উদ্ভিদৰ চাৰিটা ভাগ – তৃণ | গুল্ম বা জোপোহা | বৃক্ষ | লতা

উদ্ভিদৰ চাৰিটা ভাগ হল :

তৃণ (Herb), গুল্ম বা জোপোহা (shrub), বৃক্ষ (tree) আৰু লতা (Creeper and Climber)।

 উদ্ভিদৰ চাৰিটা ভাগ

1.তৃণ (Herb) :

তৃণ উদ্ভিদ চাপৰ। ইহঁতৰ কাণ্ড কোমল আৰু ঠাল-ঠেঙুলি কম। এইবোৰ প্ৰায়েই সেউজীয়া। যেনে—ঘাঁহ-বন, শাক আদি ।

 

2. গুল্ম বা জোপোহা (Shrub) :

গুল্ম বা জোপোহাৰ উচ্চতা মধ্যম । ইহঁতৰ গুৰি অংশৰ পৰাই ঠাল-ঠেঙুলি ওলায়। কাণ্ড টান; বেছি শকত নহয়। পাত, ফুল আদি আছে। যেনে— বেঙেনা, জলকীয়া, গোলাপ ইত্যাদি।

3. বৃক্ষ (Tree) :

এই উদ্ভিদবোৰ বৰ ওখ। কাণ্ড কঠিন। ইবোৰৰ ডাল, পাত, ফুল আৰু ফল থাকে। যেনে- আম, কঁঠাল, আঁহত ইত্যাদি।

4.লতা (Creeper) :

মানিমুনি আৰু পদিনা দেখিছানে? এইবোৰ গছৰ কাণ্ড দুৰ্বল। সেইবাবে থিয় হৈ থাকিব নোৱাৰে। ইবোৰে মাটিত বগাই যায়। এইবোৰক লতাজাতীয় (creeper) উদ্ভিদ বুলি কোৱা হয়। লতাজাতীয় উদ্ভিদ আৰু বহুতো আছে।

কিছুমান লতাজাতীয় উদ্ভিদৰ কাণ্ড অতি দীঘল আৰু লেহুকা। ইহঁতে আন গছ বা বস্তুৰ সহায় লৈ বগাই যায়। এনে উদ্ভিদক আৰোহী লতা (climber) বুলি কোৱা হয়। যেনে—মটৰমাহ, উৰহী, লাউ, কোমোৰা আদি ।

Leave a Reply