰা, (খ) দেশৰ অৰ্থনৈতিক তথ্যপাতি সংগ্ৰহ কৰা আৰু প্ৰকাশ কৰা আৰু (গ) বিশ্ববেংক আদি আন্তর্জাতিক বিত্তীয় প্রতিষ্ঠানসমূহত চৰকাৰৰ প্ৰতিনিধিত্ব কৰা ।

 

 

Leave a Reply