স্থলবতাহ আৰু সাগৰীয় বতাহ

স্থলবতাহ আৰু সাগৰীয় বতাহ হল -ঃ

স্থল বতাহ

সাগৰীয় বতাহ :

দিনৰ ভাগত সাগৰৰ ওচৰৰ ভূমণ্ডল পানীতকৈ বেছি সোনকালে উত্তাপিত হয় আৰু মাটিৰ ওপৰত এটি নিম্ন চাপৰ উদ্ভৱ হয়। মাটিৰ ওপৰৰ পাতল বায়ু ওপৰলৈ উঠি যায় আৰু সাগৰৰ পৰা অহা শীতল বতাহে সেই ঠাই অধিকাৰ কৰে। ইয়াকেই সাগৰীয় বতাহ বোলে ।

স্থলবতাহ :

ৰাতি স্থলভাগৰ পৰা উত্তাপৰ দ্ৰুত বিকিৰণৰ ফলত সাগৰৰ তুলনাত স্থলভাগ সোনকালে শীতল হয়। সেয়ে জলভাগৰ ওপৰৰ তুলনাত স্থলভাগত বায়ুৰ চাপ বেছি হয়। এই চাপৰ পাৰ্থক্যৰ বাবেই স্থলভাগৰ পৰা বতাহ সাগৰলৈ গতি কৰে । এয়েই স্থল বতাহ।

Leave a Reply